নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
- শিল্পী চুতীয়া
প্ৰকৃতি আৰু মানুহ এই দুয়োটাই এক নিবিড় সম্পৰ্কত বান্ধ খাই আছে৷ পৃথিৱীত প্ৰাণী জগত বৰ্তি থাকিবৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটোৱেই হৈছে প্ৰকৃতি যাক উপেক্ষা কৰি আমাৰ জীৱনৰ এটা ক্ষণো কল্পনা কৰিব নোৱাৰোঁ৷ আদিম যুগৰপৰাই প্ৰকৃতি জগতে মানুহৰ মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰি আহিছে কিন্তু সৰ্বশ্ৰেষ্ঠ প্ৰাণী হিচাপে নিজকে নিজে পৰিচয় দিয়া মানুহজাতিয়ে প্ৰত্যেক দিনে প্ৰকৃতি জগতৰ নানা উপাদান ধ্বংস কৰি উপভোগ কৰি আহিছে৷ বৰ্তমানৰ সামান্য উপভোগে যে ভৱিষ্যতে পৃথিৱীত কিমান বিৰূপ প্ৰভাৱ পেলাব তাক মানুহে এতিয়াও বুজিবই পৰা নাই৷
যি সাহিত্যত প্ৰকৃতিৰ সংৰক্ষণৰ লগতে সচেতনতাৰ ধাৰণাটো জড়িত হৈ থাকে সেই সাহিত্যই প্ৰকৃতি সাহিত্য হিচাপে বিবেচিত হৈ আহিছে৷ উল্লেখযোগ্য যে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা পৰ্যায়ত প্ৰকৃতি সাহিত্য বিষয়ক পাঠ্যক্ৰম সন্নিৱিষ্ট কৰিছে৷ এই ক্ষেত্ৰত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ছাৰৰ ওচৰত চিৰকৃতজ্ঞ৷ স্নাতক তৃতীয় ষান্মাসিকত পঢ়িবলৈ পোৱা এই কাকতখনে প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতা সম্পৰ্কত থকা মোৰ ধাৰণাৰ বিকাশত যথেষ্ট সহায় কৰিলে বুলি বিনাদ্বিধাই কব পাৰোঁ৷ কাকতখন কেৱল আনুষ্ঠানিক শিক্ষাৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই ৷
সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত প্ৰকৃতি সাহিত্য বিষয়ক এখন কৰ্মশালাৰো আয়োজন কৰা হয়৷ এই কৰ্মশালাত নেচাৰ্চ বেকন সংস্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰৰ লগতে উক্ত সংস্থাৰে এজন সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰৰ উপস্থিতিত আমি প্ৰকৃতি জগতখনৰ বিষয়ে বিশেষকৈ চৰাই বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ৷
চৰাই প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি আৰু প্ৰকৃতি জগতত চৰাইৰ গুৰুত্ব অপৰিসীম৷ অসমৰ অৰণ্য আৰু প্ৰাকৃতিক পৰিৱেশ চৰাইৰ বসবাসৰ বাবে উপযোগী৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত চৰায়ে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ অধ্যায়৷ চৰাই পৰ্যবেক্ষণ প্ৰকৃতি ইতিহাস অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ দিশ৷ চৰাই পৰ্যবেক্ষণ মানে সেই চৰাইটোৰ বাহ্যিক ক্ৰিয়া-কলাপ, ভাৱ-ভঙ্গী, ব্যৱহাৰ, জীৱন চক্ৰ, তথা জীৱন নিৰ্বাহৰ পদ্ধতিগত জ্ঞান আৰু সৰ্বতোপৰি চৰাই এটাৰ লগত তাৰ পাৰিপাশ্বিক সম্বন্ধ আৰু সম্পৰ্কৰ বিষয়ে পুংখানুপুংখভাৱে জনা৷ চৰাই পৰ্যবেক্ষণ বুলি ক’লে প্ৰথমে গভীৰ অৰণ্য, বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী অভয়াৰণ্য আদিৰ কথা মনলৈ আহিব পাৰে, কিন্তু আমি চৰাই পৰ্যবেক্ষণ কৰিবলৈ হ’লে আমাৰ ঘৰৰ পিৰালিৰ পৰাই আৰম্ভ কৰিব পাৰোঁ৷
নিজৰ ঠাইখনৰ ওচৰে-পাজৰে চৰাই পৰ্যবেক্ষণ কৰাৰ ফলত দেখা পাওঁ যে আমাৰ অঞ্চলত আগতে দেখিবলৈ পোৱা বহুতো চৰাই সময়ৰ সোঁতত হেৰাই গৈছে৷ আধুনিকতাৰ প্ৰভাৱ, প্ৰকৃতি জগতৰ অৱনতি, পৰিভ্ৰমণৰ সমস্যা আদি বিভিন্ন কাৰণত বহুতো চৰাই বৰ্তমান বিলুপ্তিৰ পথত আছে৷ এই চৰাইবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এনে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নতুন শিক্ষানীতি ২০২০ অনুসৰি ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমৰ বিষয় হিচাপে “চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ” বিষয়টি নিৰ্বাচন কৰা হয়৷
নৰ্থ লখিমপুৰ কলেজ [স্বায়ত্বশাসিত]ৰ অসমীয়া বিভাগৰ পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰী হিচাপে আৰু “নেচাৰ্চ বেকন”ৰ এগৰাকী সদস্য হিচাপে নতুন শিক্ষানীতি ২০২০ অনুসৰি “চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ” বিষয়ত স্নাতক পঞ্চম ষান্মাসিকৰ ১২০ ঘণ্টাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্য সম্পন্ন কৰা হয়৷ ১৯৮২ চনত গঠন হোৱা নেচাৰ্চ বেকন সংস্থাৰ প্ৰতিষ্ঠাতাৰ মূল সপোন আছিল সংঘবদ্ধ ভাৱে পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰা৷ আগৰপৰাই প্ৰকৃতি জগতৰ সুৰক্ষাৰ প্ৰতি মনত চেতনা আছিল যদিও ক’ৰপৰা কেনেকৈ আগবাঢ়িম তাৰ কোনো বাট বিচাৰি পোৱা নাছিলোঁ কিন্তু এই সংস্থাৰ এজন সদস্য হিচাপে সৌম্যদ্বীপ দত্ত ছাৰৰ সান্নিধ্য লাভ কৰাৰ পৰা যেন এই বাট লাহে লাহে মুকলি হ’বলৈ লৈছে৷
‘নেচাৰ্চ বেকন’ সংস্থাৰ এজন সদস্য হিচাপে এই কাম কৰিবৰ উৎসাহ দিয়াৰ বাবে সঞ্চালক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ নেচাৰ্চ বেকন সংস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ প্ৰকৃতি জগতৰ হকে কাম কৰাৰ অনেক হেঁপাহ মনত পুহি ৰাখিছোঁ৷ ভৱিষ্যত দিনত সংস্থাটোৰ লগতে থাকি এই হেঁপাহ পূৰণ কৰিবৰ বাবে সুযোগ-সুবিধা দিব বুলি মই আশাবাদী ৷
নেচাৰ্চ বেকনৰ সঞ্চালক মহোদয়ৰ সৈতে চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণ বিষয়ক আলোচনাৰ অন্তত আমাৰ মনটো চৰাই পৰ্যবেক্ষণৰ বাবে অধিক আগ্ৰহী হৈ পৰিছিল৷ গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হোৱাৰ লগে লগে আমি চৰাই পৰ্যবেক্ষণৰ কাম আৰম্ভ কৰি দিছিলোঁ৷ নিজৰ ঘৰখনৰ চৌহদৰ পৰাই আৰম্ভ কৰি ওচৰ চুবুৰীয়া অঞ্চলবোৰটো চৰাই পৰ্যবেক্ষণৰ হকে নিজক ব্যস্ত ৰাখিছিলোঁ৷ বিভিন্ন ঠাইত চৰাই পৰ্যবেক্ষণ কৰি বহুতো চৰাই দেখিবলৈ পাইছিলোঁ যদিও দুখেৰে কওঁ যে আজিৰপৰা প্ৰায় ১০ বছৰ আগত ঘৰৰ চোতালত দেখা বহুতো চৰাই এতিয়া পাবলৈ নাইকিয়া হৈ গৈছে৷ মানুহে চৰাইক নিষ্ঠুৰ আৰু অন্যায়ভাবে হত্যা কৰা তথা চৰাইৰ বাসস্থানসমূহ ধ্বংস কৰাৰ ফলত এতিয়া আগৰ নিচিনা নানা ধৰণৰ চৰাই দেখিবলৈ পোৱা নাযায়৷ দৈনন্দিন জীৱনতে বহু চৰাইৰ সৈতে সাক্ষাৎ ঘটে, কিছুমান চিনাকি, কিছুমান অচিনাকি; অচিনাকি চৰাইক জনাৰ হেঁপাহ ওপজে; কিন্তু প্ৰায়েই মনৰ হেঁপাহ মনতে মাৰ যায় উপযুক্ত সুযোগৰ অভাৱত৷ চৰাই পৰ্যবেক্ষণৰ পৰা পোৱা অভিজ্ঞতাই চৰাই সম্পৰ্কত থকা ধাৰণাক অধিক পৰিপুষ্ট কৰি তুলিলে৷
স্থানীয় চৰাই পৰ্যবেক্ষণ কাৰ্যৰ অন্তত মই কেইখনমান গাঁৱৰ বিদ্যালয়লৈ গৈ শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে ইণ্টাৰ্ণশ্বিপৰ বিষয়টো সম্পৰ্কত আলোচনা কৰি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ সম্পৰ্কত আলোচনা কৰাৰ বাবে অলপ সময় বিচাৰোঁ৷ সুখৰ কথা যে বিদ্যালয়ৰ শিক্ষকসকলে বিষয়টো খুব ভাল পাইছিল আৰু লগে লগে মোক ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এই বিষয়ত আলোচনা কৰিবৰ বাবে অনুমতি প্ৰদান কৰে৷ বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত “চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণ”ৰ ওপৰত আকৰ্ষণ আনিবৰ বাবে চেষ্টা কৰা হৈছিল আৰু সৌভাগ্যৰ কথা যে তেওঁলোকৰ প্ৰায় আটাইবোৰ এই ক্ষেত্ৰত আগ্ৰহী আছিল৷
নতুন শিক্ষা নীতি ২০২০ অনুসৰি স্নাতক পঞ্চম ষান্মাসিকৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি ২৫-১০- ২০২৫ তাৰিখে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ কনফাৰেন্স হলত নেচাৰ্চ বেকন সংস্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ, নেচাৰ্চ বেকনৰে সদস্য যুগল সন্দিকৈ ছাৰৰ উপস্থিতিত এখন সভা আয়োজন কৰা হয়৷ উক্ত সভাত ইণ্টাৰ্ণশ্বিপৰ কাৰ্যৰ আৰম্ভ হয়৷ সভাখনত চৰাই সম্পৰ্কত বিভিন্ন আলোচনা কৰা হয় লগতে নেচাৰ্চ বেকনৰ সঞ্চালক মহোদয়ক চৰাই সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলে নানা প্ৰশ্ন উত্থাপন কৰে আৰু সঞ্চালক মহোদয়ে প্ৰশ্নৰ উত্তৰত সুন্দৰকৈ বুজাই দিয়ে এনেধৰণৰ প্ৰশ্ন উত্তৰ শিতানৰ যোগেদি সকলোৰে চৰাই সম্পৰ্কত থকা ধাৰণাই পূৰ্ণতা পোৱাৰ দিশত সহায়ক হয়৷ আলোচনাৰ মাজতে নেচাৰ্চ বেকনৰ সঞ্চালক মহোদয় আমাক ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুঠি’ আৰু ‘অসমৰ বৰ্ষাৰণ্য দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান’ নামেৰে দুখন কিতাপ প্ৰদান কৰে৷ ইয়াৰে প্ৰথমখন কিতাপে ইণ্টাৰ্ণশ্বিপ কাৰ্যৰ হাতপুথি হিচাপে যথেষ্ট সহায় আগবঢ়ালে৷
২০২৫ এই দিনটো সঁচাকৈ মোৰ জীৱনৰ বাবে এটি পৃথক দিন৷ এই দিনটোতে মই সৰুৰপৰা পাই অহা যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা আঁতৰাই নিজক প্ৰকৃতিৰ বুকুত বিলীন কৰি দিয়াৰ সুযোগ পাইছিলোঁ৷ প্ৰথমবাৰৰ বাবে মোৰ এক গভীৰ অৰণ্যৰ মাজত প্ৰকৃতি জগতখনক অনুভৱ কৰাৰ সৌভাগ্য হৈছিল৷ গছ এজোপাক সাৱটি ধৰি নিজকে গছ এজোপাৰ জীৱনত কেনে দুখ থাকিব পাৰে তাক অনুভৱ কৰাব পাৰিছিলোঁ৷
আমাৰ ইণ্টাৰ্ণশ্বিপ বিষয়ৰ শেষৰটো কাৰ্যসূচী হিচাপে পুৱা প্ৰায় জ্ঝ বজাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসহ প্ৰায় ৪০ জনীয়া এটা দলে লখিমপুৰ জিলাৰ ‘দুলুং সংৰক্ষিত বনাঞ্চল’ৰ দিশে আগবাঢ়ো আৰু প্ৰায় ৰ ঘণ্টা সময়ৰ অন্তত আমি গন্থব্য স্থান পাওঁগৈ৷
প্ৰথমে যেতিয়া বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু থকাৰ কথা কৈছিল আৰু হাতে হাত ধৰি আমাক একো একোটা সংখ্যা ক’ব দিছিল নিজৰ পৰিচয়ৰ বাবে আৰু অৰণ্যত কোনোবা হেৰাই গ’লে বা কিবা বিপদ হ’লে কেনেকৈ সংকেত দিব লাগে সেই বিষয়ে শুনি আচলতে ভয় এটাই মনত থিতাপি লৈছিল কাৰণ মই যেতিয়া বনাঞ্চলখনলৈ বুলি গৈছিলোঁ তেতিয়া মোৰ বনাঞ্চলখনত হ’ব পৰা ভয়াবহতাৰ প্ৰতি ধাৰণা নাছিল হ’লেও অৰণ্যখনলৈ যোৱাৰ অনেক হেঁপাহ আছিল বাবে সাহসেৰে আগবাঢ়িছিলো৷
বনাঞ্চলখনৰ মাজেৰে গৈ থাকোঁতে আমি আগেয়ে নেদেখা বহুতো উদ্ভিদ দেখিবলৈ পাইছিলোঁ৷ লগতে আমি ইমানেই বেছি জোকৰ সন্মুখীন হৈছিলোঁ যে ভৰিটো ক’ত দিম ভাবিবলগীয়া হৈছিল কাৰণ প্ৰতি দুখৰ ঠাইতে জোক আছিল৷ আমি দেখা পোৱা জোকৰ প্ৰজাতিও ভিন্ন ধৰণৰ আছিল৷ বনাঞ্চলখনত আমি আগেয়ে কেতিয়াও দেখি নোপোৱা বগা পাত বেং দেখিব পাইছিলোঁ৷ পোনপ্ৰথমবাৰৰ বাবে চিয়াঁ নাহৰ গছ দেখিব পাইছিলোঁ লগতে এইটো উল্লেখ কৰিব লাগিব যে আমি যোৱাৰ পৰা অহালৈকে আমাৰ চাৰিওফালে অসংখ্য ৰঙৰ পখিলা দেখিবলৈ পাইছিলোঁ৷ এই বনাঞ্চলখনৰ বিশেষত্ব সম্পৰ্কত আমাক নেচাৰ্চ বেকন সংস্থাৰ সদস্যৰ লগতে বন বিভাগৰ বিষয়া কেইজনে কেইটামান উল্লেখযোগ্য কথা জানিবলৈ দিয়ে —
ৰ৷ এছিয়া মহাদেশৰ ভিতৰত একমাত্ৰ ‘দুলুং সংৰক্ষিত বনাঞ্চল’ত চিয়াঁ নাহৰ গছ পোৱা যায়৷
২৷ ইয়াত গেলা থেকেৰা গছ পোৱা যায়৷
৩৷ বনাঞ্চলখনত প্ৰায় ১৫০ বিধৰ প্ৰজাতি পখিলা বৰ্তমান সময়লৈকে চিনাক্ত হৈছে৷
উভতি আহি বন বিভাগৰ কাৰ্যালয় আহি পাই সকলোৱে অলপ সময় জিৰণি লোৱাৰ পিছতে যুগল সন্দিকৈ ছাৰে আমাৰ মাজত এটা খেলৰ জৰিয়তে এখন বনাঞ্চলত কিমান প্ৰজাতিৰ উদ্ভিদ থাকিব পাৰে সেই কথাৰ মাজেৰে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে বুজাই দিয়ে৷ যুগল সন্দিকৈ ছাৰে আমাৰ মাজত আৰু এটা খেল খেলাই বুজাই দিয়ে যে প্ৰকৃতি জগতখনত প্ৰতিটো প্ৰাণীয়ে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল৷
ইণ্টাৰ্ণশ্বিপ বিষয়ত ‘দুলুং সংৰক্ষিত বনাঞ্চল’ লৈ যোৱাটোৱেই বনাঞ্চল এখনক অনুভৱ কৰাৰ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা৷ বনাঞ্চলখনলৈ সোমাই যোৱাৰ পিছতেই মোৰ মনত উত্তেজনা, বিস্ময়, অনুৰাগ এই সকলোবোৰ একেলগে জন্ম হোৱা অনুভৱ হৈছিল৷
ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতাই মোক প্ৰকৃতি জগতখনৰ সুন্দৰত উপলব্ধি কৰোৱাৰ লগতে পৰিৱেশৰ প্ৰতি আহি পৰা সংকটসমূহৰ প্ৰতি সংবেদনশীল কৰি তুলিছে৷ বনাঞ্চলত দেখা পোৱা কাটি থোৱা গছ, মাটিৰ ক্ষয়ৰ চিহ্নই মানৱসৃষ্ট সমস্যাৰ বাস্তৱ ছবি প্ৰতিফলিত কৰিছিল৷ ইয়াৰ ফলস্বৰূপে পৰিৱেশ সংৰক্ষণৰ প্ৰতি মোৰ দায়িত্ববোধ আৰু সচেতনতা বহু গুণ বৃদ্ধি পাইছে বুলি মই ক’ব পাৰোঁ৷
এই বনাঞ্চল ভ্ৰমণে কেৱল মোৰ ইণ্টাৰ্ণশ্বিপ কাকতৰ মাজতে সীমাবদ্ধ থকাৰ বিপৰীতে প্ৰকৃতি জগতখনক হৃদয়ৰ পৰা অনুভৱ কৰাৰ দিশতো এক গভীৰ প্ৰভাৱ পেলাইছে৷ প্ৰকৃতিৰ সৈতে মানৱজীৱনৰ বন্ধনটো উপলব্ধি কৰাই ভৱিষ্যতত প্ৰকৃতি উপাদানসমূহৰ সংৰক্ষণমূলক কাৰ্যত সম্পৃক্ত হোৱাৰ দৃঢ় সংকল্প সৃষ্টি কৰিছে৷ এই অভিজ্ঞতা মোৰ ব্যক্তিগত, শিক্ষা আৰু সামাজিক দায়িত্ববোধ — তিনিটা ক্ষেত্ৰতেই এক অনন্য সমৃদ্ধিৰ উৎস হৈছে বুলি মই ক’ব পাৰোঁ৷ এই ইণ্টাৰ্ণশ্বিপ কাৰ্যৰ জৰিয়তে আমি যথেষ্ট উপকৃত হ’লোঁ আৰু এই সুযোগ প্ৰদান কৰাৰ বাবে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ছাৰৰ লগতে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতা ছাৰ আৰু ড॰ ধীৰাজ পাটৰ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ইণ্টাৰ্ণশ্বিপ কাৰ্যৰ লগত আৰম্ভণিৰেপৰা জড়িত হৈ থকা নেচাৰ্চ বেকন সংস্থাৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰৰ লগতে উক্ত সংস্থাৰ সদস্য যুগল সন্দিকৈ ছাৰৰ ওচৰত চিৰকৃতজ্ঞ৷ ইয়াৰ উপৰি বিভিন্ন সময়ত সহায় সহযোগিতা কৰা প্ৰত্যেক ব্যক্তিক অশেষ ধন্যবাদ৷
