নেচাৰ্চ বেকনৰ পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ

Nature's Beckon members with students, teachers, and other participants at Pobitara Wild Birds Conservation Festival 2024
WhatsApp Image 2024-08-20 at 22.01.54_4736f9f7

-       যুগল সন্দিকৈ

১৮ জানুৱাৰী, ২০২৪ তাৰিখে নিশা ৯.৩০ বজাত আমি সকলোৱে ধেমাজি ৰে’লৱে ষ্টেচনত মিলিত হ’লোঁ৷ আমি মানে মই, ভাস্কৰ, চয়নিকা, সুনয়ন আৰু চয়নিকাৰ মাতৃ সবিতা সোনোৱালৰ লগতে তেওঁলোকক ষ্টেচনলৈকে আগবঢ়াবলৈ অহা তেওঁলোকৰ অভিভাৱকসকল৷ নিশা ১০.০০ বজাৰ ৰে’লেৰে আমাৰ পাঁচজনীয়া দলটো গুৱাহাটী অভিমুখে যাত্ৰা কৰিম৷ আমাৰ গন্তব্য স্থান ‘পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য’৷ লক্ষ্য আৰু উদ্দেশ্য উত্তৰ–পূৱ ভাৰতৰ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ দ্বাৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ‘মায়বং ইক’ ৰিজৰ্ট’ত ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ত অংশগ্ৰহণ৷ যথাসময়ত মুৰ্কংচেলেক–গুৱাহাটী অভিমুখী ‘লাচিত এক্সপ্ৰেছ’ আহি ধেমাজি ৰে’লৱে ষ্টেচনত উপস্থিত হ’লহি৷ সকলোৰে পৰা বিদায় লৈ আমি ৰে’লত উঠিলোঁ৷ অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা–ছোৱালী কেইটিৰ তদাৰকীৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰি আমাক বিদায় দিলে৷ ময়ো তেওঁলোকক নিশ্চিন্ত মনে থকাৰ আশ্বাস প্ৰদান কৰি তেওঁলোকৰ পৰা বিদায় ল’লোঁ৷ নিৰ্দিষ্ট সময়ত আমাৰ ৰে’লখনে ষ্টেচন এৰিলে৷ ল’ৰা–ছোৱালী কেইটিৰ মনত অপাৰ আনন্দ, জীৱনত পোন প্ৰথমবাৰৰ বাবে এখন অভয়াৰণ্য প্ৰত্যক্ষ কৰাৰ অনেক কৌতুহল ক্ক সদায় শুনি থকা, কিন্তু কাহানিও নেদেখা গুৱাহাটী অভিমুখে সিহঁতৰ আজিৰ এই যাত্ৰা৷ মনত সিহঁতৰ পাৰভঙা উছাহ৷

এই ল’ৰা–ছোৱালীকেইটি নেচাৰ্চ বেকনৰ সংস্পৰ্শলৈ আহিছিল ২০২৩ বৰ্ষৰ ১৪, ১৫ আৰু ১৬ জুলাইত ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত তিনিদিনীয়া ‘বিশেষ গ্ৰীষ্মকালীন শিবিৰ’ৰ জৰিয়তে৷ উক্ত শিবিৰত প্ৰকৃতি সংৰক্ষণৰ অন্যান্য দিশসমূহৰ লগতে বিশেষভাৱে বনৰীয়া চৰাই সংৰক্ষণ আৰু ইহঁতৰ বাসস্থান সংৰক্ষণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিল নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তদেৱে৷ এই বিশেষ গ্ৰীষ্মকালীন শিবিৰত ধেমাজি সদৰৰ ৬ খন বিদ্যালয়ৰ মুঠ ৪৬ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷ এই শিবিৰ পৰিচালনাৰ সুবিধাৰ্থে খোলা Whats ট্টন্ধ্ৰহ্ম Groupৰ জৰিয়তেই ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ সম্পৰ্কে ধেমাজিৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অৱগত কৰাত ভালেকেইগৰাকী শিক্ষাৰ্থীয়ে এই উৎসৱত অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছিল যদিও মূৰকত ধেমাজি টাউন এম ই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীদ্বয় ক্ৰমে বাটঘৰীয়াৰ ভাস্কৰজ্যোতি হাজৰিকা, চয়নিকা সোনোৱাল আৰু ধেমাজি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সুনয়ন দিহিঙীয়াৰ লগতে আগ্ৰহী অভিভাৱক হিচাপে চয়নিকা সোনোৱালৰ মাতৃ সবিতা সোনোৱাল উৎসৱত অংশগ্ৰহণৰ বাবে আগবাঢ়ি আহে৷

The Pobitara Wild Birds Conservation Festival 2024 was inaugurated with enthusiastic participation from eminent writers, educationists, nature photographers, and social workers of Assam.

১৯ জানুৱাৰীৰ পুৱা প্ৰায় ৮.৪৫ বজাত আমাৰ ৰে’লখনে নিৰ্দিষ্ট সময়তকৈ কিছু পলমকৈ গুৱাহাটী ৰে’লৱে ষ্টেটচনত উপস্থিত হয়হি৷ ৰে’লৰ পৰা নামি আমি এখন অট’ৰে নাৰেঙ্গী অভিমুখে ৰাওনা হওঁ৷ নাৰেঙ্গীত উপস্থিত হৈ নেচাৰ্চ বেকনৰ সঞ্চলক সৌম্যদ্বীপ দত্তদেৱৰ সৈতে যোগাযোগ কৰি নাৰেঙ্গীৰ পৰা পবিতৰালৈ যোৱাৰ ব্যৱস্থা কৰোঁ৷ সেই অনুসৰি নেচাৰ্চ বেকনৰ জ্যেষ্ঠ সদস্যা গুৱাহাটীৰ নৱনীতা শৰ্মাৰ সৈতে তেওঁৰ গাড়ীতে ভাস্কৰ, চয়নিকা আৰু চয়নিকাৰ মাতৃ সবিতা সোনোৱালক পঠাই দি সুনয়ন আৰু মই নেচাৰ্চ বেকনৰে আন এগৰাকী জ্যেষ্ঠ সদস্য কিশোৰ কুমাৰ চৌধুৰী আহি পোৱালৈ আমি নাৰেঙ্গীতে অপেক্ষা কৰোঁ৷ কিছু সময়ৰ পিছতে কিশোৰ চৌধুৰী আহি পোৱাত তেওঁৰ গাড়ীৰে আমি পবিতৰা অভিমুখে ৰাওনা হওঁ৷

প্ৰায় ১১.০০ বজাৰ আগে আগে আমি পবিতৰাৰ মায়বং ইক’ ৰিজৰ্টত আহি উপস্থিত হওঁহি৷ মূল পথৰ দুয়োকাষে থকা পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ দুখন আটক ধুনীয়া হৰ্ডিংচে আমাক উৎসৱৰ বাকৰিলৈ স্বাগতম জনাইছে৷ ৰিজৰ্টৰ মুখ্য প্ৰৱেশদ্বাৰৰ লগতে সম্পূৰ্ণ ৰিজৰ্টটোৰ পৰিৱেশ আকৰ্ষণীয়কৈ সজাই তোলা হৈছে৷ প্ৰাকৃতিক উৎসসমূহক অৱলম্বন কৰি সজাই তোলা হৈছে উৎসৱৰ মূল মঞ্চ৷ মঞ্চৰ সন্মুখত দৰ্শকৰ বাবে আসনসমূহ সুন্দৰ আৰু পৰিপাটীকৈ ৰখা হৈছে, ৰিজৰ্টৰ ভিতৰভাগ পবিতৰাৰ বিভিন্ন সময়ৰ বিভিন্ন মনোৰম আলোকচিত্ৰৰে সজাই তোলাৰ লগতে গ্ৰন্থমেলা আৰু আলোকচিত্ৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, চোতালত শাৰী শাৰীকৈ টানি ৰখা টেণ্টসমূহে পৰিৱেশটো আৰু সুন্দৰ কৰি তুলিছে৷ মুঠৰ ওপৰত দেখিলেই ভাল লগা এক পৰিৱেশ৷ এই সকলোবোৰ সম্ভৱ হৈ উঠিছে মায়বং ইক’ ৰিজৰ্টৰ স্বত্ত্বাধিকাৰ নৃপেন নাথ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু তেওঁৰ ৰিজৰ্টৰ কৰ্মচাৰীসকলৰ আশাশুধীয়া প্ৰচেষ্টাত৷ নৃপেন নাথ ডাঙৰীয়া ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক হোৱাৰ লগতে নেচাৰ্চ বেকনৰ এগৰাকী জ্যেষ্ঠ কৰ্মী তথা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি অহা এগৰাকী নিষ্ঠাবান প্ৰকৃতি কৰ্মী, টুৰিষ্ট গাইড, ফটোগ্ৰাফাৰৰ লগতে এগৰাকী স্থানীয় উদ্যোগী ব্যৱসায়ী৷

Sri. Soumyadeep Datta addressing the gathering with his inaugural address at the inauguration of the Pobitara Wild Birds Conservation Festival 2024.

ইতিমধ্যে নেচাৰ্চ বেকনৰ জ্যেষ্ঠ কৰ্মী নৱনীতা শৰ্মাই তেওঁৰ দায়িত্ব চমজি লৈ অংশগ্ৰহণকাৰীসকলৰ পঞ্জীয়নৰ  কাম–কাজ আগবঢ়াই নিছে৷ এই কামত ময়ো গৈ তেখেতক সহযোগ কৰোঁ৷ নেচাৰ্চ বেকনৰ কৰ্মী কংকনা, বনানী, গোলাপহঁতেও আহি আমাক সহযোগ কৰেহি৷ ক্ৰমান্বয়ে ছিপাঝাৰৰ গোলাপ শৰ্মা আৰু তেওঁলোকৰ পৰিয়াল, সঞ্জু মিত্ৰ আৰু তেওঁৰ বন্ধু, নলবাৰীৰ পৰা পংকজ গোবিন্দ মেধি আৰু তেওঁৰ পৰিয়াল, গোৱালপাৰাৰ কৃপালোচন দাস আৰু তেওঁৰ পুত্ৰ, ফটোগ্ৰাফাৰ জ্যোতিৰ্ময়কে আদি কৰি আমাৰ সংগঠনৰ চিনাকি মুখবোৰ আমাৰ কাষ চাপি আহিল৷ বহুদিনৰ মূৰত আটাইকে একেলগে লগ পাই আমিবোৰ আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ৷ ইতিমধ্যে প্ৰায় ৬৫ গৰাকী আবাসিক অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ লগতে বৃহত্তৰ মায়ং অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষক–শিক্ষয়িত্ৰীসকলৰ লগতে স্থানীয় ভালেকেইগৰাকী উৎসাহী ব্যক্তিয়ে উৎসৱৰ নিয়মীয়া অংশগ্ৰহণকাৰী হিচাপে তেওঁলোকৰ নামসমূহ পঞ্জীয়ন কৰাই মঞ্চৰ সন্মুখৰ আসনসমূহ গ্ৰহণ কৰিছিলহি৷ সময় বাগৰিল৷ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় হোৱাত অংশগ্ৰহণকাৰী সকলোৱে যাতে সুন্দৰভাৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ সু–ব্যৱস্থা কৰি দিলে মায়বং ইক’ ৰিজৰ্টৰ কৰ্মকৰ্তাসকলে৷ সকলোৱে আহাৰ গ্ৰহণ কৰি পুনৰ নিজ নিজ আসনত বহি পৰিলহি৷ ইয়াৰ পিছতে নিৰ্দিষ্ট সময়ত আৰম্ভ হয় ইমানপৰে সকলোৱে আশাৰে বাট চাই থকা ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ শুভাৰম্ভণী অনুষ্ঠান৷

Dr. Moromi Talukdar presenting the message of Dr. Ranoj Pegu, the Honorable Education Minister of Assam for the first Pobitara Wild Birds Conservation Festival, to Sri. Nripen Nath, the founder of Maibong Ecoresort.

নেচাৰ্চ বেকনৰ হৈ ড॰ মৰমী তালুকদাৰে আঁতধৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাম চন্দ্ৰ নাথে৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে মায়বং ইক’ ৰিজৰ্টৰ কৰ্মচাৰীসকলে পৰিৱেশন কৰা আকৰ্ষণীয় বাদ্য সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত সাহিত্য একাডেমীৰ শ্ৰেষ্ঠ অনুবাদকৰ বঁটাপ্ৰাপক বিপুল দেউৰী, ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট লেখক ইন্দ্ৰজিৎ দত্ত, বিশিষ্ট লেখক–শিক্ষাবিদ ড॰ জগদীন্দ্ৰ ৰায়চৌধুৰী, সুপৰিচিত ফটোগ্ৰাফাৰ সঞ্জীৱ গোহাঁই বৰুৱা আৰু গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ মনোজ কুমাৰ মহন্তই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে মায়ং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ফণী ভূষণ নাথ, মায়ং উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল দাস, মায়ং গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ উপস্থিত অভ্যাগতসকলক আয়োজক নেচাৰ্চ বেকনৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা আৰু পাকৈঢোঁৰা [Oriental Pied Hornbill] সংৰক্ষণৰ বাৰ্তা সমৃদ্ধ একোখনকৈ ফ্ৰেমযুক্ত প’ষ্টাৰেৰে সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পিছতে নিজৰ আদৰণি ভাষণত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকনৰ চাৰি দশকজোৰা অবিৰত যাত্ৰাৰ কথা অৱগত কৰি নেচাৰ্চ বেকন কেৱল এক ব্যক্তি বিশেষৰ সংগঠন নহয়, ই এক সংঘবদ্ধ নাম বুলি কৈ নেচাৰ্চ বেকনৰ আদৰ্শ তথা প্ৰকৃতি সংৰক্ষণকামী চিন্তা–চেতনাৰে উদ্বুদ্ধ প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমী জনসাধাৰণেই ইয়াৰ অংশীদাৰ বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ নেচাৰ্চ বেকনৰ উদ্যোগত ১৯৯২ চনৰ পৰাই সমগ্ৰ অসমতে ‘অসমৰ বনৰীয়া চৰাই আৰু ইয়াৰ বাসস্থান সংৰক্ষণ অভিযান’ শীৰ্ষক এলানি কাৰ্যসূচী চলি থকা বুলি উল্লেখ কৰি বৰ্তমানে অসমৰ বনৰীয়া চৰাই সংৰক্ষণৰ ক্ষেত্ৰত ই এক গণ আন্দোলনৰ ৰূপ লৈছে বুলিও কয়৷ নেচাৰ্চ বেকনৰ প্ৰতিগৰাকী কৰ্মীয়েই এইক্ষেত্ৰত নিঃস্বাৰ্থভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ এই উৎসৱ আয়োজনৰ মূল উদ্দেশ্যও বনৰীয়া চৰাই তথা প্ৰকৃতি সংৰক্ষণ বুলি উল্লেখ কৰে৷ শ্ৰী দত্তই জন্মলগ্নৰে পৰাই নেচাৰ্চ বেকনে প্ৰকৃতি তথা পৰিৱেশ সংৰক্ষণৰ হকে নিত্য নতুন চিন্তাৰে ব্যতিক্ৰমী কাম কৰি আহিছে বুলি উল্লেখ কৰি পবিতৰাৰ এই উৎসৱো ঠিক তেনে কিছু আদৰ্শৰে প্ৰভাৱান্বিত বুলি কয়৷ শ্ৰী দত্তই আৰু কয় যে — এই উৎসৱৰ মূল উদ্দেশ্য সংৰক্ষণ৷ আমি সকলোৱে বনৰীয়া চৰাই আৰু প্ৰকৃতিত ইয়াৰ ভূমিকা আৰু অৱদানৰ বিষয়ে অৱগত৷ সেয়েহে নতুন প্ৰজন্মলৈ এই সংৰক্ষণ বাৰ্তা বহন কৰাটো অতীৱ প্ৰয়োজনীয়৷ আমাৰ চৌপাশৰ বিনন্দীয়া চৰাইসমূহৰ সুৰক্ষা আৰু সংৰক্ষণ তেতিয়াহে সফল হ’ব যেতিয়া ইয়াৰ সংৰক্ষণৰ বাৰ্তা জনগণৰ মাজলৈ যাব৷ সেয়ে পবিতৰা, মায়ং অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী, কৃষক সমাজক লৈ অনুষ্ঠিত কৰা এই সংৰক্ষণ উৎসৱে পবিতৰাৰ সংৰক্ষিত ভৱিষ্যতক আৰু এখোজ সুদৃঢ় কৰিব৷ পবিতৰালৈ সঘনাই গৈ থকা প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰিব যে মায়ঙৰ মায়াময় পৰিৱেশ যেন ক্ৰমাৎ কংক্ৰিটৰ আৱৰণত আবদ্ধ হৈ গৈ আছে৷ পবিতৰা অভয়াৰণ্যৰ চৌপাশৰ এই পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি তাৰ স্থানীয় জনসাধৰণক সজাগ কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ উঠিছে৷ মায়বং ইক’ ৰিজৰ্টৰ শ্ৰী নৃপেন নাথ আৰু তেওঁৰ সহযোগীসকলে অতি সুন্দৰকৈ পবিতৰা অঞ্চলত সংৰক্ষণৰ কাম কৰি আহিছে৷ মায়বং ইক’ ৰিজৰ্টৰ আৰণ্যিক পৰিৱেশলৈ চালে এই কথা অধিক স্পষ্ট হয়৷ প্ৰকৃতিৰ সুৰক্ষাৰ হকে ৩৫–৪০ বছৰ কাম কৰি অহা এই মানুহগৰাকীৰ জীৱনবোধো খুব সুন্দৰ৷ তেওঁৰ লগতে তেওঁৰ ৰিজৰ্টৰ সহযোগীসকলো প্ৰকৃতিক লৈ সদায় সচেতন আৰু সজাগ৷ ৰাতিপুৱা মায়বং ইক’ ৰিজৰ্ট Oriented Pied Hornbillৰ কাকলিৰে মুখৰিত হৈ উঠে৷ এই হৰ্ণবিল জাকৰ অনুপম দৃশ্য চাবলৈ ৰিজৰ্টখনলৈ বহু পৰ্যটকৰ আগমন হয়৷ নৃপেন নাথ নেচাৰ্চ বেকনৰ এগৰাকী নিষ্ঠাৱান কৰ্মী আৰু এই হৰ্ণবিল জাকৰ লগতে অইন বন্যপ্ৰাণ সংৰক্ষণৰ হকে তেওঁ মায়ংবাসী ৰাইজৰ সৈতে বহুতো কাম কৰিছে৷ সচেতন পৰ্যটকৰ মায়বং ইক’ ৰিজৰ্ট ভ্ৰমণে তেওঁৰ সংৰক্ষণৰ কাম–কাজক যথেষ্ট অগ্ৰগতি প্ৰদান কৰিব বুলি আমি আশাবাদী৷ নেচাৰ্চ বেকনৰ এই বনৰীয়া চৰাই সংৰক্ষণ উৎসৱত মায়ঙৰ স্থানীয় ৰাইজৰ লগতে ধেমাজি, ডিব্ৰুগড়, নলবাৰী, মঙলদৈ, ছিপাঝাৰ, ওদালগুৰি, গোৱালপাৰা, কামৰূপ আদিকে ধৰি সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰাটো এক উল্লেখনীয় দিশ বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ বৃহত্তৰ মায়ং অঞ্চলৰ ছাত্ৰ–ছাত্ৰীসকলক লৈ সংৰক্ষণকামী কাম–কাজ অবিৰতভাৱে কৰি যাব বুলি কৈ ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ দৰে অনুষ্ঠান নেচাৰ্চ বেকনে ভৱিষ্যতেও অনুষ্ঠিত কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ নিজৰ আদৰণি ভাষণৰ পিছতে শ্ৰী দত্তই অসমৰ শিক্ষা, জনজাতি পৰিক্ৰমা [ভৈয়াম], খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি [সংগ্ৰহালয় আৰু পুথিভঁৰাল সঞ্চালকালয়] দ৫১১ মন্ত্ৰী ডাঃ ৰণোজ পেগুদেৱে ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ উদ্দেশ্যে প্ৰেৰণ কৰা এটি শুভেচ্ছাবাণীও উপস্থিতসকলৰ জ্ঞাতাৰ্থে পাঠ কৰি দিয়ে৷

Dr. Ranoj Pegu, Honorable Education Minister of Assam sends his heartfelt message for the Pobitara Wild Birds Conservation Festival 2024

অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি সাহিত্য একাডেমীৰ দ্বাৰা সন্মানিত অনুবাদক বিপুল দেউৰীয়ে অসমত বনৰীয়া চৰাই সংৰক্ষণ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়, সাম্প্ৰতিক পৰিস্থিতিত বন্যপ্ৰাণীসমূহে সন্মুখীন হোৱা ভাবুকিসমূহৰ প্ৰতিও তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেওঁ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে স্থানীয় লোকসকলৰ অংশগ্ৰহণ আৰু সমৰ্থনক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে৷

              আমন্ত্ৰিত অতিথি ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট লেখক  ইন্দ্ৰজিৎ দত্তই পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ গুৰুত্ব সম্পৰ্কে কয়, তেওঁ দীৰ্ঘ দিন ধৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত নেচাৰ্চ বেকনে কৰি অহা কামৰ শলাগ লয়৷ লগতে তেওঁ নেচাৰ্চ বেকনে গ্ৰহণ কৰা বনৰীয়া চৰাই সংৰক্ষণৰ এই পদক্ষেপক তেওঁ অসমৰ আটাইতকৈ সময়োপযোগী পদক্ষেপ বুলিও অভিহিত কৰে৷

              আন এগৰাকী আমন্ত্ৰিত অতিথি বিশিষ্ট লেখক–শিক্ষাবিদ ড॰ জগদীন্দ্ৰ ৰায়চৌধুৰীয়ে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহৰ প্ৰাকৃতিক গছ–গছনি আৰু উদ্ভিদ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ বক্তব্য ৰাখে৷ তেওঁ প্ৰাকৃতিক সম্পদৰ বিবেচনাপূৰ্ণ আৰু মিতব্যয়ীতাৰে ব্যৱহাৰৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণক অধিক সজাগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ আমাৰ পৰম্পৰাগত প্ৰকৃতি সংৰক্ষণৰ শিক্ষাক প্ৰেৰণাৰ উৎস হিচাপে লৈ ছাত্ৰ–ছাত্ৰী আৰু যুৱক–যুৱতীসকলক অসমৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনত দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

              প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ সঞ্জীৱ গোহাঁই বৰুৱাই নিজৰ বক্তব্যত মায়ং আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে থকা তেওঁৰ আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰে৷ বিগত কেইবা দশক ধৰি এই অঞ্চলৰ সৈতে তেওঁ মৰমৰ বান্ধোনেৰে বান্ধ খাই থকা বুলি কয়৷ শেহতীয়াকৈ তেওঁ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিওফালে হোৱা দ্ৰুত আৰু নিৰ্বিচাৰ নগৰীকৰণৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মায়ং অঞ্চলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে এই সমস্যাটোৰ তৎকালীন সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ লগতে তেওঁ অসমত পক্ষী সংৰক্ষণৰ সন্দৰ্ভত মানুহৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ফটোগ্ৰাফীৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে অৱগত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেওঁ পবিতৰাৰ বনৰীয়া চৰাই সংৰক্ষিত হৈ থাকিবলৈ হ’লে পবিতৰাত উপলব্ধ কেতবোৰ জলজ উদ্ভিদো সংৰক্ষিত হৈ থাকিবই লাগিব বুলি উল্লেখ কৰে৷ তেওঁ মায়ং আৰু পবিতৰা অঞ্চলৰ জনসাধাৰণক পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভৱিষ্যত সংৰক্ষণৰ বাবে সংঘবদ্ধভাৱে আৰু প্ৰতিশ্ৰুতিবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়৷

অনুষ্ঠানত অন্যতম এগৰাকী আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ মনোজ কুমাৰ মহন্তই ‘জীৱশ্ৰেষ্ঠৰ আগ্ৰাসনত আজিৰ পৃথিৱী ৰোগাগ্ৰস্ত’ বুলি উল্লেখ কৰি এই পৃথিৱী কেৱল মানুহৰ বাবেই নহয়, ইয়াত আন আন বন্যপ্ৰাণসমূহৰো সমানেই অধিকাৰ আছে বুলি কয়৷ লগতে তেওঁ জীৱশ্ৰেষ্ঠৰ কৰাল গ্ৰাসত পৰি এই পৃথিৱীৰ পৰা ইতিমধ্যেই বহুতো বন্যপ্ৰাণ বিলুপ্তি হোৱাৰ কথা উদাহৰণসহ দাঙি ধৰে৷ ড॰ মহন্তই ভৱিষ্যত প্ৰজন্মই বহনক্ষম উন্নয়নৰ কথা চিন্তা কৰি সংৰক্ষণকামী চিন্তা–চেতনাৰে প্ৰকৃতিৰ বাবে, প্ৰকৃতিৰ হকে কাম কৰিলেহে এই পৃথিৱীত মানুহ নামৰ জীৱটো জীয়াই থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ লগতে তেওঁ নেচাৰ্চ বেকনৰ এনেধৰণৰ সংৰক্ষণকামী চিন্তা–চেতনাৰ শলাগ লয়৷

অনুষ্ঠানতে অভ্যাগতসকলৰ দ্বাৰা সৌম্যদ্বীপ দত্তৰ ‘অসমৰ অৰণ্য অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান’ শীৰ্ষক গ্ৰন্থখনৰ বাংলা সংস্কৰণটো উন্মোচন কৰা হয়৷

শেষত আয়োজক সমিতিৰ সভাপতি ৰাম চন্দ্ৰ নাথে তেওঁৰ এক লিখিত ভাষণ পাঠ কৰি ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ দৰে এক মহৎ অনুষ্ঠানৰ সভাপতি হিচাপে তেওঁৰ ওপৰত দায়িত্ব ন্যস্ত কৰা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অনুষ্ঠানলৈ অহা সমূহ অংশগ্ৰহণকাৰী তথা প্ৰতিগৰাকী ব্যক্তিবিশেষৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি শুভাৰম্ভণী অনুষ্ঠানৰ আনুষ্ঠানিক কাৰ্যসূচীৰ সামৰণী পেলায়৷ সকলোৱে একেলগে বিয়লিৰ চাহ গ্ৰহণ কৰি অভ্যাগত অতিথিসকলক বিদায় দিয়ে৷

Sri. Ram Chandra Nath, Sri. Indrajit Dutta, Sri. Bipul Deuri, Dr. Jagadindra Raychoudhury, Sri. Sanjib Gohain Boruah, Dr. Manoj Kumar Mahanta, Sri. Soumyadeep Datta. (From left to right)

সন্ধিয়া ৭.০০ বজাৰ পৰা ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ প্ৰথমখন আলোচনা সত্ৰ মায়বং ইক’ ৰিজৰ্টৰ সভাকক্ষত অনুষ্ঠিত হয়৷ ‘অসমৰ বনৰীয়া চৰাইৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ’ শীৰ্ষক আলোচনা চক্ৰত মুখ্য সমল ব্যক্তি নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ লগতে নেচাৰ্চ বেকনৰ আন কেইবাগৰাকীও সক্ৰিয় কৰ্মী ক্ৰমে পংকজ গোবিন্দ মেধি, কৃপালোচন দাস আৰু যুগল সন্দিকৈয়ে অংশগ্ৰহণ কৰে৷

আলোচনাত অংশগ্ৰহণ কৰি সমল ব্যক্তি সৌম্যদ্বীপ দত্তই জলবায়ু বুলিলে আমি কি বুজিম ? জলবায়ু পৰিৱৰ্তন মানেনো কি ? জলবায়ুৰ উষ্ণতা বৃদ্ধি [Global Warming] হ’লে কাৰ কি ক্ষতি হ’ব ? জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ বাবে দায়ী কোন ? জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ ফলত কেৱল মানুহৰে নহয় বনৰীয়া চৰাই–চিৰিকতিৰো কিদৰে ক্ষতি হ’ব, জলবায়ুৰ উষ্ণতা বৃদ্ধি ৰোধৰ ক্ষেত্ৰত আমাৰ কৰণীয় আদি দিশসমূহ বিশদভাৱে আলোচনা কৰাৰ লগতে বিশ্ব জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতিৰ অতি গুৰুত্বপূৰ্ণ দিশ আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ যুৱ প্ৰজন্মৰ মাজত এই বিশ্ব জলবায়ু পৰিৱৰ্তনৰ দৃশ্যপট সম্পৰ্কে ব্যাপক জ্ঞানৰ প্ৰয়োজনীয়তা থকাৰ কথা উল্লেখ কৰে৷ তেওঁ জলবায়ু সংকটক উন্নত দেশসমূহৰ সৃষ্টি বুলি অভিহিত কৰি বিভিন্ন উদাহৰণ দাঙি ধৰাৰ লগতে ভৱিষ্যতে আমাৰ পৰিৱেশ তন্ত্ৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়৷ জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ তেওঁ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰাকৃতিক বনাঞ্চল, জলাশয়, জলধাৰা, পাহাৰ আদি সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে কয়৷ জলবায়ু পৰিৱৰ্তনে চৰাইৰ বাসস্থান, অভ্যাস, অসমত বনৰীয়া চৰাইৰ সংৰক্ষণৰ লগত জড়িত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে, সেই বিষয়ে তেওঁ দীঘলীয়া বক্তব্য ৰাখে৷

আলোচনাত অংশগ্ৰহণ কৰি কৃপালোচন দাসে জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্ট বিশ্বৰ উষ্ণতা ত্বৰান্বিত কৰা সেউজ গৃহ গেছ আৰু প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ বিষয়ে চমুকৈ বক্তব্য ৰাখে৷ আলোচনা চক্ৰত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰা হয়৷ এই পাৰস্পৰিক মত–বিনিময়ত অংশগ্ৰহণ কৰি নেচাৰ্চ বেকনৰ সক্ৰিয় কৰ্মী নৱনীতা শৰ্মাই সাম্প্ৰতিক সময়ত বিশ্বত কিছুমান ভুৱা জলবায়ু সক্ৰিয় কৰ্মীৰ আৱিৰ্ভাৱ ঘটিছে বুলি উল্লেখ কৰি এনে ছদ্মবেশী ভুৱা জলবায়ু সক্ৰিয় কৰ্মীৰ দ্বাৰা বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ যুৱক–যুৱতী আৰু ছাত্ৰ–ছাত্ৰীসকল বিপথে পৰিচালিত হোৱা বুলি কয়৷ যাৰ ফলত ভাৰতত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাস্তৱতা আৰু এই প্ৰভাৱ কমোৱাৰ বাবে পৰৱৰ্তী পদক্ষেপ হিচাপে সঁচা অৰ্থত প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত হাতে–কামে কাম কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ বিষয়টোকে আওকাণ কৰি কেৱল প্লে–কাৰ্ড, শ্ল’গান, আলোচনা আদিতে সীমাবদ্ধ হৈ ৰৈছে৷ এই আলোচনাত পুনৰবাৰ অংশগ্ৰহণ কৰি সৌম্যদ্বীপ দত্তই জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা অসম আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰিৱেশ ভৱিষ্যতে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে বিতংভাৱে কয়৷ অসমৰ বন্য চৰাইৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ সমান্তৰালকৈ তেওঁ অংশগ্ৰহণকাৰীসকলক জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা কৰে৷ তেওঁ নেচাৰ্চ বেকনৰ ‘সদৌ অসম বনৰীয়া চৰাই সংৰক্ষণ অভিযান’ৰ দৰে চৰাই সংৰক্ষণৰ পদক্ষেপৰ গুৰুত্বৰ বিষয়েও কয় যিয়ে অসমত বনৰীয়া চৰাই সংৰক্ষণৰ লগতে চৰাইৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰতো সজাগতা সৃষ্টি কৰিছে৷ লগতে তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ দৰ্শন সম্পৰ্কেও বিশদ আলোচনা আগবঢ়ায়৷

আলোচনা চক্ৰৰ অন্তত সকলোৱে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে৷

The wild bird's observation point at Maibong Ecoresort. PC : Nripen Nath

২০ জানুৱাৰী, ২০২৪৷ ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ দ্বিতীয় দিন৷ মায়বং ইক’ ৰিজৰ্টৰ চৌপাশৰ  আৰণ্যিক পৰিৱেশ বিভিন্ন পক্ষীৰ কলৰৱত মুখৰিত হৈ উঠিছে৷ তন্ত্ৰ–মন্ত্ৰৰ দেশ বুঢ়া মায়ঙৰ পূৱ আকাশত উদিত ভাস্কৰৰ হেঙুল আভাই পবিতৰাক যেন পুৱাৰ সম্ভাষণ জনাইছেহি৷ টেণ্টৰ চেইন খুলিয়েই প্ৰত্যক্ষ কৰিলোঁ ৰিজৰ্টৰ স্বত্ত্বাধিকাৰ নৃপেনদাই [নৃপেন নাথ] হাতত প্ৰায় চাৰি–পাঁচ আষিমান ভীমকল লৈ ৰিজৰ্ট চৌহদৰ এটা কোণৰ এক বিশেষ স্থানলৈ গৈছে আৰু তাত কলৰ আষিসমূহ এক নিৰ্দিষ্ট স্থানত থৈ আহিছে৷ উৎসুকতাবশতঃ নৃপেনদাক সুধিয়েই পেলালোঁ যে কলবোৰ এনেদৰে তাত কিয় থৈ আহিছেঞ্জ ওঁঠত মিচিকিয়া হাঁহি এটিৰে নৃপেনদাই ক’লে, ‘সেয়া মোৰ পুৱাৰ অতিথিৰ ব্ৰেকফাষ্ট৷ ঠিক ছয় বাজি পোন্ধৰ মিনিটত তেওঁলোক আহি পাবহি, ক্ষন্তেক অপেক্ষা কৰা, তোমালোকেও সাক্ষাৎ পাবা৷’ তেওঁৰ কথাই মোৰ উৎসুকতা দুগুণে বৃদ্ধি কৰিলে৷ ম’বাইলতে সময়টো চালোঁ৷ আৰু ঠিক পাঁচ মিনিট পিছতে নৃপেনদাৰ ৰিজৰ্টৰ পুৱাৰ অতিথি আহি পাবহি৷ লগে লগে মই আমাৰ টেণ্টলৈ গৈ ভাস্কৰ আৰু সুনয়নক টোপনিৰ পৰা উঠাই দিয়াৰ লগতে কাষৰ টেণ্টত থকা চয়নিকা আৰু তেওঁৰ মাককো উঠাই দি পুৱাৰ সেই বিশেষ অতিথি প্ৰত্যক্ষ কৰিবৰ বাবে সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ আহিবলৈ ক’লোঁ৷ সঁচাকৈয়ে ঠিক ছয় বাজি পোন্ধৰ মিনিট যোৱাৰ লগে লগে ৰিজৰ্টৰ চৌপাশৰ আকাশৰ পৰা অহা কেতবোৰ বিশেষ শব্দ আমাৰ কাণত পৰিলহি আৰু সেই শব্দই নিমিষতে আমাৰ কাষ চাপি আহি সেই বিশেষ স্থানত ভিৰ কৰিলেহি৷ চকুৰ সন্মুখত আমি কাহানিও নেদেখা এক নান্দনিক দৃশ্য দেখি আমাৰ মন–প্ৰাণ পুলকিত হৈ উঠিল৷ নৃপেনদাৰ পুৱাৰ অতিথিয়ে ব্ৰেকফাষ্ট কৰাৰ এক অপূৰ্ব দৃশ্য৷ চকুৰ সন্মুখত তেনেই ওচৰৰ পৰা [প্ৰায় হাত মেলিলেই ঢুকি পোৱা অৱস্থাত] এটা পাকৈঢোঁৰা [Oriental Pied Hornbill]ৰ জাক৷ প্ৰায় ১৫–১৬টা মান হ’ব৷ জাকটোত ভালেকেইটা পোৱালি পাকৈঢোঁৰাও আছে৷ সকলোৱে সন্মিলিতভাৱে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে আৰু আমাৰ ৰিজৰ্টৰ আবাসীসকলক হেঁপাহ পলুৱাই সিহঁতৰ ফটো লোৱাৰ সুবিধা প্ৰদান কৰিছে৷ অন্যান্যসকলৰ লগতে আমাৰ ধেমাজিৰ পৰা যোৱা দলটোৰ প্ৰতিগৰাকী সদস্যৰে চকুত অপাৰ বিস্ময়৷ নহ’বই বা কিয় ? পুৱা শুই উঠিয়েই এজাক ইমান সুন্দৰ পক্ষীৰ সাক্ষাৎ লাভ কৰিছে, তাকো নিচেই কাষৰ পৰা৷ ভাস্কৰ, সুনয়ন, চয়নিকাই নিজৰ নিজৰ ম’বাইলত যিমান পাৰে সিমান ফটো উঠাইছে৷ চয়নিকাৰ মাকেও সিহঁতক সহায় কৰিছে৷ মুঠৰ ওপৰত আমাৰ বাবে ই এক অনন্য অভিজ্ঞতা৷ ইয়াৰ কৃতিত্বৰ দাবীদাৰ নি(য়কৈ নৃপেনদা আৰু তেওঁৰ ৰিজৰ্টৰ কৰ্মচাৰীসকল৷ কাৰণ নৃপেনদাহঁতে আজি দীৰ্ঘ দিন ধৰি অন্যান্য প্ৰকৃতি সংৰক্ষণমূলক কাম–কাজৰ লগতে এই পাকৈঢোঁৰাৰ জাকটোক পুৱাৰ আহাৰ হিচাপে ভীমকল যোগান ধৰি আহিছে আৰু এই চৰাইৰ জাকটোৱে বংশানুক্ৰমিকভাৱে নৃপেনদাহঁতৰ আতিথ্য গ্ৰহণ কৰি আহিছে৷ নৃপেনদাই এই পক্ষীকুলক ভীমকল যোগানৰ ক্ষেত্ৰত কোনোদিনে কৃপণালি কৰা নাই৷ স্থানীয় অঞ্চলসমূহত এই ভীমকল সুলভ নহ’লে, বহু দূৰ–দূৰণিৰ পৰা হ’লেও নিজা অৰ্থ ব্যয় কৰি এই কল আনি নিয়মিতভাৱেই এই পক্ষীৰ জাকটোক পুৱাৰ আহাৰ যোগান ধৰি আহিছে৷ এয়া নি(য়কৈ নৃপেনদাৰ পক্ষী প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন৷ সেয়েহে হয়তো এই পক্ষী জাকেও নিয়মিতভাৱে নৃপেনদাহাঁতৰ ৰিজৰ্টলৈ আহি প্ৰতিগৰাকী অতিথিকে পুৱাৰ সতেজ সম্ভষণ জনাই যায়হি৷ আজিও এই পাকৈঢোঁৰাৰ জাকটোৱে পুৱাৰ আহাৰ গ্ৰহণ কৰি সকলোকে সম্ভাষণ জনাই যোৱাৰ পিছতে আমি সকলোৱে পুৱাৰ চাহকাপ গ্ৰহণ কৰি উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ বাবে সাজু হ’লোঁ৷

A morning bird watching trail in and around Pobitara Wildlife Sanctuary during the festival.

দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে ‘চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণ’ বিষয়ক ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ নেতৃত্ব লয় নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তদেৱে৷ শিবিৰৰ আবাসীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰশিক্ষণ কালত চৰাই পৰ্যবেক্ষণৰ বাবে যোৱা দলটোৱে সৌম্যদ্বীপ দত্তদেৱৰ পৰা চৰাই পৰ্যবেক্ষণৰ মৌলিক তথা প্ৰাথমিক জ্ঞান, চৰাই চিনাক্তকৰণৰ কৌশল, চৰাই বাসস্থান, খাদ্যাভাস আদিৰ বিষয়ে শিকিছিল৷ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত এই প্ৰশিক্ষণৰ সময়ত প্ৰায় ৩০ প্ৰজাতিৰো অধিক চৰাই চিনাক্ত কৰা হৈছিল৷ এই ক্ষেত্ৰ ভ্ৰমণে অংশগ্ৰহণকাৰীসকলক চৰাই আৰু চৰাইৰ বাসস্থানৰ বৈচিত্ৰ্যৰ বিষয়ে বুজাত সহায় কৰিছিল৷

পুৱাৰ ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে দিনৰ ১১.০০ বজাৰ পৰা ‘অসমীয়া প্ৰকৃতি সাহিত্য আৰু বনৰীয়া চৰাই সংৰক্ষণ’ বিষয়ক এক মনোগ্ৰাহী আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতিকাষৰীয়া বৃহত্তৰ মায়ং অঞ্চলৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী আৰু স্থানীয় ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত আলোচনা চক্ৰখনি সঞ্চালনা কৰে অসমৰ এগৰাকী বিশিষ্ট নিবন্ধকাৰ, কবি, নেচাৰ্চ বেকনৰ অন্যতম এগৰাকী কৰ্মী তথা পশু চিকিৎসা বিষয়া পংকজ গোবিন্দ মেধিয়ে৷ আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে নেচাৰ্চ বেকনৰ কৰ্মী ক্ৰমে কিশোৰ কুমাৰ চৌধুৰী, নৱনীতা শৰ্মা, যুগল সন্দিকৈ আৰু বনানী দাসে৷ সঞ্চালক পংকজ গোবিন্দ মেধিয়ে প্ৰকৃতি সাহিত্যৰ সাৰমৰ্ম, উদ্দেশ্য, উপস্থিতি আৰু গুৰুত্ব সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰি আলোচনাৰ পাতনি মেলে৷

A technical session on Nature writing literature, led by Smt. Novanita Sharma, Dr. Pankaj Gobinda Medhi, Sri. Kishore Kumar Chowdhury, Sri. Jugal Handique, and Smt. Banani Das.

আলোচনাত অংশগ্ৰহণ কৰি নৱনীতা শৰ্মাই ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱাৰ লগতে প্ৰকৃতি সাহিত্য সম্পৰ্কে এক বিশদ ধাৰণা দাঙি ধৰে৷ তেওঁ প্ৰকৃতি সাহিত্যক অন্যান্য সাহিত্যৰ পৰা পৃথক কৰি উদ্দেশ্যপ্ৰণোদিত সাহিত্যৰ এটা ৰূপ হিচাপে অভিহিত কৰে য’ত লেখক নিজে প্ৰকৃতিপ্ৰেমী হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণ চিন্তা–চেতনাৰে উদ্বুদ্ধ এজন প্ৰকৃতি কৰ্মী হ’ব লাগিব বুলি উল্লেখ কৰে৷ তেওঁ ছাত্ৰ–ছাত্ৰীসকলক অসমৰ প্ৰকৃতি লেখা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি বক্তব্য ৰখাৰ লগতে ছাত্ৰ–ছাত্ৰীসকলক পঢ়াৰ অভ্যাস গঢ়ি তোলা আৰু বনাঞ্চল আৰু অন্যান্য প্ৰাকৃতিক অংগসমূহৰ সৈতে পৰিচিত হোৱাটো প্ৰকৃতি লেখা সৃষ্টিৰ বাবে অপৰিহাৰ্য বুলিও উল্লেখ কৰে৷

আলোচক কিশোৰ কুমাৰ চৌধুৰীয়ে প্ৰকৃতিৰ সাৰমৰ্ম, ইয়ৰ বহুধা বিভক্ত দিশ আৰু প্ৰকৃতি জগতৰ সৈতে মানুহৰ অবিচ্ছেদ্য বন্ধনৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ আলোচনাত অংশগ্ৰহণ কৰি যুগল সন্দিকৈয়ে প্ৰকৃতি সাহিত্য সংৰচনাক প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৈ নেচাৰ্চ বেকনে আশীৰ দশকৰ পৰাই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে বুলি উল্লেখ কৰে৷ নেচাৰ্চ বেকনৰ নেতৃত্বতেই অসমত প্ৰকৃতাৰ্থত এক প্ৰকৃতি সাহিত্যৰ ধাৰা গঢ় লৈ উঠিছে বুলিও তেওঁ কয়৷ এইক্ষেত্ৰত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সমুখৰ পৰা নেতৃত্ব দি ভিন্নস্বাদৰ প্ৰকৃতি লেখাৰে পাঠকক এই সাহিত্য ধাৰাৰ কাষ চপাই নিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ সৌম্যদ্বীপ দত্তৰ প্ৰকৃতি বিষয়ক ভালেকেইখন মননশীল গ্ৰন্থক প্ৰকৃতি সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন হিচাপে দাঙি ধৰে৷ লগতে তেওঁ অসমৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনত প্ৰকৃতি সাহিত্যৰ ভূমিকা আৰু তাৎপৰ্য সম্পৰ্কেও অৱগত কৰে৷ আলোচনা চক্ৰৰ আন এগৰাকী আলোচক বনানী দাসে প্ৰকৃতি সাহিত্যৰ ধাৰাটোৰ বিষয়ে তেওঁৰ সুন্দৰ আৰু সাৱলীল ব্যাখ্যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক প্ৰকৃতি লেখাৰ মূল সাৰমৰ্ম বুজাত সহায় কৰে৷

আলোচনা চক্ৰৰ শেষত অংশগ্ৰহণকাৰী ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰকৃতি সাহিত্য আৰু প্ৰকৃতি সংৰক্ষণত ইয়াৰ ভূমিকা সম্পৰ্কে এক মনোগ্ৰাহী আলোচনাও অনুষ্ঠিত হয়৷

A technical session on " The role of 'The Seed', Nature's Beckon's e-magazine in wild birds conservation", led by Smt. Novanita Sharma, Sri. Golap Sarma, Smt. Kankana Das, and Sri. Kripalochan Das.

ইয়াৰ পিছতে দ্বিতীয় দিনৰ দ্বিতীয়খন আলোচনা চক্ৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বনৰীয়া চৰাই সংৰক্ষণ আৰু নেচাৰ্চ বেকনৰ ই–আলোচনী ‘দ্য চীড’ সন্দৰ্ভত অনুষ্ঠিত হয়৷ গোলাপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা  চক্ৰত কৃপালোচনা দাস, নৱনীতা শৰ্মা আৰু কংকনা দাসে আলোচক হিচাপে অংশগ্ৰহণ কৰে৷ আলোচনা চক্ৰৰ  আৰম্ভণিতে সঞ্চালক গোলাপ শৰ্মাই নেচাৰ্চ বেকনৰ ই–আলোচনী ‘দ্য চীড’ৰ সৈতে উপস্থিত সকলোকে পৰিচয় কৰাই দিয়াৰ লগতে ডিজিটেল মাধ্যম, বিশেষকৈ ছ’চিয়েল মিডিয়াৰ প্ৰাসংগিকতাৰ বিষয়ে কয় আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্পন্ন কৰা কেইবাটাও সংৰক্ষণমূূলক সফল অভিযানৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ ছ’চিয়েল মিডিয়াক ভৱিষ্যতে চৰাই সংৰক্ষণৰ ক্ষেত্ৰত এক অতি শক্তিশালী মাধ্যম বুলিও অভিহিত কৰে৷

আলোচনাত অংশগ্ৰহণ কৰি ই–আলোচনী ‘দ্য চীড’ৰ অসমীয়া সংস্কৰণৰ সম্পাদক কংকনা দাসে যুৱক–যুৱতীসকলে ছ’চিয়েল মিডিয়াৰ বিবেচনাপূৰ্ণ ব্যৱহাৰৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ ‘দ্য চীড’ৰ দৰে ই–আলোচনীত প্ৰকাশিত প্ৰকৃতি লেখা সাহিত্য পঢ়াৰ দৰে ভাল উদ্দেশ্যত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ বিষয়েও তেওঁ সুন্দৰ ব্যাখ্যা আগবঢ়ায়৷ লগতে তেওঁ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধ্যৱসায়ী হ’বলৈ আৰু ‘দ্য চীড’ৰ দৰে ই–আলোচনীৰ জৰিয়তে অসমৰ প্ৰকৃতি লেখা আন্দোলনত অৰিহণা যোগাবলৈও ছাত্ৰ–ছাত্ৰীসকলক উৎসাহিত কৰে৷

অন্যতম এগৰাকী আলোচক কৃপালোচন দাসে অসমৰ প্ৰকৃতি লেখা আন্দোলনত বেছিভাগেই পাঠক হিচাপে অংশগ্ৰহণ কৰাৰ কথা কয়৷ তেওঁ ছাত্ৰ–ছাত্ৰীসকলক ‘দ্য চীড’ত প্ৰকাশিত গুৰুত্বপূৰ্ণ লেখাসমূহ পঢ়িবলৈ আহ্বান জনায়৷ আলোচনাত অংশগ্ৰহণ কৰি ‘দ্য চীড’ৰ ইংৰাজী সংস্কৰণৰ সম্পাদক নৱনীতা শৰ্মাই অসমত প্ৰকৃতি সাহিত্যৰ ক্ৰমাগত অগ্ৰগতিৰ বিষয়ে কয়৷ এই সম্পৰ্কত তেওঁ নেচাৰ্চ বেকনৰ অবিৰত যাত্ৰাৰ কথা উল্লেখ কৰে৷ নেচাৰ্চ বেকনৰ বাৰ্ষিক প্ৰকাশন ‘বানাবাণী’ৰ পৰা ‘দ্য চীড’লৈকে প্ৰকৃতি সাহিত্যৰ ধাৰা সুন্দৰভাৱে অব্যাহত থকাৰ কথা তেওঁ কয়৷ তেওঁ ছাত্ৰ–ছাত্ৰীসকলক নেচাৰ্চ বেকনৰ ই–আলোচনী ‘দ্য চীড’ৰ জৰিয়তে অসমৰ প্ৰকৃতি লেখা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে৷ ছাত্ৰ–ছাত্ৰীসকলক প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত বিভিন্ন লেখা যেনে কবিতা, চিত্ৰকলা আদিসমূহ ‘দ্য চীড’ ই–আলোচনীলৈ প্ৰেৰণ কৰি প্ৰকৃতি লেখা আন্দোলনলৈ অৱদান আগবঢ়াবলৈও তেওঁ আহ্বান জনায়৷ লগতে তেওঁ অসমৰ প্ৰকৃতি লেখা আন্দোলনে প্ৰকৃতাৰ্থত ভাৰতৰ অন্যান্য প্ৰান্তৰৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰখনক দিক্‌ দৰ্শন কৰি আহিছে বুলিও মতপোষণ কৰে৷ শেষত অংশগ্ৰহণকাৰী ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে পাৰস্পৰিক মত–বিনিময়ৰ পিছতেই এই আলোচনা চক্ৰৰ সামৰণি পৰে৷

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতেই বিয়লিৰ ভাগলৈ শিবিৰৰ আবাসীসকলে জীপ ছাফাৰীৰ জৰিয়তে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ভ্ৰমণ কৰি সন্ধিয়াৰ আগে আগে পুনৰ শিবিৰত উপস্থিত হয়হি আৰু কিছুসময়ৰ চাহ বিৰতিৰ পিছতেই পুনৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভত সকলো অংশগ্ৰহণকাৰীৰ মাজত অনানুষ্ঠানিক আলোচনা হোৱাৰ লগতে উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যকলাপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়৷ ইয়াৰ পিছতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি শিবিৰৰ সকলো আবাসী নিজৰ নিজৰ টেণ্টত প্ৰৱেশ কৰে৷

A field visit to Pobitara Wildlife Sanctuary by the participants during Pobitara Wild Birds Conservation Festival 2024.

২১ জানুৱাৰী, ২০২৪৷ ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ তৃতীয় তথা অন্তিম দিন৷ পুৱাই ৰিজৰ্টৰ নিয়মীয়া অতিথি Oriental Pied Hornbill জাক আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি যায়হি৷ নিয়মীয়া অতিথিক আপ্যায়নৰ পিছতে ৰিজৰ্টৰ আবাসী দলটোৱে পুৱাৰ চাহ গ্ৰহণ কৰি সৌম্যদ্বীপ দত্তৰ নেতৃত্বত পবিতৰাৰ জলজ চৰাই পৰ্যবেক্ষণৰ বাবে পবিতৰাৰ বৃহৎ আদ্ৰৰ্ভূমি অভিমুখে ৰাওনা হয়৷ পবিতৰাৰ আদ্ৰৰ্ভূমিত জলকেলি কৰি থকা হাজাৰ–বিজাৰ জলজ পক্ষীৰ জাক প্ৰত্যক্ষ কৰি দলটোৰ প্ৰতিজন সদস্য অভিভূত হৈ পৰে৷ শ্ৰী দত্তই বাইন’কুলাৰৰ সহায়ত চৰাইসমূহ পৰ্যবেক্ষণ কৰি বিভিন্ন চৰাই প্ৰজাতিৰ যথাযথ বিৱৰণ দাঙি ধৰি চৰাই পৰ্যবেক্ষণৰ ন–শিকাৰুসকলক উপকৃত কৰে৷

Many students got the opportunity to gain a first hand experince of natural forest with their visit to the Pobitara Wildlife Sanctuary during the festival.

              দিনৰ ১১.৩০ বজাৰ পৰা ‘কৃষি, কৃষক আৰু বনৰীয়া চৰাই সংৰক্ষণ’ শীৰ্ষক আলোচনা চক্ৰৰে উৎসৱৰ তৃতীয় দিনৰ আনুষ্ঠানিক কাৰ্যসূচী শুভাৰম্ভ হয়৷ পবিতৰা অঞ্চলৰ স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক, স্থানীয় ভালেকেইগৰাকী কৃষক আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ উপস্থিতিত উৎসৱৰ মূল মঞ্চত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ প্ৰাৰম্ভণিতে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই আলোচনা চক্ৰৰ সমল ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ সম্যক পৰিচয় দাঙি ধৰি প্ৰকৃতি সংৰক্ষণ আন্দোলনত তেওঁলোকৰ ভূমিকা সম্পৰ্কে অৱগত কৰে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ প্ৰবাল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত অভিযন্তা, ফটোগ্ৰাফাৰ আৰু প্ৰকৃতি কৰ্মী ভাস্কৰ বৰুৱাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে৷ সঞ্চালক হিচাপে ড॰ প্ৰবাল শইকীয়াই আলোচনাৰ পাতনি মেলি কৃষি ক্ষেত্ৰত চৰাইৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়৷  তেওঁ প্ৰতি বছৰে উৎপাদনশীল কৃষিলৈ চৰাইৰ অৱদান সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷ তেওঁ গাঁওবাসী তথা কৃষক ৰাইজক ৰাসায়নিক সাৰৰ নিৰ্বিচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সতৰ্ক কৰি দিয়ে যিয়ে কেৱল কীট–পতংগই নহয়, কোনো নিৰ্দিষ্ট কৃষিভূমিত আক্ৰান্ত পোক–পৰুৱাক খাদ্য হিচাপে ব্যৱহাৰ কৰা চৰাইবোৰকো হত্যা কৰে৷ লগতে তেওঁ দেশত অমানৱ প্ৰাইমেট সংৰক্ষণৰ ক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ বিভিন্ন উদাহৰণ দাঙি ধৰি প্ৰকৃতি সংৰক্ষণৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ৩ানসমূহ ফলপ্ৰসূভাৱে উপস্থাপন কৰে৷ ড॰ শইকীয়াই অসমৰ তৃণমূল পৰ্যায়ত চৰাই সংৰক্ষণৰ সন্দৰ্ভত বৃহৎ পৰিসৰৰ সজাগতা অনাৰ ক্ষেত্ৰত নেচাৰ্চ বেকনে কৰা কামৰ প্ৰশংসা কৰে৷

inauguration of wild birds conservation poster by Sri. Soumyadeep Datta, Sri. Bhaskar Barua, Sri, Ram Chandra Nath, and Dr, Prabal Saikia.

সমল ব্যক্তি ভাস্কৰ বৰুৱাই ভৱিষ্যতে বহনক্ষম পৰিৱেশ সংবেদনশীল জীৱনশৈলী আৰু জীৱিকাৰ বাবে প্ৰকৃতি সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে কয়৷ তেওঁ মায়ং অঞ্চলৰ জনসাধাৰণক পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত এক অবাঞ্চিত ধৰণৰ পৰ্যটন উদ্যোগৰ বৃদ্ধিৰ বিৰুদ্ধে সদায় সজাগ হৈ থাকিবলৈ সকীয়াই দিয়ে৷ ভৱিষ্যতে মাইবং ইক’ ৰিজ’ৰ্টৰ দৰে দায়িত্বশীল কৃষি পদ্ধতি আৰু পৰিৱেশ অনুকুল পৰ্যটনৰ আৰ্হি আঁকোৱালি ল’বলৈ তেওঁ সকলোকে উৎসাহিত কৰে৷ তেওঁ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ দৰে সংৰক্ষিত অঞ্চলৰ ওচৰত দায়িত্বশীল পৰিৱেশ পৰ্যটনৰ গুৰুত্বৰ বিষয়ে কয়৷

Nature's Beckon formally inaugurates a brochure for the 'All Assam Wild Birds Preservation Campaign".

এই আলোচনা চক্ৰৰ সময়ত সদৌ অসম বনৰীয়া চৰাই সংৰক্ষণ কাৰ্যসূচীৰ এখন ৰঙীন ব্ৰ’চাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই আলোচনা চক্ৰৰ পিছতে উপস্থিত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ ইয়াৰ পিছতে শিবিৰৰ অংশগ্ৰহণকাৰীসকলৰ লগতে উৎসৱৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ তথা উপস্থিতিৰে ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’টি সাফল্যমণ্ডিত কৰি তোলা বৃহত্তৰ মায়ং অঞ্চলৰ বিদ্যালয়–মহাবিদ্যালয়সমূহৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী, অনুষ্ঠান পৰিচালনাকে ধৰি বিভিন্ন ধৰণেৰে সহায়–সহযোগিতা আগবঢ়োৱা স্থানীয় স্বেচ্ছাসেৱক সকলোকে আয়োজক নেচাৰ্চ বেকনৰ তৰফৰ পৰা একোখনকৈ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ শেষত অসমৰ সকলো অঞ্চলতে বনৰীয়া চৰাই সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নেচাৰ্চ বেকনে অবিৰতভাৱে কাম কৰি যোৱাৰ অংগীকাৰ গ্ৰহণেৰে মাইবং ইক’ ৰিজ’ৰ্টত অনুষ্ঠিত তিনিদিনীয়া ‘পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ’ৰ আনুষ্ঠানিক সামৰণি পৰে৷

Sri. Ram Chandra Nath, Sri. Bhaskar Barua, and Dr. Prabal Saikia grace the valedictory function of Pobitara Wild Birds Conservation Festival 2024.

বনৰীয়া চৰাই সংৰক্ষণৰ ক্ষেত্ৰত নেচাৰ্চ বেকনে আয়োজন কৰা এনে এক ভৱিষ্যতৰ দিক্‌ নিৰ্ণায়ক অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পাই নিজকে গৌৰৱবোধ কৰিছোঁ৷ এই তিনিদিন আমাক আতিথ্য প্ৰদান কৰা মাইবং ইক’ ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী নৃপেনদা আৰু ৰিজ’ৰ্টৰ সমূহ কৰ্মচাৰীবৃন্দৰ লগতে স্থানীয় আয়োজক সমিতিৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই পিছদিনা অৰ্থাৎ ২২ জানুৱাৰীৰ পুৱা বুকুত এবুকু আশা বান্ধি আমি ঘৰমুৱা হ’লোঁ৷ এই আশা নতুন প্ৰজন্মৰ মাজত প্ৰকৃতি তথা বনৰীয়া চৰাই সংৰক্ষণৰ চিন্তা–চেতনা প্ৰোথিত কৰি দেশৰ প্ৰকৃতি ভিত্তিক চিৰস্থায়ী প্ৰগতিক বাস্তৱায়িত কৰাৰ৷

Gratitude to Sri. Jyotimoy Kalita of Nature’s Beckon for supporting this write up with his photography.