বৰকাপলা গাঁও আৰু কাপলা বিলৰ বনৰীয়া চৰাইবোৰ

The Kapla Beel, an important wild birds habitat in Barpeta district of Assam is drivng a fresh wave of community based biodiversity conservation in Assam
WhatsApp Image 2025-02-25 at 20.04.46_c3e93e2c

-       কল্প তালুকদাৰ

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৰকাপলা গাঁও৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মনোহৰ দেৱৰ পদৰেণুৰে ৰঞ্জিত বৰকাপলা গাঁও৷ বৰকাপলা গাঁৱৰ নামৰ উৎপত্তি সম্পৰ্কে জনশ্ৰুতি আছে যে –  অতীতৰ ক্ষেত্ৰীৰ কপালদেৱ নামৰ এজন ৰজাই ইয়াত ৰাজধানী পাতি ৰাজত্ব কৰিছিল আৰু কপাল দেৱৰ নামেৰে ঠাইখনৰ নাম কাপলা হৈছিল৷ পৰশুৰামে এই ঠাইতে হেনো কপালদেৱক বধো কৰিছিল৷ ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিতত পোৱা যায় –

                                                         “পূবেৰ্ ভৃগুপুত্ৰে ক্ষত্ৰিয়ক মাৰি আছে৷

                                                            সেই ক্ষত্ৰিয়ৰ নামে গ্ৰাম গোট আছে৷৷”

        শ্ৰীমন্ত শংকৰদেৱে ভটিয়াই আহোতে এই ঠাইখনত ছয় মাহ কাল জিৰাইছিল৷ গুৰুজনাক অনুসৰণ কৰি মাধৱদেৱে উজনিৰ পৰা নামনি অসমলৈ নাওঁ এৰাৰ সময়ত নাওঁত দুজন ভকতৰ বাবে ঠাইৰ অভাৱ হোৱাত নিজৰ কাপোৰৰ জপা দুটা পানীত পেলাই দি ভকত বৈষ্ণৱ দুজনৰ বাবে ঠাই উলিয়াই দিছিল৷ কাপলা বিলৰ পাৰত গুৰুজনাক লগ ধৰাৰ পিছৰ দিনাই হেনো পানীত উটি উটি আহি কাপোৰৰ জপা দুটাও বিলৰ পাৰত লাগি ধৰিছিল৷ তাকে দেখি হেনো গুৰুজনাই কৈছিল বোলে– ‘বৰাৰ পোৰ বৰকপাল’৷ এই কথাষাৰৰ পৰাই ঠাইখনৰ নাম বৰকাপলা হয়৷

              মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে এই কাপলা বিলৰ পাৰতে ছয় মাহ বাস কৰা সমন্বয় ক্ষেত্ৰ বৰ্তমানো ‘পাগদানী ভিঠা’  নামে ইতিহাসৰ সাক্ষী বহন কৰি আছে৷ ইয়াত বাস কৰি থাকোতে মাধৱদেৱৰ মাতৃৰ বিয়োগ হয়৷ ৰামচৰণ ঠাকুৰৰ গুৰুচৰিত পুথিত উল্লেখ আছে –

                                                          “মাধৱদেৱৰ মাতৃ পৰলোক গৈলা৷

                                                          ৰামদাস সমে দুয়ো কান্ধে তুলি লৈলা৷৷

                                                          কাপলা বিলৰ তীৰে চিতাক সাজিলা৷

                                                          চতুৰ্ভিতি ভক্ত সবে নামক ধৰিলা৷৷ ” ২৪৭৫

              ‘কাপলা বিল’ আদিতে ‘কাপলা নদী আছিল বুলি কথিত আছে; কালক্ৰমে এই নদীখনৰ সোঁত বন্ধ হৈ বিলৰ ৰূপ লয়৷ ‘মনোহৰদেৱ চৰিত’ পুথিত উল্লেখ আছে –

                                                          ‘কাপলা–দিহিঙা লৈ লাগিছে ৰণ৷

                                                          দেউ মনোহৰে পাই কৰাইলা শৰণ৷৷’

The sprawling Kapla Beel provides a thriving natural habitat to many species of resident wild birds species in Assam. in the pictures : Bronze Winged Jacana & Lesser Adjutant Stork

 এই ঐতিহাসিক ‘কাপলা–বিল’ অতীজত কুকাৰজান হৈ বিশাল ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন হৈ থকাৰ উপৰিও পশ্চিমে চাউলখোৱা পূৱে দক্ষিণাংশত কুকাৰজানৰ উপৰিও চাৰিও ফালে বিভিন্ন নদ–নদী, জান–জুৰী আদিৰে সংযুক্ত হৈ এটা প্ৰশস্ত জলপথৰ সৃষ্টি কৰিছিল৷ চাউলখোৱা নৈ ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন৷ ইয়াক বুIঢ়ালুইত আখ্যা দিয়া হৈছিল৷ ৰামৰায় ৰচিত গুৰুলীলাত এনেদৰে লিখা আছে –

                                                          “পাটবাউসী এৰিবাক প্ৰভু মন কৈলা৷

                                                          ব্যাসকুছিত সত্ৰ পতিবেকে স্থিৰ হৈলা৷৷” ৯৪৩

                                                          “…. শস্যে ম্যস্যে পূৰ্ণ শোভন সেহি স্থল৷

                                                          অত্যন্ত নিৰ্মল বুঢ়া লোহিত্যৰ জল৷৷” ৯৪৪

        দেৱ দামোদৰ গুৰুৰ প্ৰপন্ন শিষ্য গদ্য সাহিত্যৰ জনক ব্যাস ভট্টদেৱে পাটবাউসীৰ পৰা আহি ব্যাসকুছিত ১৬২৮ খ্ৰীঃত সত্ৰ স্থাপন কৰে৷ তেওঁৰ নামেৰে সত্ৰখনৰ নাম ব্যাসকুছি হয়৷ এই অঞ্চল কৃষি আৰু মাছ–পুঠিৰে পৰিপূৰ্ণ আছিল৷ এই নদী পথেৰে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ, শ্ৰীশ্ৰী দামোদৰ দেৱ, শ্ৰীশ্ৰী হৰিদেৱে আহি বৈষ্ণৱ ধৰ্ম এই অঞ্চলত প্ৰচাৰ কৰিছিল৷ বৰকাপলা গাঁৱৰ লগতে লাগি আছে কাপলা বিল৷ কাপলা বিলৰ চাৰিও ফালে মুঠ দহখন গাঁও লাগি আছে৷ গাঁও কেইখন হ’ল হালধিবাৰী, বনিয়াকুছি, বেঙাপাৰা, চুৰচুৰীয়া, ব্যাসকুছি, কালদি পথাৰ, হিলেপাৰা, বৰকাপলা, আমৃখোৱা, চিনাদি গাঁও ৷ ভৌগোলকভাৱে এই অঞ্চলটো উত্তৰ সংমণ্ডলত  অৱস্থিত৷ এই বিলখন ৯১ হেক্টৰ ভূমিৰে বৃহৎ অঞ্চল আগুৰি আছে৷ পৃথিৱীৰ মানচিত্ৰত ২৬0 ১৫’’ উত্তৰ অক্ষাংশৰ পৰা ২৬০ ৩০’’ উত্তৰ অক্ষাংশলৈ আৰু ৯১০ ০’’ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯১০ ১৫’’ পূৱ দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত৷ জলবায়ু সেমেকা আৰু বৰষুণৰ পৰিমাণ বছৰি ৭৮ ছে.মি.৷ বৰপেটা জিলাৰ পূৱ অংশত অৱস্থিত কাপলা বিল পূৱ হিমালয় জৈৱ বৈচিত্ৰৰ অন্তৰ্গত এক পৰিৱেশ সংবেদনশীল জলবায়ু৷ এক সমীক্ষা মতে বৰপেটা জিলাত অৱস্থিত ৯৭ টা জলাশয়ৰ ভিতৰত কাপলা বিল দৈৱ বৈচিত্ৰ ক্ষেত্ৰত অতি চহকী৷ জৈৱ বৈচিত্ৰৰে চহকী এই আদ্ৰভূমি সমূহে পৰিৱেশ কিডনী [বৃক্ক] হিচাপে কাম কৰি ইয়াৰ ভাৰসাম্যতা বজাই ৰাখে৷ বানপানী নিয়ন্ত্ৰণ, ভূগৰ্ভস্থ পানীৰ যোগান, প্ৰাকৃতিক বিপদ আদিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে৷

কাপলা বিল যথেষ্ট পৰিমাণে মাছ–পুঠিৰে পৰিপূৰ্ণ৷ বিভিন্ন প্ৰকাৰৰ থলুৱা প্ৰজাতিৰ মাছ আছে৷ কাপলা বিলৰ দাঁতি কাষৰীয়া অঞ্চলৰ মৎসজীৱী সম্প্ৰদায়ৰ জীৱন–জীৱিকা এই বিলটোতে; ইয়ে আৰ্থ–সামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়৷ কাপলা বিলত বহুত থলুৱা আলংকাৰিক মাছ পোৱা যায়; যেনে – বেঁচা, চান্দা, বটিয়া, চেলেকনী, চেং ইত্যাদি৷ আলংকাৰিক চেং মাছৰ আন্তৰ্জাতিক বজাৰ মূল্য বহু বেছি৷ কাপলা বিলৰ উদ্ভিদৰ ভিতৰত ঘাইকৈ পদুম ফুল, শিঙৰা, ভেটফুল, মেটেকা, সৰুপুনি, বৰপুনি, নলকচু, পাতাল খাৰ, হেলচি, কলমৌ, গৰু–ম’হৰ বাবে উৎকৃষ্ট দল ঘাঁহ, আলিয়া ঘাঁহৰ উপৰিও কাঁহিবন, উলুখেৰ, বিৰিণা আদি জলজ উদ্ভিদেৰে ইয়াৰ পিতনীসমূহ পৰিপূৰ্ণ৷ এই বননিৰ ওপৰত নিৰ্ভৰ কৰি গুই সাপ, ফেটি সাপ, ভেকুলী, গুৱালা সাপ, শহাপহু, শিয়াল, নেউল, হাপা, বিভিন্ন ধৰণৰ কীট–পতংগ, পখিলা, চৰাই–চিৰিকটি আদি জীয়াই আছে৷

Asian Open Billed Stork at Kapla Beel, Barpeta.

কাপলা বিলত বহুত বনৌষধি উদ্ভিদৰ উপৰিও অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সাত বিহুত লগা সকলো শাক ইয়াত উপলব্ধ৷ কাপলা বিলত আবৰ্জনা হৈ থকা পানী মেটেকাৰ পৰাও কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰি৷ শুকান পানী মেটেকাৰে ডাইনিং মেট, কাপ–প্লেট, বিভিন্ন প্ৰকাৰৰ সৰু ডাঙৰ বেগ, চকলেট বক্স, টুপী, ট্ৰে, বিউটি বক্স আদি বিভিন্ন ৰং–বিৰঙৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি৷ নেডফিয়ে  ইয়াৰ বাবে প্ৰশিক্ষণ দিয়ে  আৰু উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে অধিক দামত ক্ৰয় কৰি লয়৷ পচি যোৱা মেটেকা সাৰৰ বাবে বিলৰ পাৰত বড়ো ধান, সৰিয়হ, নহৰু, জলকীয়া, আলু খেতি যথেষ্ট ভাল হয়৷

              কাপলা বিলৰ ৰাতিপুৱাৰ সূৰ্য উদয় আৰু আবেলিৰ সূৰ্যাস্তৰ দৃশ্য অতি মনোমহা৷ পৰ্যটনৰ বাবে যথেষ্ট সম্ভাৱনা আছে৷ চৰকাৰে উন্নয়নৰ আঁচনি গ্ৰহণ কৰিলে অঞ্চল বাসীৰ যুৱক–যুৱতী সকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ’ব৷ তেওঁলোকে লংকাৰ বণিজ ঘৰতে পাব৷ কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ বাবে ঘোষণা কৰা ‘চি প্লেন’ [সাগৰীয় উৰাজাহাজ]ৰ বাবে বৰপেটা জিলাৰ একমাত্ৰ উৎকৃষ্ট স্থান কাপলা বিল৷

              কাপলা বিল পক্ষী নিৰীক্ষক সকলৰ বাবে ভূ–স্বৰ্গ৷ বনৰীয়া, পৰিভ্ৰমী চৰাইৰ চহকী আবাসস্থল৷ বছৰৰ সকলো সময়তে দেখিবলৈ পোৱা চৰাইবোৰ হ’ল – পানীকাউৰী, মনিয়ৰি, গোবগ, পানীবগ, বৰবগ, মাজুবগ, কনামুছৰি, চিলনী, বিভিন্ন প্ৰজাতিৰ মাছৰোকা, ডাউক, কঢ়া, কাম চৰাই, বালিমাহী, হাড়গীলা, ঢেকৰ, নলঢেকৰ, শামুকভঙা, বালিঘোড়া, দহিকতৰা, বটাচৰাই, শৰালী, বৰশৰালী, ভেলা, ঘিলা হাঁহ ইত্যাদি৷

              শীতৰ আগমণৰ লগে লগে অষ্ট্ৰেলিয়া, ফ্ৰান্স, কানাডা আদি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী চৰাইবোৰ অসমৰ বিভিন্ন প্ৰান্তৰ জলাশয়ৰ লগতে কাপলা বিললৈও জাকে জাকে আহে৷ পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰে কাপলা বিল৷ অতি নান্দনিক দৃশ্য! এই বিভিন্ন পৰিভ্ৰমী চৰাইবোৰ হ’ল – ধিতৰাজ, চাকৈচকোৱা, বনৰীয়া পাতিহাঁহ, ৰঙামূৰীয়া হাঁহ, দীঘল নেজিয়া হাঁহ, খন্তিয়া হাঁহ ইত্যাদি ৷ প্ৰকৃতি প্ৰেমী, পক্ষী প্ৰেমী পৰ্যটকসকলৰ বাবে কাপলা বিল আকৰ্ষণীয় ঠাই৷ অতি দুখৰ বিষয় যে কিছুমান দুষ্ট প্ৰকৃতিৰ চোৰাং চিকাৰীয়ে এই পক্ষী সমূহৰ নিধন যজ্ঞ কৰি আহিছে; তাৰোপৰি কিছুমান অশিক্ষিত দুখীয়া মানুহে এই চৰাইবোৰ ধৰে আৰু এচাম শিক্ষিত মানুহে ইয়াৰ মাংসৰ যুতি লয়৷ বন বিভাগৰ নিৰৱতাৰ বাবে চিকাৰীসকলে এনেকুৱা দুষ্কাৰ্য কৰিবলৈ সাহস পাইছে৷

The conservation of natural wetlands like Kapla Beel is extremely important for biodiversity conservation.

বনৰীয়া চৰাইবোৰ আমাৰ উপকাৰী বন্ধু৷ ইহঁতৰ জীৱন আৰু বাসস্থান সংৰক্ষণ কৰা আমাৰ নৈতিক কৰ্তব্য৷ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাত পৰিৱেশ বন আৰু বন্য প্ৰাণীৰ গুৰুত্ব অপৰিসীম৷ ‘মানুহ’ নামৰ প্ৰজাতিটো জীয়াই থাকিবলৈ হ’লে জীৱ বৈচিত্ৰতা সংৰক্ষণ অপৰিহাৰ্য্য৷ বনৰীয়া চৰাইবোৰ জীৱ বৈচিত্ৰতাৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ চৰাই প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি আৰু প্ৰকৃতি জগতত ইহঁতৰ গুৰুত্ব অপৰিসীম৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত চৰায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চৰাইয়ে পৰাগ সংযোগ ঘটাই ফুলক ফললৈ ৰূপান্তৰ কৰে৷ পথাৰত শস্যৰ অনিষ্টকাৰী কীট–পতংগ ভক্ষণ তথা আমাৰ পেলনীয়া গেলা–পচা বস্তু খাই পৰিৱেশ পৰিচ্চন্ন কৰি মানৱ সমাজৰ অতীব উপকাৰ সাধন কৰে৷ সেইবাবেই আমাৰ তথা প্ৰকৃতিৰ সঠিক মঙ্গলৰ কাৰণে বনৰীয়া চৰাই সংৰক্ষণ অপৰিহাৰ্য৷

              ব্যাধৰ শৰবিদ্ধ হৈ মৃত্যু হোৱা মতা ক্ৰৌঞ্চ চৰাইৰ বেদনাত মহৰ্ষি বাল্মিকীৰ মুখৰ পৰা নিঃসৃত হৈছিল পৃথিৱীৰ প্ৰথম কবিতা প্ৰথম শ্লোক –

                                                           “মা নিষাদ প্ৰতিষ্ঠাং স্বমগমঃ শ্বশ্বতী সমাঃ৷

                                                            যৎ ক্ৰৌঞ্চ মিথুনাদেকমবধীঃ কামমোহিতম্‌৷৷”

[অৰ্থাৎ –  হে ব্যাধ তুমি বহু বছৰ ধৰি প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিবা কিয়নো তুমি কামমোহিত ক্ৰৌঞ্চ চৰাই হালিৰ এটা বধ কৰিছা৷]

পৃথিৱীৰ বনৰীয়া চৰাইৰ প্ৰতিৰক্ষা বা সংৰক্ষণৰ ক্ষেত্ৰত এইটোৱে প্ৰাচীনতম্‌ সংৰক্ষণ সজাগতা বাৰ্তা৷ লগতে এই প্ৰাচীন ভাৰতীয় শ্লোক বা কবিতাটোৱে হ’ল পৃথিৱীৰ প্ৰথম প্ৰকৃতি সাহিত্য অৰ্থাৎ মহৰ্ষি বাল্মিকী আছিল পৃথিৱীৰ প্ৰথম বনৰীয়া চৰাই সংৰক্ষক; লগতে প্ৰথম প্ৰকৃতি সাহিত্যিক৷

Nature's Beckon celebrated India's first 'Maharishi Valmiki Birds Conservation Pakhya' in 2024 from 1st -15th November 2024.

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ বিৰোচিত অমূল্য গ্ৰন্থ নাম–ঘোষাত ‘ডাউক চৰাই’ৰ বিষয়ে উল্লেখ আছে –

                                                          “গোবিন্দক নৰাধিয়া                       কোনো কালে কদাচিত

                                                                                      সুখী হুয়া আছে কোনজন৷

                                                          হেন শিক্ষা মনে ধৰি                       ডাউকে বলয় সদা

                                                                                      ‘কোৱা কোৱা’ কুবাক্য–বচন৷৷  ৫২

                             অসমীয়া গীত, কবিতা, লোককথা, বিহুগীত, সাধুকথা, ফকৰা যোজনা আদিতো পক্ষীয়ে বিশেষ স্থান অধিকাৰ কৰি আছে৷ ইয়াৰ উপৰিও বিভিন্ন গাঁৱৰ নামো চৰাইৰ নামেৰে ৰখা দেখা যায়৷

মানুহ পৃথিৱীৰ মালিক নহয়; কেইদিন মানৰ আলহী হে৷ ইয়াত সকলো প্ৰাণীৰে জীয়াই থকাৰ অধিকাৰ আছে৷ বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ অনুসাৰে বনৰীয়া চৰাই ধৰা, মাৰা আৰু কিনা–বেচা কৰা আদি নিষিদ্ধ আৰু দণ্ডনীয়৷ কেৱল মাত্ৰ চৰকাৰী প্ৰশাসনৰ কেইজনমান কৰ্মচাৰী আৰু আইনৰ দ্বাৰা অবৈধ বুলি এই অবৈধ কাম বন্ধ কৰা সম্ভৱ নহয়৷ আহক আমি সকলোৱে আপুৰুগীয়া স্থানীয় আৰু পৰিভ্ৰমী চৰাইবোৰ সংৰক্ষণ  সেৱাত আত্মনিয়োগ কৰো৷ প্ৰকৃতি তথা পৰিভ্ৰমী চৰাইবোৰৰ অকৃত্ৰিম প্ৰেমত নিমজ্জিত হৈ প্ৰকৃতি বিধ্বংসী শক্তিবোৰৰ সন্মুখত প্ৰত্যাহ৩ান হৈ  থিয় দিওঁ৷