সমৰ্পণ

Nature Photography by Jyotimoy Kalita Ⓒ
Hillol_CottonUniversity

-       হিল্লোল ভৰদ্বাজ

আজিকালি অকলে থাকিয়ে ভাল লাগে

উমান পোৱা যায় নিসংগতাৰ

নেপথ্যতে লুকাই থাকে সংগ,

চকুৰ ভাষা বুজিবলৈ

কাষলৈ যোৱাৰ প্ৰয়োজন নাই,

দূৰৈৰ পৰাই লাগি চাব পাৰি

আব্দাৰবোৰ উপলব্ধি কৰিব পাৰি,

ইমান ধুনীয়া এই পৃথিৱী

নদী,পাহাৰ,আকাশ,জোন আৰু কি!

কিনিব নালাগে উশাহ

কৰ দিব নালাগে নিশাহৰ,

আত্মপ্ৰেম কৰি কটাই দিব পাৰি সময়

বুকুৰ কথা বুজিবলৈ আছে প্ৰকৃতি।

মন লে বিহংগ হৈ উৰিব পাৰি

টোকোৰা চৰাইৰ দৰে সাজিব পাৰি বাহ

সাতুৰিব পাৰি যিমান মন যায়

কোনেও নুশুনিলেও পাৰি কথা

শুনে এই প্ৰকৃতিয়ে,পৃথিৱীয়ে।