নেচাৰ্চ বেকন আৰু বৰ্ষাৰণ্য আন্দোলন

কংকণা দাস,

Email: kankanadas22@yahoo.com

গছৰ ফাঁকেৰে সৰকি অহা পোহৰৰ ছয়াময়াই সৃষ্টি কৰা এক অপূৰ্ব কেনভাছ। ছাতি যেন সেউজীয়া আৱৰণ এটাৰ ছিদ্ৰৰে সৰকি অহা বেলিৰ পোহৰে ৰূপকথাৰ মায়াময় চহৰৰ সৃষ্টি কৰিছিল অৰণ্যখনত। অচিন পতংগৰ অহৰহ সুহুৰি, চৰাইৰ কলৰৱেৰে ব্যস্ত এখন প্ৰকৃতিৰ চহৰ। প্ৰথম দৃষ্টিতেই প্ৰেম জাগ্ৰত  হোৱা, তৰপ তৰপ বিশাল মহীৰূহৰ সমাহাৰেৰে অনন্য এক প্ৰাচীন  বৰ্ষাৰণ্য। নামচাঙৰ অন্তেষপুৰ বুলি অভিহিত কৰা উজনি অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্য প্ৰকৃতি দেৱীৰ অপূৰ্ব সৃষ্টি। হয়, প্ৰথম দৃষ্টিতে যিকোনো অনুভৱী মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰিব পৰা এখন অপৰূপ মহাৰণ্য, বৰ্তমান অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই। নামচাঙৰ অন্তেষপুৰৰ অভ্যন্তৰত কেতিয়াবা সোমাইছে নে ? আপুনি যদি এগৰাকী ভ্ৰমণ প্ৰিয় ব্যক্তি লগতে প্ৰকৃতিৰ প্ৰতি আপোনাৰ অশেষ ভালপোৱা আৰু শ্ৰদ্ধা আছে, কিন্তু আপুনি কেতিয়াও উজনি অসমৰ বৰ্ষাৰণ্যলৈ যোৱা নাই তেতিয়াহ’লে আজিলৈ আপোনাৰ ভ্ৰমণ হয়তো আধৰুৱা হৈ আছে। আপুনি যেন প্ৰকৃতি দেৱীৰ এক অপূৰ্ব সৃষ্টিৰ নান্দনিকতাৰ পৰা নিজকে বঞ্চিত কৰি ৰাখিছে। অসম তথা সমগ্ৰ ভাৰতেই গৌৰৱান্বিত হ’ব পৰা এই অবিচ্ছিন্ন বৰ্ষাৰণ্য জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা যথেষ্ট চহকী। অসমৰ ৰাজ্যিক গছ হোলোং, ৰাজ্যিক চৰাই দেওহাঁহকে ধৰি ভাৰতৰ একমাত্ৰ বন মানুহ হলৌৰ আদৰ্শ বাসস্থান এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ।অসম-অৰুণাচল হস্তী কৰিডৰ হিচাপেও এই অৰণ্যৰ গুৰুত্ব যথেষ্ঠ বেছি। বৰ্তমান উজনি অসমৰ এই বৃহৎ বৰ্ষাৰণ্যৰ অঞ্চলৰ প্ৰায় ২৩৪. ২৬ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা হিচাপে  ঘোষণা কৰা হৈছে। ইয়াৰ আগতে ২০০৪ চনত এই বৰ্ষাৰণ্যৰ ১১১.১৯ বৰ্গ কি.মিৰ এক ক্ষুদ্ৰ অংশক দিহিং পাটকাই অভয়াৰণ্য স্বৰূপে ঘোষণা কৰা হৈছিল। তাৰ আৰঁত আছে নেচাৰ্চ বেকনৰ সুদীৰ্ঘ ১০ বছৰীয়া আন্দোলনৰ কাহিনী। দৰাচলতে এটা সময়ত সমগ্ৰ উজনি অসমেই বৰ্ষাৰণ্যৰে ভৰপুৰ আছিল। ব্ৰিটিছ অহাৰ পিছত এই বৰ্ষাৰণ্য ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হৈ বৰ্তমানলৈ চলি আছে। তাৰ ভিতৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ তিনিখন সংৰক্ষিত বনাঞ্চল – আপাৰ দিহিং, ডিৰক আৰু জয়পুৰৰ প্ৰায় ৫০০ বৰ্গ কিলোমিটাৰৰ অক্ষত অঞ্চলক আইনগত ভাৱে অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ ৯০ ৰ দশকতেই নেচাৰ্চ বেকনৰ নেতৃত্বত আন্দোলনৰ আৰম্ভ হৈছিল। ১৯৯৪ চনৰ পৰা প্ৰায় ১০ বছৰৰ আন্দোলনৰ ফলত  সেই সময়ৰ চৰকাৰে বাধ্য হৈ ২০০৪ চনত অতি ক্ষুদ্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰৰ এক অঞ্চলক অভয়াৰণ্য ৰূপে স্বীকৃতি দিছিল আৰু বাকী এক বৃহৎ অঞ্চলক কয়লা আৰু তেল মাফিয়াৰ স্বাৰ্থত এলিফেণ্ট ৰিজাৰ্ভ ঘোষণা কৰি থৈ দিছিল। ২০০৪ চনত অভয়াৰণ্য ঘোষণাৰ সময়ত এই বৰ্ষাৰণ্যৰ আটাইতকৈ সমৃদ্ধিশালী অঞ্চল জয়পুৰ বৰ্ষাৰণ্যক অতি চাতুৰামীৰে অভয়াৰণ্যৰ আওতাৰ পৰা আঁতৰাই ৰখা হৈছিল। সেয়েহে ২০০৪ চনত অভয়াৰণ্য ঘোষণাৰ পিছতো কিন্তু নেচাৰ্চ বেকন থমকি ৰোৱা নাছিল। নেচাৰ্চ বেকনে অহৰহ বিভিন্ন স্তৰত বৰ্ষাৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য ঘোষণা কৰাৰ দাবী অব্যাহত ৰাখিছিল । বৰ্তমান অসমৰ ২০১৬ চনত গঠিত নতুন চৰকাৰৰ সদিচ্ছাত আৰু অসমৰ ৰাইজৰ প্ৰবল দাবীত ২০২১ ইং বৰ্ষত জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্তিৰে প্ৰায় ২৩৪.২৬ বৰ্গ কিলোমিটাৰ  অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিলে। ১৯৯৪ চনৰ পৰা বৰ্তমানলৈ নেচাৰ্চ বেকনে কৰা  সুদীৰ্ঘ ২৫ বছৰীয়া এই বৰ্ষাৰণ্য আন্দোলনে বহু পৰিমাণে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। কিন্তু যোৱা ২৫ বছৰৰ এই সুদীৰ্ঘ সময় মুঠেও উজু  নাছিল। প্ৰকৃতি বিৰোধী এক শক্তিশালী পক্ষৰ বিৰুদ্ধে এমুঠি মানুহ পাহাৰৰ দৰে থিয় হৈ থাকিব লগীয়া হৈছিল।

 

 

বিচিত্ৰ জনগাঁঠনি আৰু সংস্কৃতিৰে পূৰ্ণ অসমৰ ইতিহাসত বিভিন্ন সময়ত বিভিন্ন আন্দোলনৰ সৃষ্টি হৈ আহিছে । স্বাধীনতা, ভাষা, জাতি, সংস্কৃতি, বহিৰাগত আগ্ৰাসন ইত্যাদি বিভিন্ন বিষয়ক লৈ হোৱা আন্দোলন সমূহে সাময়িক আলোড়নৰ সৃষ্টি কৰিলেও, যুগান্তকাৰী কোনো পৰিৱৰ্তন অনা পৰিলক্ষিত হোৱা নাই। স্বাধীনতাৰ আগৰ ডেকা শক্তিয়ে যিদৰে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ হকে কৰ্ম আন্দোলন কৰিছিল আৰু সফল হৈছিল, আমি তেনে আন্দোলন কৰাত সফল হৈছোনে সেইয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। বৰ্তমানৰ প্ৰেক্ষাপটত কেৱল ভাষা বিষয়কেই নহয় আন আন বিষয়ৰো আন্দোলন সমূহ ফঁহিয়াই চালে এটা কথা স্পষ্ট হয় যে, সাময়িক ভাবে আমাৰ অধিকাৰৰ চিঞৰ বোৰে জোৰ ধৰিলেও, সঠিক নেতৃত্ব, ধৈৰ্য্য, দূৰদৰ্শীতাৰ অভাৱত আন্দোলনে দিক বিদিক হেৰুৱাই থৰক বৰক হয়। বহু ক্ষেত্ৰত আন্দোলনকাৰী সমূহ বহুধাবিভক্ত হয় আৰু বিশেষ একো ফলাফল লাভ নকৰাকৈ সামৰণি কৰিবলগীয়া হয় । বৰ্তমানৰ আমাৰ আন্দোলন সমূহৰ খুব নগণ্য সংখ্যকেহে সফলতা লাভ কৰিছে আৰু ভৱিষ্যতলৈ নিদৰ্শন প্ৰতিষ্ঠা কৰাৰ উদাহৰণ দাঙি ধৰিব পাৰিছে । তেনে সফল আন্দোলন সমূহৰ অন্যতম হ’ল অৰণ্য আন্দোলন। দীৰ্ঘম্যাদী চিন্তা, সৱল নেতৃত্ব, ধৈৰ্য্য আৰু স্থিৰ লক্ষ্যৰ জৰিয়তে যে আন্দোলনৰ আকাংক্ষিত ফলাফল লাভ কৰিব পাৰি তাৰ উৎকৃষ্ট নিদৰ্শন হ’ ল ৯০ৰ দশকত নেচাৰ্চ বেকনৰ নেতৃত্বত হোৱা চক্ৰশিলা আৰু উজনি অসমৰ বৰ্ষাৰণ্য আন্দোলন।

পৃথিৱীৰ বৰ্ষাৰণ্য সমূহ প্ৰাণৰ আধাৰ, লগতে ই প্ৰাকৃতিক সম্পদৰো ভাণ্ডাৰ। অসমত বৰ্ষাৰণ্য লুণ্ঠন আৰম্ভ হৈছিল ব্ৰিটিছৰ দিনৰ পৰাই। চাহ, তেল, কয়লা ইত্যাদিৰ পৰা সৰ্বোচ্চ লাভৰ বাবে আৰম্ভ কৰা শোষণ নীতি স্বাধীনতাৰ পিছতো আমাৰ শাসন নীতি হৈ থাকিল। ন চিন্তা, প্ৰযুক্তিৰে সম্পদৰ ন্যায্য ব্যৱহাৰৰ ঠাইত শোষণ নীতিকেই সৰোগত কৰি আমি আমাৰ নীতিসমূহ পৰিচালিত কৰিলো। অৰণ্য সংৰক্ষণৰ দৰ্শনেৰে প্ৰবুদ্ধ দেশৰ শাসক গোষ্ঠীয়ে গোলামী দৰ্শনক আকোঁৱালি লৈ সহজলভ্য অৰণ্য সম্পদৰ লালসাত, পাঠ্যক্ৰমকে আদি কৰি সকলো স্তৰত ‘অৰণ্যই সম্পদ’ জাতীয় ধাৰণাৰ জন্ম দিয়ালে। আমাৰ প্ৰযুক্তি, জীৱন ধাৰণৰ পদ্ধতি এনে ৰূপত গঢ়া হ’ল যত খনিজ প্ৰাকৃতিক সম্পদৰ প্ৰাধান্য অত্যধিক। বিজ্ঞানৰ জয়জয় ময়ময় অৱস্থাই সংৰক্ষণৰ ধাৰণা দিয়াৰ পৰিৱৰ্তে ভোগবাদী লালসাৰ জন্ম দি এক বৃহৎ অৰ্থনৈতিক বজাৰৰ সৃষ্টি কৰিলে, যাৰ ফলত নিত্য নতুন পাৰিৱেশিক সমস্যাৰ সৃষ্টি হ’ল। মানৱ জনসংখ্যাৰ অভাৱনীয় বিস্ফোৰণে এই সমস্যা সমূহক ভয়াবহ কৰি আজিৰ পৃথিৱী এনে এটা স্থানত উপনীত হৈছে য’ত পৃথিৱী আৰু পৃথিৱীৰ জীৱন প্ৰক্ৰিয়া ক্ৰমান্বয়ে মৃত্যুমুখী হৈ আহিছে। এনে অৱস্থাৰ পৰা মুক্তি পাবলৈ সহজতে কৰিব পৰা একমাত্ৰ উপায় হৈছে, পৃথিৱীৰ বৰ্তমানেও বাছি থকা প্ৰকৃতি প্ৰদত্ত অৰণ্য সমূহ সংৰক্ষণ কৰা। বৰ্তমান পৰিস্থিতিত সংৰক্ষণৰ ইয়াতকৈ উৎকৃষ্ট ধাৰণা মানুহৰ হাতত নাই বুলিয়েই ভাবো। কিয়নো, বিকল্প শক্তিৰ সন্ধান, নবীকৰণৰ নতুন পদ্ধতি ইত্যাদি বিজ্ঞানৰ সৈতে আগবঢ়া কথা। বছৰ বছৰ ধৰি চলি অহা জীৱন পদ্ধতি এদিন, এবছৰতেই বাদ দি অৰণ্যগামী হোৱাতো অলীক কল্পনাৰ বাদে আন একো নহয়। সেইয়া সংৰক্ষণৰ অৰ্থও নহয়। যিমান পাৰি কম সম্পদ ব্যৱহাৰ কৰা ব্যক্তিগত পৰ্যায়ত সম্ভৱপৰ কৰি তুলিব পাৰিব লাগিব, ন্যায্য ভাবে প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ ধাৰণাক উৎসাহিত কৰিব লাগিব। কিন্তু বৰ্তমানৰ অৱস্থাত এনে ধাৰণা শিপাবলৈ দীৰ্ঘম্যাদী সময়ৰ প্ৰয়োজন হব। গতিকে যিখিনি অৰণ্য আমাৰ হাতত অক্ষত অৱস্থাত আছে সেইখিনি সংৰক্ষণ কৰাটোৱেই সম্ভৱ আটাইতকৈ বাস্তৱ কথা। এই মূল উদ্দেশ্যেৰ পৰা ফালৰি কাটি, উদ্দেশ্যহীন বিৰোধ কৰি থাকিলে আমাৰ পৰিৱেশ আন্দোলনৰ কোনো উদ্দেশ্য সফল নহব লগতে অৰণ্য ধ্বংসকাৰী শক্তি বেছি শক্তিশালী হৈ উঠিব। বিবেকহীন প্ৰজন্মক চাতুৰী কৰি আমাৰ প্ৰকৃতি প্ৰদত্ত অৰণ্যসমূহ চকুৰ পচাৰতে নি:শেষ হৈ যাব।

ব্ৰিটিছ শাসিত অসমত আমাৰ অৰণ্য সমূহৰ বৃহৎ অংশ চাহবাগানকে আদি কৰি, কলিয়ৰী, তেলখাদ ইত্যাদিয়ে অধিকাৰ কৰি লৈছিল। অসমত যে বৰ্ষাৰণ্য আছে এই ধাৰণাটো সাধাৰণ মানুহৰ অজ্ঞাত আছিল। উজনি অসমৰ বৰ্ষাৰণ্য সমূহৰ বিষয়ে পোন প্ৰথমে কাগজে পত্ৰই প্ৰকাশ কৰিছিল প্ৰকৃতি সুৰক্ষাৰ সংগঠন নেচাৰ্চ বেকনে । আমি জনাত বন বিভাগৰ নথিটো বৰ্ষাৰণ্য শব্দৰ উল্লেখ  নাছিল। ৯০ ৰ দশকতেই নেচাৰ্চ বেকনে বৰ্ষাৰণ্যৰ অঞ্চল সৰ্বেক্ষণ কৰি চৰকাৰৰ ওচৰত অভয়াৰণ্য ঘোষণাৰ আবেদন কৰিছিল। ইয়াৰ আগতে নেচাৰ্চ বেকনে চক্ৰশিলা অভয়াৰণ্য ঘোষণাৰ বাবে আন্দোলন কৰিছিল আৰু চক্ৰশিলা অভয়াৰণ্যৰ জন্ম দিছিল।  কোনোবাৰ অপ্ৰিয় হ’লেও এয়াই সত্য যে আজিৰ যিখিনি চক্ৰশিলা আৰু উজনিৰ বৰ্ষাৰণ্য প্ৰকৃতৰূপে সংৰক্ষিত হৈ আছে তাৰ মূল হোতা নেচাৰ্চ বেকন আৰু অসমৰ প্ৰকৃতিপ্ৰেমী নি:স্বাৰ্থ জনসাধাৰণ। কিন্তু এই অভয়াৰণ্য গঠন প্ৰক্ৰিয়া এটা শাৰী, পৃষ্ঠা অথবা কিতাপতেই সামৰি থব পৰা বিধৰ নহয়। ইয়াৰ ইতিহাস বিচাৰি চালে আমি বিচাৰিপাম, কিছুমান নিকৃষ্ট মানসিকতাৰ বিৰুদ্ধে এমুঠি মানুহৰ মৰণপণ যুজঁ। সেই সময়ৰ ডেকা শক্তিৰ একমাত্ৰ সাহস আছিল প্ৰকৃতি। প্ৰকৃতিৰ প্ৰতি থকা অকুণ্ঠ ভালপোৱাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিবলৈ শিকাইছিল। যুজঁ দিছিল, অবৈধ কাঠ মাফিয়া, কয়লা মাফিয়া, প্ৰিমিয়াৰ অইলৰ দৰে দামী বিদেশী কোম্পানী, বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া, চৰকাৰৰ নিৰ্লিপ্ততা ইত্যাদিৰ বিৰুদ্ধে।অৰণ্যৰ ওচৰ চুবুৰীয়া জনসাধাৰণক সজাগ কৰা, বৰ্ষাৰণ্যৰ গুৰুত্ব  বুজোৱা, সমগ্ৰ অসমৰ মানুহক বৰ্ষাৰণ্য সম্বন্ধে কোৱা, আন্তজাৰ্তিক মহলৰ দৃষ্টি আকৰ্ষণ কৰা, অসম তথা ভাৰত চৰকাৰৰ ওচৰত অভয়াৰণ্য ঘোষণাৰ বাবে চাপ সৃষ্টি কৰা ইত্যাদি এশ এবুৰি কাম এটা শাৰীতেই ক’ব পাৰি যদিও, কৰাটো সহজ নাছিল। কেৱল এইয়াই নহয়- বন বিৰোধী চক্ৰৰ নানা কুৎসা ৰটনা, অপবাদ, মিথ্যাচাৰৰ বিৰুদ্ধেও যুজঁ চলাব লগীয়া হৈছিল।এইবোৰৰ সকলো বিশদ বিৱৰণ পাঠকে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তদেৱৰ নামচাঙৰ অন্তেষপুৰ কিতাপত বিচাৰি চাব পাৰে।

 

মূলত দিহিং পাটকাই বৰ্ষাৰণ্য বচাবলৈ হোৱা এই  ২৫ বছৰীয়া আন্দোলনক ২ টা ভাগত বিভক্ত কৰিব পাৰি । প্ৰথম ভাগ ১৯৯৪ চনৰ পৰা ২০০৪ চনত দিহিং পাটকাই অভয়াৰণ্য ঘোষণালৈ আৰু দ্বিতীয়তে ২০০৪ ৰ পিছৰ পৰা ২০২১ লৈ জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্তিৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপ পোৱালৈ। প্ৰতিটো আন্দোলনৰ দুটা ধাৰা থাকে, সৰৱ আৰু নীৰৱ ৰূপ। আন্দোলন মানেই প্ৰতিটো দিনেই সৰৱ হোৱাৰ সুযোগ নাথাকিব পাৰে।  বিভিন্ন কাৰ্যসূচীৰে আন্দোলনৰ নীৰৱ দিশ এটাও সদায় জাগ্ৰত থাকে। সময়ে সময়ে  আন্দোলনে অধিকাৰ প্ৰাপ্তিৰ নায্য দাবীৰে প্ৰৱল ৰূপ লয়। বৰ্ষাৰণ্য আন্দোলন সফল এই বাবেই যে ইয়াত দুয়োটা ধাৰাই সমভাৱে আগুৱাই গৈছিল। ২০০৪ চনত যেতিয়া প্ৰস্তাৱিত জয় দিহিং বৰ্ষাৰণ্যক দিহিং পাটকাই নামেৰে অভয়াৰণ্য ঘোষণা কৰা হৈছিল, তেতিয়া নেচাৰ্চ বেকনৰ হাজাৰ দাবী স্বত্বেও বৰ্ষাৰণ্যৰ আটাইতকৈ সমৃদ্ধ অঞ্চল জয়পুৰ বৰ্ষাৰণ্যক অভয়াৰণ্য এলেকাৰ পৰা  বাদ দিয়া হৈছিল আৰু এক বৃহৎ অঞ্চলক কয়লা মাফিয়াৰ স্বাৰ্থত হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ২০২০ চনৰ প্ৰায় এপ্ৰিল মাহৰ পৰা হঠাত এটা বাতৰিয়ে শিৰোনাম দখল কৰিলে যে দিহিং পাটকাই বৰ্ষাৰণ্যত চৰকাৰে হেনো কয়লা খান্দিবলৈ অনুমতি দিছে। NBWL ৰ বিশেষ কমিটিৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ (NOC, নো অৱজেকচন চাৰ্টিফিকেট) পোৱাৰ পিছত শাসনাধিষ্ঠ চৰকাৰে দিহিং পাটকাইৰ অভ্যন্তৰত কয়লা খন্দাৰ পৰিকল্পনা কৰিছে। ২০২০ বৰ্ষৰ সেই সময়ত সমগ্ৰ দেশতেই কোৰোণা মহামাৰীৰ বাবে লকদাউন চলি আছিল। আন্তঃজিলা আনকি ঘৰৰ পৰা ৫ কিঃমিঃ দূৰত্বৰ দোকানত যোৱাৰো মানুহৰ উপায় নাছিল। এনে ক্ষেত্ৰত দিহিং পাটকাইৰ খবৰটোৱে সমগ্ৰ অসমৰ প্ৰকৃতি প্ৰেমী ৰাইজক বিচলিত কৰি তুলিছিল। নেচাৰ্চ বেকনেও এই ক্ষেত্ৰত নিজৰ ভূমিকা স্পষ্ট কৰিছিল যে দিহিং পাটকাই ধ্বংস কৰিবলৈ যদি কোনোবাই চেষ্টা কৰে তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। ইয়াৰ পিছত লাহে লাহে ছচিয়েল মিডিয়াত’ ছেভ দিহিং পাটকাই’ নামেৰে এটা আন্দোলন গঢ়ি তোলা হ’ল । কিন্তু অতি সোনকালেই এটা কথা স্পষ্ট হৈ পৰিল যে একাংশ বাতৰি কাকত, ছচিয়েল মিডিয়াৰ জৰিয়তে চলা ‘ছেভ দিহিং পাটকাই’ আচলতে সম্পূৰ্ণৰূপে এটা প্ৰৰোচনামূলক মিছা আন্দোলনৰ পটভূমি। নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তদেৱে প্ৰথমে এটা ভিডিঅ’ৰ দ্বাৰা এই কথা স্পষ্ট কৰি দিলে যে ‘দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত চৰকাৰৰ কয়লা খননৰ কোনো পৰিকল্পনা নাছিল আৰু নাই, দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ সুৰক্ষিত হৈ আছে’ । এই ভিডিঅ নেচাৰ্চ বেকনৰ ফেচবুক পেজত আপলোড হোৱাৰ লগে লগে হঠাত যেন এক অদ্ভুত জোৱাৰৰ সৃষ্টি হ’ল। একাংশ ভুৱা দিহিং পাটকাই প্ৰেমীৰ শব্দৰ মায়াজালত সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি একাংশ বুদ্ধিজীৱিয়ে বাৰুকৈয়ে হাবুডুবু খাই নেচাৰ্চ বেকন আৰু সৌম্যদ্বীপ দত্তদেৱক ছচিয়েল মিডিয়াত ভিলেইন সজাবলৈ উঠি পৰি লাগিল ।১৯৯৪ চনৰ পৰা চলি অহা নেচাৰ্চ বেকনৰ বৰ্ষাৰণ্য আন্দোলনৰ অ, আ, ক, খ নজনা কিছু লোকে নেচাৰ্চ বেকনকেই দিহিং পাটকাইৰ আটাইতকৈ ডাঙৰ শত্ৰু সজাবলৈ উঠি পৰি লাগিল। কিন্তু তেওঁলোক সফল নহ’ল। ছেভ দিহিং পাটকাই আন্দোলন আৰম্ভ কৰা লোক সকলে অতি চাতুৰতাৰে কিছুমান শব্দক লৈ আন্দোলন  আৰম্ভ কৰিছিল। যেনে –

 

১। দিহিং পাটকাই – সাধাৰণ মানুহ আৰু বৰ্ষাৰণ্যৰৰ বিষয়ে সামান্যতম জ্ঞান ৰখা মানুহেও জানে যে দিহিং পাটকাই হ’ল ১১১.১৯ বৰ্গ কিলোমিটাৰৰ অভয়াৰণ্য ঘোষিত অঞ্চল।দৰাচলতে দিহিং পাটকাই তিনিখন সংৰক্ষিত বনাঞ্চল – আপাৰ দিহিং, ডিৰক আৰু জয়পুৰৰ মাজৰ এক ক্ষুদ্ৰ অংশ, যাক অভয়াৰণ্য ৰূপে স্বীকৃত কৰা হৈছিল । নেচাৰ্চ বেকনে বৰ্ষাৰণ্য আন্দোলনৰ সময়ত এই তিনিওখন বনাঞ্চলৰ অবিচ্ছিন্ন ৫০০ বৰ্গ কিলোমিটাৰৰ অঞ্চলটোক জয়দিহিং নামেৰে প্ৰস্তাৱিত কৰি অভয়াৰণ্য ঘোষণাৰ বাবে দাবী জনাইছিল। ২০০৪ চনত এই প্ৰস্তাৱিত জয়দিহিং বৰ্ষাৰণ্যৰ এক ক্ষুদ্ৰ অংশক চৰকাৰে দিহিং পাটকাই নাম দি অভয়াৰণ্য অঞ্চলৰূপে ঘোষণা কৰিছিল। এই কথাটো তেওঁলোকক যেতিয়াই আঙুলিয়াই দিয়া হয়, তেতিয়াই তেওঁলোক জাঙুৰ খাই উঠি কয়-‘ তেওঁলোকে হেনো দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ কথাহে কৈছে, যি দিহিং পাটকাই অভয়াৰণ্যৰ অবিচ্ছিন্ন এক অংশ। ‘

 

২। দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চল :  ‘ছেভ দিহিং পাটকাই’ আন্দোলনত কিছু বিয়োগাম পৰিৱেশ কৰ্মীও জড়িত আছিল, যি সকল পৰিৱেশ সম্পৰ্কীয় গৱেষণা আৰু জ্ঞানেৰে ভৰপূৰ। কিন্তু অতি চাতুৰতাৰে সাধাৰণ ৰাইজৰ পৰা তেওঁলোকে এই কথাটো লুকুৱাই ৰাখিলে যে দৰাচলতে হস্তী সংৰক্ষিত বনাঞ্চল নো কি? কাৰণ এই কথাটো স্পষ্ট হ’লেই তেওঁলোকৰ আন্দোলনৰ বেলুন ফুটি যাব। দৰাচলতে হস্তী সংৰক্ষিত বনাঞ্চলৰ কোনো আইনগত মৰ্যাদা (legal status) নাই। বন আৰু প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত প্ৰত্যেকে এই কথাটো জানে যে – হস্তী সংৰক্ষিত বনাঞ্চলত বন বিভাগে ইচ্ছা কৰিলে গছ কাটিব পাৰে, কয়লা খান্দিব পাৰে, শিলৰ মহল দিব পাৰে অথবা বালিৰ মহল দিব পাৰে। গতিকে কি আৰু কাৰ স্বাৰ্থত আগৰ চৰকাৰে দিহিং পাটকাইৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ এটা বৃহৎ অংশক হস্তী সংৰক্ষিত বনাঞ্চলৰ খিতাপ (? )  দিছিল সেয়া বুজিবলৈ বেছি কষ্ট নহয়। ‘ছেভ দিহিং পাটকাই’ আন্দোলনকাৰী সকলে, চৰকাৰে কয়লা খননৰ অনুমতি দিয়া চালেকী কলিয়ৰী , যি হস্তী সংৰক্ষিত বনাঞ্চলৰ ভিতৰতো পৰে তাক অতি চতুৰামীৰে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰুৱা বোলা যেন ধাৰণা এটা সাধাৰণ ৰাইজক দিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে জানি বুজি সাধাৰণ ৰাইজক এই কথাটো কোৱা নাছিল যে ব্ৰিটিছৰ দিনৰ পৰাই চালেকীত কয়লা খনন হৈ আছে। যদিও নামত চালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, কিন্তু মূলত ই এক কলিয়ৰীহে।

 

 

 ৩। অবৈধ, বৈধ – যি অঞ্চলক দিহিং পাটকাই নাম দি কয়লা বিৰোধী আন্দোলন চলোৱা হৈছিল, সেইয়া প্ৰকৃততে চালেকী নামৰ এক কলিয়ৰী। ব্ৰিটিছৰ দিনৰ পৰাই চালেকীত কয়লা খনন হৈ আহিছে আৰু বৰ্তমান ক’ল ইণ্ডিয়া নামৰ কোম্পানী ইয়াৰ স্বত্বাধিকাৰী, যিয়ে উচিত ৰাজহৰ বিনিময়ত চালেকীত কয়লা খনন কৰি আহিছিল। কয়লা খন্দাৰ লিজৰ ম্যাদ শেষ হোৱাত এই ম্যাদ বঢ়াবলৈ চৰকাৰক আবেদন জনোৱা হৈছিল, য’ত চৰকাৰে আইনগত প্ৰক্ৰিয়াৰে তাত বৈধভাৱে কয়লাৰ লিজ বঢ়াবলৈ যোজা চলাইছিল । বৰ্ষাৰণ্য আন্দোলনৰ এই লেখাত হয়তো কয়লাৰ প্ৰসংগ আহিব নালাগিছিল, কিন্তু আনিব লগা হ’ল এই বাবেই যে কিছু লোকে উদ্দেশ্য প্ৰণোদিত ভাৱে চালেকি আৰু দিহিং পাটকাই অভয়াৰণ্যক একাকাৰ কৰি দিবলৈ বিছাৰে। লগতে যিসকল অসমৰ পৰিৱেশ কৰ্মীয়ে NBWL ৰ STANDING কমিটিৰ হৈ  কয়লা খননৰ সপক্ষে চহী কৰি আহি নিউজ চেনেলত ঋষিমুনিৰ ভাও লৈছিল, তেওঁলোকৰ NGO ৰে আশীৰ্বাদ পুষ্ট কিছু কৰ্মীয়ে নেচাৰ্চ বেকনক প্ৰকৃতিৰ দালাল, মাফিয়া বুলি কৈ ছচিয়েল মিডিয়া ওলট পালট কৰিছিল। এইবোৰ ওপৰতে কোৱা  কথা নহয় , ইয়াৰ স্পষ্ট চীল মোহৰৰ কাগজ পাব্লিক ডমেইনত উপলব্ধ।

 

এই সময়তে নেচাৰ্চ বেকনে দৃঢ়তাৰে এই মিছা আন্দোলনৰ প্ৰতিবাদ কৰাৰ লগতে দিহিং পাটকাই অভয়াৰণ্যক ৫০০ বৰ্গ কিলোমিটাৰলৈ পৰিসৰ বৃদ্ধি কৰাৰ আন্দোলন জোৰদাৰ কৰি তুলিলে। বিভিন্ন পৰ্য্যায়ত আমাৰ দিহিং পাটকাই পৰিসৰ বৃদ্ধিৰ আন্দোলনে জোৰ ধৰিলে। এই আন্দোলনত বৰ্ষাৰণ্য আন্দোলনৰ পূৰ্বৰ সেউজ সেনানীৰ নেতৃত্বত নতুন সকলেও আগভাগ ললে। ৰাজপথৰ পৰিৱৰ্তে আন্দোলন ছচিয়েল মিডিয়াত হ’ল। অসমৰ ইতিহাসত একতাৰে চলা এই ছচিয়েল মিডিয়া আন্দোলন আৰু সফলতা উল্লেখনীয় হৈ ৰ’ব। ছচিয়েল মিডিয়া – ফেচবুক, টুইটাৰত চাপ সৃষ্টিৰ সমান্তৰাল ভাৱে চলিল প্ৰক্ৰিয়াগত কাম সমূহো। সেই সময়তে অসম চৰকাৰে স্বইচ্ছাৰে ঘোষণা কৰিলে  যে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হ’ব। কিন্তু অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হলেই দিহিং পাটকাই অথবা জয়পুৰ বৰ্ষাৰণ্যক বচাব পৰা নাযাব, কিয়নো অভয়াৰণ্যৰ আওতাৰ বাহিৰৰ জয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ওপৰত কয়লা, কাঠ আৰু তেল মাফিয়াৰ চকু সদায়েই আছে। নেচাৰ্চ বেকনে পুনৰাই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়ালৈ দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে আবেদন কৰিলে। ইয়াৰ লগতে জয়পুৰ বৰ্ষাৰণ্যকে ধৰি সমগ্ৰ ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ গুৰুত্ব সম্বন্ধে সাধাৰণ ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলিল। জয়পুৰ সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্যৰ আটাইতকৈ চহকী অঞ্চল । জৈৱ বৈচিত্ৰৰে ভৰপুৰ এই  বৰ্ষাৰণ্যত প্ৰায় ৩৮০ বিধতকৈও অধিক চৰাইৰ প্ৰজাতি,(তাৰ ভিতৰত ৫ প্ৰজাতিৰ কেৱল ধনেশ পক্ষী) , ২০৫ টা  প্ৰজাতিৰ পোক-পতংগ( পখিলা, মথক ধৰি) ৪২ টা প্ৰজাতিৰ উভচৰ, ৪০টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী,(যাৰ ১৮ বিধ প্ৰজাতিয়েই বিশ্বব্যাপী লুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত, ৭ টা প্ৰজাতিৰ প্ৰাইমেট, আঠটা প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণী) , ৫২ টা প্ৰজাতিৰ মাছ, ১০৭ টা প্ৰজাতিৰ অৰ্কিড, ১৬০ বিধ বিভিন্ন প্ৰজাতিৰ গছ গছনি ইত্যাদি পোৱা যায়।  ইয়াৰ উপৰিও বহু আপুৰুগীয়া বনস্পতি, অৰণ্য কেৰুৰ উত্তম বাসস্থান এই বৰ্ষাৰণ্য, যাক লৈ সমগ্ৰ পৃথিৱী বাসী গৌৰৱান্বিত হোৱা উচিত। বৰ্ষাৰণ্যৰ ওচৰ পাজৰৰ লোকসকলে প্ৰায় ২৫ বছৰ ধৰি এই মহাৰণ্য সংৰক্ষিত কৰি ৰাখিছে। নেচাৰ্চ বেকনৰ এই বৰ্ষাৰণ্য আন্দোলনৰ যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ তেওঁলোক । নেচাৰ্চ বেকনে এই গাওঁ সমূহ, ওচৰ পাজৰৰ স্কুল, কলেজ সকলোতে দিহিং পাটকাই পৰিসৰৰ বৃদ্ধিৰ গুৰুত্ব সম্পৰ্কে জনসজাগতা আনিবলৈ যোৱা ২৫ বছৰে প্ৰয়াস কৰি আহিছে । আকৌ এবাৰ পুনৰাই এই ধৰণৰ সজাগতাৰ কাৰ্য্যসূচীয়ে জোৰ ধৰিলে। অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান  কৰিম বুলি ঘোষণা কৰাৰ লগতে নেচাৰ্চ বেকনে জোৰ দিছিল যে যিকোনো প্ৰকাৰে এই বৰ্ষাৰণ্যৰ পৰিসৰ বৃদ্ধি হ’বই লাগিব আৰু জয়পুৰ বৰ্ষাৰণ্য অন্তৰ্ভুক্ত হ’ব লাগিব । সেয়ে নেচাৰ্চ বেকনৰ শুভাকাংক্ষী, নেচাৰ্চ বেকনৰ অংশ অসমৰ প্ৰকৃতি সচেতন লেখক, অভিনেতা, শিল্পী, সাংবাদিক, ডক্টৰ, সমাজকৰ্মী, শিক্ষক সমাজ সকলোৱে স্বতঃস্ফূৰ্ত্ত ভাৱে ভিডিঅ, লেখা, আৰু বিভিন্ন মাধ্যমেৰে নেচাৰ্চ বেকনৰ হৈ চৰকাৰক দিহিং পাটকাই অভয়াৰণ্য পৰিসৰ বৃদ্ধিৰ বাবে দাবী জনালে। ইয়াৰ ভিতৰত সদায় পৰিৱেশ প্ৰকৃতিৰ পক্ষত থিয় হৈ থকা শ্ৰদ্ধাৰ প্ৰয়াত হোমেন বৰগোহাঞিদেৱ, বিশিষ্ট লেখক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, সাংবাদিক, লেখক ৰূপম বৰুৱা, চিত্ৰশিল্পী ৰবীন বৰ,  বিজ্ঞান লেখক ড°পৰমা মহন্ত, প্ৰাক্তন মুখ্য বন সংৰক্ষক শ্ৰী ইন্দ্ৰজিৎ দত্ত, শিক্ষাবিদ ড° জগদীন্দ্ৰ ৰায়চৌধুৰী, অভিনেতা শ্ৰী তপন দাস, শ্ৰী বৰ্ণালী পূজাৰী,শ্ৰী কপিল বৰা, শ্ৰী অৰুণ নাথ, শ্ৰী দেৱজিৎ মজুমদাৰ,চিত্ৰ পৰিচালক শ্ৰী দিগন্ত মজুমদাৰ, চিত্ৰশিল্পী শ্ৰী দাদুল চলিহা,অল ইণ্ডিয়া ৰেডিঅ’ৰ শ্ৰী লোহিত ডেকা, শিক্ষাবিদ ড° ভাৰতী দত্ত, ড°ভাৰত কলিতা, সাহিত্যক শ্ৰী বিপুল দেউৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড°পৰমানন্দ ৰাজবংশী, বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায়, ডাঃশান্তনু লহকৰ, বিশিষ্ট কবি চিকিৎসক ডাঃ প্ৰণয় ফুকন, বিশিষ্ট সমাজ সেৱক অজয় দত্ত, শিক্ষাবিদ ড°বলেন দাস, সমাজ সেৱক তথা অসম নিৰ্মাণ লিমিটেডৰ শ্ৰী প্ৰণৱ কুমাৰ বৰা ইত্যাদিকে ধৰি ইয়াত অজানিতে নাম উল্লেখ কৰিবলৈ ৰৈ যোৱা  প্ৰত্যেক ব্যক্তিয়ে পৰিসৰ বৃদ্ধিৰ এই আন্দোলনক সৱল কৰি তুলিছিল। নেচাৰ্চ বেকনে হাড়ে হিমজুৱে বুজিছিল যে দিহিং পাটকাই অভয়াৰণ্য খনক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি থলেই ই সুৰক্ষিত নহ’ব। সেয়ে যি সময়ত বেছিভাগ প্ৰকৃতি প্ৰেমী কয়লাক লৈ সৰৱ হৈ আছিল, সেই সময়ত কেৱল নেচাৰ্চ বেকন দিহিং পাটকাইৰ সুৰক্ষাত মগ্ন আছিল। নেচাৰ্চ বেকনে অকলশৰীয়াকৈ দিহিং পাটকাইৰ পৰিসৰ বৃদ্ধিৰ বাবে অহৰহ কাম কৰি আছিল। দিহিং পাটকাই, জয়পুৰ বৰ্ষাৰণ্য আৰু পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনীয়তা বুজাবলৈ নেচাৰ্চ বেকনে বহুকেইখন ৱেবিনাৰ, ফেচবুক লাইভ কৰিছিল য’ত আমাৰ মূল লক্ষ্য আছিল অসমৰ প্ৰতিটো কোণৰ, প্ৰতিটো স্তৰৰ ব্যক্তিক আমাৰ এই অসাধাৰণ বৰ্ষাৰণ্যৰ গুৰুত্বৰ কথা জনোৱা আৰু পৰিসৰ বৃদ্ধিৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰা।

 

নেচাৰ্চ বেকনৰ এই ধনাত্মক আন্দোলন চলি থকাৰ  মাজতে ছচিয়েল মিডিয়াত আৰু এক প্ৰৱল জোৱাৰৰ সৃষ্টি কৰা হ’ল। এইবাৰ এই জোৱাৰ কয়লা অথবা চালেকীৰ সমৰ্থনত নাছিল, এই প্ৰচাৰ চলোৱা হৈছিল – সৌম্যদ্বীপ দত্ত আৰু সামগ্ৰিকভাৱে নেচাৰ্চ বেকনৰ বিৰুদ্ধে। এই জোৱাৰত কোনো বিশেষ মানুহৰ অনুপ্ৰেৰণাৰে কিছু পুৰণি বাতৰি কাকতৰ  টুকুৰা প্ৰচাৰ কৰা হ’ল। এই বাতৰি কাকতৰ টুকুৰা বোৰ বৰ্ষাৰণ্য আন্দোলনৰ প্ৰথম পৰ্যায়ত পেপাৰত প্ৰচাৰ কৰা হৈছিল , এতিয়া ছচিয়েল মিডিয়াত উৰুৱা হ’ল। এইবোৰ বিশেষ মানুহ, বাতৰিকাকতৰ  টুকুৰা বোৰ প্ৰমাণ সহকাৰে খাৰিজ কৰি  নামচাঙৰ অন্তেষপুৰত  লিপিবদ্ধ কৰা আছে, সেয়েহে এই চমু লেখাত সেইবোৰ উল্লেখ কৰাৰ পৰাৰ বিৰত থাকিলো। নেচাৰ্চ বেকনে সদায় ধনাত্মক কথাক গুৰুত্ব দিয়ে, দি আহিছে। নেচাৰ্চ বেকনৰ এটাই প্ৰথম আৰু শেষ উদ্দেশ্য সেয়া হৈছে- অৰণ্য অথবা প্ৰকৃতি সংৰক্ষণ কৰা । নেচাৰ্চ বেকনৰ বিৰুদ্ধে কৰা এই মিছা প্ৰচাৰক ‘অশ্বত্থামা হত কিন্তু ইতি গজ’ কেম্পেইন নাম দিয়া হৈছিল। সেই বিশেষ একাংশ লোকে দিহিং পাটকাই সুৰক্ষাক বাদ দি  এই ‘অশ্বত্থামা’ প্ৰচাৰক গুৰুত্ব দিছিল। সেয়ে বাৰেপাচি ভুল যুক্তি আৰু তথ্যৰে ভিডিঅ’, ফেচবুক, টুইটাৰত পোষ্ট, গান আনকি চিনেমা বনাইও অশ্বত্থামা কেম্পেইন জোৰদাৰকৈ চলাইছিল। কিন্তু তেওঁলোকে আগতেও বুজা নাছিল আৰু এতিয়াও বুজিবলৈ সক্ষম নহ’ল যে এইবোৰ কথাক নেচাৰ্চ বেকনে তিলমাত্ৰও গুৰুত্ব নিদিয়ে আৰু প্ৰয়োজনত মাত বন্ধ কৰি পলাবলগীয়া হোৱা কৰিব পৰাকৈ উচিত প্ৰত্যুত্তৰ দিবও জানে। প্ৰকৃতিৰ হকে, প্ৰকৃতিৰ পক্ষত নেচাৰ্চ বেকনৰ প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মীয়ে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদা প্ৰস্তুত থাকে, সেয়ে নেচাৰ্চ বেকনৰ কিছু সদস্যই বৰ্ষাৰণ্য আন্দোলনৰ প্ৰথম স্তৰত প্ৰকৃতি বিৰোধী পক্ষক প্ৰতিহত কৰিবলৈ মৃত্যুৰ সৈতে হেতালি খেলিবলৈও কুণ্ঠাবোধ কৰা নাছিল। প্ৰকৃতিৰ পক্ষত নেচাৰ্চ বেকন সদায় আপোচহীন। নেচাৰ্চ বেকনৰ দিহিং পাটকাইৰ পৰিসৰ বৃদ্ধিৰ আন্দোলনত প্ৰায় সকলো প্ৰকাৰেই বাধা দিবলৈ চেষ্টা কৰা হ’ল। নেচাৰ্চ বেকনে পৰিসৰ বৃদ্ধিৰ প্ৰস্তাৱক বন বিভাগ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ এক টুইটাৰ কেম্পেইন কৰিছিল । বৰ্ষাৰণ্যৰ ছবি, বিভিন্ন কাৰ্টুন,পোষ্টাৰ ইত্যাদি ৰ দ্বাৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বাবে নেচাৰ্চ বেকনৰ সমূহ সদস্য আৰু নেচাৰ্চ বেকনৰ আদৰ্শত বিশ্বাসী বহু লোকে একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, পৰিৱেশ আৰু বন মন্ত্ৰালয়ক টেগ(উল্লেখ ) কৰি টুইট কৰিছিল। #Complete_DihingPatkai_WLS_500sqkm ৰে আৰম্ভ কৰা নেচাৰ্চ বেকনৰ টুইটাৰ ষ্টৰ্ম ৰোধিবলৈ হঠাতে একে সময়তে একে ধৰণেৰে বিৰোধী টুইটাৰ কেম্পেইন কৰা হ’ল। আমাৰ বহু সদস্যৰ টুইটাৰ একাউণ্ট আচৰিত ধৰণে অচল হৈ গ’ল, এইবোৰ আমাৰ বাবে অবুজ সাথঁৰ। তথাপিও নেচাৰ্চ বেকন থমকি নৰ’ল আৰু একেই উদ্যমেৰে পৰিসৰ বৃদ্ধিৰ আন্দোলন চলাই থাকিল।

 

দিহিং পাটকাই পৰিসৰ বৃদ্ধিৰ আন্দোলনত নেচাৰ্চ বেকনৰ নতুন প্ৰজন্ম এটাই বৰ্ষাৰণ্য আন্দোলনৰ সম্পূৰ্ণ ইতিহাস বিচাৰি চোৱাৰ লগতে জড়িত হোৱাৰ সুযোগ পালে। নেচাৰ্চ বেকনৰ সদা সফল কৰ্মপন্থাই ছচিয়েল মিডিয়াতো শক্তিশালী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল। বিভিন্ন কাৰ্টুন, ছবি, লেখা-মেলা ৰ মাধ্যমেৰে এই আন্দোলনে সমাজৰ বিভিন্ন স্তৰৰ মানুহক চুই যাবলৈ সক্ষম হ’ল। নেচাৰ্চ বেকনৰ হৈ স্ব ইচ্ছাই এখনৰ পিছত সিখন ছবি আঁকি দিয়া, প্ৰযুক্তিগত সকলো কাম কৰি দিয়া, বৰ্ষাৰণ্যৰ ওচৰে পাজৰে প্ৰায় সকলো অনুষ্ঠানতেই আগভাগ লোৱা যুৱচামে  এই আন্দোলনক মানসিক শক্তি প্ৰদান কৰিছিল। আন্দোলনৰ এই পৰ্যায়ত বিভিন্ন জনৰ লেখা-মেলাইও নেচাৰ্চ বেকনক শক্তিশালী কৰি তুলিছিল। সাংবাদিক নৱ ঠাকুৰীয়া, ৰণ দুৱৰা, অজিত পাটোৱাৰী,কবি শ্ৰী পংকজ গোৱিন্দ মেধী, কাজিৰঙা ফাউণ্ডেশ্যনৰ শ্ৰী ভাস্কৰ বৰুৱা, পংকজ কুমাৰ দত্ত, নৱনীতা শৰ্মা,বিকাশ বৰদলৈ….  ৰ বিশ্লেষণাত্মক লেখাই ৰাইজৰ মাজত দিহিং পাটকাই সম্বন্ধে সঠিক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। দেশৰ বিভিন্ন প্ৰান্তত, বিভিন্ন আগশাৰীৰ বাতৰিকাকত, ফেচবুকত দিহিং পাটকাই পৰিসৰ বৃদ্ধিৰ আন্দোলনৰ সমৰ্থনত লেখা প্ৰকাশ হৈছিল। বিভিন্ন পেমপ্লেট, লিফলেটৰ মাধ্যমেৰে অসম চৰকাৰ, মুখ্যমন্ত্ৰী, সাধাৰণ ৰাইজক দিহিং পাটকাই সম্পৰ্কে অৱগত কৰা কামটো অহৰহ কৰি থকা হৈছিল। ২০২০ ৰ ১৬ আগষ্ট তাৰিখে নেচাৰ্চ বেকনে এখন পেমপ্লেটৰ জৰিয়তে  দিহিং পাটকাই ধ্বংসৰ আঁৰৰ ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছিল য’ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল মিছা তথ্যৰে ছেভ দিহিং পাটকাই আন্দোলন চলোৱাৰ কাৰণনো কি? মিছা তথ্যৰ এই আন্দোলনৰ প্ৰচাৰৰ ধৰণ কৰণৰ ফালে মনযোগ দিলেই বেছিভাগ কথাই স্পষ্ট হৈ পৰে। দামী দামী কাৰ্টুন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেলিব্ৰিটিৰ বক্তব্যৰে প্ৰয়োজনত কৈ অধিক গ্লেমাৰাছ এই আন্দোলনে কিন্তু কোনোদিনেই এবাৰো কোৱা নেদেখিলো যে দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰক অথবা ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ লগতে ইয়াৰ পৰিসৰো বৃদ্ধি হ’ব লাগিব। বুজিবলৈ দিগদাৰী নহয় যে দিহিং পাটকাই ছেভ কৰাটো হয়তো তেওঁলোকৰ মূল উদ্দেশ্য নাছিলেই। মূল বিষয়টোৰ পৰা ফালৰি কাটি গৈ বৰ্তমানেও কিছু সংখ্যকে জানি বুজি চেলেকী আৰু দিহিং পাটকাইক একাকাৰ কৰি আছে আৰু সমাজত ভুল বাৰ্তা প্ৰেৰণ কৰি আছে। এই প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰাৰ লগে লগে নেচাৰ্চ বেকনৰ বিৰুদ্ধে তেওঁলোক প্ৰকৃততে সৰৱ হ’ব লাগিছিল। কিন্তু ক’তো এনে হোৱা অসমৰ ৰাইজে দেখিবলৈ নাপালে। নেচাৰ্চ বেকনৰ সঁচা কথাটোক প্ৰত্যাহ্বান জনাবলৈ কাৰো সাহস নহ’ল।

 

জয়পুৰ বৰ্ষাৰণ্যক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত আৰু দুটা প্ৰধান বাধা আছিল। সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ আগৰ চৰকাৰৰ কাৰ্যকালত জয়পুৰ সংৰক্ষিত বনাঞ্চলক ক’ল ইণ্ডিয়াক মুক্ত খনন আৰু অইল ইণ্ডিয়াক তেলৰ বাবে  লীজত দি থোৱা হৈছিল। এই বিষয়ে সবিশেষ নেচাৰ্চ বেকনে ১৬ মাৰ্চ, ২০২১ ৰ প্ৰেছ ৰিলিজত উল্লেখ কৰিছে । গুৱাহাটী প্ৰেছ ক্লাৱত ১৬ মাৰ্চ ২০২১ ত হোৱা সংবাদমেলত সকলো সংবাদ গোষ্ঠীকে এই বিষয়ে নেচাৰ্চ বেকনৰ ফালৰ পৰা সবিশেষ জনোৱা হৈছিল। কেনেদৰে ক’ল ইণ্ডিয়া আৰু অইল ইণ্ডিয়াৰ লীজ উঠাই জয়পুৰ বৰ্ষাৰণ্যক দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰুৱা কৰা হৈছিল সেই কথা আৰু চিঠি পত্ৰ সমূহ নেচাৰ্চ বেকনে সংবাদমেলত ৰাজহুৱা কৰিছিল। এই সংবাদমেলত নেচাৰ্চ বেকনৰ ফালৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ৰঙীণ পোষ্টাৰ উন্মোচন কৰা হৈছিল, য’ত বৰ্ষাৰণ্যৰ বিভিন্ন আপুৰুগীয়া জৈৱ বৈচিত্ৰৰ ছবি আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মানচিত্ৰও সন্নিৱিষ্ট কৰা আছে । নেচাৰ্চ বেকনৰ এই আন্দোলনৰ যাত্ৰাত নিষ্ঠাৱান সাংবাদিক সকলোৰো ভূমিকা অপৰিসীম। সঁচা অৰ্থত প্ৰকৃতিৰ হৈ খবৰ প্ৰকাশ কৰা বাতৰিকাকত, ইলেক্ট্ৰনিক মিডিয়া, ৱেৱ পৰ্টেল ইত্যাদি সকলো সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীৰ প্ৰতি নেচাৰ্চ বেকন কৃতজ্ঞ।

 

নেচাৰ্চ বেকনৰ বৰ্ষাৰণ্য আন্দোলনৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হ’ল, ইয়াৰ শৈক্ষিক সজাগতাৰ দিশটো। শৈক্ষিক সজাগতা অৰ্থাৎ অৰণ্য সংৰক্ষণৰ জ্ঞান আৰু মূল্যবোধৰ শিক্ষা। যোৱা ২৫ বছৰে নিৰন্তৰে নেচাৰ্চ বেকনে বৰ্ষাৰণ্যৰ ওচৰ পাজৰৰ অঞ্চল সমূহত প্ৰকৃতি বিষয়ক জ্ঞানৰ উত্তৰণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰতি বছৰেই  বৰ্ষাৰণ্যত বিভিন্ন প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হয়, য’ত বৰ্ষাৰণ্যৰ ওচৰৰ ল’ৰা ছোৱালী সমূহৰ লগতে অসমৰ প্ৰতিটো অঞ্চলৰ যুৱ চামক অৰণ্য সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰা হয়। নেচাৰ্চ বেকনৰ প্ৰকৃতি শিৱিৰ সমূহৰ জৰিয়তে  শ শ ল’ৰা ছোৱালীয়ে নিজকে একো একোজন সঠিক মূল্যবোধেৰে সেউজ সৈনিক ৰূপে গঢ় দিছে। ইয়াৰ উপৰিও  নেচাৰ্চ বেকনে বৰ্ষাৰণ্যৰ ওচৰ পাজৰৰ প্ৰতিখন স্কুল, কলেজ কিম্বা অইন শিক্ষানুষ্ঠান সমূহত অহৰহ বৰ্ষাৰণ্য সম্পৰ্কে সজাগতা অনুষ্ঠান সম্পাদন কৰে । শিক্ষক সকলক অনুপ্ৰেৰণা যোগাবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিভিন্ন পোষ্টাৰ, লিফলেট, পেমপ্লেট  ইত্যাদিৰ জড়িয়তে এই শৈক্ষিক সজাগতাৰ কাম অহৰহ চলি থাকে। প্ৰকৃতি আন্দোলনত এই শৈক্ষিক সজাগতাই এক বিশেষ ভূমিকা লয়। কিয়নো এফালে সংশ্লিষ্ট মহলত চাপ সৃষ্টিৰ লগে লগে অৰণ্যৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, আৰু পৰ্য্যটনৰ উপযোগীকৈ মানৱ সম্পদ সৃষ্টি হৈ থাকে। অৰণ্য সংৰক্ষিত হোৱাৰ লগে লগে ইয়াৰ দ্বায়িত্ব লব পৰাকৈ উপযুক্ত আৰু যোগ্য ব্যক্তিৰ প্ৰয়োজন হয় আৰু সেই ক্ষেত্ৰত তেনে উপযুক্ত মানৱ সম্পদ সৃষ্টি কৰিবলৈ নেচাৰ্চ বেকনে শৈক্ষিক সজাগতাৰ কাৰ্য্যসূচী সমূহ সম্পাদন কৰে। সেয়ে হয়তো নেচাৰ্চ বেকনৰ আন্দোলন সামগ্ৰিক ভাৱে সফল। নেচাৰ্চ বেকনৰ এই শৈক্ষিক সজাগতাৰ  দিশটো আজীৱন চলি আছে আৰু থাকিব । বৰ্ষাৰণ্য আন্দোলনত সজাগতাৰ দিশটোত অফুৰন্ত সহায় কৰা অইন এটা মাধ্যম হ’ল আকাশবাণী ডিব্ৰুগড়। আকাশবাণী ডিব্ৰুগড়ে বৰ্ষাৰণ্য আন্দোলনৰ দুয়োটা পৰ্যায়তে সংৰক্ষণৰ শৈক্ষিক সজাগতাৰ দিশটোক প্ৰসাৰ কৰিবলৈ  যথেষ্ঠ সহায় কৰিছিল। বিভিন্ন অনুষ্ঠান, আলোচনা, কথিকাৰ জৰিয়তে দিহিং পাটকাই বৰ্ষাৰণ্য সম্পৰ্কে সাধাৰণ শ্ৰোতাৰ মাজত সজাগতাৰ সৃষ্টি কৰিছিল। আকাশবাণী ডিব্ৰুগড়ে সাধাৰণ শ্ৰোতাৰ মাজলৈ নেচাৰ্চ বেকনৰ এই আন্দোলনৰ বাৰ্তা কঢ়িয়াই বৰ্ষাৰণ্য আন্দোলনক শক্তিশালী কৰি তুলিছিল, যাৰ বাবে নেচাৰ্চ বেকনৰ সকলোৱে আকাশবাণী ডিব্ৰুগড়ৰ সমূহ কৰ্মকৰ্তাৰ ওচৰত চিৰকৃতজ্ঞ। 

 

নেচাৰ্চ বেকনে ২০২১ বৰ্ষৰ ১৯ ৰ পৰা ২৫ মাৰ্চলৈ “দিহিং-পাটকাই গৌৰৱ যাত্ৰা” নামেৰে এক উৎসৱ পালন কৰে। এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল দিহিং পাটকাইৰ সমীপৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীক জয়পুৰ বৰ্ষাৰণ্যৰ লগতে বৰ্দ্ধিত পৰিসৰেৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্ব অৱগত কৰোৱা। ১৯ মাৰ্চ ২০২১ তাৰিখে…জয়পুৰত…  ত আৰম্ভ হোৱা এই গৌৰৱ যাত্ৰাৰ কাৰ্য্যসূচী বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰত পালন কৰা হৈছিল। এই গৌৰৱ যাত্ৰাৰ মূল উদ্দেশ্য আছিল – দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান  আৰু জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্তিৰ গুৰুত্বৰ কথা সাধাৰণ ৰাইজক বুজোৱা।  ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ লগতে বিভিন্ন প্ৰশ্ন জড়িত হৈ পৰে।ৰাষ্ট্ৰীয় উদ্যানৰ বাবে প্ৰয়োজনীয় পৰিকাঠামো নিৰ্মাণৰ কাম লগতে সুৰক্ষাৰ বাবে মানুহ মোতায়েন কৰা ইত্যাদি বিভিন্ন দিশৰ  ওপৰত গুৰুত্ব দিবলগীয়া হয়। ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া লোকসকল স্বাৱলম্বী হোৱাৰ ওপৰত নেচাৰ্চ বেকনে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে নিৰন্তৰে যোৱা ২৫ বছৰে চলি অহা শৈক্ষিক সজাগতাৰ দিশটোক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান গৌৰৱ যাত্ৰাই অধিক উজ্জীৱিত কৰি তোলে। ইকো টুৰিজিম, হোম ষ্টে  ইত্যাদি সুবিধাৰ বিকাশ হ’লেহে প্ৰকৃতাৰ্থত অসমৰ লাভ হ’ব। অৰণ্যৰ সম্পদ আহৰণতকৈ যদি সম্পদৰ সংৰক্ষণেৰে আৰ্থিক লাভৰ দিশ বিচৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় তেতিয়া প্ৰকৃতাৰ্থত বহনক্ষম বিকাশৰ বাট মুকলি হয়। এই  ধৰণৰ প্ৰায়োগিক আদৰ্শক লৈয়েই নেচাৰ্চ বেকনে সংৰক্ষণৰ কাম কাজ পৰিচালনা কৰে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। নেচাৰ্চ বেকনে প্ৰকৃতাৰ্থত আন্দোলনৰ সমান্তৰালকৈ হাতে কামে এই প্ৰায়োগিক ধাৰণাৰে প্ৰশিক্ষণৰ কাম সম্পন্ন কৰি আহিছে । বৰ্ষাৰণ্যৰ স্থানীয় ৰাইজে আজি ২৫ বছৰে নেচাৰ্চ বেকনৰ এই যাত্ৰাত সকলো প্ৰকাৰৰ সহযোগিতা কৰি আহিছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান গৌৰৱ যাত্ৰা সেয়ে এই বৰ্ষাৰণ্য আন্দোলনৰ এক সফল আৰু গুৰুত্বপূৰ্ণ অংশ।

 

 

নেচাৰ্চ বেকনে যোৱা ২৫ বছৰৰ এক সুদীৰ্ঘ সময় এই বৰ্ষাৰণ্য সংৰক্ষণৰ হকে কাম কৰিছে। সংৰক্ষণৰ লগত জড়িত এই মূল মানুহখিনিয়ে নিজৰ জীৱনৰ বহুমূলীয়া ২৫ বছৰ এই বৰ্ষাৰণ্য সংৰক্ষণৰ স্বাৰ্থত উছৰ্গা কৰিছে। প্ৰকৃতিৰ প্ৰতি এই দায়বদ্ধতা আৰু ত্যাগৰ বিনিময়ত তেওঁলোকে অসংখ্য গালি গালাজ, অপমান, অপবাদ মুৰ পাতি লৈছে। প্ৰকৃতি ধ্বংসৰ সৈতে জড়িত একাংশ লোকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱাৰ পিছতো নেচাৰ্চ বেকনক অপবাদ দিবলৈ চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই। একাংশ নিৰ্বোধ লোকেও তেওঁলোকৰ কথাত হয়ভৰ দি নেচাৰ্চ বেকনৰ বিৰুদ্ধে নিজৰ অপপ্ৰচাৰ অব্যাহত ৰাখিছে। তেওঁলোকে এবাৰলৈও বৰ্ষাৰণ্যৰ ইতিহাস বিচাৰি চোৱাৰ প্ৰয়োজন বোধ কৰা নাই। যি নেচাৰ্চ বেকনে ১৯৯৪ চনতেই দিহিং-পাটকাই বৰ্ষাৰণ্যক সমগ্ৰ পৃথিৱীৰ সন্মুখত  চিনাকি কৰাই দিছিল, যাৰ বাবে বৰ্ষাৰণ্যৰ এক বৃহৎ অংশ সুৰক্ষিত হৈ আছে সেই নেচাৰ্চ বেকনকে বৰ্ষাৰণ্যৰ আটাইতকৈ ডাঙৰ শত্ৰু সজাবলৈ বাৰে বাৰে চেষ্টা কৰি থকা হৈছে। নেচাৰ্চ বেকনে বৰ্ষাৰণ্যখনক চিনাকী কৰাই নিদিয়া হ’লে হয়তো আমাৰ অজানিতেই এই মহাৰণ্য কোনো প্ৰিমিয়াৰ অইলৰ দৰে কোম্পানী অথবা কয়লা মাফিয়াৰ হাতত নিঃশেষ হ’ল হেতেন। কেতিয়াবা যাব বৰ্ষাৰণ্যলৈ, মহাৰণ্যৰ প্ৰতিডাল গছে শুনাব আপোনাক থিয় হৈ থকাৰ কাহিনী বোৰ। প্ৰতিটো চৰাইৰ সুহুৰিত অনুভৱ কৰিব এজাক ডেকা তেজৰ স্বাৰ্থহীন ত্যাগৰ গাঁথা।নেচাৰ্চ বেকনৰ এই বৰ্ষাৰণ্য আন্দোলনৰ যাত্ৰা সদায় অব্যাহত থাকিব। আমি বিচাৰো বৰ্ষাৰণ্যৰ সম্পূৰ্ণ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চল সুৰক্ষিত হওক। ভাৰতবৰ্ষৰ এখন অন্যতম অপৰূপ ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃত হওক দিহিং পাটকাই।

 

 

নেচাৰ্চ বেকনে বিচাৰে দিহিং পাটকাইৰ দৰে অসমৰ প্ৰতিটো অঞ্চলৰ প্ৰতিখন প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষিত হওক। অসমৰ ৰাইজে প্ৰকৃতাৰ্থত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠনৰ আন্দোলনত যোগদান কৰক। কিয়নো অৰণ্য এখন প্ৰকৃতাৰ্থত সুৰক্ষিত তেতিয়াহে হব যেতিয়া সি অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পাই। কেৱল মাত্ৰ চিঞৰি থাকিলেই অৱস্থাৰ পৰিৱৰ্তন নহ’ব। অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ হ’লে হাতে কামে কাম কৰিব লাগিব। দূৰদৰ্শী চিন্তাৰে সামগ্ৰিকভাৱে বিচলিত নোহোৱাকৈ এটা কথাতেই লাগি থাকিব পৰা ক্ষমতা থাকিব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত অৰণ্য, জৈৱ বৈচিত্ৰ সংৰক্ষিত হ’ব। জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্তিৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যথেষ্ঠ শক্তিশালী হৈ উঠিছে। কিন্তু বৰ্ষাৰণ্যৰ বাকী অংশ এতিয়াও সম্পূৰ্ণ সুৰক্ষিত নহয়। তাৰ বাবে চৰকাৰ আৰু প্ৰতিগৰাকী পৰিৱেশ কৰ্মীৰে যথেষ্ট দ্বায়িত্ব আছে। দিহিং পাটকাই বৰ্ষাৰণ্য যথেষ্ঠ সম্পদশালী এখন অৰণ্য। বিভিন্ন দুষ্ট চক্ৰৰ শেনচকু দিহিং পাটকাইৰ ওপৰত সদায়েই আছে। সেয়েহে ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ লগে লগে ইয়াৰ সুৰক্ষাৰ দিশটোৰ ওপৰত বিশেষভাৱে নজৰ দিব  লাগিব। দিহিং পাটকাইৰ পৰিকাঠামো উন্নত কৰিব লাগিব, যাতে ই এক আদৰ্শ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় লয়। পৰিৱেশ প্ৰকৃতিৰ হৈ সঁচা অৰ্থত কাম কৰা সকলো লোকেই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আপুৰুগীয়া জৈৱ সম্ভাৰৰ কথা মানুহক বুজাব লাগিব, যাতে পৰ্যটনৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কোনো ক্ষতি নহয়। স্থানীয় লোকসকলকৰ অধিকাংশই এই মহাৰণ্যক লৈ সংবেদনশীল হ’লেহে বৰ্ষাৰণ্যখনৰ একক বৈশিষ্ট্য বৰ্তি থাকিব। আমি আশাবাদী বৰ্ষাৰণ্যৰ বাকীখিনি অংশও পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব। ইয়াৰ প্ৰতিডাল গছ, প্ৰতিটো প্ৰাণ প্ৰকৃতাৰ্থত সুৰক্ষিত হ’ব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এই গৌৰৱ যাত্ৰা অসমৰ প্ৰতিখন প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত প্ৰেৰণা হওক।

 

 

শ্বেয়াৰ কৰক: