সম্পাদকীয় – অক্টোবৰ, ২০২৫

kankana

-       কংকণা দাস

নেচাৰ্চ বেকনে যোৱা ২৩ অক্টোবৰৰ পৰা   ২৭ অক্টোবৰলৈ দুৱাৰ্চ অঞ্চলৰ বক্সা ব্যঘ্ৰ প্ৰকল্পত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ এক কৰ্মশালাৰ আয়োজন কৰিছিল। অসমৰ পৰা কিছু ছাত্ৰ ছাত্ৰীয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু জৈৱ বৈচিত্ৰতা সম্বন্ধীয় আলোচনাত অংশগ্ৰহণ কৰিছিল। জন্মলগ্নৰ পৰাই নেচাৰ্চ বেকনে সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত এনে কৰ্মশালা, প্ৰকৃতি শিবিৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। এই প্ৰকৃতি শিবিৰ অথবা কৰ্মশালা সমূহৰ মূল উদ্দেশ্য নতুন প্ৰজন্মক প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু সংৰক্ষণৰ মূল্যবোধ গঢ়ি তোলা। নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ সমূহ দৰাচলতে প্ৰকৃতিৰ মাজত অনুষ্ঠিত এক পাঠশালা , কিতাপৰ পৰিৱৰ্তে প্ৰকৃতি অথবা অৰণ্য অধ্যয়ন কৰিবলৈ শিকোৱা হয়। প্ৰকৃতিৰ সমান বিশাল পাঠ্যক্ৰম অধ্যয়ন কৰাটো মুঠেই সহজসাধ্য নহয় আৰু মানুহে আজিলৈ  ইয়াৰ এক ক্ষুদ্ৰ অংশও হয়তো আয়ত্ত্ব কৰিব পৰা নাই। প্ৰকৃতিৰ পাঠ্যক্ৰমৰ সামান্যতম বুজিবলৈওমানুহক লাগিব সূক্ষ্ম পৰ্যবেক্ষণ আৰু সহৃদয়তা। প্ৰকৃতিতকৈ উৰ্দ্ধত মানুহ কেতিয়াও নহয় বৰঞ্চ মানৱ সমাজপ্ৰকৃতিৰ এক অভিন্ন অংগ হে , এই সত্যতাক যথাৰ্থ অনুভৱ কৰিব পাৰিলেহে মানুহ প্ৰকৃতিৰ অইন জীৱ সমূহৰ প্ৰতি দায়বদ্ধ হৈ উঠিব পাৰিব। সংৰক্ষণৰ এই মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰোথিত কৰাৰ বাবেই নেচাৰ্চ বেকনে এই প্ৰকৃতি শিবিৰ সমূহৰ মাজেৰে অহৰহ প্ৰচেষ্টা চলাই আহিছে।

 প্ৰকৃতি সংৰক্ষণৰ আন্দোলনত এই প্ৰকৃতি শিবিৰ অথবা কৰ্মশালা সমূহে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। কিয়নো কোনো মূল্যবোধ নোহোৱাকৈ অথবা প্ৰকৃতিৰ প্ৰতি দ্বায়িত্ববোধ নথকাকৈকোনো মানুহে প্ৰকৃতি সংৰক্ষণৰ বাবে নিজকে উৎসৰ্গিত কৰিব নোৱাৰে। প্ৰকৃতিৰ প্ৰতি ভালপোৱা মানুহৰ স্বভাৱগত বৈশিষ্ট্য, কিন্তু ভালপোৱা আৰু ভালপোৱাৰ বাবে প্ৰকৃতিৰ মংগল কামনা কৰি সংৰক্ষণৰ বাবে নিজৰ উদ্দেশ্য আজীৱন দৃঢ় কৰি ৰখাৰ মাজত কিছু পাৰ্থক্য আছে। প্ৰকৃতি সংৰক্ষণ মানেই প্ৰকৃতিৰ কোনো বস্তু ভোগ নকৰা নুবুজাই বৰঞ্চ তাক ন্যায্য ভাৱে ব্যৱহাৰ কৰাৰ ব্যৱস্থাকহে বুজাই, বহনক্ষম উন্নয়নৰ কথাও জড়িত হৈ থাকে। নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ সমূহত এই মূল্যবোধৰ শিক্ষাই প্ৰদান কৰা হয় যিবোৰ আনুষ্ঠানিক পাঠ্যক্ৰমত দুৰ্লভ। আমাৰ সমাজৰ অভিভাৱক সকলেও এই কথা বুজি উঠা উচিত যে আমাৰ শিশুসকল যদি অৰণ্যমুখী নহয়, পৃথিৱীৰ অইন জীৱকুলৰ প্ৰতি  সহৃদয় আৰু দ্বায়িত্বশীল নহয় তেতিয়া সেই প্ৰজন্মৰ মানৱীয়তাৰো অৱক্ষয় নিশ্চিত। সেয়েহে আমাৰ ভৱিষ্যত প্ৰজন্মক অৰণ্যমুখী কৰি তোলা  সমাজৰ সকলো স্তৰৰ লোকৰ দ্বায়িত্ব হোৱা উচিত