- গোপাল চন্দ্ৰ দলে
লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত দুলং সংৰক্ষিত বনাঞ্চল। ইং ১৯১৩ চনৰ ১ মে তাৰিখে তদানীন্তন অসম চৰকাৰৰ মুখ্য সচিব W.M.Canady ৰ স্বাক্ষৰযুক্ত চৰকাৰী ঘোষণা অনুসৰি দুলুং বনাঞ্চল খিনি সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হয়।৯৯০০‘০৩ হেক্টৰ মাটিকালিৰ এক বৃহৎ বৰ্ষাৰণ্য। বৃহৎ বৃহৎ গছ গছনি ,জীৱ জন্তু, চৰাই, সৰীসৃপ, পখিলা ইত্যাদি জীৱ–বৈচিত্ৰৰ ভঁৰাল। বৃহত্তৰ দুলুং বনাঞ্চলৰ দাঁতি–কাষৰীয়া জনগণক প্ৰদান কৰে বৃষ্টি আৰু পুষ্টি । একাত্ম হৈ পৰে জন আৰু বন । আমাৰ গাঁও খন বনাঞ্চলৰ কাষতে হোৱাৰ বাবে পোন্ধৰ ষোল্ল বছৰ মান বয়সৰ পৰাই জংঘলৰ ভিতৰলৈ সোমোৱাৰ সুযোগ হৈছিল। বনচুম ,শামকঠাল, বগীপমা, তিতাচপা,গন্ধষৰৈ, শিলিখা,আমাৰি ভোমোৰা, জাতি নাহৰ ,চিয়া নাহৰ (বিশ্বখ্যাত ঔষধি গুণ যুক্ত গছ) ইত্যাদি বৃহৎ বৃহৎ গছেৰে ভৰপূৰ এক অনন্য অৰণ্য। দৃষ্টি নন্দন নৈসৰ্গিক পৰিবেশ। জোপোহা গছ গছনি প্ৰায় নায়েই। বৃহৎ আকাৰৰ পুলোঙা ওখ ওখ গছ। শকত শকত লতা ।প্ৰায় এক দেৰ কিলোমিটাৰলৈকে দেখা যায় জংঘলৰ ভিতৰছোৱা। বেতনি খিনিৰ বাহিৰে দৌৰি ফুৰিব পৰা বিধৰ। বনৰীয়া জীৱ জন্তু হাতী ,বাঘ ,ভালুক ইত্যাদি থাকিলেও ভয় কৰিব লগা নহৈছিল কাৰণ বহু দূৰলৈকে দেখা পোৱা যায়।
বনৰীয়া জীৱ–জন্তু, বাঘ,ভালুক, বান্দৰ,হাতী,শৰপহু, সুগৰী পহু, বনৰীয়া গাহৰিৰ ওপৰিও চৰাই–চিৰিকতি, ধনেশ পক্ষী , পৰঘুমা, হাইঠা, কপৌ , নানা প্ৰজাতিৰ শালিকা,মইনা চৰাই, হুদু, ফেঁচা, দাউক ইত্যাদিৰ অবাধ বিচৰণ স্থলী। জান–জুৰি, খাল–বিলেৰে অপৰূপা বিনন্দীয়া প্ৰাকৃতিক পৰিবেশ। আজিৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ পৰিবেশ কিন্তু সত্তৰ বছৰৰ আগৰ পৰিবেশ নাই।
পৰ্যায়ক্ৰমে দুলুং সংৰক্ষিত বনাঞ্চল সংকুচিত আৰু ধ্বংসৰ ফালে গতি কৰাৰ কাৰক সমূহ চোৱা যাওক। তথ্য চিত্ৰৰ দৰে মানস পটত ভাহি আহিছে ধ্বংস যজ্ঞৰ কাৰক সমূহ। কোন খিনিৰ পৰা আৰম্ভ কৰোঁ । ক্ৰম অনুসৰি সজোৱাৰ চেষ্টা কৰা যাওঁক।
(১) হাতী ধৰা মহল :- বন বিভাগৰ দ্বাৰা অনুমোদিত মহলদাৰ সকলে মেলা চিকাৰ ( খেদি হাতী ধৰা পদ্ধতি) কৰি হাতী ধৰি মহললৈ লৈ আহি প্ৰশিক্ষণ দিয়ে। এই মহল বিলাকত কেবাজনো পাকৈত লোক থাকে। কুনকী হাতী জনীৰ ওপৰিও দুটাতকৈ অধিক হাতী লগত ৰখা হয়। প্ৰতিটো হাতীৰ লগত এগৰাকী মাউতৰ ওপৰিও ঘাচিয়া থাকে। হাতী ধৰা হ‘লে তেওঁলোকে হাতীৰ বাবে লাগতিয়াল দানা প্ৰস্তুত কৰে। হাতী মহল বিলাকত মুখ্য মানুহজন হ‘ল ফান্দী। তেওঁৱেই হাতী ধৰা, হাতীক প্ৰশিক্ষণ দিয়া সকলো কাম কৰে। হাতী প্ৰশিক্ষণ দিয়া কাৰ্য হৃদয় বিদাৰক। কম বয়সীয়া পাচ/ছয় ফুট উচ্চতাবিশিষ্ট হাতীহে ধৰা হয়। প্ৰকাণ্ড প্ৰকাণ্ড গছত চাৰি ঠেং বান্ধি প্ৰশিক্ষণৰ কাম আৰম্ভ কৰে। হাতীটোৱে বেছিকৈ জোৰ দিয়া যেন পালে ঠেঙত চোকা অস্ত্ৰৰে আঘাত কৰি হাতীক দুৰ্বল কৰি তোলা হয়।
মুঠৰ ওপৰত শাৰীৰিক শাস্তি প্ৰদান কৰি বশ্যতা স্বীকাৰ কৰোৱায়। এই কালছোৱাত এক বিশেষ ধৰণৰ ফান্দী গীত গোৱা শুনা যায়। ( তোৰ বাপে বিদেশ গেল তয়ো নিদ্ৰা যা ৰে ওলো লোলো ৰে) ধৰণৰ
ইয়াৰোপৰি ফান্দীয়ে কিছু সাংকেতিক শব্দ, ( হয় বাবু বা মাই হয়, আগেইত,পিছু, হয়,হয়,বৈইথ,) ইত্যাদিৰে প্ৰশিক্ষণ দিয়ে। হাতী মহল প্ৰক্ৰিয়াই দুলুং সংৰক্ষিত বনাঞ্চলত মানুহৰ দ্বাৰা জীৱ জন্তুৰ ওপৰত চলোৱা আক্ৰমণ । অৱশ্যে এই কাৰ্যত চৰকাৰী আইনে বাধা আৰোপ কৰাৰ বাবে হস্তীকুল ৰক্ষা পৰে।
(২) দলং নিৰ্মাণ কৰিবৰ বাবে যাৱতীয় খুটা,ভীম হিচাপে জাতি নাহৰ কটা :- দুলুং বনাঞ্চলৰ নাহৰ কাঠৰ বাবে বিখ্যাত। আজিকালিৰ দৰে নদ–নদী সমুহক পকাৰে দলং নিৰ্মাণ কৰা নহৈছিল। শাল কাঠ বা নাহৰ কাঠেৰেই খুটা ভীম ইত্যাদি লগাই বনোৱা হৈছিল। নামনিৰ পৰা শাল কাঠ অনাত বেছি খৰছ হয় বাবে দুলুং বনাঞ্চলত উপলব্ধ নাহৰ কাঠেৰে দলং নিৰ্মাণ কৰা হৈছিল। পানী গাঁওৰ শুণমনি বৰা,সদা বৰা , লখিমপুৰৰ গুণ শইকীয়া, ঘনশ্যাম গগৈ , জীৱন ঘোষ, ওখ মাটিৰ ইন্দ্ৰেশ্বৰ দলে ইত্যাদি ঠিকাদাৰৰ নেতৃত্বত বিভিন্ন নদ–নদী সমুহত দলং নিৰ্মাণ কৰিছিল। তেওঁলোকক বন বিভাগে পাৰ্মিট দিছিল। ওখ ওখ পোন চল্লিশ পঞ্চাশ ফুট দীঘল জাতি নাহৰ কাটি হাতীৰে টানি আনে। মাত্ৰ গছৰ ছাল গুচাই দিলেই হ‘ল। আমাৰ গাঁৱৰে দিগুপ দলে, ফুলেশ্বৰ দলে, গুণ ৰাম পেগুৰ দৰে অনেক লোকে কাম বিলাক কৰাই দিছিল। বন বিভাগে গছৰ দুই মুৰে পাচ কৰা প্ৰতিক চিহ্ন দি ন্যায্যতা প্ৰদান কৰে। জাতি নাহৰ কাটি তহিলং হ‘ল।
(৩) কোপ পদ্ধতিৰে পুৰঠ গছবোৰ বন বিভাগৰ দ্বাৰা বিক্ৰী :- বন বিভাগৰ কৰ্মচাৰী সকলে বনাঞ্চলত থকা পুৰঠ গছবোৰ চিনাক্ত কৰি এটা এলেকা নিৰ্ধাৰণ কৰি কোনোবা এজনক কোপ হিচাপে আবণ্টন দিয়ে। চিনাক্ত কৰা গছবোৰৰ কাষত থকা সম জোখৰ গছ কাটি লগ লগাই দিয়ে। অৰ্থাৎ এজোপা গছত ছয়/সাত কোণ্ডা কাঠৰ ঠাইত দহ– বাৰ কোণ্ডা সজাই দুই মুৰে পাচিং হামাৰ মাৰি পুৰঠ নোহোৱা গছবোৰ নিঃশেষ কৰি পেলালে। বৃহৎ বৃহৎ শ্যাম কঠাল, তিতা চপা, গন্ধষৰৈ, শিলিখা, আমাৰি, ভোমোৰা, বনচুম ইত্যাদি আজিৰ তাৰিখত দুলুং সংৰক্ষিত বনাঞ্চলত পাবলৈ নাই।
(৪) পুৰঠ গছবোৰৰ আগ আৰু ডাল বিলাক জ্বলোৱা খৰি হিচাপে বন বিভাগে চালানৰ জৰিয়তে বিক্ৰী :- বিভাগীয় ব্যবস্থাপনা প্ৰয়োজন।এই ব্যৱস্থাপনাৰ আলমত বন ধ্বংসৰ সুযোগ লাভ কৰিলে বনাঞ্চলৰ ৰক্ষণাবেক্ষণ আকাশত চাং পতাৰ দৰে হয়। এডাল পুৰঠ গছৰ আগ আৰু ডালৰ পৰা আনুমানিক কেই গাড়ী জ্বলোৱা খৰি হ‘ব পাৰে। হয়তো এক বা দুই। কিন্তু কাষত থকা গছ কাটি কেবা গাড়ীও হয়গৈ।অকল ইয়েই নহয় একে খন চালানৰ জৰিয়তে দিনটোৰ ভিতৰতে কেইবাখনো গাড়ী লৈ যায়। গোটেই গছ কাটি জোপোহাৰ অৰণ্যলৈ পৰ্যবসিত হ‘ল দুলুং সংৰক্ষিত বনাঞ্চল। এই প্ৰক্ৰিয়াৰে দুলুং বনাঞ্চলৰ আটাইতকৈ মূল্যবান ঔষধি গুণ যুক্ত চিয়া নাহৰ গছৰ ধ্বংস যজ্ঞৰ আয়োজন কৰে। পৰৱৰ্তীকালত এই চিয়া নাহৰ গছৰ পৰা ফলা জ্বলোৱা খৰি হিচাপেও বিক্ৰী হয়।ক‘বলৈ গ‘লে ৰক্ষকেই ভক্ষক হোৱা নাইতো ?
(৫) অৰুণাচল প্ৰদেশৰ বন বিভাগৰ পাৰ্মিটত দুলুং বনাঞ্চলৰ কাঠ বিক্ৰী :- বন দস্যু সকলৰ নতুন নতুন কৌশল। তেওঁলোকে কৰতীয়াল বহোৱাই থয় অৰণ্যৰ মাজত। মূল্যবান গছবোৰ কটোৱায়। অসম আৰু অৰুণাচল প্ৰদেশৰ বন বিভাগৰ হয়তো বুজা বুজিৰ ফলত পাৰ্মিট অথবা চালান তৈয়াৰ কৰে। কাঠ অসমৰ, পাৰ্মিট অৰুণাচলৰ । আকৌ কেতিয়াবা ওলোটাতো হয়। কাঠ অৰুণাচলৰ, পাৰ্মিট অসমৰ । অভিনৱ কৌশল। সাধাৰণ ৰাইজ নীৰৱ দৰ্শক।কৰিবই বা কি ? হাতীৰ পিঠিত তৰাৰ ফৰ্মূতী ।
(৬) শুকান কাঠ জ্বলাই কয়লা বিক্ৰী:- অতি সাম্প্ৰতিক সময়ৰ দুলুং বনাঞ্চল ধ্বংস যজ্ঞৰ ছবি খন অতি ভয়াবহ। য‘ত কয়লাৰ বাবে কাঠ গোটাই জুই জ্বলোৱা হয় প্ৰায় এক দেৰ কঠা মাটি আৱৰি জ্বলি–পুৰি চাৰখাৰ হৈ যায়। প্ৰথমাৱস্থাত শুকান নাহৰ , চিয়া নাহৰ গছবোৰ পুৰি ছাই বোৰ মাটিত পুতি পিছ দিনা লৈ আহে। চিয়া নাহৰ বোৰ তেওঁ লোকৰ বেছি পছন্দৰ। সহজতে ফাল খায়। শুকান গছ পোৱা কিমান দিনলৈ ? ডাঙৰ ডাঙৰ চিয়া নাহৰ গছ বোৰ কাটি থৈ আহে। বহু দিনৰ মূৰত গছ শুকাই যায় আৰু তেওঁলোকৰ কয়লাৰ বাবে উপযোগী হৈ পৰে। জুই জ্বলোৱা ঠাইৰ সকলো গছ গছনি হাবি জংঘল শুকাই এক বৃহৎ এলেকা উচ্ছন্ন হয় । নেদেখা জনে ইয়াৰ কল্পনা কৰিব নোৱাৰে। এই পৰিস্থিতিত দুলুং সংৰক্ষিত বনাঞ্চল কিমান দিনলৈ বৰ্তি থাকে
সন্দেহৰ আবৰ্তত। আমি মাত্ৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীক অনুৰোধ হে জনাব পাৰোঁ সোনকালে কিবা ব্যৱস্থাৰে এই ধ্বংস লীলা বন্ধ কৰক। অৱশ্যে ইয়ো হ‘ব অৰণ্যৰোদন ।
(৭) মাটি কালিৰ সংকোচন :- অৰুণাচল আৰু অসমৰ সীমা বিবাদ চলি আছে চলি থাকিব। ছুপ্ৰিম কোৰ্টৰ হাই পাৱাৰ কমিটিৰ প্ৰতিনিধি দলৰ আগত সীমা সমস্যা সমাধানৰ প্ৰতিবেদন এই অভাজনৰ নেতৃত্বত বগীনদী বাংকে বানে কেবাঙৰ সৌজন্যত দাখিল কৰা হৈছিল। ষ্টেটাস্কো মানি চলাৰ পৰামৰ্শ দিয়ে। অসম চৰকাৰে সেই পৰামৰ্শ হয়তো মানি চলিলে। কিন্তু অৰুণাচল ফালৰ পৰা তেনে পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নগল। আগ্ৰাসন চলি আছে। এই বেদখলি আগ্ৰাসন ৰোধ কৰাৰ বাবে অসম চৰকাৰৰ প্ৰশাসন তথা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ নাই। অসমৰ ফালৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ সীমা সুৰক্ষিত হৈ আছে। বনাঞ্চলৰ দাঁতি–কাষৰীয়া কোনো লোকে বেদখল কৰা নাই। অৰুণাচলৰ আগ্ৰাসন ৰোধৰ ক্ষেত্ৰত স্থানীয় লোক আৰু অৰুণাচলি লোকৰ মাজত সংঘাতৰ পৰিবেশো সৃষ্টি হৈছে। অৰুণাচল চৰকাৰৰ সহযোগিতাত অৰুণাচলী ৰাইজ উৎসাহিত হৈ আগ্ৰাসন চলাই যায়। ঢাল নাই, তলোৱাৰ নাই নিধীৰাম চৰ্দাৰ হৈ বহি থাকে অসম চৰকাৰৰ প্ৰশাসন আৰু বিয়াগোম বন বিভাগ ।
আমাৰ এই প্ৰবন্ধৰ জৰিয়তে কোনো বিভাগ অথবা চৰকাৰক দায়বদ্ধ কৰি অভিযোগৰ বাৰ্তা দিব বিচৰা হোৱা নাই। ল‘ৰালি কালৰ পৰা দেখি অহা পৰিঘটনা বিলাকৰ চাক্ষুস অভিজ্ঞতা খিনিহে লিপিবদ্ধ কৰি অৱগত কৰা হৈছে । সংৰক্ষিত বনাঞ্চল এখন সুৰক্ষিত কৰি ৰখাৰ দ্বায়িত্ব অকল ৰাজ্য চৰকাৰৰ বন বিভাগৰ বুলি ধৰি লোৱা হয়। এই ধাৰণাৰ বিপৰীতে প্ৰকৃতিক ভালপোৱা লোক, জনসাধাৰণ, চৰকাৰৰ বন বিভাগ , স্বেচ্ছাসেৱক সংস্থা সকলোৱে মিলি জনজাগৰণৰ ধাৰা সৃষ্টি কৰিব লাগিব।পৰিবেশ সংৰক্ষণৰ মূল সূত্ৰতোৱেই হৈছে বনাঞ্চলৰ ৰক্ষণাবেক্ষণ। তিতা মিঠা অভিজ্ঞতাৰে ১৯১৩ চনতেই সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা দুলুং সংৰক্ষিত বনাঞ্চলৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ হয় ১০০ বছৰৰ পাছত।২০১৩ চনতে জন্ম লাভ কৰা ” দুলুং সোৱণশিৰি কন্জাৰভেচন ছছাইটি ” জৰিয়তে ।অনুষ্ঠানৰ জন্ম লগ্নত পথ প্ৰদৰ্শকৰ দ্বায়িত্ব গ্ৰহন কৰিছিল ডা: ৰণোজ পেগু ডাঙৰীয়া আৰু নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত দেৱে।এই অনুষ্ঠানৰ মাধ্যমেৰে দুলুং সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। এই আপাহতে তদানীন্তন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, বৰ্তমানৰ অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত আৰু দুলুং সোৱণশিৰি কন্জাৰভেচন ছছাইটি উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগিতাত ২০১৫ চনত বনাঞ্চলৰ ৰক্ষণাবেক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ” দুলুং সোৱণশিৰি মহোৎসৱ ২০১৫” প্ৰথম বাৰৰ বাবে উদযাপিত হয়। এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে ২০২৩ চনত বৰ্তমানৰ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰী যুত পৰমানন্দ চায়েঙীয়া দেৱৰ নেতৃত্বত “দুলুং সোৱণশিৰি মহোৎসৱ ২০২৩ মহোৎসৱ ” উদযাপিত হয়। এই বাৰো তেখেতৰ নেতৃত্বত তৃত্বীয় বাৰৰ বাবে ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ১১,১২,১৩ আৰু ১৪ তাৰিখে চাৰি দিনিয়াকৈ ” দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ ২০২৫ “উদযাপিত হ‘ব। প্ৰথম আৰু দ্বিতীয় মহোৎসৱৰ নামাকৰণ কৰা হৈছিল দুলুং সোৱণশিৰি মহোৎসৱ।এই বাৰ ব্যতিক্ৰম হিচাপে “দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ “হিচাপে পালন কৰা হৈছে। প্ৰকৃতি আৰু মানুহৰ জাগতিক,মানসিক তথা বৌদ্ধিক সম্বন্ধীয় জাগৰণৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰাক মহোৎসৱ কালত বিদ্যালয় সমূহত সজাগতা তথা বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত কৰ্মশালা অনুষ্ঠিত কৰি প্ৰচাৰ প্ৰসাৰৰ কাম কৰা হৈছে।আশা কৰা হৈছে বৃহত্তৰ বগীনদী ৰাইজ তথা সকলো জাতি জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত মহোৎসৱে সফলতা লাভ কৰিব। আহক আমি সকলোৱে মিলি দুলু্ং সংৰক্ষিত বনাঞ্চলক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখোঁ।
