প্ৰকৃতি সাহিত্য ( কবিতা)

তোমাৰ পৰশ পাই অৰণ্য

Photo Credit : Sanjib GohainBoruah
Dibya Jyoti Nath

- দিব্য জ্যোতি নাথ, শ্ৰেণী : ষষ্ঠ , মিনাৰ্ভা একাডেমী

 

প্ৰকৃতিয়ে পিন্ধিছে সেউজীয়া আভুষণ, 

তোমাৰ পৰশ পাই অৰণ্য। 

গছৰ ডালত কুলিৰ মৌ সনা মাত.. 

তোমাৰ পৰশেৰে প্ৰকৃতি বিনন্দীয়া

তোমাৰ পৰশেৰে মন উৰণীয়া।

তোমাক পৰশেৰে জীপাল এই ধৰা

তোমাৰ পৰশেৰে আশাৰ বতৰা

তোমাৰ পৰশ পাই গাভৰু হ’ল এই ধৰা।