অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন
আৰু আকাশবাণী ডিব্ৰুগড়

লোহিত ডেকা

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰতিষ্ঠা কালৰ পৰাই অৰ্থাৎ ১৯৬৯-৭০ চনমানৰ পৰাই পৰিৱেশ বিজ্ঞান বা পৰিৱেশ অধ্যয়ন সম্পৰ্কীয় কথিকা, সাক্ষাৎকাৰ আদি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেইবোৰক একে আষাৰে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে প্ৰচাৰিত বুলি ক’ব নোৱাৰিলেও কেন্দ্ৰটোৱে পিছৰ কালত গঢ়ি তোলা সংৰক্ষণ অভিযান ভেটি প্ৰতিষ্ঠাৰ আৰম্ভণী বুলি নিশ্চয়কৈ ক’ব পাৰি। সেই কথিকা, সাক্ষাৎকাৰ বা তাৰ অলপ পিছৰ ফাললৈ, ১৯৮৮-৮৯ চন মানলৈ প্ৰচাৰ কৰা আলেখ্য আদি প্ৰধানতঃ পৰিচিতিমূলক আছিল। বিভিন্ন পশু-পক্ষীৰ পৰিচিতি, বনাঞ্চলৰ পৰিচিতি, ভ্ৰমণ তথা বনাঞ্চল-বন্যপ্ৰাণীৰ স’তে হোৱা অভিজ্ঞতাৰ বৃত্তান্ত আদিয়েই সেইবোৰৰ ভিতৰত প্ৰধান আছিল। সেই কথা-বতৰাবোৰৰ মাজত অৱশ্যে সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা কেতিয়াবা উল্লেখ কৰা হৈছিল। উদাহৰণস্বৰূপে জলচৰ চৰাইৰ পৰিচিতিমূলক কথিকাত বিশিষ্ট প্ৰকৃতিবিদ ডিম্বেশ্বৰ চলিহাই আশীৰ দশকৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণি কালতে জলাহভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা প্ৰসংগ উনুকিয়াব পাৰি। ডিম্বেশ্বৰ চলিহা, ডঃ পৰমানন্দ মহন্ত আদিৰ দৰে কেইগৰাকীমান উদ্যোগী শিক্ষকৰ দলটোত হেনো ৰেডিঅ’ক লৈ আটাইতকৈ উৎসাহী আছিল ডিম্বেশ্বৰ চলিহা। সেয়েহে অনুষ্ঠানত তেওঁৰ অংশগ্ৰহণো অধিক আছিল। গতিকে স্বাভাৱিকতেই বিজ্ঞানৰ অনুষ্ঠানত জীৱ তথা বন্যপ্ৰাণ সম্পৰ্কীয় বিষয়ে অধিক ঠাই পাইছিল। কাৰণ চলিহাদেৱৰ অধ্যয়ন তথা অনুৰাগৰ বিষয় আছিল প্ৰাণী বিজ্ঞান। তাহানিতে, ১৯৭৫ চনৰ আগলৈকে আকাশবাণী ডিব্ৰুগড়ৰ ষ্টুডিঅ’ নথকা সত্ত্বেও বা বাহিৰৰ বাণীবন্ধন অনেক কষ্টসাধ্য হোৱা সত্ত্বেও চলিহাদেৱে হেনো সাধাৰণ ৰাইজক পৰিৱেশৰ শিক্ষা বা জ্ঞান দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। চৰাই-চিৰিকতি, জীৱ-জন্তুৰ মাত সংগত কৰিও আকাশবাণীৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত তেওঁ হেনো কথিকা যুগুত কৰিছিল। সি যি হওঁক, বিজ্ঞান অনুষ্ঠানৰ সেই ভেটিত থিয় হৈয়েই আকাশবাণী ডিব্ৰুগড়ে পৰৱৰ্তী কালত পৰিৱেশ সংৰক্ষণ অভিযানৰ গতি নিৰ্ণয় কৰিছিল। আজি আকাশবাণী ডিব্ৰুগড় সেই অভিযানত বহুদূৰ আগুৱাই আহিবলৈ সক্ষম হৈছে।

১৯৯১-৯২ চন মানৰ পৰা আকাশবাণী ডিব্ৰুগড়ে স্পষ্ট ভাষাৰে পৰিৱেশ সংৰক্ষণৰ কথা ক’বলৈ আৰম্ভ কৰে। সেই সময়ত আকাশবাণীয়ে দেশৰ কেইটামান বছা বছা কেন্দ্ৰৰ জৰিয়তে সংবিধান স্বীকৃত আটাইকেইটা ভাষাত ‘নৈসৰ্গিক সম্পদ’ নামেৰে তেৰটা খণ্ডৰ এখন অনাতাঁৰ ধাৰাবাহিক প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। অসমীয়া ভাষাত ধাৰাবাহিকখন প্ৰস্তুত কৰিবলৈ ডিব্ৰুগড় কেন্দ্ৰক বাছনি কৰা হৈছিল। এই ধাৰাবাহিক খনতেই স্পষ্ট ভাষাৰে পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছিল। ধাৰাবাহিকখন কেন্দ্ৰীয়ভাৱে এটা ৰূপত ৰচনা কৰা হৈছিল যদিও অনুবাদ কৰোতে আঞ্চলিক প্ৰেক্ষাপটত খাপ খোৱাকৈ সজাই ল’বলৈ নিৰ্দেশ দিয়া হৈছিল। অসমৰ হাবি-বননি আৰু চৰাই-চিৰিকতিৰে সজাই আলেখ্যখন অনুবাদ কৰিছিল বিশিষ্ট সাহিত্যিক ডঃ মহেন্দ্ৰ বৰাই আৰু প্ৰযোজনা কৰিছিল বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠক আৰু চৈয়দ ছাদুল্লাই। এই আলেখ্যখন বাস্তৱিক ছবি একোখনেৰে শ্ৰোতাক বুজোৱাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন অৰণ্যলৈ নি কথাবোৰ বাণীবদ্ধ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী, শিশু শিল্পীসকলৰ লগতে ইয়াত অংশগ্ৰহণ কৰা শিল্পীসকলৰ ভিতৰত হীৰেন গোহাঁই, লক্ষী দত্ত, কমল (ৰাণা) শৰ্মা, অঞ্জনা বৰুৱা, মুনীন ভূঞা আদি প্ৰধান আছিল। ইয়াৰোপৰি প্ৰায় একে সময়তে ডিব্ৰু-চৈখোৱা অভয়াৰণ্য (এতিয়া ৰাষ্ট্ৰীয় উদ্যান হৈছে) ভ্ৰমণ কৰি আমি আন অনুষ্ঠানো যুগুত কৰিছিলো আৰু সেই অনুষ্ঠানত অভয়াৰণ্যখনৰ সাম্প্ৰতিক অৱস্থা বৰ্ণনা কৰি প্ৰকৃতাৰ্থত ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা দৃঢ়তাৰে উপস্থাপন কৰা হৈছিল। তাহানিৰ লতা-গুল্ম আৰু ঘন ভেৰ গছৰ (ছেলিক্স টেত্ৰাষ্পাৰ্মা) অৰণ্যৰ মাজে মাজে তুলুঙা নাৱেৰে ঘূৰি ঘূৰি অভয়াৰণ্যখনক শ্ৰোতাৰ আগত শুদ্ধৰূপত তুলি ধৰিব পৰাকৈ বিশিষ্ট প্ৰকৃতি প্ৰেমী তথা পৰিৱেশ সংৰক্ষক নাৰায়ণ শৰ্মা আৰু ৰূপজ্যোতি দুৱৰাৰ স’তে বিভিন্ন বন্যপ্ৰাণীৰ মাত বাণীবদ্ধ কৰি ঘূৰি ফুৰাৰ অভিজ্ঞতাৰ স্মৃতিয়ে আজিও মোক শিহৰিত কৰি তোলে। তাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অসমৰ কেবাখনো বনাঞ্চলৰ পৰিস্থিতিৰ কথা প্ৰত্যক্ষ ভ্ৰমণৰ অভিজ্ঞতাৰে বৰ্ণনা কৰাৰ লগতে সংৰক্ষণ প্ৰয়োজনীয়তাৰ কথাও বাৰে বাৰে কৈ থকা হৈছিল। তেনে বনাঞ্চলবোৰৰ ভিতৰত জয়পুৰ, আপাৰদিহিং আৰু দিৰক বনাঞ্চলো আছিল। ১৯৯৫-৯৬ চনত আকাশবাণী ডিব্ৰুগড়ে ‘কল্পবৃক্ষ’ নামেৰে এলানি অনাতাঁৰ শিক্ষা পাঠ্যক্ৰম (Radio Lesson)ৰ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰে। বিশিষ্ট অনাতাঁৰ প্ৰসাৰক লুৎফুৰ ৰহমানে এই পাঠ্যক্ৰমলানিৰ পৰিকল্পনা কৰিছিল। বিশেষজ্ঞৰূপে পাঠদান কৰিছিল বিশিষ্ট ভূ-বিজ্ঞানী তথা অভিনেতা ডঃ সুশীল গোস্বামীয়ে আৰু প্ৰযোজনা কৰিছিলো ৰূপজ্যোতি দুৱৰা আৰু মই। নিয়মীয়া পাঠ্যক্ৰমৰ উপৰিও সেই অনাতাঁৰ শিক্ষাৰ অনুষ্ঠানত পঞ্জীয়নভুক্ত কিছুমান শ্ৰোতাক তাত্বিক অনুশীলনৰ লগতে বৃক্ষৰোপণৰ ব্যৱহাৰিক অনুশীলনো দিয়া হৈছিল। তদুপৰি পাঠ্যক্ৰমৰ স’তে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীবোৰক জৰিত কৰি কিছুমান ৰাজহুৱা প্ৰতিষ্ঠানৰ চৌহদত প্ৰত্যক্ষভাৱে বৃক্ষৰোপনো কৰা হৈছিল। লাহোৱাল মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুল প্ৰাংগণৰ বহুকেইজোপা গছে এতিয়াও সেই কাৰ্য্যৰ স্বাক্ষৰ বহন কৰি আছে। সেই সময়খিনিত বিশ্ব তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংৰক্ষণৰ আলোচনা বৃদ্ধি পাই যোৱাৰ লগে লগে আকাশবাণী ডিব্ৰুগড়েও অনুষ্ঠানৰ সংখ্যা বঢ়াই যাবলৈ ধৰে। তাৰ মাজতে কেন্দ্ৰটোৱে ১৯৯৮ চনত বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক তথ্যালেখ্য (Documentary Feature) এখনৰ বাবে আকাশবাণীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰো বুটলিবলৈ সক্ষম হয়।

বিগত শতিকাৰ শেষৰটো দশকৰ আৰম্ভণিকালৰ পৰাই, ক’ব পৰা যায়—১৯৯২-৯৩ চন মানৰ পৰাই কিছু অনুষ্ঠান কৰা হৈছিল যদিও ১৯৯৫-৯৬ চন মানৰ পৰা আকাশবাণী ডিব্ৰুগড়ে অসমৰ বৰ্ষাৰণ্য আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ক লৈ বিশেষ গুৰুত্বসহকাৰে অনুষ্ঠান প্ৰস্তুত আৰু প্ৰচাৰ কৰিবলৈ লয়। নেচাৰ্চ বেকনৰ সঞ্চালককে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠীটোৰ বিভিন্ন কৰ্মকৰ্তাৰ সাক্ষাৎকাৰ বা কথোপকথনৰ জৰিয়তে জয়পুৰ, আপাৰ-দিহিং তথা ডিৰক বনাঞ্চলৰ বিশেষত্ব আৰু পৰিচিতি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ আগত তুলি ধৰা হৈছিল। বৰ্ষাৰণ্যৰ বিশেষত্ব, প্ৰাচুৰ্য্য আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথাও সমান্তৰালভাৱে কৈ যোৱা হৈছিল। নেচাৰ্চ বেকনে প্ৰকাশ কৰা বিভিন্ন পুষ্টিকাই এই ক্ষেত্ৰত আকাশবাণী ডিব্ৰুগড়ক যথেষ্ট সহায় কৰিছিল। এটা কথা অকপতে স্বীকাৰ কৰো-একেলগে লাগি থকা এই তিনিটা বনাঞ্চলৰ বিচিত্ৰ ৰূপ এবাৰ দেখাৰ পিছত আমি ব্যক্তিগতভাৱে বাৰে বাৰে ভ্ৰমণ কৰাত আগ্ৰহী হৈ পৰিছিলো। গতিকে বিভিন্ন অনুষ্ঠানৰ পৰিকল্পনা কৰি বিশাল বনাঞ্চলটোৰ ভিন ভিন অংশ পৰিভ্ৰমণ কৰাৰ সুবিধা গ্ৰহণ কৰিছিলো। সিমানতো মনে সন্তুষ্টি লাভ নকৰা বাবে মাজে মাজে কাৰ্যালয়ৰ পৰা ছুটি লৈ একাধিক দিন-ৰাতি অৰণ্যৰ মাজত কটোৱাৰ ব্যৱস্থা কৰি লৈছিলো। এনে কৰোতেও কিন্তু আমি অৰণ্যখনৰ তথ্য সংগ্ৰহৰ কাম কৰি গৈছিলো। বাৰে বাৰে গৈ লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনা আৰু সংগ্ৰহ কৰা প্ৰামাণিক তথ্যবোৰ সংযোজিত কৰি বিভিন্ন অনুষ্ঠান যুগুত কৰা হৈছিল। বৰ্ষাৰণ্য সম্পৰ্কে শ্ৰোতা-ৰাইজক সজাগ কৰাই আছিল সেই অনুষ্ঠানবোৰৰ প্ৰধান উদ্দেশ্য। প্ৰথমাৱস্থাত প্ৰধানতঃ নেচাৰ্চ বেকনৰ স’তে জড়িত ব্যক্তিসকলৰ সাক্ষাৎকাৰ, কথিকা, আলোচনা আদিহে প্ৰচাৰ হৈছিল যদিও পিছলৈ পৰিৱেশ সংৰক্ষণৰ স’তে জড়িত সমগ্ৰ অসমৰেই বিভিন্ন লোকক এনে অনুষ্ঠানৰ স’তে জড়িত কৰা হৈছিল। চৰকাৰী বিষয়া-কৰ্মচাৰীসকলো এই ক্ষেত্ৰত বাদ পৰা নাছিল। এনে কৰাৰ উদ্দেশ্য আছিল বাস্তৱ ক্ষেত্ৰৰ অভিজ্ঞতাৰে বনাঞ্চলৰ শুদ্ধ তথ্য প্ৰণালীবদ্ধভাৱে দি সকলো শ্ৰেণীৰ লোককে সচেতন কৰাৰ পাছত সংশ্লিষ্টসকলক একগোট কৰি সংৰক্ষণৰ বাবে কাম কৰিবলৈ উদ্বুদ্ধ কৰা। এনেদৰে সমগ্ৰ বনাঞ্চলটোৰ বস্তুনিষ্ঠ তথ্য ৰাইজৰ আগত দাঙি ধৰাৰ উদ্দেশ্যেৰে ১৯৯৮-৯৯ চনৰ বিভিন্ন সময়ত ইয়াৰ অৱস্থা বা পৰিস্থিতিৰ কথা জানিবলৈ আমি প্ৰায় আঠ মাহ কালত খুব সঘনাই খোজকাঢ়ি কাঠনি-বননি-শিলনিৰ মাজে মাজে বা নৈৰ পাৰে পাৰে ঘূৰি ফুৰিছিলো। ঘূৰি ফুৰোতে বিভিন্ন পৰিস্থিতি, পৰিৱেশ বা অৱস্থাত বিভিন্ন পশু-পক্ষীৰ কিছুমান শব্দ আমি বাণীবদ্ধ কৰিবলৈ সক্ষম হৈছিলো। তাৰে বহুবোৰ শব্দ অদ্ভুত আৰু আপুৰুগীয়া আছিল। আমি আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰি বিভাগৰ মূৰব্বী হৈ থকা কালত বনাঞ্চলখনত বাণীবদ্ধ কৰা শব্দবোৰ সংযোজিত কৰি কিছুমান বাতৰি কেপছুল প্ৰস্তুত কৰিছিলো। তেনে প্ৰায় তিনি মিনিটৰ এক বাতৰি কেপছুল এবাৰ দিল্লীৰ পৰা দুপৰীয়া প্ৰচাৰিত হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰধান বুলেটিনত প্ৰচাৰিত হোৱাৰ উপৰিও ওঠৰটা আঞ্চলিক ভাষাৰ বাতৰি বুলেটিনত অসমৰ বৰ্ষাৰণ্যৰ প্ৰাচুৰ্য্যৰ কথা সেই বাতৰিৰ জৰিয়তে প্ৰচাৰিত হৈছিল। সেই আঠমাহ কালত বাণীবদ্ধ কৰা শব্দৰে আকাশবাণী ডিব্ৰুগড়ে অসমৰ বৰ্ষাৰণ্য সম্পৰ্কত বিভিন্ন শ্ৰেণীৰ শ্ৰোতাৰ বাবে কেবাটাও অনুষ্ঠান প্ৰস্তুত কৰি প্ৰচাৰ কৰিছিল। সেই সময়তেই অসমৰ বৰ্ষাৰণ্যৰ প্ৰাণ-প্ৰাচুৰ্য্যৰ বৰ্ণনাৰে নেচাৰ্চ বেকনে প্ৰকাশ কৰা “Call of the Rainforest” নামৰ এঘণ্টাতকৈও অধিক অৱধিৰ শ্ৰব্য কেছেটটোৰ প্ৰস্তুতিৰ কামো পুৰ্ণোদ্যমে চলিছিল। এতিয়া মনত পেলাই ভাল লগা কথাটো হ’ল আমি সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কীয় কথাবোৰ প্ৰচাৰ কৰাৰ স্বাৰ্থত অৰণ্যৰ মাজত গোটেই নিশা উজাগৰে থাকি শব্দ বাণীবদ্ধ কৰাৰ বিপৰীতে ঘৰতে থাকি হ’লেও বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ কৰ্মী হোৱাৰ আগ্ৰহেৰে বিশিষ্ট শিল্পী, আকাশবাণী ডিব্ৰুগড়ৰ চৈয়দ ছাদুল্লা, ৰাজেন গোঁহাই, ভৱেশ গোস্বামী আদিয়ে সেই শ্ৰব্য কেছেটটো আটকধুনীয়াকৈ সজাই তোলাৰ বাবে স্বেচ্ছাই সেৱা আগবঢ়াইছিল। ২০০১ চনৰ নৱেম্বৰ মাহত নেচাৰ্চ বেকনে ডিব্ৰুগড় জিলাৰ জয়পুৰত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় বৰ্ষাৰণ্য উৎসৱৰ প্ৰায় সকলো কাৰ্যসূচীতে আমি ব্যক্তিগতভাৱে জড়িত হৈ থকাৰ সুযোগ পোৱাৰ বাবে উৎসৱৰ বাতৰি বা প্ৰতিবেদনো আকাশবাণীৰ জৰিয়তে নিয়মীয়াকৈ প্ৰচাৰ হৈছিল। অকল সেয়ে নহয়, ১৯৯৭ চনৰ পৰা ২০০২ চনৰ সময়ছোৱাত আকাশবাণী ডিব্ৰুগড়ে উজনি অসমৰ যোৰহাট, গোলাঘাট, তিনিচুকীয়া আদি জিলাৰ সৰু সৰু টুকুৰা হৈ পৰা বৰ্ষাৰণ্যবোৰৰ লগতে অৰুণাচল প্ৰদেশৰ নামদফাৰ দৰে বিশাল আৰু গভীৰ বৰ্ষাৰণ্য ভ্ৰমণ কৰি সেইবোৰে অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন মানৱসৃষ্ট সমস্যাবোৰ তুলি ধৰি সজাগতামূলক আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল। এই ক্ষেত্ৰত ৰাজ্যিক বন বিভাগবোৰ আৰু নেচাৰ্চ বেকনে আকাশবাণী ডিব্ৰুগড়ক পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।

২০০২-০৩ চনত আকাশবাণী ডিব্ৰুগড়ে পৰিৱেশ সংৰক্ষণক লৈ বিভিন্নজনৰ মতামত গ্ৰহণৰ উদ্দেশ্যে সমগ্ৰ অসমৰে প্ৰকৃতি সংৰক্ষণৰ স’তে জড়িত বিভিন্ন ব্যক্তি, বিশেষজ্ঞ আৰু সংগঠনৰ নেতৃবৃন্দৰ সাক্ষাৎকাৰ বাণীবন্ধনৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। সেই কাৰ্যসূচী ৰূপায়নৰ দায়িত্ব লৈ আমি বিভিন্নজনৰ স’তে কথা পতাৰ সময়তো পৰিৱেশ সংৰক্ষণৰ নানা বিষয়ৰ আলোচনাৰ মাজত বৰ্ষাৰণ্য সংৰক্ষণৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। অৱশ্যে সি স্বাভাৱিক আছিল, কাৰণ সেই সময়খিনিত অসমত বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনটোৱে সকলোবোৰ প্ৰচাৰ মাধ্যমৰেই মনোযোগ কাঢ়ি লৈছিল। তাৰোপৰি যি কোনো পৰিৱেশতন্ত্ৰৰ কথা পাতিলেই বিষয়টোক বৰ্ষাৰণ্যৰ স’তে সংযোজিত কৰিব পৰা কাৰকটোৱে নেচাৰ্চ বেকনৰ নেতৃত্বত চলি থকা আন্দোলনটোক যি কোনো কাৰণত বিৰোধিতা কৰা বা বিৰোধিতাৰ খাতিৰত ইচ্ছা কৰি বৰ্ষাৰণ্য সংৰক্ষণৰ বিষয়টো উল্লেখ কৰিব নোখোজাসকলকো বৰ্ষাৰণ্যখন সংৰক্ষণৰ সপক্ষে মতামত আগবঢ়াবলৈ বাধ্য কৰাইছিল। সেয়েহে ব্যক্তিবিশেষৰ কিছুমান মন্তব্য আমোদজনক আছিল। বাৰু, সেইবোৰ আলোচনাৰ উদ্দেশ্য এই লেখাৰ মুঠেও নহয়। আকাশবাণী ডিব্ৰুগড়ে সেই সাক্ষাৎকাৰবোৰ খণ্ড খণ্ডকৈ প্ৰচাৰ কৰাৰ উপৰিও “সেউজী ধৰণী” নামেৰে এলানি তথ্যালেখ্য যুগুত কৰিছিল। এই লানি তথ্যালেখ্যৰ প্ৰধান উপজীব্য আছিল অসমৰ বৰ্ষাৰণ্য আৰু তাত বাণীবদ্ধ কৰা শব্দবোৰ।

২০০৪ চনৰ পৰা প্ৰতি বছৰৰ সমগ্ৰ জুন মাহটোত আকাশবাণী ডিব্ৰুগড়ে সকলোবোৰ অনুষ্ঠান পৰিৱেশ সংৰক্ষণৰ বিষয়েহে সজাই তুলি ইয়াক “সেউজীয়া অনাতাঁৰ প্ৰচাৰ” বা “Green Broadcasting” বুলি নামাংকিত কৰিছিল। একেলেথাৰিয়ে তিনি বছৰ অৰ্থাৎ ২০০৪, ২০০৫ আৰু ২০০৬ বৰ্ষৰ জুন মাহটোত কেন্দ্ৰটোৱে “সেউজীয়া অনাতাঁৰ প্ৰচাৰ” বা “Green Broadcasting” চলাইছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এই “সেউজীয়া অনাতাঁৰ প্ৰচাৰ”এ অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। “সেউজীয়া অনাতাঁৰ প্ৰচাৰ”ৰ প্ৰণালীবদ্ধ পৰিকল্পনাৰ জড়িয়তে আমোলা-বিষয়া, ৰাজনীতিক, পৰিৱেশ বিজ্ঞানী, গৱেষক, ছাত্ৰ-ছাত্ৰী, খেতিয়ক, উদ্যোগী, বণিক আদি সকলোৰে কৰ্মপটহত পৰিৱেশ সংৰক্ষণৰ বিষয়টো চিন্তা কৰাৰ বাবে খুন্দিয়াই থকা হৈছিল। আকাশবাণী ডিব্ৰুগড়ৰ এই কাৰ্যসূচীকালত পৰিৱেশ সংৰক্ষণক লৈ উজনি অসমৰ জনতা অভাৱনীয়ৰূপত সচেতন হৈ পৰিছিল। এই কাৰ্যসূচী ৰূপায়ণকালত সামগ্ৰীকভাৱে পৰিৱেশ সংৰক্ষণ আৰু বিশেষভাৱে বৰ্ষাৰণ্য সংৰক্ষণৰ বিষয়বোৰ কিদৰে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সবলীকৰণৰ আহিলা হ’ব পাৰে সেই কথা আলোচনা কৰিবলৈ আৰু শ্ৰোতাসকলক বুজাবলৈ চেষ্টা কৰা হৈছিল। সাধাৰণতে অৰণ্য এখনৰ বিচিত্ৰ সম্ভাৰৰ অকল্পনীয় আচৰণবোৰ আমাৰ সামাজিক শিক্ষাৰ আহিলা হ’ব পাৰে আৰু সেয়েহে একোখন অৰণ্য সমাজৰ বাবে একোটা সীমাহীন জ্ঞানৰ ভাণ্ডাৰ হ’ব পাৰে। অৰণ্যৰ স’তে মানুহৰ জীৱনচৰ্য্যা আৰু সংস্কৃতিৰ শিপাডাল এতিয়াও নিবিড়ভাৱে জড়িত। একবিংশ শতিকাৰ অত্যাধুনিক জীৱনচৰ্য্যা গ্ৰহণ কৰিও মানুহে ইচ্ছা কৰিলেই প্ৰকৃতিৰ স’তে সম্পৰ্ক যে কেতিয়াও ছেদ কৰিব নোৱাৰে আৰু তাকে কৰিলে কেনে বিষম পৰিস্থিতিৰ সৃষ্টি হয় সেই কথা উদাহৰণেৰে স’তে অনুষ্ঠানবোৰত তুলি ধৰা হৈছিল। অৰণ্যৰ কেৱল গছ-গছনি আৰু কয়লা আদিহে আমাৰ অৰ্থনৈতিক সমল, গতিকে গছ-গছনি কাটি, কয়লা আহৰণ কৰি আমি অৰ্থ উপাৰ্জন কৰিব লাগে বুলি থকা ধাৰণাটো যে এখন ৰাজ্য, এখন দেশ বা সমগ্ৰ মানৱৰ বাবে সোণৰ কণী পৰা হাঁহটোৰ পেট ফালি গোটেইকেইটা কণী উলিয়াই ল’বলৈ চেষ্টা কৰা ধৰণৰ অৰ্থনৈতিকভাৱে আত্মহননকাৰী চিন্তা সেই কথা বিশেষজ্ঞৰ হতুৱাই শ্ৰোতাক বুজাই দিয়া হৈছিল। সাম্প্ৰতিক সময়ত পৰিৱেশ সংৰক্ষণৰ বিষয়ক লৈ অজ্ঞ বা উদাসীন ৰাজনীতিকসকলক যে সমাজৰ বাবে ভীষণ ক্ষতিকাৰক হ’ব পাৰে সেই কথা “সেউজীয়া অনাতাঁৰ প্ৰচাৰ”ৰ সময়ত ৰাইজক বুজোৱা হৈছিল আৰু নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰোতে সেই ক্ষেত্ৰত সচেতন হ’বলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ বিপৰীতে আকৌ ৰাজনীতিকসকলক এখন অৰণ্য কেনেকৈ ৰাজনৈতিক ক্ষমতা আহৰণ তথা সমাজ হিতৈষী কামৰ প্ৰেৰণাদায়ক উৎস হ’ব পাৰে সেই কথা বুজাই দিয়া হৈছিল বা সেই সম্পৰ্কে তেওঁলোকৰ স’তে আলোচনা কৰা হৈছিল। এই কথাবোৰ আলোচনা কৰোতে বৰ্ষাৰণ্য সংৰক্ষণৰ প্ৰসংগটোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। ইয়াৰোপৰি প্ৰতি বছৰৰ কাৰ্যসূচীত কেন্দ্ৰীয়ভাৱে এটা বিষয়ৰ শ্লোগান ৰখা হৈছিল। প্ৰথম বছৰৰ শ্লোগান আছিল “বৰ্ষাৰণ্য সংৰক্ষণ কৰক” (Save Rain Forest), দ্বিতীয় বছৰৰ শ্লোগান আছিল “হলৌ বান্দৰ সংৰক্ষণ কৰক” (Save Hoolock Gibbon) আৰু তৃতীয় বছৰৰ শ্লোগান আছিল “সমূহীয়া বনাঞ্চল গঢ়ি তোলক” (Grow Community Forest)। শ্ৰব্য মাধ্যমৰ বাবে প্ৰযোজ্য হোৱাকৈ পৰিৱেশ সংৰক্ষণ সম্পৰ্কত ৰাইজক ৰাজনৈতিকভাৱে সজাগ কৰাৰ উদ্দেশ্যে অন্যান্য উপকৰণৰ লগতে বিষয় ভিত্তিক তাৎক্ষণিক গণভোটৰ ব্যৱস্থা কৰি অনুষ্ঠান যুগুত কৰা প্ৰসংগটো এই ক্ষেত্ৰত উদাহৰণ হিচাপে উনুকিয়াব পাৰি। তিনিটা বছৰৰ সেউজীয়া অনাতাঁৰ প্ৰচাৰ আয়োজন কৰা তিনি মাহত আকাশবাণী ডিব্ৰুগড়ে পৰিৱেশ সংৰক্ষণ আৰু বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় প্ৰায় এহেজাৰ অনুষ্ঠান যুগুত কৰিছিল। সেইবোৰৰ ভিতৰত বিশেষজ্ঞ বা অন্যান্য সংশ্লিষ্টসকলৰ কথিকা, সাক্ষাৎকাৰ আদিৰ উপৰিও আছিল গীত, নাটক, আলেখ্য আদি আৰু সেইবোৰ বেলেগ বেলেগ গোটৰ শ্ৰোতাৰ বাবে বেলেগে বেলেগে প্ৰযোজনা কৰা হৈছিল। মুঠতে সেউজীয়া অনাতাঁৰ প্ৰচাৰৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোককে সাধাৰণভাৱে পৰিৱেশ সংৰক্ষণ আৰু বিশেষভাৱে বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কত সজাগ কৰিবলৈ কোনো ক্ষেত্ৰতেই চেষ্টাৰ ত্ৰুটি কৰা হোৱা নাছিল।

২০০৬ চনৰ পিছত আকাশবাণী ডিব্ৰুগড়ে আনুষ্ঠানিকভাৱে “সেউজীয়া অনাতাঁৰ প্ৰচাৰ” কৰা নাই যদিও বৰ্তমানলৈকে প্ৰতি বছৰেই সমগ্ৰ জুন মাহটোত সকলোবোৰ অনুষ্ঠান পৰিৱেশ সংৰক্ষণৰ বিষয়েৰে সজাই তোলা ধাৰাটো বৰ্তাই ৰখা হৈছে। অনুষ্ঠানৰ চৰিত্ৰ আৰু বৈশিষ্ট অনুযায়ী বিশেষজ্ঞ, পৰিৱেশ কৰ্মী, বিজ্ঞানী, গৱেষক বা অধ্যয়নপুষ্ট নাগৰিকৰ কথিকা, সাক্ষাৎকাৰ আদিৰ উপৰিও গীত, নাটক-নাটিকা, আলেখ্য আদিৰ প্ৰযোজনা, প্ৰস্তুতি এতিয়াও কেন্দ্ৰটোৱে নিয়মীয়াকৈ বা জুন মাহটোক লক্ষ্য কৰি চলায়েই আছে। ৰেডিঅ’ৰ বিনোদনধৰ্মী অনুষ্ঠানত সাধাৰণ শ্ৰোতাৰ সাক্ষাৎকাৰ বা কথা-বতৰা সংযোজিত কৰা কাৰ্য্যই অনুষ্ঠানৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি কৰে। সেয়েহে তেনে অনুষ্ঠানবোৰে ঈপ্সিত লক্ষ্য পূৰণ কৰাত বা বিষয় সম্পৰ্কত ৰাইজক পতিয়ন নিওৱাত সহায় কৰে। আকাশবাণী ডিব্ৰুগড়ে তেনে অনুষ্ঠানবোৰক সদায় বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিত অনাতাঁৰ প্ৰসাৰণৰ এই আহিলাবিধক কৃতকাৰ্যতাৰে ব্যৱহাৰ কৰিছে। এনে অনুষ্ঠান যুগুত কৰোতে আকাশবাণী ডিব্ৰুগড়ে দিহিং-পাটকাই বৰ্ষাৰণ্য বা পবা বৰ্ষাৰণ্যৰ আশ-পাশৰ গাঁৱৰ জনসাধাৰণৰ ঘৰলৈ গৈ পাকঘৰ, ভঁৰালঘৰ, গোসাঁইঘৰ বা প্ৰাৰ্থনাগৃহৰ মজিয়া গচকি তেওঁলোকৰ জীৱনচৰ্য্যাৰ সতে প্ৰকৃতি কি ধৰণে জৰিত তাক মনত পেলাই বা দেখুৱাই দি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথাটো নিজকে অনুধাৱন কৰিবলৈ দিয়ে। বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ সতে সংপৃক্ত হৈ থকা পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় আচাৰ-আচৰণবোৰ দেখুৱাই দিয়া বা তেওঁলোকক নিজকে বিচাৰি উলিয়াবলৈ দিয়া কাৰ্য্যই সজাগতা বৃদ্ধিত অভাৱনীয়ৰূপত কাম কৰা পৰিলক্ষিত হৈছে। অৱশিষ্ট আবাসভূমি সংকুচিত হৈ পৰাৰ ফলত সংকটত পৰা বন্যপ্ৰাণীবোৰ জনবসতিৰ মাজলৈ ওলাই আহোতে মানুহৰ সতে সংঘাত হয়। এনে সংঘাত হোৱা অঞ্চলবোৰলৈ গৈ শাৰীৰিক, আৰ্থিক বা মানসিকভাৱে ক্ষতিগ্ৰস্ত মানুহবোৰৰ মনৰ বুজ লোৱা আৰু তেওঁলোককেই উদাহৰণ হিচাপে লৈ পৰ্যায়ক্ৰমে বণ্যপ্ৰাণীৰ আৱাসভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজোৱা কাৰ্য্য যথেষ্ট ফলপ্ৰসূ বুলি আমি এতিয়া নিজৰ অভিজ্ঞতাৰ পৰা ক’ব পৰা হৈছো। আকাশবাণী ডিব্ৰুগড়ে বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যৰ দাঁতিকাষৰীয়া ডিগবৈৰ বনৰীয়া হাতীৰদ্বাৰা ক্ষতিগ্ৰস্ত গাঁৱৰ লোকৰ সাক্ষাৎ গ্ৰহণ কৰি কেবাটাও অনুষ্ঠান প্ৰচাৰ কৰিছে। যিকোনো বিষয় ৰাইজক সহজে বুজাব পৰা ৰেডিঅ’ প্ৰসাৰণৰ এবিধ আহিলা হ’ল নাটক। ৰেডিঅ’ৰ নাটকে শ্ৰোতাৰ মনত বিষয়সম্পৰ্কত অভাৱনীয় প্ৰভাৱ পেলাব পাৰে। সাধাৰণ শ্ৰোতাৰ উপৰিও শিশুসকলক বৰ্ষাৰণ্য কি আৰু বৰ্ষাৰণ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষা দিবলৈ আকাশবাণী ডিব্ৰুগড়ে কেবাখনিও শিশুনাট ইতিমধ্যে যুগুত কৰি উলিয়াইছে। এই নাটবোৰত শিশুৰ অনুসন্ধিৎসু মনত দোলা দিব পৰাকৈ বৰ্ষাৰণ্যৰ বাস্তৱ ছবি একোখন তুলি ধৰিবলৈ চেষ্টা কৰা হৈছিল। আমাৰ ব্যক্তিগত ৰচনা আৰু প্ৰযোজনাৰ উপৰিও ডঃ নৱকুমাৰ চমুৱা ৰচিত এনে কেবাখনো শিশুনাট আকাশবাণী ডিব্ৰুগড়ে প্ৰস্তুত কৰিছে। একেদৰে পৰিৱেশ কৰ্মী বা পৰিৱেশ বিজ্ঞানীৰ স’তে অন্তৰংগ আলাপ তথা প্ৰশ্নোত্তৰৰ জৰিয়তেও শিশুসকলক সচেতন কৰাৰ চেষ্টা চলাইছে আকাশবাণী ডিব্ৰুগড়ে।

২০১২-১৩ বৰ্ষত আকাশবাণী ডিব্ৰুগড়ে উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ সহযোগত ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সমীপৰ টিপামফাকে গাঁৱৰ বুঢ়ীদিহিঙ নৈৰ চাপৰিত ধৰিত্ৰী উৎসৱৰ আয়োজন কৰে। এই উৎসৱৰ প্ৰধান উদ্দেশ্য আছিল দিহিং-পাটকাই বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাঁৱত বসবাস কৰা জনগোষ্ঠীবোৰৰ সংস্কৃতি আৰু জীৱনচৰ্যাৰ স’তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক চিনাকি কৰাই দিয়া। এই উৎসৱৰ জৰিয়তে বৰ্ষাৰণ্য নিৰ্ভৰ সাংস্কৃতিক সমল আৰু উপকৰণবোৰ প্ৰদৰ্শন কৰি সেইবোৰ কেনেদৰে মানৱ সভ্যতাৰ স্থায়ীত্বৰ কাৰক হ’ব পাৰে সেই কথা তথাকথিত সভ্য সমাজক বুজাবলৈ চেষ্টা কৰা হৈছিল। বৰ্ষাৰণ্যৰ সুষমা আৰু গাম্ভীৰ্য্য অনুভৱ কৰাবলৈকে সংবেদনশীল লেখক, আগশাৰীৰ সাংবাদিক তথা প্ৰতিষ্ঠিত কবিসকলক এই উৎসৱলৈ আমন্ত্ৰণ কৰি অনা হৈছিল। তেওঁলোকক নাৱেৰে, খোজ কাঢ়ি বা গাড়ীৰে অৰণ্যৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ সুবিধা দিয়া হৈছিল। গহীন নিশা কবিতাৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। দিনৰ ভাগত বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় বিজ্ঞজনৰ অধ্যয়নপুষ্ট আৰু গৱেষণামূলক বক্তৃতাৰ মাজে মাজে জনগোষ্ঠীয় পৰম্পৰাগত গীত-নৃত্য পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছিল। সমান্তৰালকৈ গছৰ তলত বা কোনোবা ঘৰৰ চোতালত মনে মিলাসকল একগোট হৈ চলাইছিল পৰিৱেশ পৰ্যটনৰ উন্নয়ন বা বৰ্ষাৰণ্য সংৰক্ষণ সম্পৰ্কীয় বিষয়ক লৈ ‘ব্ৰেইনষ্ট’ৰমিং’ আলোচনা। অঞ্চলটোত বৰ্ষাৰণ্যখনক লৈ গঢ়ি উঠিব পৰা পৰিৱেশ পৰ্যটন উদ্যোগৰ অংশীদাৰ যাতে গাওঁবাসীসকল হ’ব পাৰে তাৰ বাবে উৎসৱলৈ আমন্ত্ৰণ কৰা পৰ্যটকসকলক ‘হোম-ষ্টে’ বা গাঁৱৰ লোকৰ ঘৰত পইচা দি থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। তাৰ বাবে গাঁৱৰ কেইটামান পৰিয়ালৰ ঘৰ চিনাক্ত কৰা হৈছিল, প্ৰয়োজন সাপেক্ষে কোঠাবোৰৰ উন্নয়ন ঘটোৱা হৈছিল আৰু কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীক অতিথি আপ্যায়নৰ প্ৰশিক্ষণ দিয়া হৈছিল। এই আয়োজনৰ প্ৰায় সকলোবোৰ কাৰ্যসূচীৰ কথা-বতৰা, গীত-মাত বাণীবদ্ধ কৰা হৈছিল আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল। এই উৎসৱৰ বতৰাই অন্যান্য অৰণ্যাঞ্চলৰ আশ-পাশৰ লোকসকলক অৰণ্য সংৰক্ষণৰ কাৰ্যত গুৰুত্ব দিবলৈ অনুপ্ৰাণিত কৰিছিল বুলি পিছত শ্ৰোতাসকলে চিঠিৰে বা টেলিফোনেৰে জনাইছিল।

এটা কথা অনস্বীকাৰ্য্য যে সমগ্ৰ অসমৰ লগতে উজনি অসমত প্ৰণালীবদ্ধভাৱে প্ৰকৃতি সংৰক্ষণ আন্দোলন আৰম্ভ কৰে নেচাৰ্চ বেকনে। প্ৰথমে গণসংযোগৰ বিভিন্ন মাধ্যমেৰে সজাগতা আৰু পিছত ৰাইজৰ বৃহৎ অংশগ্ৰহণেৰে সংৰক্ষণ আন্দোলন আগবঢ়াই নিয়ে নেচাৰ্চ বেকনে। নেচাৰ্চ বেকনৰ আগতে কোনোবা সংগঠনে পদ্ধতিগতভাৱে পৰিৱেশ সংৰক্ষণ আন্দোলনৰ নেতৃত্ব দি সমগ্ৰ ৰাজ্যজুৰ বৃহৎ জনসজাগতা সৃষ্টি কৰাৰ নজিৰ অসমত নাই। উজনি অসমৰ বৰ্ষাৰণ্যৰ সামান্য অংশ হ’লেও দিহিং পাটকাই অভয়াৰণ্য অসমৰ পৰিৱেশ সংৰক্ষণ আন্দোলনৰ এক বৃহৎ সফলতাৰ নাম। নেচাৰ্চ বেকনৰ সংগ্ৰামী পৰিক্ৰমা সফলতাৰ তালিকাত অসমৰ আৰু অন্যান্য অভয়াৰণ্যৰ নাম নিশ্চয় আছে। এই সফলতাৰ কাৰণ নিশ্চয় নেতৃত্বৰ সু-সংহত পৰিকল্পনা, কৰ্মীসকলৰ উৎসৰ্গীকৃত কৰ্মোদ্যম আৰু প্ৰকৃতিৰ প্ৰতি থকা নিঃস্বাৰ্থ আৰু গভীৰ প্ৰেম। বিগত শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণী কালত প্ৰধানতঃ ধুবুৰীক কেন্দ্ৰ কৰি নামনি অসমত ফলপ্ৰসূভাৱে প্ৰকৃতি সংৰক্ষণৰ আন্দোলন চলাই যোৱা পৰিৱেশ সংৰক্ষণকাৰী সংস্থাটোৱে শতিকাটোৰ শেষৰ দশকৰ আৰম্ভণী কালত উজনি অসমত কাম আৰম্ভ কৰে। সেই কাম আৰম্ভ হৈছিল বৰ্ষাৰণ্যৰ একপ্ৰকাৰ জৰীপ আৰু অধ্যয়নেৰে। সেই আৰম্ভণী কালতে আকাশবাণী ডিব্ৰুগড়ে সংস্থাটোৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ এক সাক্ষাৎকাৰ বাণীবদ্ধ কৰি প্ৰচাৰ কৰিছিল। নিৰ্দিষ্ট তাৰিখ-সময়ৰ তথ্য উদ্ধাৰ কৰিব পৰা নগ’ল যদিও সেই সাক্ষাৎকাৰৰ সাক্ষাৎ গ্ৰহণকাৰী ৰূপজ্যোতি দুৱৰাৰ মতে ১৯৯২-৯৩ চনৰ কোনোবা এটা দিনত সেই অনুষ্ঠান সম্প্ৰচাৰ হৈছিল। তাৰ পিছত অৰণ্যাঞ্চলটোৰ তথ্য সংগ্ৰহ, বৰ্ষাৰণ্য বুলি চিনাক্তকৰণ, সম্পূৰ্ণ এলেকা আৰু জনবসতি নথকা এলেকা চিনাক্ত কৰি মেপ অংকন, স্থায়ী সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ আকাৰে দাবী উত্থাপন কৰাৰ পৰিকল্পনা আদি বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ প্ৰাৰম্ভিক সকলো কামৰ সাক্ষী হৈ পৰে আকাশবাণী ডিব্ৰুগড়। এই কামৰ সমান্তৰালকৈ আগবাঢ়ে জনসজাগতাৰ বাবে বিভিন্ন মাধ্যমৰ উপযোগীকৈ প্ৰচাৰ আহিলাৰ প্ৰস্তুতি প্ৰক্ৰিয়া। এই কামত আমি ব্যক্তিগতভাৱে জড়িত হৈ পৰো। আকাশবাণী ডিব্ৰুগড়ে এই সময়ছোৱাতেই নিজৰ উপযোগীকৈ বৰ্ষাৰণ্য সম্পৰ্কত জনসজাগতা বৃদ্ধিৰ বাবে অধিক সচেতনতাৰে অনুষ্ঠান পৰিকল্পনাৰ কাম আৰম্ভ কৰে। তেতিয়াৰে পৰাই এটা চৰকাৰী প্ৰচাৰ মাধ্যমৰ কেন্দ্ৰ হৈও, সকলো চৰকাৰী নীতি-নিয়ম পালন কৰি আকাশবাণী ডিব্ৰুগড়ে এজন নিষ্ঠাৱান স্বেচ্ছাসেৱীৰ দৰে অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনত অবিৰাম সেৱা আগবঢ়াই আহিছে। কেন্দ্ৰটোৰ সেৱাৰ সেই ধাৰা আজিও অব্যাহত আছে। এক কথাত ক’ব পাৰি নেচাৰ্চ বেকনৰ দৰে সংস্থাবোৰৰ পৰিপূৰক হৈ আকাশবাণী ডিব্ৰুগড়েও বিগত প্ৰায় তিনিটা দশকত উজনি অসমত পৰিৱেশ সংৰক্ষণৰ এক আন্দোলন গঢ়ি তুলিছে।

লোহিত ডেকা,

আকাশবাণী ডিব্ৰুগড়,

কনভয় ৰোড, মলখুবছা,

ডিব্ৰুগড়-৭৮৬০০৩

ই-মেইল-lohitdeka@gmail.com

The first rainforest conservation movement of Assam which was spearheaded by Nature’s Beckon started in the early 90s. 

In our old archives,we had some newspaper cuttings of 2001,which is almost 20 years back regarding rainforest conservation movement of Assam. The Dehing Patkai Wildlife Sanctuary was not declared by then and the movement was at its peak. Later this movement led to the birth of Dehing Patkai Wildlife Sanctuary in 2004. The protection of our rainforests is still contexual today. We shall always keep working and keep working protecting all our our rainforests. 

We put up a few of such paper cuttings of 2001 of the rainforest conservation movement for our new members,well wishers and supporters. 

The few newspaper cutttings(of concern) are given below:

Share: