ব্ৰহ্মপুত্ৰ-বৰাক সভ্যতাৰ উৎস সন্ধান

Brahmaputra Barak Sabhyatar Utshya Sandhan, a book on history & civilization which also trails the inseparable historical roots of this region with its diverse natural history. PC : NB Archives.
FB_IMG_1652808135259

                                       - ৰূপম বৰুৱা

প্ৰকৃতিবিদ , ভ্ৰমণকাৰী , বৌদ্ধ দৰ্শন–সংস্কৃতিৰ গৱেষক আৰু তিব্বত মুক্তি–আন্দোলনৰ একনিষ্ঠ সমৰ্থক সৌম্যদ্বীপ দত্তৰ নৱতম গ্ৰন্থ ‘ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ উৎস সন্ধান’ক অসমৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ ক্ষেত্ৰখনক নানা নতুন তথ্যপাতিৰে আলোকপাত কৰিব খোজাৰ এক ব্যতিক্ৰমী প্ৰয়াস বুলি ক‘ব লাগিব ৷

এই গ্ৰন্থত ঘাইকৈ অসমৰ প্ৰাচীন ইতিহাস আৰু সংস্কৃতি সম্পৰ্কে কৰা গৱেষণামূলক অধ্যয়নৰ মাজেৰে সৌম্যদ্বীপ দত্তই পূৰ্বোত্তৰ ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক – এই দুই নদীৰ অৱবাহিকা বা উপত্যকাত গঢ় লৈ উঠা বৰ্ণাঢ্য সভ্যতাৰ উৎসসমূহৰ সন্ধান কৰিছে । লগতে বৰ্তমান অসম বা প্ৰাচীন কালৰ সুবিশাল গৌৰৱময় ‘কামৰূপ ৰাষ্ট্ৰ’ যে এই ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰেই শ্ৰেষ্ঠতম নিদৰ্শন সেই কথাও তেওঁ প্ৰয়োজনীয় ঐতিহাসিক সমল আৰু তথ্যপাতিৰ সহায়ত বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে ৷

Barak River, the lifeline for the people, and the flora -fauna of Southern Assam is a transboundary river in India and Bangladesh, which find its origin in the Senapati district of Manipur. PC: Inernet.

 ব্ৰহ্মপুত্ৰ যিদৰে অসমৰ ‘জীৱন–ৰেখা’ বুলি পৰিচিত এক বিশাল নদী , বৰাকো তেনেদৰেই দক্ষিণ অসমৰ এক ব্যাপক অঞ্চলক সামৰা এখন গুৰুত্বপূৰ্ণ নদী ৷ ব্ৰহ্মপুত্ৰ তিব্বতৰ কৈলাস পৰ্বত আৰু মানসৰোবৰ অঞ্চলৰ চেমা– য়ুং দুং হিমবাহৰ পৰা ওলাই অসমৰ মাজেৰে বৈ গৈ বাংলাদেশত গঙ্গা বা পদ্মা নদীৰ সৈতে মিলিত হৈ বঙ্গোপসাগৰত পৰিছে ৷ বৰাকৰ উৎপত্তি বৰাইল আৰু পাটকাই পৰ্বতমালাৰ সংযোগস্থলৰ মৰাম অঞ্চলত ৷ এই নদীও বাংলাদেশত গঙ্গা–ব্ৰহ্মপুত্ৰৰ সন্মিলিত ৰূপ মেঘনাৰ সৈতে মিলিত হৈ সাগৰমুখী হৈছে ৷

বিশ্ব–ইতিহাসৰ নৈপৰীয়া নানা প্ৰাচীন সভ্যতা – যেনে , সিন্ধু উপত্যকাৰ সভ্যতা , নীল নদীৰ পাৰৰ মিছৰীয় সভ্যতা , ইউফ্ৰেটিছ–টাইগ্ৰিছ নদীৰ মাজৰ মেছোপটেমীয় সভ্যতা , ‘গঙ্গাৰিডাই‘ বা গাঙ্গেয় সভ্যতা আদিৰ দৰেই আজিৰ অসম বা প্ৰাচীন কামৰূপৰ  ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা বা উপত্যকাত যি সভ্যতাই গঢ় লৈ উঠিছিল ,  তাকেই ‘ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতা‘ বুলি সৌম্যদ্বীপ দত্তই অভিহিত কৰিছে ।  দত্তৰ মতে ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতা একেখিনি আদিম মানুহৰ পৰা ক্ৰমবিৱৰ্তিত হৈ বিকশিত হোৱা সভ্যতা নহয় ,ইয়াত বিভিন্ন সংস্কৃতিৰ লোকে একত্ৰিত হৈ সভ্যতাৰ সূচনা কৰিছিল আৰু হাজাৰ–হাজাৰ বছৰ পূৰ্বে আৰম্ভ হোৱা সেই প্ৰক্ৰিয়া আজিও অব্যাহত আছে । সাধাৰণতে ভবা হয় যে ভাৰতবৰ্ষৰ এই অন্তিম পূৱ প্ৰান্তৰ সভ্যতা–সংস্কৃতিৰ বিকাশত পূৱ এছিয়াৰ প্ৰত্যক্ষ অৰিহণা হে অধিক , কিন্তু সৌম্যদ্বীপ দত্তই ব্যাপক অধ্যয়নমূলক আৰু লগতে ক্ষেত্ৰভিত্তিক গৱেষণালব্ধ তথ্যপাতিৰো সহায়ত এই সিদ্ধান্তলৈ আহিছে যে ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ বিকাশ মূলতঃ পশ্চিম দিশৰ অৰ্থাৎ ভাৰতীয় কেন্দ্ৰীয় ভূভাগৰেই  পূৱমুখী সাংস্কৃতিক সংযোগ , বিস্তাৰ  আৰু প্ৰভাৱৰ ফলত হোৱা । তেওঁৰ মতে ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতা ভাৰতীয় মহাসভ্যতাৰেই এটি বিশেষ ৰূপ , সেয়েহে ইয়াৰ সভ্যতাত ভাৰতীয় শিল্প–সংস্কৃতিৰ প্ৰতিফলন ঘটাটো অতি স্বাভাৱিক । ভাৰতীয় সংস্কৃতি বা সভ্যতাৰ চূড়ান্ত বিকাশ সাধন হৈছিল প্ৰাক বৈদিক , বৈদিক আৰু অবৈদিক সংস্কৃতিৰ মিশ্ৰণত ৷ ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ উদ্ভৱ আৰু উন্নয়নতো এই বৈশিষ্ট্য অন্তৰ্নিহিত হৈ আছে বুলি দত্তই মত প্ৰকাশ কৰিছে ৷ তেওঁ কৈছে সমগ্ৰ এছিয়া মহাদেশত এনে কোনো দেশ নাই বা এনেকুৱা কোনো সভ্যতা নাই যিখন দেশ আৰু সভ্যতাই ভাৰতীয় সভ্যতা–সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই । আনকি ইউৰোপ আৰু আমেৰিকাৰ সভ্যতাও ভাৰতীয় সভ্যতা–সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত । সেয়ে স্বাভাৱিকভাবেই ব্ৰহ্মপুত্ৰ–বৰাক উপত্যকাৰ সভ্যতাও গভীৰভাৱেই ভাৰতীয় সভ্যতাৰ দ্বাৰা প্ৰভাৱিত । আকৌ , ভাৰতীয় সভ্যতাতো পৃথিৱীৰ বিভিন্ন  অঞ্চলৰ সভ্যতা–সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে  যাৰ প্ৰভাৱ আমাৰ ব্ৰহ্মপুত্ৰ–বৰাক অঞ্চলৰ অধিবাসীসকলৰ সমাজ–সংস্কৃতিৰ ওপৰতো পৰিছে ।

The Brahmaputra river basin originates in the high Himalayan glaciers of the Tibetan plateau, and flows southwards to form one of the most colourful, and biodiversity rich river basins in the world. PC: Internet.

 গ্ৰন্থখনৰ পাতনিত লেখকে কৈছে : ‘এইখন কিতাপত ব্ৰহ্মপুত্ৰ–বৰাক অঞ্চলক প্ৰভাৱিত কৰা আৰু ব্ৰহ্মপুত্ৰ–বৰাক অঞ্চলৰ লগত সংপৃক্ত হৈ থকা এনে কিছুমান বিষয় উত্থাপন কৰা হৈছে , যিবোৰ আমাৰ সমাজ–সংস্কৃতি আৰু সভ্যতাৰ আলোচনাত , আমাৰ মাতৃভাষাত পূৰ্বতে আলোচনা হোৱা নাই । আমি যে মহান নদী সভ্যতাৰ মাজেৰে বিশ্ববৰণীয় ভাৰতীয় সভ্যতাক প্ৰতিনিধিত্ব কৰি আছোঁ , এই কিতাপখনৰ মাধ্যমেৰে শ্ৰদ্ধাৰ পাঠকসমাজে অধিক স্পষ্ট ৰূপত সেই কথা অৱগত হ’ব বুলি আমাৰ বিশ্বাস ৷’

A group of Tibetan women photographed in Tibet, circa 1903. PC: Internet.

সৌম্যদ্বীপ দত্তৰ মতে অসম বা ভাৰতৰ এই পূৰ্বোত্তৰ অংশটো একমাত্ৰ পশ্চিমৰ বাহিৰে   উত্তৰ , দক্ষিণ আৰু পূৱ – এই তিনিওপিনেই প্ৰাকৃতিকভাৱে  ইমান দুৰ্গম আৰু বিপদসঙ্কুল  যে ইয়াত এই তিনিও দিশেৰেই  মানৱ প্ৰজাতিৰ স্বাভাৱিক প্ৰব্ৰজন বা চলাচল প্ৰায় অসম্ভৱ আছিল । পশ্চিম দিশো প্ৰাচীন কালত স্থলপথেৰে যাতায়াতৰ ক্ষেত্ৰত সুগম নাছিল যদিও তথাপি জলপথ অৰ্থাৎ নদীপথে এই অসুবিধা দূৰ কৰিছিল । গতিকে অসমত আদিম বা সুপ্ৰাচীন যুগৰে পৰা ইয়াৰ থলুৱা  অষ্ট্ৰিক , মঙ্গোলয়েড , ককেচীয় জাতিৰ মানুহখিনিৰ বাহিৰৰ লগত সম্পৰ্ক ৰখাৰ একমাত্ৰ উপায় আছিল এই পশ্চিমৰ নদীপথ । দত্তৰ মতে অসমলৈ অষ্ট্ৰিক আৰু ককেচীয় মূলৰ মানুহ যে কোনো সুপ্ৰাচীন যুগত পশ্চিম দিশৰ পৰাই আহিছিল এই কথাত সন্দেহ নাই , কিন্তু আচৰিত কথাটো হ’ল উত্তৰ–পূব দিশৰ মঙ্গোলয়েড গোষ্ঠীৰো ইয়াত আগমণ হৈছিল পশ্চিম দিশেৰেই । তেওঁ কৈছে একমাত্ৰ আহোমসকলৰ বাহিৰে মূল অসম ভূখণ্ডৰ সৰহভাগ মঙ্গোলয়েড মানুহেই তিব্বতৰ পৰা অহা ৷ তিব্বত অসমৰ উত্তৰত আৰু সামান্যভাৱে পূৱক স্পৰ্শ কৰা ৷ স্বাভাৱিকতে যুক্তি দিয়া যাব পাৰে যে তিব্বতৰ চাংপো নদী যিহেতুকে উত্তৰ পিনেদিয়ে ব্ৰহ্মপুত্ৰৰূপে অসমত সোমাইছে , সেয়ে এই তিব্বতী মূলৰ মানুহখিনিৰো অবিভক্ত  বৰ অসমত প্ৰব্ৰজন বা আগমন হৈছিল চাংপো–ব্ৰহ্মপুত্ৰৰ বাটেদিয়েই ৷ কিন্তু দত্তৰ মতে প্ৰাকৃতিক দুৰ্গমতাৰ বাবেই সেই বাট স্বাভাৱিক প্ৰব্ৰজনৰ বাট হোৱাটো সম্ভৱ নাছিল , কাৰণ চাংপোই অৰুণাচল প্ৰদেশ বা বৰ অসমৰ যি ঠাইত ব্ৰহ্মপুত্ৰ হৈ নামি আহিছে , সেই ঠাই সুউচ্চ জলপ্ৰপাতৰ এলেকা আৰু আজিও অতি ডাঠ হাবি–বননিৰে অগম্য ৷ সেয়ে তেওঁৰ মতে অসমৰ পশ্চিম অংশৰ যিবোৰ এলেকাত তিব্বতৰ পৰা নামি অহা নদীপথবোৰ তুলনামূলকভাৱে কম দুৰ্গম বা সুচল , সেইবোৰ জলপথ ব্যৱহাৰ কৰিয়েই অসমত সোমাইছিল তিব্বতীয় জনগোষ্ঠীৰ লোকসকলে ৷ এই প্ৰব্ৰজনৰ সূচনা হৈছিল প্ৰাক–বৌদ্ধ অৰ্থাৎ ‘বন‘ ধৰ্মীয় তিব্বতীযুগৰে পৰাই । সপ্তম শতিকাৰ পিছত বৌদ্ধ ধৰ্মীয় তিব্বতৰ পৰাও একেধৰণেই প্ৰব্ৰজন হয় । সেয়ে আজি অসম বা পূৰ্বোত্তৰ ভাৰতৰ উত্তৰ–পূব প্ৰান্তত বসবাস কৰা তিব্বতী মূলৰ মানুহখিনিয়ে উত্তৰ বা পূৱ পিনেদি নোসোমাই অতীতত পশ্চিমেদি অৰ্থাৎ ঘাইকৈ গঙ্গা নদীপথেৰেই ভটিয়াই আহি আকৌ ব্ৰহ্মপুত্ৰ বা বৰাকেৰে উজাই  অসম বা প্ৰাচীন কামৰূপত সোমাইছিল বুলি দত্তই কৈছে । এই কথাবোৰ তেওঁ কিতাপখনত বিতংকৈ বিশ্লেষণ কৰিছে ।

Gangaridai (Gangaridae) in Ptolemy's map. PC: Internet.

দত্তৰ মতে ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতা মূলতঃ ভাৰতৰ আভ্যন্তৰীণ ‘গঙ্গাৰিডাই‘ সভ্যতাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত । ‘গঙ্গাৰিডাই‘ শব্দটো আহিছে গ্ৰীক–লেটিন ভাষাৰ পৰা । মেগাস্থিনিছ , ডিওডোৰাছ , প্লুটাৰ্ক , প্লিনি , টলেমি , ভাৰ্জিল আদিয়ে ব্যৱহাৰ কৰা ‘গঙ্গাৰিডাই‘ শব্দটোৱেই আজি ইতিহাসত অধিক বিখ্যাত । মূলতঃ ভাৰতীয় ‘গঙ্গাহৃদ‘ বা ‘গঙ্গাহৃদয়‘ শব্দৰেই গ্ৰীক–লেটিন উচ্চাৰণ আছিল ‘গঙ্গাৰিডাই‘ । আচলতে ভাৰতীয় গাঙ্গেয় সভ্যতাই এই ‘গঙ্গাৰিডাই‘ সভ্যতা । ইতিহাসমতে সমগ্ৰ গঙ্গা অঞ্চল আৰু ব্ৰহ্মপুত্ৰ–বৰাকৰো গঙ্গা–মেঘনাৰ সৈতে মিলিত হোৱা নামনি অঞ্চল আনকি প্ৰাচীন কামৰূপৰো পশ্চিম অংশক সামৰি এক বিশাল এলেকাত বিৰাজ কৰিছিল এই ‘গঙ্গাৰিডাই‘ সভ্যতা । খৃষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ১২০০খৃষ্টাব্দলৈকে ঘাইকৈ ভাৰতৰ মধ্য–পূৰ্ব এলেকাৰ বিস্তীৰ্ণ ভূভাগক প্ৰতিনিধিত্ব কৰা এই গঙ্গাৰিডাই সভ্যতাৰেই অন্তৰ্গত আছিল ইতিহাস–কালৰ নানা পৰ্বৰ নানা সাম্ৰাজ্য , ৰাজতন্ত্ৰ আদি । সেই দৃষ্টিকোনেৰে চালে মহাপদ্ম নন্দ , চন্দ্ৰগুপ্ত মৌৰ্য , অশোক , সমুদ্ৰগুপ্ত , বিক্ৰমাদিত্যৰ পৰা গোপালদেৱ , ধৰ্মপাল , ভাস্কৰ বৰ্মা সকলোৰেই ৰাজত্ব গঙ্গাৰিডাই সভ্যতাৰ অন্তৰ্গত আছিল বুলিও ক’ব পাৰি নিশ্চয় ৷ খৃষ্টপূৰ্ব চতুৰ্থ শতিকাত দিগ্বিজয়ী গ্ৰীক বীৰ আলেকজেণ্ডাৰে এই গঙ্গাৰিডাই সাম্ৰাজ্যৰে সামৰিক শক্তি বিশেষকৈ বিপুল হস্তীবাহিনীৰ ভয়তে আৰু পূৱলৈ নাহি পঞ্জাৱ অঞ্চলৰ পৰাই উভতি গৈছিল বুলি ইতিহাসত আছে ৷ তেতিয়া গঙ্গাৰিডাই সাম্ৰাজ্যৰ নেতৃত্বত আছিল নন্দ বংশ । আলকজেণ্ডাৰৰ ভাৰত আক্ৰমণ প্ৰসংগতেই গ্ৰীকসকলে গঙ্গাৰিডাই সভ্যতাৰ কথা ইউৰোপত প্ৰচাৰ কৰিছিল ৷

The mound of Khana-Mihir or Barahamihir at Chandraketugarh, a archeological site in West Bengal has provided relics and historcial evidence of the glorious Gangaridai civilization in eastern India. PC: Internet.

গঙ্গাৰ নামনিভাগ অৰ্থাৎ পদ্মা–মেঘনাৰ প্লাৱন সমভৃমি অঞ্চল ব্ৰহ্মপুত্ৰ আৰু বৰাকৰো মিলনস্থল ৷ এই অঞ্চলো গঙ্গাৰিডাই সভ্যতাৰ এক গৌৰৱোজ্জ্বল যুগৰ সাক্ষ্য বহন কৰে ৷ গতিকে নদীপথেৰে প্ৰাচীন কামৰূপৰ লগত গঙ্গাৰিডাই সভ্যতাৰ অবাধ যোগাযোগ সহজেই অনুমেয় ৷ গঙ্গা–ব্ৰহ্মপুত্ৰৰ মিলনস্থল অঞ্চলৰে উৱাৰি বটেশ্বৰ(বৰ্তমান বাংলাদেশত)ত প্ৰত্নতাত্বিক খননত উদ্ধাৰ হৈছে প্ৰাচীন উন্নত এক নগৰীয়া সভ্যতাৰ ভগ্নাৱশেষ ৷ পশ্চিম বংগত আৱিষ্কৃত চন্দ্ৰকেতু গড়েই এসময়ৰ গঙ্গাৰিডাই সাম্ৰাজ্যৰ ৰাজধানী ‘গাঙ্গে’ নগৰ আছিল বুলিও বহুতে ক’ব খোজে ৷

Some relics recovered from the Chandraketugarh, West Bengal. PC: Internet.

পশ্চিমৰ নদীপথেদিয়েই ব্ৰহ্মপুত্ৰ–বৰাক অঞ্চললৈ আগমন হৈছিল হাতীদাঁত শিল্প , মুখাশিল্প , বাঁহ–বেতৰ সামগ্ৰী নিৰ্মাণৰ শিল্প , ৰেছম শিল্প , নাও–নিৰ্মান শিল্প , শিলত কটা ভাষ্কৰ্য শিল্প ,  জাংফাইৰ ব্যৱহাৰ , ধৰ্মীয় কাম–কাজত চাকিৰ ব্যৱহাৰ আদি নানা সাংস্কৃতিক অনুষ্ঠান আৰু কৰ্মধাৰাৰ ৷ শিলৰ মন্দিৰ নিৰ্মাণৰ শিল্পকলাও পশ্চিমৰ দিশেৰেই অহা ৷

সৌম্যদ্বীপ দত্তৰ মতে গঙ্গাৰিডাই সভ্যতাৰ অন্তৰ্গত অন্যান্য বহু অঞ্চলৰ দৰেই ব্ৰহ্মপুত্ৰ–বৰাক উপত্যকাৰ অধিবাসীৰো প্ৰথম আনুষ্ঠানিক ধৰ্ম আছিল বৌদ্ধ ধৰ্ম ৷ তেওঁ সম্ৰাট অশোকৰ সময়তে পশ্চিম অসমৰ শ্ৰীসূৰ্য পাহাৰৰ বৌদ্ধস্তুপসমূহ নিৰ্মান কৰা হৈছিল বুলি কৈছে ৷ খৃষ্টীয় প্ৰথম শতিকাত কুষাণ সম্ৰাট কনিষ্কৰ সময়ত উদ্ভৱ হৈছিল বৌদ্ধ মহাযান পন্থাৰ আৰু সংস্কৃত হৈ পৰিছিল বৌদ্ধ ধৰ্মৰো আনুষ্ঠানিক ভাষা ৷ ইয়াৰ প্ৰভাৱ ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ সংস্কৃতিতো বৰকৈ পৰিছিল বুলি দত্তই কৈছে ৷ তেওঁৰ মতে প্ৰাচীন অসম বা কামৰূপ ৰাষ্ট্ৰত ব্ৰাহ্মণ্য বা বৈদিক সনাতনী হিন্দু ধৰ্মৰ গৌৰৱময় পৰ্বৰ সূচনা হয় খৃষ্টীয় চতুৰ্থ শতিকাৰ গুপ্তযুগৰ পৰা ৷ অৱশ্যে বৌদ্ধ আৰু ব্ৰাহ্মণ্য ধৰ্মই অসমত মিলাপ্ৰীতিৰ মাজেৰেই সহাৱস্থান কৰিছিল বুলি তেওঁ কৈছে ৷ উদাহৰণস্বৰূপে ভাস্কৰ বৰ্মণ , পাল বংশৰ ৰজাসকল , পৃথুদেৱৰ সময়কালৰো তেওঁ উল্লেখ কৰিছে ৷ দত্তৰ মতে ভাৰত উপমহাদেশৰ অন্যান্য বহু অঞ্চলৰ দৰেই প্ৰাচীন অসমতো বৌদ্ধ ধৰ্মই ভয়ানক বিপদৰ সম্মুখীন আৰু আটাইতকৈ ক্ষতিগ্ৰস্থ হৈছিল ত্ৰয়োদশ শতিকাৰ পৰা ইয়াত আৰম্ভ হোৱা মুছলমান আক্ৰমণসমূহত ৷ মূলতঃ মুছলমান ধৰ্মীয় আগ্ৰাসণৰ  পৰা ব্ৰাহ্মণ্য হিন্দু ধৰ্মকো ৰক্ষা কৰিবলৈয়ে ভাৰত–প্ৰাণ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কামৰূপ ৰাষ্ট্ৰত নৱবৈষ্ণৱ আন্দোলনৰ সূচনা কৰিছিল  বুলিও দত্তই কৈছে ৷ তেওঁৰ মতে পঞ্চদশ শতিকাত ব্ৰহ্মপুত্ৰ–বৰাক উপত্যকাত  শঙ্কৰদেৱৰ নেতৃত্বত হোৱা ব্ৰাহ্মণ্য ধৰ্মৰ উত্থানেই তেতিয়াৰ কামৰূপ ৰাষ্ট্ৰ বা আজিৰ অসমক সম্পূৰ্ণৰূপে ইছলামীয় প্ৰভাৱপুষ্ট হোৱাৰ পৰা ৰক্ষা কৰিছিল ৷

Sri Surjya Pahar at Goalpara, Assam is the ancient most Buddhist pilgrimage in Kamrupa which originated under the patronage of Ashoka's Mauryan empire. PC:Internet.

কামৰূপৰ সৌমাৰখণ্ডত ত্ৰয়োদশ শতিকাত ছ্যু–কা–ফাৰ নেতৃত্বত আহোমসকলৰ প্ৰব্ৰজনেই আছিল দক্ষিণ–পূৱ এছিয়াৰ পৰা কোনো জনগোষ্ঠীৰ ইয়ালৈ হোৱা সফল অভিযান আৰু এটা বিদেশী জাতিৰ সাংস্কৃতিকভাবে ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ সৈতে একীভূত হৈ পৰাৰ এক দৃষ্টান্তমূলক ঐতিহাসিক ঘটনা । মূলতঃ প্ৰাচীন  চীনৰ তাই জাতিৰ পৰাই অহা এটা ঠালে প্ৰাচীন অসম বা কামৰূপলৈ প্ৰব্ৰজন কৰাৰ পিছত হে ‘আহোম‘ নামেৰে পৰিচিত হয় । অৱশ্যে খৃঃপূঃ তৃতীয় শতিকাতেই চীনৰ ক্ষমতাশালী হান ৰজাসকলৰ অমানুষিক আৰু বৰ্বৰ অত্যাচাৰত উপায়হীন হৈ তাইসকল চীনদেশ এৰিবলৈ বাধ্য হৈছিল বুলি এই গ্ৰন্থত উল্লেখ কৰা হৈছে ।

  সুপ্ৰাচীন ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ গৌৰৱোজ্জ্বল প্ৰতীকস্বৰূপ হাজাৰ বছৰীয়া ‘কামৰূপ‘ নামটোৰ সলনি ঐতিহ্য আৰু সাংস্কৃতিক বৈভৱৰ দিশত কম গুৰুত্বপূৰ্ণ আৰু অপ্ৰাচীন ‘অসম‘ নাম কিয় দিয়া  হ‘ল এই প্ৰশ্নও উত্থাপন কৰিছে সৌম্যদ্বীপ দত্তই ।

Sri. Soumyadeep Datta set the path for a diverse form of 'prakriti sahitya' in Assam with his thought provoking, original research based writings like this narrative regarding the Brahmaputra and Barak valley civilizations of Kamrupa. PC: NB Archives.

এই ৩৬৮ পৃষ্ঠাৰ গ্ৰন্থখনৰ ১৫টা অধ্যায়ত ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ উৎস সন্ধান কৰিবলৈ গৈ পূৰ্বে প্ৰকাশিত প্ৰাচীন অসম বা কামৰূপৰ ইতিহাসসমূহত নথকা বহু কৌতুহলোদ্দীপক তথ্যৰ সম্ভেদ দিছে সৌম্যদ্বীপ দত্তই । ডিব্ৰুগড়ৰ ‘গণপতি প্ৰকাশন’ আৰু ‘ক্ৰিয়েটিভ ডিজাইন’এ প্ৰকাশ কৰা ‘ব্ৰহ্মপুত্ৰ–বৰাক সভ্যতাৰ উৎস সন্ধান’ গ্ৰন্থখনৰ মূল্য ৫৫০ টকা ৷ প্ৰয়োজনীয় আলোকচিত্ৰ , অঙ্কণ , মানচিত্ৰ , সহায়ক গ্ৰন্থপঞ্জী আৰু অৰ্থবহ বেটুপাতেও গ্ৰন্থখনৰ আকৰ্ষণীয়তা বৃদ্ধি কৰিছে ৷ শেহত ক’ব পৰা যায় যে লেখকে আশা কৰামতেই নিশ্চয়  ‘এই গ্ৰন্থখনে ব্ৰহ্মপুত্ৰ–বৰাক অঞ্চলৰ সভ্যতাক নতুন দৃষ্টিৰে অনুসন্ধান কৰাৰ পথ মুকলি কৰিব ।‘

The Bengali version of the book was published by Vistaar Publications, Kolkata in 2025. PC: NB Archives.