সম্পাদকীয়
অক্টোবৰ,২০২৩

WhatsApp Image 2023-07-01 at 00.19.15

- কংকণা দাস

ইং ২০২৩ বৰ্ষৰ ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ লিটাৰেৰী ফেষ্টিভেল অনুষ্ঠিত হয়। এই ফেষ্টিভেলৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় প্ৰকৃতি সাহিত্যৰ এক গুৰুত্বপূৰ্ণ সত্ৰ। প্ৰকৃতি সাহিত্যক বিষয়বস্তু হিচাপে লৈ আলোচনা কৰা এই সত্ৰই অসম তথা ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কিয়নো বৰ্তমান প্ৰেক্ষাপটত প্ৰকৃতি সাহিত্যৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশ সংৰক্ষণত ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰকৃতি সাহিত্য‌ৰ এই আলোচনা সত্ৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকে অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, পংকজ কুমাৰ দত্ত, সাংবাদিক নৱ ঠাকুৰীয়া, প্ৰদোষ ৰঞ্জন সাহা আৰু ড° ভাৰতী দত্ত লগতে সত্ৰ খন পৰিচালনা কৰে অসমৰ বিশিষ্ট প্ৰকৃতিবিদ তথা লেখক শ্ৰী সৌম্যদ্বীপ দত্ত ডাঙৰীয়াই। প্ৰকৃতি সাহিত্যৰ অৰ্থ, সংৰক্ষণত ইয়াৰ ভূমিকা আৰু ইয়াৰ ইতিহাস আদি বিভিন্ন দিশ সম্পৰ্কে এই সত্ৰত আলোচনা কৰা হয়। ড° ভাৰতী দত্তই প্ৰকৃতি সাহিত্যৰ ইতিহাস সম্পৰ্কে নিজৰ বক্তব্য প্ৰদান কৰি কয় যে প্ৰকৃতি সাহিত্য এনে এক ধাৰণা য’ত প্ৰকৃতিৰ উল্লেখেই মাথো নহয়, ইয়াৰ সংৰক্ষণৰ বাৰ্তা থকাও উচিত। সঁচা অৰ্থত প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ সমান্তৰাল ভাৱে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা থকা সাহিত্যহে প্ৰকৃতাৰ্থত প্ৰকৃতি সাহিত্য। সত্ৰত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ বক্তব্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰসংগ উল্লেখ কৰি কয় যে গুৰু দুজনাই নিজৰ বৰগীত আৰু বিভিন্ন লেখাৰ মাধ্যমেৰে সমাজত প্ৰকৃতিৰ নান্দনিকতা আৰু সংৰক্ষণৰ বাৰ্তা দিছিল। লগতে প্ৰকৃতি সাহিত্যই প্ৰকৃতি সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ উল্লেখ কৰে।‌আলোচনাত লেখক, সাংবাদিক পংকজ কুমাৰ দত্তই কয় যে অসমত প্ৰকৃতি সাহিত্যৰ ধাৰাক জনপ্ৰিয় আৰু বহুল প্ৰচলিত কৰাৰ মূলতেই হ’ল নেচাৰ্চ বেকনৰ সঞ্চালক, লেখক শ্ৰী সৌম্যদ্বীপ দত্ত ডাঙৰীয়া। অসমৰ প্ৰকৃতি বিষয়ক বিভিন্ন বিষয়েৰ  কিতাপ প্ৰকাশ কৰি তেওঁ অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰ যথেষ্ট সমৃদ্ধ কৰিছে। লগতে তেওঁ অতীতত উত্তৰ-পূৰ্বাঞ্চলত গড় ভক্ষণৰ লগতে বিভিন্ন বন্যজীৱ হত্যাৰ ৰাজকীয় পৃষ্ঠপোষকতা কৰাৰ কথাও উল্লেখ কৰিছে। সাংবাদিক নৱ ঠাকুৰীয়াৰ লগতে বিশিষ্ট প্ৰকাশক প্ৰদোষ ৰঞ্জন চৌধুৰীয়ে প্ৰকৃতি সাহিত্যৰ ধাৰাক আৰু অধিক জনপ্ৰিয় কৰাৰ কথা উল্লেখ কৰে। লগতে ডিজিটেল সাহিত্যৰ মাধ্যমেৰে ইয়াক জনপ্ৰিয় কৰাৰ কথাও উল্লেখ কৰে। 

দৰাচলতে সাহিত্যত এটা জাতিৰ চিন্তা প্ৰতিফলিত হয়। প্ৰকৃতি সাহিত্যও ঠিক তেনেকুৱা। অসমীয়া প্ৰকৃতি সাহিত্যই অসমীয়া জাতিৰ প্ৰকৃতি সংৰক্ষণৰ মনস্তত্ত্বক প্ৰতিনিধিত্ব কৰে। অসম প্ৰকৃতি মাতৃৰ আশীৰ্বাদৰে ভৰপুৰ। কিন্তু বিভিন্ন কাৰণত আমি আমাৰ বন্যপ্ৰাণ সমূহৰ ক্ষতি সাধন কৰিছো। সাহিত্যই এনে ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ এক শক্তিশালী মাধ্যম হ’ব‌ পাৰে। প্ৰকৃতি সাহিত্য‌, প্ৰকৃতি সংৰক্ষণৰ এক বাৰ্তা। সাহিত্যৰ লালিত্যই আমাৰ মানসিক সুখ প্ৰদান কৰিব পাৰে কিন্তু প্ৰকৃতি সাহিত্যৰ মূল উদ্দেশ্য হ’ব লাগে সংৰক্ষণৰ চেতনাৰ বিকাশ, তেতিয়াহে সাহিত্যৰ স্বাদ ল’বলৈ ভৱিষ্যত‌ প্ৰজন্ম এক সুস্থ পৰিবেশত , এক সুন্দৰ পৃথিৱীত জীয়াই থাকিব।