- হীৰেন দত্ত
শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ এক নদী কাষৰীয়া অঞ্চল দিখৌমুখ।বহুকেইখন গাঁৱৰ সমষ্টি অঞ্চলটিৰ কাষেৰে দিখৌ,ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদী বৈ গৈছে।ঐতিহাসিক স্থান শক্তিপীঠ ৰামাখাপীঠ দেৱালয়,শংকৰ আজানৰ সম্বন্বয় ক্ষেত্র আজানপীৰ দৰগাহ,মগলৌপুখুৰী,টাঙোনধোৱা পুখুৰী, টেলিয়াডোঙা পুখুৰীকে ধৰি বহুকেইটা ৰজাদিনীয়া পুখুৰীৰ লগতে ৰংঘৰৰ পৰা ৰূপহী কুঁৱৰীৰ সোঁৱৰণত আহোম ৰজাই খন্দোৱা ৰূপহীজান ইয়াতেই অৱস্থিত।
কেৱল ঐতিহাসিক সমলেৰে ভৰপুৰ নহ‘য় দিখৌমুখ।নদীকাষৰীয়া শস্য–মৎস্যৰে ভৰপূৰ অঞ্চলটো চৰাইৰ ভূ–স্বৰ্গ বুলিলেও বঢ়াই কোৱা নহয়।শিৱসাগৰ জিলাৰ লগতে দিখৌমুখ বনৰীয়া চৰাইৰ ক্ষেত্রত অত্যন্ত সমৃদ্ধ।থলুৱা প্ৰায়বোৰ চৰাইৰ দেখা পোৱাৰ লগতে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী এই অঞ্চলটি।অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ চৰাইৰ বসবাসৰ বাবে আদৰ্শ স্বৰূপ।অসমৰ প্ৰায়বোৰ ঠাইতে চৰাই পৰ্যাপ্ত পৰিমাণে দেখা পোৱা যায় যদিও উপনিৱেশ গঢ়ি চৰায়ে পোৱালি জগাই বংশবৃদ্ধি কৰা ঠাইৰ সংখ্যা খুব কম।কিন্তু অঞ্চলটো এইক্ষেত্ৰত ব্যতিক্ৰম।বহুকেইবিধ চৰাইৰ নিৰাপদ নীড়–উপনিৱেশ দিখৌমুখ।
পৰ্যাপ্ত খাদ্য,নিৰাপদ আশ্ৰয়স্থল থকা বাবে বহু কলনি পাতি বাস কৰা চৰায়ে বিভিন্ন ঋতুত বছৰ বছৰ ধৰি দিখৌমুখ অঞ্চলত বাহ সাজি পোৱালি জগাই আহিছে।দীঘল ঠোঁটৰ ,কলা–বগা ৰঙৰ অধিকাৰী ধুনীয়া শামুকভঙা চৰাইবিধৰ আৱাসস্থল দিখৌমুখ।চৰাইবিধৰ বৈজ্ঞানিক নাম Anastomus Oscitans। দিখৌমুখ অঞ্চলৰ অন্তৰ্গত ধনেখোৱা গাঁৱৰ নদী কাষৰীয়া বিভিন্ন গছৰ লগতে ঘৰৰ বাৰীৰ গছত বিগত ৯–১০ বছৰ ধৰি এজাক শামুকভঙাই আৱাসিক কলনী গঢ়ি তুলিছে।নিৰাপদে পোৱালি ডাঙৰ কৰাৰ স্বাৰ্থতে আশ্ৰয় বিচাৰি ধনেখোৱা গাঁৱৰ মাজ–মজিয়াত বাহ সাজিবলৈ আৰম্ভ কৰা চৰাইজাকক গাঁৱৰ পৰিৱেশত সচেতন ৰাইজে আশ্ৰয় দিলে।সংৰক্ষণ পাই লাহে–লাহে ধনেখোৱা গাঁও পৰিণত হ‘ল চৰাইৰ ভূস্বৰ্গত।৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সংলগ্ন গৌৰিসাগৰ তিনিআলি ঐতিহাসিক বৰআলি হৈ প্ৰায় চাৰি কিঃমিঃ ৰ পশ্চিমৰ দিখৌ নদী পৰীয়া ধনেখোৱা গাঁৱত বছৰ–বছৰ ধৰি শামুকভঙা জাকে গঢ়ি তুলিছে এক বৃহৎ নীড়–উপনিৱেশ।পক্ষী প্ৰেমী পৰ্যটকৰ বাবে জুলাই শেষভাগৰ পৰা জানুৱাৰী লৈ হ‘ব পাৰে চৰাইজাক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।শামুকভঙা জাকৰ সৈতে নবেম্বৰ মাহৰ শেষত আহি জিৰণি লয় ধুনীয়া এজাক কলা মুৰৰ আকুহি বগে (Black headed IBIS )।
যিসময়ত পক্ষী কুলৰ অভিযন্তা বুলি অভিহিত টোকোৰা চৰাই বহু ঠাইত বিভিন্ন কাৰণত উদ্বেগজনক ভাবে হ্ৰাস পোৱা আৰু দেখা পোৱাতো দুৰূহ হৈ পৰিছে,তেনে সময়ত দিখৌমুখত টোকোৰা চৰাইৰ বংশবৃদ্ধি সন্তোষজনক।২০১৮ চনৰ পৰা ২০২৩ চনলৈ কৰা গণনাত দিখৌমুখ অঞ্চলৰ কেইবাখনো গাঁৱত বহু টোকোৰা চৰাইৰ বাহৰ অৱস্থিতি দেখা গৈছিল।কাৰিকৰী কৌশলেৰে তৈয়াৰ কৰা টোকোৰা চৰাইৰ বাহত নিৰাপদে পোৱালি প্ৰতিপালন কৰি বংশ বৃদ্ধি কৰা নান্দনিক দৃশ্যই পৰ্যটকক আকৰ্ষণ কৰি আহিছে।
উৰন্ত স্তন্যপায়ী খ্যাত ফলভোজী বাদুলীৰ বহু নীড়–উপনিৱেশ দিখৌমুখত দেখিবলৈ পোৱা যায়।অঞ্চলৰ অন্তৰ্গত ৰঘুবাৰী গাঁৱত দিনৰ ভাগত এক বৃহৎ পৰিসৰত বিভিন্ন গছত জিৰণি লৈ থকা স্তন্যপায়ী চৰাইবিধৰ উপনিৱেশ বহু বছৰ ধৰি দেখা পোৱা গৈছে।পৰ্যটকৰ অধ্যয়নৰ সমল হ‘ব পাৰে চৰাইবিধ।তাৰোপৰি দেওঘৰীয়া, ভৰলুৱা,মগলৌ গাৱতো বাদুলীৰ কলনী দেখা পোৱা যায়।ফটোগ্ৰাফীৰ চখ থকা সকলৰ বাবে সন্ধিয়াৰ আগে আগে খাদ্যৰ সন্ধানত উৰা মৰা চৰাইজাকৰ দৃশ্য হ‘ব পাৰে বিৰল তথা সুন্দৰ ফটোফ্ৰেম।তাৰোপৰি ৰাতি বাদুলিৰ খাদ্য গ্ৰহণ পৰ্যটকৰ দৰ্শনৰ বিষয়বস্তু হ‘ব পাৰে।
আমাৰ অলক্ষিতে কমি অহা সকলোৰে চিনাকি চৰাই ঘৰচিৰিকাৰ আদৰ্শ বাসস্থান দিখৌমুখ।অঞ্চলৰ প্ৰায়বিলাক গাৱতে এইবিধ ঘৰৰ চোতালত দেখা পোৱাটো সুলভ দৃশ্য।খেৰিঘৰত বাহ সাজি পোৱালি জগাই বংশবৃদ্ধি কৰা চৰাই বিধে বাঢ়ি অহা কংক্ৰিটৰ ঘৰৰ বাবে যাতে অসুবিধাত নপৰে তাৰবাবে গাঁৱৰ মানুহে কম খৰছৰ কৃত্ৰিম বাহ বাকচৰ ব্যৱস্থা কৰি দিছে।
তাৰোপৰি অঞ্চলৰ কেইবাখনো গাঁৱত থকা বৰটোকোলাৰ বছৰ–বছৰ ধৰি উপনিৱেশ পাতি বাঁহ সাজি পোৱালি প্ৰতিপালন কৰা,নকটানিৰ দিখৌ নৈৰ কাষৰ বাঁহনিত জাক জাক বগলি আৰু পানী কাউৰীৰ বাহ সাজি পোৱালি জগোৱাৰ কথা নকলোৱেবা।
থলুৱা আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী দিখৌমুখ অঞ্চলত লাহে লাহে নীড়–উপনিৱেশীক চৰাইবোৰৰ বংশবৃদ্ধিৰ ক্ষেত্ৰত বাধা আহি পৰা দেখা গৈছে।প্ৰাকৃতিক কাৰকবোৰৰ উপৰিও মানৱসৃষ্ট কিছুমান কাৰকৰ বাবে চৰাইৰ উপযুক্ত আৱাসভুমি দিখৌমুখৰ পুৰ্বৰ গৌৰৱ যেন কিছু কমি অহা দৃষ্টিগোচৰ হৈছে।তাৰে কেইটামান উল্লেখযোগ্য কাৰক হ‘ল–অঞ্চলত টোকোৰা চৰায়ে বাহ সাজিবলৈ সততে ব্যৱহাৰ কৰা তামোল গছৰ সংখ্যা হ্ৰাস হোৱা।কেৰ্কেটুৱাৰ উৎপাতত জনসাধাৰণে ঘৰৰ বাৰীৰ তামোল উৎপাদন কৰিব নোৱাৰা হ‘ল বুলিবই পাৰি।তাৰ ফলশ্ৰুতিত অলাগতিয়াল উদ্ভিদ হৈ পৰা তামোলৰ গছবিলাকৰ ধংসযজ্ঞ।ফল ভুগিব লগা হৈছে নিমাখিত টোকোৰাই।তাৰোপৰি শস্যক্ষেত্ৰত কীটনাশকৰ প্ৰয়োগ,বিগত দুবছৰৰ পৰা নাৰিকল গছত হোৱা বেমাৰৰ ফলত অঞ্চলৰ প্ৰায়বোৰ গছৰ মৃত্যু আদি কাৰকে টোকোৰাৰ আৱাসস্থলী তথা বংশবৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে।ভুতৰ ওপৰত দানহ পৰাদি টোকোৰাৰ বাহ সজা স্থানৰ কাষতে সুউচ্চ অট্টালিকা নিৰ্মাণৰ বাবে চৰাইবোৰে স্থান পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছে।
আনহাতে ডাঙৰ চৰাইবোৰে ওখ গছৰ মুধত বাহ সাজি পোৱালি জগাই বংশবৃদ্ধি কৰে।কিন্তু অঞ্চলত দ্ৰুত গতিত এনে গছৰ সংখ্যা কমি আহিছে।ব্যক্তিগত প্ৰয়োজন নাইবা ব্যৱসায়িক প্ৰয়োজনত বৰটোকোলা, শামুকভঙা আদি ডাঙৰ চৰাইবোৰে বাহ সাজি বংশবৃদ্ধি কৰা গছবিলাক কাটি পেলোৱাত চৰাইবোৰৰ বংশবৃদ্ধিত বাধা আহি পৰিছে।তাৰোপৰি জাক পাতি বাহ সাজি পোৱালি জগোৱা ধনেখোৱা গাৱৰ শামুকভঙা জাকে পোৱালি জগোৱাৰ সময়ত বাহ সাজিবলৈ বাৰীৰ প্ৰায়বিলাক ফলমুলৰ গছ ব্যৱহাৰ কৰাৰ লগতে বাৰিষা দুৰ্গন্ধৰ সৃষ্টি হোৱা বাবে গাঁৱৰ বাসিন্দা সকল অতিষ্ঠ হৈ চৰাইজাকে বংশবৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা গছবিলাক কাটি পেলাবলৈ আৰম্ভ কৰা দেখা গৈছে।গছ কটা মেচিনৰ অতি ব্যৱহাৰে এইক্ষেত্ৰত উদগনি দেখুওৱা দেখা পোৱা গৈছে।ফলভোজী বাদুলিয়ে খাদ্য হিচাপে গ্ৰহণ কৰা ফলমুলৰ দ্ৰুত হ্ৰাসে চৰাইবিধৰ বংশবৃদ্ধিত বাধাৰ প্ৰাচীৰ ৰূপে ঠিয় দিছে।ইয়াৰ মুল কাৰণ হৈছে অঞ্চলত মলুৱা বান্দৰৰ উৎপাত।
এইবোৰৰ উপৰিও বহু কাৰকে উপনিৱেশ পাতি বাহ সাজি পোৱালি জগোৱা চৰাইৰ বংশবৃদ্ধিত বাধা ৰূপে ঠিয় দিছে।যদিওবা দিখৌমুখৰ চৰাইৰ আৱাসস্থলীৰ সমস্যা সৃষ্টিৰ কাৰক ওপৰত উল্লেখ কৰা হৈছে সেয়াই হয়তো মুল সমস্যা নহ‘বও পাৰে।তাৰবাবে এইবিষয়ত কিছু বৈজ্ঞানিক চিন্তাচৰ্চাৰ প্ৰয়োজন।প্ৰথম পৰ্য্যায়ত এনে অঞ্চল বিলাকত থকা নীড় –উপনিৱেশীক চৰাইবোৰৰ গণনাৰ অতীব প্ৰয়োজন।সময় থাকোতেই অভিজ্ঞ ব্যক্তিৰ দ্বাৰা চৰাইবোৰৰ ক্ষেত্রত কিছু প্ৰয়োজনীয় কাম কৰিলে প্ৰজাতি এটা জীয়াই ৰখাত সহায়ক হ‘ব।নহ‘লে “চোৰ গ‘লে লাঠি বৰষুণ গ‘লে জাপি” ৰ দৰে প্ৰজাতি এটা ধংস হ‘বলৈ কেতপৰ।