সম্পাদকীয়, আগষ্ট ২০২২

IMG_20210110_133024a

কংকণা দাস

অহম বসুধাম কৃতে মংগলজনক

 
আমি পৃথিৱীৰ বাবে মংগলজনক- হয়! বৰ্তমান পৰিস্থিতিত প্ৰত্যেক মানুহেই নিজৰ মনত এই  চিন্তা প্ৰোথিত কৰিলে পৃথিৱীত মানৱসৃষ্ট পাৰিৱেশিক সংঘাত বহুখিনি দূৰ হ’ব। মানুহেই পাৰিৱেশিক সমস্যাৰ মূল হোতা- এয়া ধ্ৰুব সত্য। আমাৰ নতুন প্ৰজন্মৰ মনত পৰিৱেশ প্ৰতি নিঃস্বাৰ্থ ভালপোৱা জগাবলৈ নেচাৰ্চ বেকনে কৰা এক মহান  প্ৰয়াস  ‘ অহম বসুধাম কৃতে মংগলজনক’। যোৱা প্ৰায় ৪০ বছৰ ধৰি নেচাৰ্চ বেকনে অসম তথা উত্তৰ পূৱ ভাৰতত পৰিৱেশ সংৰক্ষণৰ কাম নিষ্ঠাৰে কৰি আহিছে। নেচাৰ্চ বেকনৰ নেতৃত্বত অসমত কেইবাখনো অভয়াৰণ্য গঠন হৈছে যাৰ জৰিয়তে সংৰক্ষিত হৈছে বহু বন্যপ্ৰাণ। নামনিৰ চক্ৰশীলা অভয়াৰণ্যৰ পৰা আৰম্ভ কৰি উজনি অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ নেচাৰ্চ বেকনৰ প্ৰচেষ্টাৰ সুফল অসমবাসীয়ে প্ৰতক্ষ্য কৰিবলৈ সক্ষম হৈছে। যোৱা প্ৰায় চাৰিটা দশক ধৰি নেচাৰ্চ বেকনে নিৰন্তৰে বন্যপ্ৰাণী সংৰক্ষণৰ সজাগতা সভা, প্ৰকৃতি শিবিৰ, প্ৰশিক্ষণ তথা প্ৰয়োজনত প্ৰতিবাদী কাৰ্য্যসূচী ইত্যাদিৰে পৰিৱেশ সংৰক্ষণৰ আন্দোলন চলাই আহিছে। নেচাৰ্চ বেকনৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ অন্যতম আৰু অনন্য কাম হ’ল প্ৰকৃতি সাহিত্য সৃষ্টি। অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণ সম্বন্ধে নেচাৰ্চ বেকনে বহু কিতাপ পত্ৰ সৃষ্টি কৰিছে, যিয়ে প্ৰকৃতি সংৰক্ষণ আন্দোলনক এক বৌদ্ধিক আন্দোলনৰ মাত্ৰা প্ৰদান কৰিছে লগকে সমাজৰ সকলো স্তৰৰ মানুহক এই আন্দোলনৰ অংশীদাৰ কৰিছে। ছাত্ৰ ছাত্ৰীৰ মাজত জ্ঞান সম্প্ৰসাৰণ আৰু সজাগতাত  নেচাৰ্চ বেকনৰ সৃষ্ট প্ৰকৃতি  সাহিত্যৰ গুৰুত্বপূৰ্ণ আছে।
 
 
নেচাৰ্চ বেকনৰ এনে যাত্ৰাৰেই অইন এক সংযোজন ‘অহম বসুধাম কৃতে মংগলজনক’ প্ৰকল্প। ২০২২ চনৰ ৪ আগষ্টৰ পৰা নেচাৰ্চ বেকনে আনুষ্ঠানিক ভাৱে এই কাৰ্য্যসূচী আৰম্ভ কৰে। সমগ্ৰ অসমৰ প্ৰায় ১০০  খন বিদ্যালয়ৰ লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ নিজ বিদ্যালয়ত ‘ মই পৃথিৱীৰ বাবে মংগলজনক’ – এই শপত বাক্য পাঠ কৰে। লগতে এই চেতনা ছাত্ৰ ছাত্ৰীৰ মাজত বিকশিত কৰি প্ৰকৃতি সংৰক্ষণ যাত্ৰাৰ অংশীদাৰ কৰাবলৈ বিভিন্ন সজাগতা মূলক কাৰ্যসূচী উক্ত প্ৰকল্পৰ জৰিয়তে লোৱা হ’ব। নেচাৰ্চ বেকনে আশা কৰে যে অসমৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰকৃতি সংৰক্ষণক নিজৰ একান্ত কৰ্তব্য হিচাপে বিবেচিত কৰি , সেই মূল্যবোধ সমাজত প্ৰোথিত কৰক। আমাৰ ভৱিষ্যত প্ৰজন্মই এক সুন্দৰ পৃথিৱীৰ অংশীদাৰ হোৱাটো আমাৰ সকলোৰে কাম্য। আমাৰ একমাত্ৰ বাসস্থান পৃথিৱীৰ মংগলেই আমাৰো মংগল এই চেতনা সকলোৰে মনত জাগ্ৰত হওক। 
 
বি:দ্ৰ: এই যাত্ৰাৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে নেচাৰ্চ বেকনৰ ৱেৱছাইট (website) – www.naturesbeckon.org অথবা নেচাৰ্চ বেকনৰ ফেচবুক পেজ চাব পাৰে।