সম্পাদকীয় (অক্টোবৰ)

কংকণা দাস, সম্পাদক (দ্য চীড)

দ্য চীড’- নেচাৰ্চ বেকনৰ প্ৰকৃতি আৰু পৰিৱেশ সম্বন্ধীয় এই ব্লগটোৱে তৃতীয় মাহত ভৰি থ’লে। বন আৰু বন্যপ্রাণী সংৰক্ষণৰ সজাগতাৰ ক্ষেত্ৰত অক্টোবৰ মাহৰ বিশেষ ভূমিকা আছে। কিয়নো অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ ১ ৰ পৰা ৭ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয়। পৃথিৱীত জীৱ সন্তুলিত পৰিৱেশ বৰ্তাই ৰখাত বন্যপ্ৰাণীৰ সহযোগীতা অতুলনীয়। প্ৰতিটো বন্যজীৱই পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ নিজা নিজা ধৰণে অৱদান আগবঢ়াই। বিশালকায় হাতীৰ পৰা ক্ষুদ্ৰ পোক, অণুজীৱলৈ প্ৰত্যেকেই পৃথিৱীৰ পৰা কেবল ভোগেই নকৰে, সমগ্ৰ পৃথিৱীৰ মংগলৰ হকে নিজৰ জীৱনচক্ৰ চলাই থাকে। প্ৰতিটো বন্যপ্ৰাণ এটা আনটোৰ ওপৰত কোনো ধৰণে নিৰ্ভৰশীল। কোনো এটা বন্যপ্ৰাণ যদি নোহোৱা হৈ যায় তাৰ কুপ্ৰভাৱ সমগ্ৰ পৰিৱেশতেই পৰে। উদাহৰণ হিচাপে বিখ্যাত দ’দ’ চৰাইৰ লগত নাইকীয়া হোৱা কেলভেৰীয়া মেজৰৰ ঘটনাক ল’ব পাৰি।

বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰথম উপায় হ’ ল ইয়াৰ বিষয়ে জ্ঞান আহৰণ কৰা। আমি বহুতেই বন্যপ্ৰাণী আৰু ঘৰচীয়া প্ৰাণী সম্বন্ধতেই ধাৰণা পূৰ্ণ নহয়। একেবাৰেই সহজ ভাষাত বুজিবলৈ হলে যি জীৱৰ প্ৰজনন আৰু পোৱালী জগোৱাত মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ হাত নাথাকে সিয়েই বন্যজীৱ। কেৱল জংঘলতেই বন্যজীৱ নাথাকে, আমাৰ ঘৰৰ ওচৰে পাজৰে, ঘৰৰ ভিতৰত থকা জীৱটোও বন্যপ্ৰাণী হব পাৰে। ভাৰতবৰ্ষত বন্যপ্ৰাণী সমূহক সংৰক্ষণ দিবলৈ ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। IUCN অৰ্থাৎ International Union for Conservation of Nature এ বন্যপ্ৰাণী সমূহৰ সংৰক্ষণক গুৰুত্ব দি বিভিন্ন ভাগত ভাগ কৰি থৈছে। ১৯৭২ ৰ বন্যপ্ৰাণী সুৰক্ষা আইনক ভাৰতত বন্যপ্ৰাণী ৰক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বুলিব পাৰি। পৰিৱেশ সুৰক্ষাৰ লগত বন্যপ্ৰাণী সুৰক্ষা ৰ কথাটো ওত:প্ৰোত ভাৱে জড়িত। সেয়ে ভাৰত চৰকাৰে ৭২ ৰ আইন খনৰ ৬টা সূচীৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰয়োজনীয়তাক ভাগ কৰি থৈছে। schedule i, ii, iii, iv ৰ বন্যপ্ৰাণীৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰে আইন ভংগ কৰিলে উপযুক্ত শাস্তিৰ ব্যৱস্থা আছে। কিন্তু আইনেই সকলো সমস্যা সমাধানৰ মূল হব নোৱাৰে যেতিয়ালৈ মানুহ সজাগ নহয়। মানুহৰ মানসিকতা সলনি হৈ যেতিয়া আমি বন্যপ্ৰাণীৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাতৰ সৃষ্টি নকৰিম তেতিয়াই বন্যপ্ৰাণীৰ অধিকাৰ সুৰক্ষিত হব। মানৱীয় প্ৰমূল্যবোধেৰেও এনে কৰা উচিত। যুগ যুগ ধৰি পৃথিৱীৰ পৰা বিনামূলীয়া সুবিধা ভোগ কৰাৰ বিনিময়ত প্ৰকৃতিৰ নিজা চক্ৰত হস্তক্ষেপ নকৰাৰ সৰু কামটো মানুহে কৰ্তব্য, দ্বায়িত্ব বুলি ধৰি ললেই বহুখিনি সমস্যা সমাধান হব।
অবিবেকী মানুহে নিজৰ কৰ্মৰ দ্বাৰা নিজৰ লগতেই অইন জীৱ সমূহলৈও ভাবুকি কঢ়িয়াই আনিছে। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মানুহৰ আটাইতকৈ ডাঙৰ কামটোৱেই হল নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, নিজৰ মনক সজাগ কৰা। আমি যদি নিজৰ ওচৰে পাজৰে থকা বন্যপ্ৰাণী সমূহৰ বিষয়েই সজাগ হও সিও এটা ডাঙৰ জাগৰণ হব পাৰে। বন্যপ্ৰাণী কেবল বাঘ, ভালুকেই নহয়, আমাৰ চৌপাশে বিচৰণ কৰা চৰাইবোৰ, সাপ, গুই ইত্যাদিও বন্যপ্ৰাণী । সকলোতকৈ বেছি ক্ষতিগ্ৰস্তও মানুহৰ ওচৰে পাজৰে থকা এই প্ৰাণী সমূহেই হয়। যিকোনো বন্য চৰাই যেনে- ভাটৌ, শালিকা, মইনা ইত্যাদি সজাঁত ৰখাটো ঘোৰ অন্যায় আৰু অপৰাধ। এনে ব্যক্তি বন্যপ্ৰাণী আইন ভংগৰ অপৰাধেৰে অপৰাধী।ঠিক তেনেদৰে গুইৰ মাংস ভক্ষণ, সাপ হত্যা ইত্যাদি ও একেইধৰণৰ অপৰাধ।
সকলো মানুহেই এটা কথা জনা উচিত যে পৃথিৱীত জীৱ জীয়াই থাকিব পৰা পৰিৱেশ মাথো বন্যপ্ৰাণীৰ সমিলমিলত হে সম্ভব। আমি অবিবেচকী কামেৰে কৰা ধ্বংস যজ্ঞই আমাৰ নিজৰেই ক্ষতি সাধন কৰিব। আমাৰেই পিছৰ প্ৰজন্মৰ বাবে সুবিধা নাইকীয়া কৰিব। এইষাৰ কথা মনত ৰাখি আমি প্ৰত্যেকেই বন্যপ্ৰাণীৰ অধিকাৰ আৰু সুৰক্ষা সম্বন্ধে সজাগ হব লাগিব আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে বন্যপ্ৰাণীক সম অধিকাৰ প্ৰদান কৰিব লাগিব। প্ৰতিজন মানুহেই সহৃদয়তাৰে বুজি উঠিব লাগিব পৃথিৱী সকলোৰে বাবে, মানুহও পৃথিৱীৰ ক্ষুদ্ৰ অংগহে, উৰ্দ্ধত নহয় ।
আশা ৰাখিছোঁ দ্য চীডৰ লেখা সমূহে মানুহৰ মাজত সজাগতাৰে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এক যোগাত্মক ভূমিকা পালন কৰিব।

Share: