

-
কিশোৰ
কুমাৰ চৌধুৰী
Lorem ipsum dolor sit a আমাৰ অসমত যিমান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে ভিতৰত অন্যতম সমৃদ্ধশালি আৰু অতিকৈ বৈচিত্ৰ পূৰ্ণ বনাঞ্চল হ‘ল উজনি অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰদিহিং আৰু ডিৰক তিনিটা সংলগ্ন সংৰক্ষিত বনাঞ্চলৰ সমষ্টি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ এলেকা এক বিস্তীৰ্ণ বৰ্ষাৰণ্যৰ বৈশিষ্ট্যৰে সমৃদ্ধ অৰণ্য। ইয়াৰে এটা সৰু অংশ অৰ্থাৎ ১১১.১৯ বৰ্গ কিলোমিটাৰ এলেকা ২০০৪ চনত দিহিং পাটকাই অভয়াৰণ্য হিচাপে চৰকাৰে ঘোষণা কৰিছিল। এই অভয়াৰণ্য জন্মৰ মূলতে আছে নেচাৰ্চ বেকন নামৰ প্ৰকৃতি সংৰক্ষণ কাৰি গোষ্ঠী আৰু শত–সহস্ৰ প্ৰকৃতি প্ৰেমী, অসমীয়া লোক। নেচাৰ্চ বেকনৰ দাবী আছিল ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্য অঞ্চল সম্পূৰ্ণ সংৰক্ষিত হব লাগে। এই প্ৰচেষ্টা অহৰহ চলি আছিল। অৱশেষত অসম চৰকাৰে ২০২১ চনত ২৩৪.২৬ বৰ্গ কিলোমিটাৰ এলেকা সামৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰাজপত্ৰত ঘোষণা কৰে। এই ৰাষ্ট্ৰীয় উদ্যান গঠনৰ প্ৰক্ৰিয়া বা ইয়াৰ সম্পূৰ্ণ অঞ্চলৰ সংৰক্ষণ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। নেচাৰ্চ বেকনে লক্ষ্য হিচাপে লোৱা ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ সংৰক্ষণৰ সপোন এতিয়াও দিঠক হোৱা নাই। অদূৰ ভবিষ্যতত নেচাৰ্চ বেকন, অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজ, অসমক ভালপোৱা বুদ্ধিজীবী আৰু ৰাজনৈতিক নেতাৰ উমৈহতীয়া প্ৰচেষ্টাত অসমৰ বৰ্ষাৰণ্য সুৰক্ষিত হব বুলি আমি আশাবাদী। আমাৰ অসমৰ এই সমৃদ্ধিশালী বৰ্ষাৰণ্যৰ আধাতকৈও বেছি অঞ্চল আইনগত সুৰক্ষাৰ বাহিৰত অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ বাহিৰত, কিন্তু এই বনাঞ্চল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন এক অবিছিন্ন অংশ। এই বৰ্ষাৰণ্য অঞ্চল ভাৰতৰ ভিতৰত এক উৎকৃষ্ট জৈৱ–বৈচিত্ৰপূৰ্ণ অঞ্চল।

এই বনাঞ্চলৰ অৰণ্য,বৃক্ষ–বিন্যাস অসমৰ প্ৰকৃতি জগতৰ এক ৰহস্যময় অধ্যায়। প্ৰকৃতি প্ৰেমী ব্যক্তি, প্ৰকৃতি বিজ্ঞানী বা প্ৰকৃতি ইতিহাসৰ ছাত্ৰ– ছাত্ৰীৰ বাবে এই অৰণ্যৰ উদ্ভিদৰাজি এক গুৰুত্বপূৰ্ণ গৱেষণা তথা অনুসন্ধানৰ বিষয়। অসমৰ আন আন অৰণ্য সমূহ ভ্ৰমণ কৰাৰ পাছত এই অৰণ্যৰ বিশেষত্ব সকলোৱে বুজি পাবলৈ সক্ষম হ‘ব বা কৰিব পাৰিব। স্তন্যপ্ৰানীৰ বৈচিত্ৰৰ ফালৰ পৰাও এই অৰণ্য অতি সমৃদ্ধ। ৪০ প্ৰজাতিৰ স্তন্য পায়ী বন্য প্ৰাণী পোৱা যায় এই ৰাষ্ট্ৰীয় উদ্যানত। এই চল্লিশ প্ৰজাতিৰ স্তন্য পায়ী বন্যপ্ৰাণীৰ ভিতৰত ১৮ টা প্ৰজাতিৰ স্তন্যপায়ী বন্য প্ৰাণী বিশ্বব্যপি লুপ্ত প্ৰায় প্ৰজাতিৰ তালিকাত অন্তৰ্ভূক্ত। এই লুপ্তপ্ৰায় স্তন্যপায়ী বন্যপ্ৰাণীবোৰ হ‘ল হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, গোধাফুটুকী, হিমালয়ৰ ভালুক, মাটি ভালুক, কেকোৰাখোৱা নেঁউল, হলৌ বান্দৰ, লাজুকী বান্দৰ, ষ্টাম্পটেইল মেকাক, ৰাং কুকুৰ, বনৰৌ, দেওশৰ, হালধীয়া মাৰ্টিন ইত্যাদি। এই বৰ্ষাৰণ্য সংৰক্ষণৰ লগতে গোটেই কেইটা প্ৰজাতিৰ সংৰক্ষণৰ দিশটো ওতঃপ্ৰোত ভাৱে যুক্ত হৈ আছে। এই অৰণ্য বা বৰ্ষাৰণ্য বন্দৰজাতীয় প্ৰাণীৰ বৈচিত্ৰৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে সৰ্বোৎকৃষ্ট। এই বনাঞ্চলত পোৱা যায় ৭ টা (সাত) প্ৰজাতিৰ বান্দৰজাতীয় প্ৰাণী। ভাৰতৰ আন কোনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত এনেকুৱা পোৱা নাযায়।
বনৰীয়া চৰাইৰ ক্ষেত্ৰত দিহিং পাটকাই অভয়াৰণ্য অতি সমৃদ্ধ। এই অঞ্চলত ২৮৯ বিধ প্ৰজাতিৰ বনৰীয়া চৰাই প্ৰত্যক্ষ কৰা বুলি পক্ষীবিদ সকলে মত প্ৰকাশ কৰিছে। কোনো কোনোৱে তিনিশ প্ৰজাতিৰ অধিক চৰাই এই অৰণ্যত পোৱা বুলি কয়। ইয়াত পোৱা চৰাই প্ৰজাতিবোৰৰ ভিতৰত। বহুকেইটা প্ৰজাতি বিশ্বজুৰি লুপ্তপ্ৰায়। এই অৰন্যক “IBA, অৰ্থাৎ Important Bird Area Site” বুলি অভিহিত কৰা হৈছে। ইয়াত পাঁচটা প্ৰজাতিৰ ধনেশ চৰাই, বিভিন্ন প্ৰজাতিৰ শেন,ঈগল, হুদু অৰ্থাৎ মাংসহাৰি চিকাৰী চৰাই, ভদৰকলি, মৌপিয়া, হাইথা, ফেঁচু, ভিমৰাজ, ৰূপহী, চুলতান টিট, বুলবুলি, ট্ৰগন, ডৰিক, বাঢ়ৈটোকা, শিলকপৌ ইত্যাদি ইত্যাদি পোৱা যায়। পৃথিৱীৰ ভিতৰত অন্যতম দুষ্প্ৰাপ্য বনৰীয়া হাঁহ তথা অসমৰ ৰাজ্যিক চৰাই দেও হাঁহৰ আদৰ্শ বাসস্থান এই বনাঞ্চল। পৃথিৱীৰ ভিতৰতে দেও হাঁহৰ সংখ্যা এই অঞ্চলত অধিক পোৱা যায়।

বিভিন্ন প্ৰজাতিৰ পখিলা আৰু হাজাৰ হাজাৰ কীত–পতংগৰ বাসস্থান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। সৰীসৃপ আৰু উভচৰ গোষ্ঠীৰ কিছুমান আপুৰুগীয়া প্ৰজাতি পোৱা যায় এই অঞ্চলত। বিভিন্ন প্ৰজাতিৰ সাপ আদিকে ধৰি ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক পতংগ, ৫২ প্ৰজাতিৰ বনৰীয়া মাছ,১০৭ প্ৰজাতিৰ অৰণ্য কেৰু (Orchids) ১৬০ প্ৰজাতিৰ বেছি গছ গছনি এই ৰাষ্ট্ৰীয় উদ্যানত নথি ভুক্ত কৰা হৈছে। এই আপুৰুগীয়া বৰ্ষাৰণ্য আৰু তাৰ জৈৱবৈচিত্ৰ আমাৰ সম্পদ, ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে। এই ৰাষ্ট্ৰীয় উদ্যানক সামৰি এটা বৃহৎ অঞ্চল এক অতি গুৰুত্বপূৰ্ণ হস্তীবসতি অঞ্চল। এই অঞ্চলৰ হাতীবোৰ অসম–অৰুণাচলৰ কেইবাখনো অৰণ্য বিচৰণ কৰি ফুৰে। ভাৰত চৰকাৰৰ হস্তী প্ৰকল্পত এই অঞ্চলক সামৰি লোৱা হৈছে। অৰণ্য সংৰক্ষণৰ সফলতাৰ ওপৰত হাতী প্ৰকল্পৰ সফলতা পৰস্পৰ নিৰ্ভৰশিল। হস্তী প্ৰকল্পৰ লগত অৰণ্য বা হাতীৰ বাসস্থান সংৰক্ষণৰ কোনো আইনগত সম্পৰ্ক নাই। গতিকে হাতীৰ বাসস্থান সংৰক্ষণ কৰিবলৈ হলে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠন প্ৰক্ৰিয়া অতি দৰকাৰী। বাসস্থান সুৰক্ষিত নহলে হস্তী প্ৰকল্পৰ কোনো মূল্য নাই। তৃণভোজী বন্যপ্ৰাণী– শৰ পহু, সুগৰী পহু, কেটেলা পহু, ইয়াত পোৱা। ইয়াৰ উপৰিও জহামাল, নেঁওল, লতামাকৰি, হেপা, কেৰ্কেটুৱা ইত্যাদি পোৱা যায়। বন্যপ্ৰাণীৰ প্ৰাচুৰ্য, বৈশিষ্টপূৰ্ণ পৰিস্থিতিতন্ত্ৰ আৰু ভৌগোলিক অবদানে এই বনাঞ্চলক অনন্য মাত্ৰা প্ৰদান কৰিছে। অসমৰ পৰ্যটন শিল্পৰ বিকাশত এই অঞ্চলৰ সম্ভাৱনীয়তা বহুত বেছি। দেশী–বিদেশী দুয়ো ধৰণৰ পৰ্যটকে অসমৰ বৰ্ষাৰণ্যই আকৰ্ষিত কৰিছে। এই অঞ্চলত পৰ্যটন শিল্প গঢ়ি উঠাৰ সুবিধা খিনি সংশ্লিষ্ট কতৃপক্ষই আগবঢ়াব লাগিব। সেয়ে স্থানীয় ৰাইজৰ সহযোগত “প্ৰকৃতি–পৰ্যটন” (Eco-Tourism) ব্যৱস্থাপনা হব লাগিব। তেতিয়া অৰণ্যৰ দাঁতিকাষৰীয়া গাওঁবাসীৰ আৰ্থ–সামাজিক উন্নয়ন হব। অৰণ্যৰ দাঁতিকাষৰীয়া গাওঁবাসীৰ আৰ্থ–সামাজিক উন্নতিৰ লগত অৰণ্য সংৰক্ষণৰ কথাটো নিৰ্ভৰশীল। এই অৰণ্যৰ চাৰিওফালে পকী পথেৰে বিভিন্ন চহৰৰ লগত সংযোগ আছে। ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, নাহৰকটীয়া, নামৰূপ, জয়পুৰ, ডিগবৈ, ভাদৈ–পাঁচআলি, মাৰ্ঘেৰিটা, মৰাণ ইত্যাদি। আনহাতে অৰুণাচল প্ৰদেশৰ দেওমালি,খুনচা ইত্যাদি ঠাইলৈ এই বৰ্ষাৰণ্যৰ সোঁমাজেৰে যাতায়তৰ ব্যৱস্থা আছে। ৰেলপথেৰেও ভাৰতৰ বিভিন্ন ঠাইৰ লগত যাতায়তৰ ব্যৱস্থা আছে। ডিব্ৰুগড় চহৰৰ ওচৰত মোহনবাৰী বিমান বন্দৰৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ যাতায়ত ব্যৱস্থা আছে। মোহনবাৰী বিমান বন্দৰৰ পৰা গুৱাহাটী,কলিকতা দিল্লী আদি ঠাইলৈ পোনপটীয়া বিমান সেৱা আছে। পৰ্যটকসকলে এই অৰণ্যত চৰাই পৰ্যবেক্ষণ, জঙ্গল ট্ৰেকিং, হলৌ বান্দৰ পৰ্যবেক্ষণ, নেচাৰ কেম্প, নেচাৰ ফটোগ্ৰফি ইত্যাদি বিভিন্ন অৰণ্য ভিত্তিক কাৰ্যকলাপ সম্পন্ন কৰিব পাৰে। দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনজাতীয় গাঁওসমূহ পৰ্যটক সকলে পৰিভ্ৰমণ কৰিব পাৰে আৰু জনজাতীয় পৰম্পৰা, কৃষ্টি–সংস্কৃতি, জীৱন শৈলী আদি চাব পাৰে, যাৰ ফলত সংস্কৃতিক বিনিময়, মানৱীয় উৎকৰ্ষ, সামাজিক উৎকৰ্ষ সাধন হব পাৰে। জনজাতীয় লোকসকল ঘৰতে তৈয়াৰ কৰা কিছু কিছু সামগ্ৰী বিক্ৰীৰ জৰিয়তে আৰ্থিক উন্নতি সম্ভৱ হব পাৰে। গাওঁৰ মানুহবোৰ অতিথিপৰায়ণ আৰু দিহিং–পাটকাই লৈ তেওঁলোক গৌৰৱান্বিত।

অসমৰ দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জন্মৰ এটা সংগ্ৰামী ইতিহাস জড়িত হৈ আছে। উজনি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ হকে নেচাৰ্চ বেকনৰ উদ্যোগত এক গণ আন্দোলন গঢ়ি উঠিছিল। ১৯৯৪ চনৰ পৰা ২০২০ চনলৈ সুদীৰ্ঘ ২৫ বছৰ এই সংৰক্ষণ আন্দোলন চলিছিল। উত্তৰ–পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে উজনি অসমৰ বৰ্ষাৰণ্য পোনপ্ৰথম চিনাক্ত কৰিছিল আৰু অসমৰ জনসাধাৰণৰ সন্মুখত ইয়াৰ অৱস্থিতি দাঙি ধৰিছিল। নেচাৰ্চ বেকনে এই বৰ্ষাৰণ্যৰ বৈশিষ্ট, প্ৰাচুৰ্যতা আৰু সংৰক্ষণৰ প্ৰযোজনীয়তা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। এই কাৰ্যসূচীবোৰ এক গণ আন্দোলনৰ ৰূপ লৈছিল। বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাওঁৰ ৰাইজৰ মাজত সজাগতা সভা, বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিৰ লগত প্ৰশিক্ষণ, কৰ্মশালা ইত্যাদিৰ আয়োজন কৰা হৈছিল। অৰণ্য ভ্ৰমণ, প্ৰকৃতি শিবিৰ, জংগল ট্ৰেকিং, স্বাস্থ্য শিবিৰ ইত্যাদি আয়োজন কৰা হৈছিল। বিভিন্ন বাতৰি কাকত, আলোচনী, ৰেডিঅ‘, টেলিভিছন ইত্যাদিৰ জৰিয়তে গণসজাগতাৰ কাম কৰা হৈছিল। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত বাটৰ নাট আদিৰ প্ৰদৰ্শনৰ জৰিয়তে বৰ্ষাৰণ্য সংৰক্ষণৰ বিষয়টো ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল। এই বৰ্ষাৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ এলেকা অভয়াৰণ্যৰ স্বীকৃতি দি আইনী সুৰক্ষা প্ৰদান কৰিবলৈ নেচাৰ্চ বেকনে চৰকাৰৰ ওচৰত আবেদন জনাইছিল। নেচাৰ্চ বেকনে কেৱল এই দাবী উত্থাপন কৰিয়েই ক্ষান্ত হৈ থকা নাছিল। এই অৰণ্যৰ জৰীপ কাৰ্য সম্পন্ন কৰিছিল আৰু তেতিয়াই ৰাইজক বুজাবলৈ সক্ষম হৈছিল যে এই অৰণ্য বহু কেইটা লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ বাসস্থান। কিছুমান অসৎ বিষয়া–কৰ্মচাৰী, কাঠৰ চোৰাং বেপাৰী তথা অৰণ্য ধ্বংসকাৰী চক্ৰই আমাৰ অৰণ্য সংৰক্ষণ কাৰ্যত বাধা দিবলৈ চেষ্টা কৰিছিল। আমাৰ নেচাৰ্চ বেকনৰ নেতৃত্ব আৰু সদস্য সকলে নিষ্ঠা সততা আৰু মনোবল সক্ৰিয় কৰি বৰ্ষাৰণ্য বচোৱাৰ আন্দোলনত নামি পৰিল। তেতিয়াই সেই অপশক্তি বোৰে হাৰ মানিবলৈ বাধ্য হল। অসমৰ পৰিৱেশ সংৰক্ষণ আন্দোলন আৰু অধিক সক্ৰিয় হল। অসমত বৰ্ষাৰণ্য সংৰক্ষণ প্ৰয়োজনীয়তা, জৈৱ–বৈচিত্ৰৰ গুৰুত্ব ইত্যাদি কথাবোৰ পোনপ্ৰথমে নেচাৰ্চ বেকনে আৰম্ভ কৰিছিল। অকল সেয়াই নহয় নেচাৰ্চ বেকনৰ উদ্যোগত বহুতো অহিংসা আন্দোলনৰ কাৰ্যসূচীও লোৱা হৈছিল। ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছিল।২০০৪ চনৰ ৫ জুন তাৰিখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত বহুতো ছাত্ৰ–ছাত্ৰী তথা ৰাইজ ওলাই আহিছিল আৰু দিহিং পাটকাই সংৰক্ষণৰ হকে শ্লোগান দিছিল। জিলা উপায়ুক্ত আহি আমাৰ হাতৰ পৰা দীঘলীয়া আবেদন পত্ৰ গ্ৰহন কৰিছিল। আমাৰ আবেদন পত্ৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল। তাৰপাছতেই দিহিং–পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি পায়। ইয়াৰ ওপৰিও নেচাৰ্চ বেকনে বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে অৱস্থান ধৰ্মঘট, অনশন আদি কাৰ্যসূচীও সম্পন্ন কৰিছিল।

নেচাৰ্চ বেকনৰ উদ্যোগত কেৱল যে বৰ্ষাৰণ্য বা দিহিং পাটকাই সংৰক্ষণৰ আন্দোলন চলিছিল সেইটো নহয়, আমি গৌৰৱেৰে কওঁ যে নেচাৰ্চ বেকনৰ বহুতো সফল সংৰক্ষণৰ কাহিনী ( success story) আছে। উল্লেখযোগ্য যে অসমত বান্দৰ জাতীয় বন্যপ্ৰাণী সংৰক্ষণৰ কাম প্ৰথম আৰম্ভ কৰে নেচাৰ্চ বেকনে ।১৯৮২ চনৰ পৰা সোণালী বান্দৰ সংৰক্ষণৰ কাম নেচাৰ্চ বেকনৰ উদ্যোগত ৰাইজৰ সহযোগত এতিয়াও অব্যাহত আছে। ভাৰতৰ একমাত্ৰ বনমানুহ হলৌ বান্দৰ (Hoolock Gibbon) সংৰক্ষণৰ কাম প্ৰথম নেচাৰ্চ বেকনই আৰম্ভ কৰিছিল। ভাৰতৰ একমাত্ৰ বনমানুহ কেৱল অসম আৰু অৰুণাচলৰ দুই এখন অৰণ্যত হে পোৱা যায়। ব্ৰহ্মপূত্ৰ নদীৰ দক্ষিণ পাৰত হে এই হলৌ বান্দৰৰ প্ৰাকৃতিক আৱসস্থলী। উজনি অসমৰ বৰ্ষাৰণ্য হলৌ বান্দৰ আদৰ্শ বাসস্থান। পূৰ্বতে গোৱালপাৰাৰ পৰা অসমৰ একেবাৰে পূবলৈ ব্ৰহ্মপূত্ৰৰ দক্ষিণ পাৰত হলৌ বান্দৰ প্ৰচুৰ পৰিমাণে দেখা পোৱা গৈছিল। গোৱালপাৰাত এতিয়াও হলৌ কান্দা পাহাৰৰ নাম প্ৰচলিত হৈ আছে। বনাঞ্চল ধ্বংসৰ ফলত ভাৰতৰ একমাত্ৰ বনমানুহ এতিয়া লুপ্তপ্ৰায় বন্য প্ৰাণীৰ তালিকাত পাইছে। হলৌ বান্দৰ প্ৰজাতিৰ সংৰক্ষণক মুখ্য বিষয় হিচাপে লৈ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনটো নেচাৰ্চ বেকনে আগবঢ়াই লৈ গৈছিল। এই প্ৰজাতি সংৰক্ষণৰ বাবে নেচাৰ্চ বেকনে বিশেষ পদক্ষেপ ল‘বলৈ আৰম্ভ কৰে। আমি সততে বিশ্বাস কৰোঁ যে একমাত্ৰ অভয়াৰণ্য গঠন প্ৰক্ৰিয়াৰেহে বণ্যপ্ৰাণী সংৰক্ষণ সম্ভৱ হব পাৰে। অভয়াৰণ্য গঠন কৰা মানে হ‘ল বাসস্থান সংৰক্ষণ কৰা। বাসস্থান সুৰক্ষিত হলেহে সেই বনাঞ্চলৰ আটাইবোৰ প্ৰজাতিৰ একেলগে সংৰক্ষণ নিশ্চিত হব। নেচাৰ্চ বেকনৰ ক্ষেত্ৰ অধ্যয়নৰ ফলত গম পোৱা গৈছিল যে এই বৰ্ষাৰণ্যত আঠটা প্ৰজাতিৰ মেকুৰজাতীয় প্ৰাণী, পাঁচটা প্ৰজাতিৰ ধনেশ চৰাই আৰু সৰ্বাধিক হাতীৰ বিচৰণ স্থলী।
নেচাৰ্চ বেকনে ২০০১ চনত প্রথম আন্তজাৰ্তিক বৰ্ষাৰণ্য উৎসৱৰ আয়োজন কৰিছিল। ভাৰতবৰ্ষৰ ভিতৰত আমাৰ বৰ্ষাৰণ্য উৎসৱেই আছিল প্ৰথম বৰ্ষাৰণ্য উৎসৱ। এই উৎসৱে বৰ্ষাৰণ্যৰ গুৰুত্ব আৰু সংৰক্ষণৰ চেতনা ৰাজ্যখনৰ লগতে ভাৰত তথা বিশ্ববাসীৰ মাজত বিয়পি পৰিছিল। বিভিন্ন গুণী – জ্ঞানী ব্যক্তি, প্ৰকৃতি প্ৰেমী, প্ৰকৃতিবিদ সাংবাদিক, বনবিষয়া আদিকে ধৰি অসমৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, গৃহমন্ত্ৰী এই বৰ্ষাৰণ্য উৎসৱত অংশ গ্ৰহণ কৰিছিল। সমগ্ৰ বিশ্বৰ ১২ খন দেশৰ প্ৰতিনিধিয়ে এই উৎসৱত যোগদান কৰিছিল।বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাওঁৰ ৰাইজে নেচাৰ্চ বেকনৰ কৰ্মী সকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছিল। অসমৰ প্ৰকৃতিপ্ৰেমী লোকে এই বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনত যোগদান কৰিছিল। দিহিং পাটকাই বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাওঁৰ জয়পুৰতে ” ধৰিত্ৰী উৎসৱ – ২০১৩” অনুষ্ঠিত হৈছিল আকাশবাণী ডিব্ৰুগড়ৰ লগত নেচাৰ্চ বেকনে যুগ্মভাবে এই উৎসৱ সম্পাদন কৰিছিল।

পৰিৱেশ সংৰক্ষণ বিষয়টো বৰ্তমান অৰ্থাৎ ২১ শতিকাত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। আমাৰ বনাঞ্চলবোৰক অধিক গুৰুত্ব দি সংৰক্ষণ কৰিব লাগে। বৰ্তমান আমি যিবোৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছো সেইবোৰৰ প্ৰধান কাৰণ হল বনাঞ্চল ধ্বংস গোলকীয় উত্তাপ, জলবায়ু পৰিবৰ্তন, প্ৰদূষণ, অতি বৃষ্টি, অনা বৃষ্টি বানপানী ইত্যাদি সকলোবোৰ বনাঞ্চল ধ্বংসৰ ফলত হোৱা সমস্যা। সেয়েহে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ পাঠ্যক্ৰমত পৰিৱেশ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। সেই শিক্ষা হ‘ব লাগিব বাস্তৱধৰ্মী অৰ্থাৎ প্ৰায়োগিক। ইয়াৰ বাবে অৰণ্য ভ্ৰমণ আৰু ক্ষেত্ৰ অধ্যয়ন অপৰিহাৰ্য্য।


লেখকে ব্যৱহাৰ কৰা সহায়ক গ্ৰন্থ সমূহ –
১)অসমৰ বৰ্ষাৰণ্য দিহিঙ পাটকাই ৰাষ্ট্ৰীয় উদ্যান- সৌম্যদীপ দত্ত ।
২)অসমৰ অৰণ্য অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান- সৌম্যদীপ দত্ত ।
(এই প্ৰবন্ধটো ‘ৰংপুৰ বাৰ্তা‘ৰ জুলাই ২০২৫ আৰু আগষ্ট ২০২৫ ৰ সংখ্যাত‘ পূৰ্বতে প্ৰকাশিত।)