সম্পাদকীয়

কংকণা দাস,

সম্পাদক(অসমীয়া),'The Seed';

4th August,2020 ,

নেচাৰ্চ বেকনৰ পৰিৱেশ সংৰক্ষণ যাত্ৰাৰ এক নতুন সংযোজন ‘দ্য চীড – এ নেচাৰ্চ বেকন  ব্লগ’ (The Seed – a Nature’s Beckon Blog) । আমি  সকলোৱে প্ৰকৃতিক ভালপাওঁ আৰু শ্ৰদ্ধা কৰো। বৰ্তমানৰ প্ৰেক্ষাপটত এটা কথা সত্য যে আমি মানুহবোৰেই প্ৰকৃতি অৱক্ষয়ৰ মূল আৰু মাথো একাংশ মানুহৰ ভালপোৱাই  প্ৰকৃতিক অৱক্ষয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। ইয়াৰ বাবে আমাৰ ভালপোৱাবোৰ সংঘবদ্ধ হ’ব লাগিব, আৱেগবোৰ শক্তিশালী হ’ব লাগিব। আমাৰ একত্ৰিত কণ্ঠস্বৰ আৰু পৰিৱেশ সংৰক্ষণৰ দাবীসমূহ সকলো স্তৰৰ মানুহৰ মাজলৈ যাব লাগিব। এটা কথা ঠিক যে ‘পৰিৱেশ সংৰক্ষণ’ ক্ষেত্ৰখনৰ পৰিসৰ বৰ বহল। বিভিন্নজনে বিভিন্ন উপায়েৰে পৰিৱেশ সংৰক্ষণৰ হকে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে, তাৰ কিছু সুফল আমি দেখিবলৈ পাইছো। অনাগত দিনত হয়তো আমি  পৰিৱেশৰ সৈতে প্ৰকৃতাৰ্থত সহাৱস্থান কৰিবলৈ শিকিম।

পৰিৱেশ সংৰক্ষণৰ প্ৰতিটো কাৰ্যপন্থাই পৰিৱেশ আন্দোলনৰ একো একোটা উপাদান। ইয়াৰ মাজৰে এক গুৰুত্বপূৰ্ণ উপাদান হ’ল পৰিৱেশ সাহিত্য। বিভিন্ন ছপা মাধ্যমত বা ইণ্টাৰনেটৰ জৰিয়তে পৰিৱেশ সম্পৰ্কীয় লেখা মেলাসমূহে নতুন প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এইবোৰ আমাৰ পাৰিৱেশিক ইতিহাস আৰু জ্ঞানৰো সমল। বৰ্তমানৰ ইণ্টাৰনেটৰ শক্তিক আমি সঠিক ভাৱে পৰিৱেশ সংৰক্ষণৰ হকে  ধনাত্মক ভাৱে ব্যৱহাৰ কৰিব পাৰো। সেয়ে আমি নেচাৰ্চ বেকনৰ ফালৰ পৰা  ‘দ্য চীড – এ নেচাৰ্চ বেকন ব্লগ’ আৰম্ভ কৰিছো যাৰ কাম হ’ব পৰিৱেশ সম্পৰ্কীয় লেখা মেলা সমূহ যাৱতীয় সম্পাদনাৰ জৰিয়তে একত্ৰিত ভাৱে মানুহৰ মাজলৈ লৈ যোৱা। আমাৰ এই ব্লগত যিকোনো  আগ্ৰহী লোকে (নেচাৰ্চ বেকনৰ সদস্য নহলেও) পৰিৱেশ সম্পৰ্কীয় নিজৰ লেখাসমূহ পঠিয়াব পাৰিব।  আমি আশাবাদী, আমাৰ এই সন্মিলিত প্ৰচেষ্টাই পৰিৱেশ তথা প্ৰকৃতি বিষয়ক সাহিত্যক এক নতুন দিশ দিবলৈ সক্ষম হ’ব।