পখিলা আৰু যামিনী-পখিলা সংৰক্ষণৰ গুৰুত্ব

Orange Oakleaf ( Kallima inachus), also known as the Dead Leaf Butterfly is a native of Assam, is designated as the national butterfly of India. PC : Internet.
WhatsApp Image 2024-07-21 at 11.48.59_0a39bc21

-       সৌম্যদ্বীপ দত্ত

 পৃথিৱীত পোৱা সকলোতকৈ ধুনীয়া পোক বা পতঙ্গ হ’ল আমাৰ পখিলাবোৰ৷ এই ধুনীয়া পোকবোৰক আমি পোক বুলি ক’বলৈও ভাল নাপাওঁ, কাৰণ এই পোকবোৰ পখীৰ দৰে ধুনীয়া, বিভিন্ন ধৰণৰ পখীৰ দৰে ৰং–চঙীয়া হোৱাৰ বাবে এই পোকবোৰৰ নাম পখিলা৷ আমাৰ সংস্কৃতিত পখিলাই এক বিশেষ স্থান দখল কৰিলেও পখিলা সম্পৰ্কে আমাৰ মানুহৰ আগ্ৰহ অত্যন্ত সীমিত৷ সেই কাৰণে আমাৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ পখিলা থাকিলেও তাৰ প্ৰজাতি ভেদে কোনো নাম নাই৷ আমাৰ ওচৰত অৰ্থাৎ অসমীয়াসকলৰ ওচৰত এই ধুনীয়া পতঙ্গবোৰৰ নাম অকল – ‘পখিলা৷’ চৰাইৰ ক্ষেত্ৰত যিদৰে প্ৰজাতিভেদে আমাৰ কিছুমান স্থানীয় নাম আছে, পখিলাৰ ক্ষেত্ৰত তেনেকুৱা কোনো স্থানীয় নাম পৰিলক্ষিত নহয়৷ আমাৰ অসমৰ কবি–সাহিত্যিক তথা লেখকসকলেও কোনো নিৰ্দিষ্ট নামেৰে আমাৰ পখিলাবোৰক চিহ্নিত কৰি এতিয়ালৈকে কোনো সাহিত্যৰ সৃষ্টি কৰা নাই৷ পখিলাৰ কথা আমি প্ৰত্যেকেই জানো পখিলাবোৰক আমি সকলোৱে ভাল পাওঁ কিন্তু তথাপি আমাৰ পখিলাবোৰ সঁচা অৰ্থত উপেক্ষিত, অৱহেলিত। পখিলাবোৰ আমাৰ ভাল লগাৰ বিনোদনৰ [entertainment]ৰ আহিলাৰ দৰে যেন এটা প্ৰজাতি৷ মনৰ সাময়িক বিনোদনৰ বাহিৰে, কেতিয়াবা স্ত্ৰী–পুৰুষৰ প্ৰেম যৌৱনৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰাৰ বাহিৰে পখিলাবোৰৰ প্ৰতি আমাৰ আগ্ৰহ অত্যন্ত কম৷

    বৰ্তমানে আমাৰ অসমত কিমান প্ৰজাতিৰ পখিলা আছে সেই কথা সঠিককে কোৱা টান; কিন্তু কোনো কোনো তথ্য মতে আমাৰ অসমত ৬০০ ৰ পৰা ৭০০ প্ৰজাতিৰ পখিলা পোৱা যায়৷ ভাৰতত পখিলাৰ প্ৰজাতিৰ সংখ্যা প্ৰায় ১৫০০ টা, যদিও এই সংখ্যাটো অন্তিম সংখ্যা নহয়৷ সমগ্ৰ পৃথিৱীত প্ৰায় ২০,০০০ প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে৷

The Dead Leaf Butterfly depicts excellent mimicry; when the wings are closed, it resembles a dry, dead leaf to hide from the predators. PC : Internet.

‘পখিলা’ বা ‘প্ৰজাপতি’ৰ পূৰ্ণাঙ্গ ৰূপকেই আমি পখিলা বুলি চিনি পাওঁ৷ পখিলাৰ ৰূপ পোৱাৰ আগতে পখিলাবোৰে জীৱনৰ ধাপ পাৰ হৈ আহিব লগা হয়৷ তাৰ প্ৰথমটো হ’ল ‘কণী’৷ পখিলাৰ কণী বিভিন্ন বৰণৰ আৰু আকৃতিৰ হ’ব পাৰে৷ পখিলাৰ কণী বিচাৰি উলিওৱা অত্যন্ত টান কাম৷ পখিলাৰ কণীৰ বাকলিত এটা অতি ক্ষুদ্ৰ ছিদ্ৰ থাকে যিটো খালী চকুৰে দেখা পোৱাটো সম্ভৱ নহয়৷ এই ছিদ্ৰৰে পখিলাৰ কণীৰ অভ্যন্তৰত ডাঙৰ হোৱা পোকটোৱে শ্বাস–প্ৰশ্বাস গ্ৰহণ কৰে৷ স্ত্ৰী পখিলাই সকলো দিশ চালি–জাৰি নিৰাপত্তা সুৰক্ষিত কৰাৰ পিছত কণীৰ সুৰক্ষাৰ দিশবোৰ পৰ্যবেক্ষণৰ পিছত কণী পাৰাৰ সম্ভাৱ্য স্থান অৰ্থাৎ বিশেষ গছ নিৰ্বাচন কৰে৷ অকল চকুৰে পৰ্যবেক্ষণ কৰাই নহয়, কণী পাৰাৰ গছৰ ৰাসায়নিক বৈশিষ্ট্যই পখিলাক গছ চিনিবলৈ সহায় কৰে আৰু পখিলাৰ সেই ৰাসায়নিক পদাৰ্থ চিনি পোৱাৰ যথাযথ ইন্দ্ৰিয়ও আছে৷ কণী দিয়াৰ সময়ত কণীৰ লগত এক ধৰণৰ আঠা ওলাই আহি কণীবোৰক গছৰ পাত–ডাল, কাণ্ড ইত্যাদিত লাগি থাকিবলৈ সহায় কৰে৷ কণী দিয়াৰ দুই চাৰি দিনৰ ভিতৰত কণী ফুটি শূককীট ওলাই৷ শূককীট ওলাইয়েই তাৰ প্ৰথম খাদ্য হয় তাৰ এৰি অহা বাসস্থান অৰ্থাৎ তাৰ এৰি অহা কণীৰ বাকলি৷ তাৰ পিছতে শূককীটবোৰে যি গছত জন্মগ্ৰহণ কৰিলে তাৰ পাতবোৰ খোৱা আৰম্ভ কৰে৷

        পখিলাৰ জীৱনচক্ৰৰ দ্বিতীয় ধাপ হ’ল – ‘শূককীট অৱস্থা৷’ পখিলাক মানুহে যিমান ভাল পায়, সিমানে বেয়া পায়, পখিলাৰ জীৱনচক্ৰৰ এই দ্বিতীয় পৰ্যায়ৰ অৱস্থাক৷ শূককীট মানে ‘বিছা’৷ বহুতেই হয়তো নাজানে যে এই বিছাৰ পৰা পৰৱৰ্তী সময়ত আত্মপ্ৰকাশ কৰে বিভিন্ন বৰণৰ পখিলা৷ পখিলাৰ প্ৰজাতিভেদে বিছাবোৰো হয় বেলেগ বেলেগ৷ এই বিছা [Ceterpillar] বোৰৰ গাত থকা শুংবোৰ এক ধৰণৰ আত্মৰক্ষাৰ ব্যৱস্থা৷ শূককীটৰ মূৰটো বাদ দি বাকী অংশটো অৰ্থাৎ শৰীৰৰ বাকী অংশটো কোমল আৰু নমনীয়৷ শূককীটৰ শৰীৰটো এটা নলীৰ দৰে তাতে বহুকেইটা ঠেঙৰ দৰে অঙ্গ আছে৷ এই নলীৰ দৰে শৰীৰত মুঠ চৈধ্যটা আঙঠিৰ দৰে খণ্ডযুক্ত হৈ আছে৷ এই শৰীৰত কিছুমান অস্থায়ী ঠেং থাকে যিবোৰ পিছত অদৃশ্য হৈ যায়৷ ইংৰাজীত এই অস্থায়ী ঠেংবোৰক কোৱা হয় প্ৰোলেগ [Proleg]৷

 পখিলাৰ জীৱনচক্ৰৰ তৃতীয় অৱস্থা হ’ল মূককীট বা পিউপা অৱস্থা [Chrysatis/Pupa]৷ যথেষ্ট পৰিমাণে ভোজনৰ পিছত শূককীট বা বিছা বা লাৰভা এটা সুবিধাজনক স্থান বাছনি কৰি গছৰ পাতত বা ডালত ওলমি থাকে সেই সময়ত তাৰ নিজৰ শৰীৰৰ পৰা উৎপন্ন হোৱা জৈৱিক পদাৰ্থই এটা আৱৰণৰ দৰে পোকটোক আবৃত কৰি ৰাখে৷ শৰীৰৰ পৰা নিৰ্গত হোৱা ৰেচম সুতাৰ দৰে পদাৰ্থৰে এই বস্তুটো ওলমি থাকে৷ বাহিৰৰ পৰা প্ৰত্যক্ষ কৰিলে এনেকুৱা অনুভৱ হয় যেন কোনো নিষ্ক্ৰিয় বস্তু, প্ৰাণহীন বস্তু ওলমি আছে৷ কিন্তু খোলাৰ অভ্যন্তৰত ঘটি থাকে ৰূপান্তৰিত হোৱাৰ এটা অদ্ভূত প্ৰাকৃতিক প্ৰক্ৰিয়া৷ খোলাৰ অভ্যন্তৰতেই অধিকাংশ বিছাৰ বা সেই বিশেষ পোকবোৰৰ শৰীৰৰ পৰিৱৰ্তন হৈ যায়৷ এই খোলাৰ অভ্যন্তৰতেই সৃষ্টি হয় ৰঙীন পখিলাবোৰৰ৷ এটা সময়ত খোলাটোৰ পৰা ওলাই আহে পূৰ্ণাঙ্গ পখিলা৷

The Golden Birdwing (Troides aeacus) is the largest butterfly in India, with a recorded wingspan of 194 mm. PC : Internet.

  খোলাৰ পৰা বা পিউপাৰ পৰা পূৰ্ণাঙ্গ পখিলা ওলাই অহাৰ মুহূৰ্তটো মোৰ অত্যন্ত ভাল লগা মুহূৰ্ত৷ তেতিয়াহে মই পখিলাটোৰ প্ৰজাতিটোক চিনিবলৈ সুযোগ পাওঁ৷ ‘খোলাটোৰ পৰা ঘপকে পখিলা ওলাই পৰিল’– ঘটনাটো তেনেকুৱা নহয়৷ পখিলা পৰ্যবেক্ষণ কৰিবলৈ হ’লে যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়৷ খোলাৰ পৰা পূৰ্ণাঙ্গ পখিলা লাহে লাহে ওলাই আহে৷ প্ৰথম ওলাই আহি এক ঘণ্টামান সময় প্ৰায় লৰচৰ কৰিব নোৱাৰে, খোলাটোৰ ওপৰতেই বহি থাকে৷ খোলাটোৰ পৰা ওলাই অহাৰ পিছত ডেউকাবোৰ থাকে কোচ খোৱা । লাহে লাহে ডেউকাৰ শিৰাবোৰত তেজৰ চাপ বাঢ়ি অহাৰ ফলত ডেউকা প্ৰসাৰিত হ’বলৈ ধৰে আৰু স্বাভাৱিক অৱস্থাত আহি উপনীত হয়৷ তাৰ পিছত পখিলাটো মাজে মাজে তাৰ ডেউকা কঁপাই থাকে আৰু ২০/৩০ মিনিট বিশ্ৰাম লোৱাৰ পিছত বতাহত গা ভহাই দিয়ে আৰু উৰিবলৈ ধৰে৷ পখিলাৰ শৰীৰৰ সন্মুখৰ পৰা প্ৰধানত তিনিটা ভাগ থাকে৷ মূৰ, বুকু আৰু উদৰ৷ মূৰৰ অধিকাংশ স্থান আগুৰি থাকে দুটা ডাঙৰ ডাঙৰ অক্ষিগোলক [Compound eyes]৷ পখিলাৰ চকু, ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য সৰু সৰু বিন্দুৰ দৰে বস্তুৰে গঠিত৷ এই চকুক কোৱা হয় পুঞ্জাক্ষি [Ommatidia]৷ পখিলাৰ চকু বা পুঞ্জাক্ষিয়ে বেলেগ বেলেগ বৰণৰ তাৰতম্য অনুভৱ কৰে বা দেখিবলৈ সক্ষম থাকে৷ পখিলাৰ চকু অতি বেগুনীয়া ৰশ্মি চিনাক্ত কৰিবলৈ সক্ষম থাকে৷

        পখিলা আমাৰ পৰিস্থিতি তন্ত্ৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ পতঙ্গ শ্ৰেণী৷ ফুলৰ পৰাগ সংযোগৰ বাহিৰেও প্ৰকৃতিৰ খাদ্য শৃংখলত পখিলাৰ যোগদান অসাধাৰণ৷ পখিলা সম্পৰ্কে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ’ল, ভিন্‌ ভিন্‌ পখিলাই কিছুমান নিৰ্দিষ্ট গছতেই কণী পাৰে আৰু পখিলাৰ বিছা বা লাৰভাবোৰে সেই নিৰ্দিষ্ট গছৰ পাত খাই জীয়াই থাকে আৰু পিউপা গঠন কৰি পূৰ্ণাঙ্গ পখিলা হোৱাৰ পথত আগবাঢ়ে৷ ভিন্‌ ভিন্‌ পখিলাৰ বাবে ভিন্‌ ভিন্‌ উদ্ভিদৰ প্ৰয়োজন অৰ্থাৎ ভিন্ন ভিন্ন গছৰ প্ৰয়োজন৷ এটা নিৰ্দিষ্ট প্ৰজাতিৰ পখিলাৰ লাৰভা বা বিছাই এটা নিৰ্দিষ্ট গছৰ পাত খায়৷ সেই কাৰণে পখিলা সংৰক্ষণ কৰিবলৈ বিচাৰিলে পখিলাৰ লাভাই যিবোৰ গছৰ পাত খায়, তাক ভালদৰে জানিব লাগিব, চিনিব লাগিব৷ এই গছবোৰকো সংৰক্ষণ কৰিব লাগিব৷ অকল পখিলাৰ ছবি তুলিলে, সেই ছবিৰে পখিলা চিনি পোৱাৰ কিতাপ প্ৰস্তুত কৰিলে, বা কেইটামান পখিলা চিনি পালেই পখিলা সংৰক্ষণৰ কামত আমিবোৰ আগবাঢ়িছো বুলি ভবাটো বিচক্ষণতাপূৰ্ণ কাম বুলি বিবেচিত নহ’ব৷ পখিলা সংৰক্ষণৰ বাবে প্ৰথমতে জানিব লাগিব, কোন প্ৰজাতিৰ পখিলাই কোন প্ৰজাতিৰ উদ্ভিদৰ ওচৰত অৰ্থাৎ কোন উদ্ভিদ বা গছৰ পাতত, ডালত বা ঠাঁৰিত কণী দিয়ে৷ সেই উদ্ভিদবোৰ পখিলাৰ বাবে সংৰক্ষিত কৰিব লাগিব৷ পখিলাৰ বাবে যিবোৰ উদ্ভিদ অত্যন্ত গুৰুত্বপূৰ্ণ মানুহৰ বাবে সেই উদ্ভিদবোৰ ব্যৱসায়ৰ দৃষ্টিত সিমান লাভজনক নহয়৷ ফলত অধিকাংশ ক্ষেত্ৰত আমি পখিলাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা উদ্ভিদবোৰ অপতৃণ [Unwanted Plant] বুলি ধবংস কৰো৷ আমাৰ প্ৰকৃতিত থকা পখিলাবোৰৰ সংৰক্ষণৰ প্ৰথম পদক্ষেপ হোৱা উচিত পখিলাবোৰে যিবোৰ গছত কণী দিয়ে আৰু পখিলাৰ লাৰভাবোৰে যিবোৰ গছৰ পাত খায় সেইবোৰ গছ চিনাক্ত কৰি তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা৷ বৰ্তমানে অসমত অলপ অলপকে পখিলাৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, এই আগ্ৰহ যাতে পখিলা সংৰক্ষণৰ ফালে ধাৱিত হয় তাৰ বাবে আমি সচেষ্ট থাকিব লাগিব৷

The annual migration of Monarch Butterfly between North America and their wintering ground in protected areas like the Monarch Butterfly Biosphere Reserve in Mexico, is a globally known natural phenomenon, which intrigues the scinetific world. PC: Internet.

পখিলাৰ দৰে আৰু একধৰণৰ পতঙ্গক আমি আমাৰ প্ৰকৃতিত দেখিবলৈ পাওঁ৷ দেখিবলৈ এই পতঙ্গটো প্ৰায় পখিলাৰ দৰে৷ বহুতেই এই পতঙ্গটোক পখিলা বুলিয়ে ভাবি লয় আৰু ভবাটো অত্যন্ত স্বাভাৱিক৷ পখিলাৰ দৰে দেখিবলৈ প্ৰায় একে হ’লেও পখিলাবোৰৰ লগত ইয়াৰ কিছুমান পাৰ্থক্য আছে৷ ইংৰাজী ভাষাত এই পতঙ্গবোৰক কোৱা হয় মথ–Moth৷ বাংলা ভাষাত মথ [Moth] নামৰ পতঙ্গৰ নাম ‘শলভ’৷ অসমীয়া ভাষাত ‘মথ’ৰ কোনো অসমীয়া শব্দ নথকাৰ বাবে বহুবছৰ আগতেই আমি এই শ্ৰেণীৰ পতঙ্গবোৰক যামিনী পখিলা নামে অভিহিত কৰিছো৷ ইংৰাজী Butterfly শব্দৰ অসমীয়া নাম হ’ল ‘পখিলা’ আৰু ইংৰাজী ‘Moth’ শব্দৰ অসমীয়া নাম হ’ল – ‘যামিনী পখিলা৷’ আমাৰ পখিলা আৰু যামিনী পখিলাৰ মাজত কিছুমান পাৰ্থক্য আছে৷ আমাৰ পখিলাবোৰ মূলতঃ দিবাচৰ [Diurnal] কিন্তু যামিনী পখিলাবোৰ নিশাচৰ [Nocturnal]৷ যামিনী পখিলাবোৰ ৰাতিৰ অন্ধকাৰত ওলায়, ৰাতি ইহঁত সক্ৰিয়৷ পখিলাবোৰ ৰাতি পোহৰৰ ফালে আকৃষ্ট নহয় কিন্তু যামিনী পখিলাবোৰে প্ৰচণ্ড ৰূপত ৰাতিৰ অন্ধকাৰত পোহৰৰ প্ৰতি আকৃষ্ট হয়৷ সাধাৰণতে পখিলাবোৰে যিমান ৰংচঙিয়া [colorful] যামিনী পখিলাবোৰ সিমান ৰংচঙিয়া নহয়৷ দুই এটা ব্যতিক্ৰম সকলোতেই থাকে৷ কিন্তু যামিনী পখিলাবোৰ সাধাৰণতে – বগা, ধোৱা বৰণীয়া, মুগা বৰণৰ, মাটি বৰণৰ, গছৰ ছালৰ বৰণৰ, মেট–মেটিয়া খয়েৰী বৰণৰ, অনুজ্জ্বল ক‘লা বৰণৰ বা ঘিউ বৰণীয়া ইত্যাদি বৰণৰ হয়৷ মূলতঃ এটাই দল, লেপিডপটেৰা [Lepidoptera, Lepidas]৷ যাৰ অৰ্থ খঁহটা আঁহযুক্ত ডেউকা৷ এইটো হ’ল মূল ডেউকাৰ ৰঙীণ আঁহবোৰৰ প্ৰসঙ্গ৷ পখিলা বিশেষজ্ঞ তথা বিজ্ঞানী জগদানন্দ ৰায় ‘লেপিডপটেৰা’ক ‘শপক্ষ’ বুলি কৈছে, ‘শ‘ কথাৰ অৰ্থ হ’ল আঁহ বা বাকলি৷ প্ৰায় এক লক্ষ ৪০ হাজাৰ ইহঁতৰ সদস্য সংখ্যা৷ তাৰে ভিতৰত ১৭,২০০ টা হ’ল পখিলা বাকীবোৰ গোটেই যামিনী পখিলা৷

      পখিলা আৰু যামিনী পখিলাৰ পাৰ্থক্য সহজতেই কৰিব পৰা যায় সিহঁতৰ শুং বা Antenna ৰ পাৰ্থক্য লক্ষ কৰি বা শুংবোৰৰ গঠনৰ প্ৰকাৰভেদ পৰ্যবেক্ষণ কৰি৷ পখিলাৰ শুং সাধাৰণতে দীঘল মসৃণ আৰু শুঙৰ মূৰত এটা গোলাকাৰ বলৰ দৰে ক্ষুদ্ৰ বস্তু থাকে৷ আমি প্ৰত্যেকেই কলডিলৰ অভ্যন্তৰত কলৰ ফুলৰ ভিতৰত যি ঠাঁৰিৰ দৰে বস্তু দেখা পাওঁ, বাচোতে বা কাটোতে যিটো আমি গুছাই দিওঁ, পখিলাৰ শুঙৰ আকৃতি তেনেকুৱা৷ কিন্তু যামিনী পখিলাৰ শুং দেখিবলৈ সম্পূৰ্ণ ভিন্ন ধৰণৰ৷ যামিনী পখিলাৰ শুংবোৰ যদি আমি ভালদৰে লক্ষ্য কৰো বা আতচী কাচ [Magnifying glass]–ৰ মাধ্যমেৰে যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ তেনেহ’লে আমি দেখা পাম যে যামিনী পখিলাৰ শুং বা Antenna বোৰ–ফণিৰ দৰে, চৰাইৰ পাখীৰ দৰে নাইবা পাক খোৱা স্প্ৰিং এটাৰ দৰে৷ পখিলাবোৰ যেতিয়া ক’ৰবাত বহে তেতিয়া পখিলাৰ দুই ফালৰ ডেউকাবোৰ জাপ খাই থাকে কিন্তু যামিনী পখিলা যেতিয়া ক’ৰবাত বহে তেতিয়া দুটা ডেউকা মেলি বহে৷ পখিলা আৰু যামিনী পখিলা যদিও সমগোত্ৰীয় পতঙ্গ, তথাপি আমি জানি থোৱা ভাল যে যামিনী পখিলাৰ আবিৰ্ভাৱ পখিলাতকৈ লক্ষ লক্ষ বছৰ আগতে হৈছিল৷ পখিলাবোৰৰ তুলনাত যামিনী পখিলাবোৰ বহুত প্ৰাচীন৷ আজিৰ পৰা প্ৰায় তিনিশ মিলিয়ন বছৰ পূৰ্বেই যামিনী পখিলাবোৰ আমাৰ পৃথিৱীত বিৰাজ কৰিছিল৷ [আমি মনত ৰাখিব লাগিব যে এক মিলিয়ন মানে দহ লক্ষ] এক মিলিয়ন বছৰ পূৰ্বে মানে দহ লক্ষ বাছৰ পূৰ্বে [১০,০০,০০০– বছৰ পূৰ্বে]৷ এবাৰ ভাবি চাওঁক যামিনী পখিলাবোৰে কমেও আজিৰ পৰা তিনিশ মিলিয়ন বছৰ পূৰ্বৰ পৰা আজিলৈকে পৃথিৱীত নিজৰ অস্তিত্ব নিশ্চিত কৰি জীৱন নিৰ্বাহ কৰি আছে৷ [৩০০ মিলিয়ন = ৩০,০০,০০,০০০]৷ যামিনী পখিলাতকৈ কোটি কোটি বছৰ পিছত আমাৰ বৰ্তমানৰ পখিলাবোৰ বিৱৰ্তিত হৈছিল৷

The Moths adorn our forests with a wide diversity of forms and colours, such as the Indian Moon Moth ( Actias selene) and the Harlequin Moth ( Campylotes histrionicus). PC: Internet.

যামিনী পখিলাবোৰে আমাৰ প্ৰকৃতিত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অৰণ্যত আৰু আমাৰ বাগিচাত ৰাতি যিবোৰ ফুল ফুলে, তাৰ পৰাগ সংযোগ ঘটে যামিনী পখিলাৰ দ্বাৰা৷ বহুত বনৰীয়া চৰাইৰ প্ৰধান আহাৰ হ’ল এই যামিনী পখিলা আৰু তাৰ লাৰভা৷ সৰু স্তন্যপায়ী যেনে – লাজুকী বান্দৰ, জহামাল, বনৰৌ, খেক্‌ শিয়াল ইত্যাদিৰ খাদ্য তালিকাত যামিনী পখিলা গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে৷ নিশাচৰ, সাপ, জেঠি আৰু অন্যান্য সৰীসৃপৰ অন্যতম প্ৰধান আহাৰ হ’ল – যামিনী পখিলাবোৰ৷

        যামিনী পখিলা সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন৷ আমাৰ অসমত যামিনী পখিলা সংৰক্ষণৰ সচেতনতা অত্যন্ত কম৷ পখিলাবোৰৰ বৰণৰ আকৰ্ষণীয়তাৰ বাবে আমাৰ সমাজৰ কিছুমান মানুহে হয়তো পখিলাৰ প্ৰতি সামান্য আগ্ৰহ ৰাখে৷ ‘সামান্য আগ্ৰহ’ শব্দটো এই কাৰণতে ব্যৱহাৰ কৰিলো কাৰণ আমাৰ অধিকাংশ মানুহে পখিলাৰ ছবি তোলে বা পখিলা সন্মিলন পাতে বা পখিলা চাই আনন্দ কৰে – অকল নিজৰ সুখ পূৰণৰ স্বাৰ্থত বা নিজকে আনন্দ প্ৰদানৰ বাবে৷ সঁচা অৰ্থত পখিলা সংৰক্ষণৰ প্ৰচেষ্টা বা পৰিকল্পনা তেওঁলোকৰ নাই৷ যামিনী পখিলাবোৰতো অধিক অৱহেলিত কাৰণ পখিলাবোৰৰ দৰে সিহঁতৰ ৰূপ নাই৷ ৰূপ মুগ্ধ মানুহবোৰে যদি গুণৰ ৰূপৰ মুগ্ধতা, উপলব্ধি কৰিব নোৱাৰে তেনেহ’লে সেইসকল মানুহৰ দলে সমাজত ধনাত্মক ভাৱে সামাজিক ভূমিকা পালন কৰিব নোৱাৰিব৷ সেই কাৰণতে পখিলা আৰু যামিনী পখিলা সংৰক্ষণৰ কামটো আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত৷

  আমাৰ অসমৰ সমাজত যামিনী পখিলাৰ কেইটামান প্ৰজাতি অত্যন্ত সুপৰিচিত৷ এই যামিনী পখিলাৰ বাবে আমাৰ যেনেকৈ আৰ্থিক বিকাশ হয়, তেনেকৈ আমাৰ পৰম্পৰাৰ মান বৃদ্ধিতো এই যামিনী পখিলাবোৰৰ অৱদান আছে যথেষ্ট৷

Silk Moths like Antheraea assamensis (Assam Silk Moth) have driven the silk industry in Assam. PC: Internet.

  আমাৰ বিশেষ যামিনী পখিলাৰ পৰাই প্ৰস্তুত কৰা হয় এৰি, মুগা আৰু ৰেচম সূতা৷ যাৰ পৰা কাপোৰ উৎপাদন কৰা হয়৷ এৰি, মুগা আৰু ৰেচমৰ কাপোৰ আমাৰ সাংস্কৃতিক পৰম্পৰাৰ লগতে অৰ্থনৈতিক বিকাশৰ মাধ্যম৷ যামিনী পখিলাৰ বিশেষ প্ৰজাতিবোৰে জীৱনচক্ৰৰ অন্যতম এটা পৰ্যায়ত যেতিয়া পিউপা বা খোলা গঠন কৰে, সেই খোলাৰ পৰাই প্ৰস্তুত কৰা হয় এৰি, মুগা আৰু ৰেচমৰ কাপোৰ৷ আমাৰ ৰাজ্যত এই যামিনী পখিলাবোৰৰ ব্যৱহাৰ হাজাৰ হাজাৰ বছৰ আগৰে পৰা চলি আহিছে৷ এই বিশেষ যামিনী পখিলাৰ লাৰভা যাক স্থানীয় ভাৱে আমি পলু বুলি কওঁ, সেই পলুক বহুতেই খাদ্য হিচাপে গ্ৰহণ কৰে৷ বৰ্তমানে আমি এৰি, মুগা, ৰেচম ইত্যাদিৰ যামিনী পখিলাবোৰক গৃহত পালন কৰো কিন্তু এই যামিনী পখিলাবোৰ আমাৰ প্ৰকৃতিত তথা অৰণ্যতেও মুক্ত বনৰীয়া ৰূপেও বসবাস কৰে৷ আমিবোৰ অৰণ্যৰ বনৰীয়া এৰি, মুগা আৰু ৰেচম, যামিনী পখিলা যাতে সংৰক্ষিত হয় তাৰ ব্যৱস্থাও গ্ৰহণ কৰা উচিত৷ আমি যেতিয়া মুগা, এৰি আৰু ৰেচমৰ কাপোৰ পৰিধান কৰি অধিক আকৰ্ষণীয় ৰূপত নিজকে পৰিৱেশন কৰো বা নিজকে সজাই তোলো, যেতিয়া এই কাপোৰবোৰ পৰিধান কৰি আমিবোৰ গৌৰৱ অনুভৱ কৰো৷ যেতিয়া এই বস্ত্ৰবোৰক আমি আমাৰ সংস্কৃতিৰ অন্যতম বুলি মান্যতা প্ৰদান কৰো, এই যামিনী পখিলাৰ খোলাৰে প্ৰস্তুত কৰা বস্তুবোৰ যেতিয়া আমাৰ অভিজাত্যৰ অহংকাৰ ৰূপে ঘোষিত হয়, তেতিয়া অন্ততঃ এবাৰ হ’লেও আমি ভাবি চোৱা উচিত যে যামিনী পখিলাবোৰে নিজৰ জীৱনৰ বিনিময়েৰে আমাৰ আভিজাত্যক প্ৰতিষ্ঠা কৰিছে৷ যি বস্ত্ৰ পৰিধান কৰি আজি আমি গৌৰৱান্বিত সেই বস্ত্ৰ প্ৰস্তুত হৈছে হাজাৰ হাজাৰ যামিনী পখিলাৰ সন্তানৰ জীৱনৰ বিনিময়ত৷ ইয়াৰ পিছতো যদি আমি যামিনী পখিলাৰ প্ৰতি সহানুভূতিশীল নহওঁ যদি আমিবোৰ যামিনী পখিলাবোৰৰ সংৰক্ষণৰ বাবে উদাসীন হৈ থাকো, আমাৰ চেতনাত যদি যামিনী পখিলাবোৰৰ সংৰক্ষণৰ বাবে চেতনা জাগ্ৰত নহয় তেনেহ’লে মানুহ নামৰ প্ৰজাতিৰ অন্যতম এজন সদস্য হোৱাৰ বাবে আপুনি লজ্জিত নহ’ব নে?

In peninsular India millions of mikweed butterflies migrate twice a year between the western ghats and the eastern ghats. While, we know about the annual migration of Monarch Butterfly, we know very less of butterfly migration in India, and other interesting facts about the rich diversity of insects and their habitats in India. PC: Internet.