- কংকণা দাস
শিশুৰ বিকাশত প্ৰকৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা যিকোনো ব্যক্তিৰেই ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ হয় বুলি মই বিশ্বাস কৰো। সেয়েহে শিশু অৱস্থাতেই আমি তেওঁলোক প্ৰকৃতিৰ সৈতে একাত্ম কৰি তোলাতো আমাৰ নৈতিক দায়িত্ব। শিশু এটা যেতিয়া অৰণ্যভূমিত প্ৰবেশ কৰে সি মাথোঁ এখন জংঘল বা কিছু জন্তুৱেই দেখা নাপায়, সি সেই অৰণ্যৰ বিশালতা, বিভিন্ন ৰঙৰ সমাহাৰ,ছাঁ– পোহৰৰ লুকা–ভাকু ,অৰণ্যৰ বিন্যাস দেখিবলৈ পায়। শিশুৰ মনত এইবোৰ একো একোটা নতুন অভিজ্ঞতা। প্ৰকৃতিৰ প্ৰতিটো পৰিঘটনাই শিশু সকলৰ মনত নতুন চিন্তাৰ উদ্ৰেক কৰে, নতুন কথাৰ খোৰাক যোগায়। প্ৰকৃতিৰ এই বিশাল অধ্যয়ন ক্ষেত্ৰৰ পৰা শিশু সকলক বঞ্চিত কৰিব নালাগে। প্ৰকৃতিৰ সৈতে চিনাকি কৰাই দিয়াটো প্ৰতিগৰাকী পিতৃ –মাতৃৰেই নৈতিক দায়িত্ব হোৱা উচিত। মানুহ প্ৰকৃতিৰেই এক অংগ। অৰণ্য সভ্যতাৰ এক ক্ষুদ্ৰ অংশ হৈছে মানৱ সভ্যতা। এইটো ঠিক যে মানুহ বৰ্তমান অৰণ্যৰ অংগ হৈ থকা নাই। মানুহে নিজৰ বাবে অৰণ্যৰ পৰা শত যোজন দূৰত নিজৰ এক সভ্যতা গঢ়ি তুলিছে য‘ত মানুহে মাথো সম্পদ আৰু সম্পত্তি আহৰণত ব্যস্ত। মানুহে গঢ় দিছে বিশাল কংক্ৰিটৰ অৰণ্য। কিন্তু বেছিভাগ মানুহেই সুখী নোহোৱাৰ কথা সততে প্ৰকাশ কৰে। ইয়াৰ এক প্ৰধান কাৰণেই হ‘ল প্ৰকৃতিৰ পৰা মানুহৰ বাঢ়ি অহা দূৰত্ব। সেয়েহে শিশু অৱস্থাৰ পৰাই প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ দিয়া উচিত। প্ৰকৃতিৰ সৈতে হেৰোৱা সম্পৰ্ক গঢ়ি তুলিলে হয়তো মানৱ সমাজো কিছু পৰিমাণে শৃংখলিত হ‘ব।
নেচাৰ্চ বেকনে এই ক্ষেত্ৰত জন্মলগ্নৰ পৰাই কাম কৰি আহিছে। বিভিন্ন প্ৰকৃতি শিবিৰ, বিদ্যালয়, মহাবিদ্যালয় সমূহত সংৰক্ষণৰ অনুষ্ঠান, কৰ্মশালা, গ্ৰীষ্মকালীন শিবিৰ ইত্যাদি নিৰন্তৰে আজিও অনুষ্ঠিত কৰি আছে। নেচাৰ্চ বেকনৰ এটাই উদ্দেশ্য ভৱিষ্যতে এনে এক প্ৰজন্মৰ সৃষ্টি কৰা যি প্ৰকৃতি আৰু বন্য জীৱকুলৰ প্ৰতি সহমৰ্মী হয়। অভিভাৱক,শিক্ষক সকলোকে এই সম্পৰ্কত সচেতন কৰা প্ৰচেষ্টা নেচাৰ্চ বেকনে অহৰহ চলাই আছে আৰু সফলো হৈছে। আমি সদায় সচেষ্ট হ‘ব লাগিব যাতে নতুন প্ৰজন্মৰ মাজত এজনো বন্যপ্ৰাণী অপৰাধীৰ সৃষ্টি নহয়। আমাৰ প্ৰকৃতি, আমাৰ অৰণ্য আৰু বন্যপ্ৰাণ যেন সদায় নতুন প্ৰজন্মৰ হাতত সুৰক্ষিত হৈ থাকে।
