জয়পুৰত পৰ্যটন উদ্যোগৰ সম্ভাৱনা

জয়ন্ত ভূঞা,

উজনি অসমৰ ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া ঠাই জয়পুৰ। প্ৰাকৃতিক, ঐতিহাসিক আৰু নৃগোষ্ঠীয় বৈচিত্ৰ্যৰ সমলেৰে ভৰপুৰ এই জয়পুৰ। এখন ঠাই এইকেইটা সমলৰ উভয়নদী হোৱা মানেই সেই ঠাইখনত পৰ্যটন শিল্প গঢ় লোৱাৰ অপাৰ সম্ভাৱনা থাকে। সেয়ে জয়পুৰ অঞ্চলৰ এই বিলাক সমলক উপযুক্ত ব্যৱহাৰ কৰি ঠাইখনক পৰ্যটন শিল্পৰ ঠাই হিচাপে গঢ়ি তোলাৰ সাংঘাতিক সুযোগ আছে। প্ৰথমে আহো প্ৰাকৃতিক সমলৰ বিষয়লৈ। এক কথাত ক’বলৈ গ’লে প্ৰাকৃতিক সম্পদত এই ঠাইখন কেৱল অসমৰে নহয় দেশৰ ভিতৰতে অন্যতম চহকী। ব্ৰাজিলৰ আমাজন সদৃশ অৰণ্য আছে এই জয়পুৰতে । অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈ বুঢ়ীদিহিং নদী জয়পুৰৰ গাতে গা ঘেলাই চঞ্চলা নাৰীৰ দৰে বৈ গৈছে। জয়পুৰৰ পৰা এই নৈয়েদি উজাই গ’লে দুয়ো পাৰে দেখা পোৱা যায় গভীৰ সেউজীয়াৰে ভৰা অৰণ্যভূমি। এই অৰণ্য কিন্তু সাধাৰণ অৰণ্য নহয়। আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ বিনন্দীয়া ৰূপ অটুট ৰখাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰা বৰ্ষাৰণ্য এইখন। যাক পৃথিৱীৰ হৃদপিণ্ড বুলি কোৱা হয়। পাঁচশ বৰ্গ কিলোমিটাৰতকৈও বেছি এলেকা জোৰা এই বৰ্ষাৰণ্যখনে বিশ্বৰ যিকোনো চহকী অৰণ্যৰ সৈতে ফেৰ মাৰিব পাৰে। অৰণ্যখন নামৰূপ জয়পুৰৰ পৰা আৰম্ভ হৈ অৰুণাচল প্ৰদেশৰ সৈতে লাগি আছে। ইয়াৰ আনফালে আছে ডিগবৈ মাৰ্ঘেৰিটা আদি ঠাই । বন বিভাগে প্ৰশাসনৰ সুবিধাৰ বাবে অৰণ্যখনত তিনিটা সংমণ্ডলত ভাগ কৰি লৈছে। জয়পুৰ, আপাৰ দিহিং ( লক্ষীপথাৰ আৰু চৰাইপুং ) আৰু ডিৰক । এই সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্যখনৰ স্থায়ী সংৰক্ষণৰ বাবে পৰিবেশ সংগঠন নেচাৰ্চ বেকনে দীৰ্ঘদিন আন্দোলন কৰাৰ পাছত ২০০৪ চনত এই তিনিওখন বনাঞ্চলৰ কিছু কিছু অংশ সামৰি মুঠ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰে। এইখনেই হৈছে দিহিং পাটকাই অভয়াৰণ্য। এই অভয়াৰণ্যখনেই হওঁক বা সমগ্ৰ বৰ্ষাৰণ্যখন ৪০ টাতকৈও অধিক প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, সমসংখ্যক প্ৰজাতিৰ সৰিসৃপ,৩০০ প্ৰজাতিৰো অধিক বন্য পক্ষী, সমসংখ্যক পখিলাৰ প্ৰজাতি, অসংখ্য প্ৰজাতিৰ কীট-পতংগৰ বাসস্থান। এই অৰণ্যত হলৌ বান্দৰকে ধৰি সাতটা প্ৰজাতিৰ বান্দৰ, আঠটা প্ৰজাতিৰ মেকুৰী প্ৰজাতিৰ প্ৰাণী, পাঁচটা প্ৰজাতিৰ ধনেশ পক্ষী পোৱা যায় । যিটো সাধাৰণতে যিকোনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত একে লগে পোৱাটো বিৰল। আনহাতে ইয়াত পৰ্যাপ্ত পৰিমাণে পোৱা হলৌ হৈছে ভাৰতবৰ্ষত পোৱা একমাত্ৰ বনমানুহ বা এপ প্ৰজাতি।

ইয়াৰ উপৰিও এই অৰণ্যভুমি অসংখ্য প্ৰজাতিৰ সৰু ডাঙৰ বৃক্ষ,গুল্ম, লতা পোৱা যায়। সেয়ে যিকোনো পৰ্যটকৰ বাবে এই অৰণ্য দৰ্শন আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ পৰিবেশ সম্পৰ্কীয় ক্ষেত্ৰ অধ্যয়নৰ আৰু গৱেষক সকলৰ পৰিবেশ,জীৱ,উদ্ভিদ আদিৰ গৱেষণাৰ বাবে এইখন এখন আদৰ্শ অৰণ্য । এই গৱেষণা বা ক্ষেত্ৰ অধ্যয়নৰ গইনালৈ  পৰ্যটন শিল্প গঢ়লৈ উঠাৰ এশ শতাংশ সম্ভাৱনীয়তা থাকে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে একৈশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই পৃথিৱীখন যান্ত্ৰিক কৰি পেলাইছে । সেয়ে সকলোৱে কিছু সময়ৰ বাবে হ’লেও যান্ত্ৰিক পৃথিৱীৰ জনঅৰণ্য বা কংক্ৰিটৰ অৰণ্যৰ পৰা আঁতৰি মানসিক শান্তি লাভৰ আশা কৰে। তেতিয়া মানুহে প্ৰকৃতিৰ কোলা বিচাৰে য’ত যন্ত্ৰই আমনি কৰিব নোৱাৰে, কোলাহলে আমনি কৰিব নোৱাৰে। লগতে জীনগত কাৰণত হ’লেও কেতিয়াবা প্ৰকৃতিৰ সতে একাত্ম হ’ব বিচাৰে । তেনে লোকৰ বাবে উজনি অসমৰ বৰ্ষাৰণ্য বা দিহিং পাটকাই অভয়াৰণ্য আদৰ্শ স্থান। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি জয়পুৰ অঞ্চলত পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ বাবে খুবেই সুবিধা আছে । আনহাতে এই বৰ্ষাৰণ্যখনৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ দেওমালী, খুনচা,লংডিং আদি অতি মনোৰম ঠাই। জয়পুৰলৈ অহা পৰ্যটকে এই স্থান সমূহ সহজে দৰ্শন কৰাৰ সুবিধা আছে। ইয়ালৈ অহা পৰ্যটকক অৰণ্যখনৰ মাজেদি বৈ অহা বুঢ়ীদিহিং নদীত নৌকা বিহাৰ অথবা নামচাং নদীত ৰাফটিঙে এক অনন্য অভিজ্ঞতা দিব পাৰে। দিহিং পাটকাই অভয়াৰণ্য বা বৰ্ষাৰণ্য জংগল ট্ৰেকিঙ, বাৰ্ড ৱাচিং বা জংগল কেম্প কৰাৰ বাবে আদৰ্শ স্থান। এই অৰণ্যৰ মাজত থকা বহু পুৰণি নামচাং বাগিছাৰ অপূৰ্ব সৌন্দৰ্যই যিকোনো পৰ্যটকৰ মন মুহিব পাৰিব। মুঠতে পৰ্যটন শিল্পৰ বাবে জয়পুৰৰ এই প্ৰাকৃতিক সম্পদ বিশ্বৰ যিকোনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যতকৈ কম নহয়। ঐতিহাসিক দিশৰ পৰাও জয়পুৰ যথেষ্ট সমৃদ্ধ । ছশ বছৰীয়া আহোম ৰাজত্বৰ সেই সোণালী অধ্যায় আৰম্ভ হৈছিল এই জয়পুৰৰ গাতে লাগি থকা টিপামৰ পৰা । জয়পুৰৰ দীঘলী ঘাটত ( এতিয়াৰ নগা ঘাট) নৰাই বান্ধি দিয়া বাহঁৰ ভূৰত বুঢ়ীদিহিং নদী পাৰ হৈ চুক্যাফাই ঐতিহাসিক তিপামৰ দেওশালী পাহাৰত ভৰি থৈছিল । এই পাহাৰৰ পৰা সমভূমি অঞ্চলৰ সোণগুটি শস্যৰ পথাৰ দেখি মহান পুৰুষজনৰ মুখেৰে স্বয়ংক্ৰিয়ভাবে ওলাই আহিছিল “ ম্যুং ডুন চ্যুং খাম” অৰ্থাৎ সোণালী শস্যৰ দেশ।  ইয়াৰ পাছতে এই দেওশালী পাহাৰতে স্থাপন কৰিছিল আহোমৰ প্ৰথম ৰাজধানী । আৰম্ভ হৈছিল কামৰূপ ( সৌমাৰপীঠ )ৰ নতুন ইতিহাস। তিপাম চুক্যাফাৰ অস্থায়ী ৰাজধানীৰ আছিল বাবে কোনো ধৰণৰ স্মাৰক নাই। কিন্তু এই ঐতিহাসিক দেওশালী পাহাৰে এতিয়াও সোঁৱৰাই ছশ বছৰীয়া আহোম ৰাজত্ব সেই স্বৰ্ণীল ইতিহাস । যিকোনো পৰ্যটকক হাত বাউল দি মাতে তিপামৰ দেওশালী পাহাৰে, ইয়াত থকা ঐতিহাসিক বুঢ়া-ডাঙৰীয়া থানে। সেইদৰে মানৰ আক্ৰমণৰ সেই দুৰ্বিসহ দিনবোৰ সোঁৱৰাই জয়পুৰৰ পাতালুং বৰবৰুৱা গড়ে। মান ভেটিবলৈ আহোম স্বৰ্গদেউৰ নিৰ্দেশমতে বন্ধোৱা গড় সম্প্ৰতি অস্তিত্ব সংকটত। সময় অতীত হৈ নাযাওঁতেই ইয়াক সংৰক্ষণ কৰি পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ প্ৰয়োজন । ইয়াৰ উপৰিও জয়পুৰৰ আশে-পাশে আছে বহু কেইটা ঐতিহাসিক স্থান । যি বিলাক জয়পুৰলৈ অহা পৰ্যটকে সহজে দৰ্শন কৰিব পাৰে । ইয়াৰ ভিতৰত বুঢ়ীদিহিং নদীৰ মাজত অৱস্থিত সীতাকুণ্ড,কানাই বৰশীবোৱা শিল,তিপাম আইথান,ঔগুৰি থান ইত্যাদি । বিশেষকৈ জয়পুৰৰ পৰা বুঢ়ীদিহিং নদীয়েদি উজাই গ’লে নদীখনৰ মাজত থকা সৰু এটা দ্বীপ হৈছে সীতাকুণ্ড। আহোমৰ দিনত থাপিত ঔগুৰি সত্ৰৰ সত্ৰাধিকাৰ ৰামদেৱৰ পত্নীৰ বিয়োগ ঘটাত এই দ্বীপটোত সৎকাৰ কৰা হৈছিল। তাৰ পাছৰ পৰা এই দ্বীপটো পবিত্ৰ স্থানলৈ পৰিণত হয় ।লোক বিশ্বাস অনুসৰি মাঘৰ সংক্ৰান্তিৰ দিনা ইয়াত স্নান কৰিলে পূণ্যলাভ হয়। এই দিনটোত সীতাকুণ্ডলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভক্তৰ আগমন ঘটে। এই সময়ত ইয়াত দুই তিনিদিনীয়াকৈ মেলাও অনুষ্ঠিত হয় । এই ক্ষুদ্ৰ দ্বীপটোত অতি পুৰণি দুই এটা স্মাৰকও আছে। যি পৰ্যটকক আকৰ্ষিত কৰি আহিছে । এই স্মাৰক সমূহৰ ওপৰত গৱেষণাৰো প্ৰয়োজন আছে।   যদি সঠিক পৰিকল্পনাৰে পৰ্যটনক্ষেত্ৰৰ ৰূপ দিয়া যায় তেনেহ’লে উমানন্দৰ দৰে সীতাকুণ্ড নামৰ ক্ষুদ্ৰ নদী দ্বীপটো কেৱল জয়পুৰৰে নহয় ৰাজ্যৰ ভিতৰতে পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী হ’ব সেইটো নিশ্চিত। সেইদৰে জয়পুৰ অঞ্চল বহুকেইটা নৃগোষ্ঠীয় লোকৰ বাসস্থান। প্ৰধানত জয়পুৰ অঞ্চলৰ নামফাকে আৰু তিপাম ফাকে গাৱঁৰ টাইফাকে জনগোষ্ঠীৰ লোকসকলৰ বাৰেৰহণীয়া সংস্কৃতি, পৰম্পৰা আৰু বৌদ্ধ মঠে পৰ্যটক আকৰ্ষণ কৰি আহিছে। এই গাওঁ দুখন ইতিমধ্যে পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠিত হৈছে । ইয়াৰ উপৰিও এই বৃহত্তৰ অঞ্চলটোত নক্তে, মেছকছাৰী,বড়ো,চাহ জনগোষ্ঠী,আহোম, সোনোৱাল কছাৰী,নেপালী আদি বহু কেইটা জনগোষ্ঠীৰ লোক আছে । এই নৃগোষ্ঠীয় লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু জীৱন ধাৰণৰ শৈলী পৰ্যটনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা অনেক আছে । মাথো ইয়াৰ বাবে প্ৰয়োজন পৰিকল্পিত আঁচনিৰ। জয়পুৰৰ চাহ শিল্প অতিকে পুৰণি । ১৮৩৭ চনত এই জয়পুৰতে পোন প্ৰথম বাৰৰ বাবে চাহ খেতিক ব্যৱসায় ভিত্তিত গঢ় দিয়া হৈছিল। জয়পুৰত উৎপাদিত চাহৰ ১২ টা বাকচ বৃটিছ সকলে বুঢ়ীদিহিং নদীয়েদি ইংলেণ্ডলৈ পঠাইছিল । ইতিহাস প্ৰসিদ্ধ জয়পুৰ অঞ্চলৰ চাহ শিল্পক পৰ্যটনৰ অন্যতম আহিলা হিচাপে গ্ৰহণ কৰিব পাৰি । জয়পুৰলৈ অহা যিকোনো পৰ্যটকক কাষৰীয়া অঞ্চল দুলীয়াজান, নামৰূপ, নাহৰকটীয়া,ডিগবৈ, মাৰ্ঘেৰিটা অথবা উত্তৰ-পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ অৰুণাচল ভ্ৰমণৰ সোৱাদ দিব পৰা যায়। এইক্ষেত্ৰত টুৰিষ্ট গাইড সকলে নাহৰকটীয়াৰ এছিয়াৰ প্ৰথমটো তৈলকূপ, চাচনি মেৰবিল, দুলীয়াজানৰ মেৰবিল, দুলীয়াজানৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড,বৰডুবি টিলিঙা মন্দিৰ, তিনিচুকীয়াৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ধলাৰ ভূপেন হাজৰিকা সেতু, ডিগবৈৰ এছিয়াৰ প্ৰথমটো তেল শোধানাগাৰ  ভাৰতীয় তেল কোম্পানীৰ চেণ্টিনেৰী যাদুঘৰ, মাৰ্ঘেৰিটাৰ কয়লাখনি, দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থল, ষ্টীলৱেল ৰ’ড পৰ্যটকৰ দৰ্শনৰ স্থান হিচাপে নিৰ্বাচিত কৰি ল’ব পাৰে । বৰ্তমানো জয়পুৰত পৰ্যটক থাকিব পৰাকৈ আন্তঃগাঁথনি পৰ্যাপ্তভাবে গঢ়ি উঠা নাই । অৱশ্যে দুই একে ইকটুৰিজিম বা হোম-ষ্টে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সম্প্ৰতি নামফাকে গাঁৱৰ পয় ফাউণ্ডেচনৰ  হোম-ষ্টেৰ লগতে টুৰিষ্ট লজত পৰ্যটকৰ থকা-খোৱাৰ সুবিধা আছে । টাইফাকে সকলৰ বাসস্থান হিচাপে এই গাওঁখনৰ এক বিশেষ সুনাম আছে। সেয়ে স্বাভাৱিকতে টাইফাকে জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতি, খাদ্যভাষৰ সোৱাদ, বিখ্যাত বৌদ্ধমঠেৰে সমৃদ্ধ গাওঁখনৰ শান্ত-সৌম্য পৰিবেশে পৰ্যটকক ভ্ৰমণৰ অনন্য তৃপ্তি প্ৰদান কৰে ।  ইয়াৰ উপৰিও বুঢ়ীদিহিং নদীৰ পাৰত বন বিভাগৰ পৰিদৰ্শন বাংলোটোত আগতীয়াকৈ বন্দবস্ত কৰি পৰ্যটকে থকা-খোৱাৰ ব্যৱস্থা কৰি লব পাৰে। বুঢ়ীদিহিং নদীৰ পাৰত প্ৰকৃতিৰ মনোমোহা পৰিবেশত অৱস্থিত বন বিভাগৰ এই বৃটিছৰ দিনতে নিৰ্মিত চাং বঙলাটোও পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ । ইয়াৰ বাহিৰে জয়পুৰলৈ অহা পৰ্যটক সকল নাহৰকটীয়া, দুলীয়াজান আদিৰ বিভিন্ন হোটেল বা গেষ্ট হাউচত থাকি অঞ্চলটো ভ্ৰমণ কৰিব পাৰে। খোৱাৰ বাবেও এই অঞ্চলটোত বহু সংখ্যক ৰেষ্টুৰেণ্টত ধাবা ইত্যাদি আছে ।দেশৰ যিকোনো স্থানৰ পৰা জয়পুৰলৈ আহিবৰ বাবে সুবিধা আছে । আকাশী পথেৰে আহিলে ডিব্ৰুগড়ৰ মোহনবাৰী এয়াপৰ্টৰ পৰা জয়পুৰলৈ ৬০ কিলোমিটাৰমান দুৰত্ব হয় ।

 দুৰণিবটীয়া ৰেলেৰে আহিলে তিনিচুকীয়া অথবা ডিব্ৰুগড়ত নামি বাছ বা যিকোনো বাহনেৰে সহজে জয়পুৰ পাবহি পাৰি। ইণ্টাৰচিটি আদিৰ দৰে ৰেলেৰে আহিলে নাহৰকটীয়া ষ্টেচনত নামি অতি সহজে জয়পুৰ পাবগৈ পাৰি। গুৱাহাটীৰ পৰা নামৰূপলৈ চলা-চল কৰা নৈশ বাছত আহিলে চিধাই জয়পুৰত নামিব পাৰি। সেয়ে সকলো দিশৰ পৰাই জয়পুৰত পৰ্যটন শিল্পই গঢ় লোৱাৰ অনেক সুবিধা আছে । কেৱল ইয়াৰ বাবে প্ৰয়োজন ৰজাঘৰ আৰু প্ৰজাঘৰৰ সদিচ্ছা।

Share: