অসম সাহিত্য সভা আৰু পৰিৱেশ সাহিত্য

মানস প্রতিম দত্ত,

সাহিত্যৰ সৈতে প্রকৃতিৰ ওত:প্রোত সম্পর্ক আছে। অসমীয়া সাহিত্যত পৰিৱেশ সংৰক্ষণ চেতনাৰ বিকাশৰ গতি একেবাৰে নতুন নহয়।  ভাৰতীয় লোক-পৰম্পৰা আৰু জীৱন শৈলীৰ সৈতে সংপৃক্ত সাহিত্যত প্রকৃতি চিত্রন আৰু ইয়াৰ নান্দনিক বর্ণনা দেখা যায়। ভাৰতীয় সাহিত্যত প্রকৃতি চেতনা পাশ্চাত্য সাহিত্যৰ তুলনাত বহু পুৰণি।…যিটো সময়ত ভাৰতীয় সাহিত্যত প্রকৃতি বন্দনাই এটা পৰম্পৰালৈ পৰিণত হৈছিল, সেই সময়ত পাশ্চাত্য সাহিত্যলৈ প্রকৃতি চেতনা আহিছিলহে মাত্র। অসমীয়া সাহিত্যটো অসমীয়া ভাষাৰ প্রথম লিখিত নিদর্শনস্বৰূপ চর্যাপদসমূহৰ পৰা আৰম্ভ কৰি প্রাক্-শংকৰী যুগৰ সাহিত্য কাণ্ডাৰীসকল, শংকৰদেৱ আৰু পৰৱর্তী সময়ৰ সাহিত্যিকসকলৰ সাহিত্যকৃতি সমূহতো অসমৰ বিনন্দীয়া প্রকৃতিৰ চিত্রণ তাৎপর্যপূর্ণৰূপত প্রতিভাত হৈ উঠিছে।’ পৰিৱেশ সাহিত্যই সংৰক্ষণকামী চেতনা জাগ্রত কৰি এক গণমুখী সচেতনাবোধৰ বাট কাটিছে। এনে সহিত্যত দেশ-কাল-স্বার্থৰ উর্দ্ধত বন্যপ্রাণী সংৰক্ষণ চেতনা তথা পৰিৱেশ সংৰক্ষণ এক মূলমন্ত্র হিচাপে প্রোথিত হৈছে। এনে সাহিত্যক আকৌ তথ্যমূলক ৰচনা আৰু পৰিৱেশ সজাগতাধর্মী সাহিত্য হিচাপে ভাগ কৰিব পাৰি। তথ্যসম্পন্ন ৰচনাৰ দ্বাৰা সাধাৰন পাঠকে বিষয়বস্তু সম্পর্কে সম্যক ধাৰণা আয়ত্ব কৰাৰ উপৰিও সংৰক্ষণ মনোবৃত্তিও জাগ্রত কৰি তোলে। অসমত পৰিৱেশ সচেতনতাৰ সৈতে লোক-জীৱনৰ সম্পর্ক সুদৃঢ়। অসমৰ জাতীয় জীৱনত পৰিৱেশ সচেতন গুণ মনকৰিবলগীয়া। অসমৰ প্রায়সমূহ উৎসৱেই প্রকৃতিৰ সৈতে সম্পর্কিত হোৱা বাবে পৰোক্ষভাৱে হ’লেও ই প্রকৃতি সংৰক্ষণ চেতনা বর্তাই ৰাখিছে।…আমাৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বিশেষত: প্রত্যেক পৰিয়ালেই একো একোটা প্রজাতিৰ বন্যপ্রাণীক তেওঁলোকৰ বংশধৰ হিচাপে বিশ্বাস কৰে আৰু সেই প্রজাতিৰ প্রাণী হত্যা বা মাংস ভক্ষণ নকৰে।’

অসমত পৰিৱেশ বিষয়ক লেখাৰ প্রথম পাতনি মেলা হৈছিল অৰুনোদই আলোচনীত। আলোচনীখনৰ প্রকাশিত মুঠ ১৪৭ টা সংখ্যাত প্রায় ৬৮ খন প্রকৃতি বিষয়ক ৰচনা প্রকাশ পাইছিল। ইয়াৰ উপৰিও জোনাকী আলোচনীত ‘গছ, লতা ইত্যাদিৰ উৎপত্তিৰ নিয়ম’ ‘ৰক্তহীন পাদপ’ আদি প্রকৃতি বিষয়ক লেখা প্রকাশ হৈছিল।

 অসমীয়া ভাষাত ১৯৪০ চনত প্রকাশিত ধনীৰাম দত্ত ৰচিত প্রথম পৰিৱেশ বিষয়ক গ্রন্থ ‘উদ্ভিদ বিৱৰণ’ৰ পাছত কুমুদ চন্দ্র বৰুৱাৰ অদ্ভূত গছ, শান্তনু তামুলীৰ অসমৰ বনৌষধ, অলক কুমাৰ বৰগোহাঁই আৰু নীলমণি বৰাৰ বিপন্ন উদ্ভিদ, বলদেৱ শর্মাৰ উদ্ভিদ জ্ঞানকোষ আদিৰ পৰা আৰম্ভ কৰি সৌম্যদ্বীপ দত্তৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু অন্যান্য গ্রন্থও প্রকাশ পাইছে। ইয়াৰ উপৰিও এন বি টিৰ দ্বাৰা অনুদিত বিভিন্ন পৰিৱেশ বিষয়ক গ্রন্থ প্রকাশ হৈছে।

অসমীয়া ভাষাত সংখ্যাত কম হ’লেও কেইবাখনো পৰিৱেশ ভ্রমণ মূলক গ্রন্থ ৰচিত হৈছে। ১৭২৪ খ্রীষ্টাব্দত অর্জুন দাস বৈৰাগী আৰু ৰত্নাকৰ কন্দলী ৰচিত ত্রিপুৰা বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বাঁহীত প্রকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ ধাৰাবাহিক ৰচনা মণিপুৰ যাত্র, প্রেমধৰ চলিহাৰ নদী অভিযান বিষয়ক ৰচনা দিহিঙৰ দাঁতিত এদিন, প্রণয় বৰদলৈৰ হিমালয়ৰ শিখৰে কন্দৰে, সৌম্যদ্বীপ দত্তৰ অৰণ্য ভ্রমণ বিষয়ক অদ্বিতীয় গ্রন্থ অৰণ্যৰ ছাঁ-পোহৰ, অপৰূপা অৰুণাচল, নামচাঙৰ অন্তেষপুৰ, নদীভ্রমণ বিষয়ক শৈলেন বৰুৱাৰ চাৰিকড়ীয়া অভিযান, আব্দুল ৱাকিদ ৰচিত শিহুৰ সন্ধানত লুইতেদি আদি গ্রন্থৰ প্রকাশ হৈছে ।

বর্তমান অসমৰ প্রায়বোৰ কাকতেই পৰিৱেশ সম্পর্কীয় লেখা-মেলাৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত গুৰুত্ব দিছে। অসমৰ প্রতিখন কাকততে পৰিৱেশ সম্পর্কীয় একোটাকৈ পৃষ্ঠা প্রকাশ হোৱা দেখা যায়। বর্তমান প্রকাশ হৈ থকা বিভিন্ন প্রকৃতি বিষয়ক পৃষ্ঠাসমূহ হ’ল-দৈনিক অসমৰ সুন্দৰ পৃথিৱী, নিয়মীয়া বার্তাৰ প্রকৃতি-পর্যটন , অসম আদিত্যৰ প্রকৃতি-পৰিৱেশ , আমাৰ অসমৰ প্রকৃতি । ইয়াৰ উপৰিও দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি, অসমীয়া খবৰ, অসম বাণী, দৈনিক অগ্রদূত, দৈনন্দিন বার্তা আদিতো চেগা-চুৰুকাকৈ প্রকৃতি বিষয়ক বাতৰি আৰু লেখা প্রকাশ পাই আহিছে। অসমীয়া প্রতিদিনৰ সম্ভাৰৰ ৰ’দালি পৃষ্ঠাৰ উপৰিও প্রকৃতি বিষয়ক পৃষ্ঠা আৰু প্রচ্ছদ লেখা বিভিন্ন সময়ত প্রকাশ হৈ থকা দেখা যায়।প্রতি বছৰে প্রকৃতি বিষয়ক বিভিন্ন লেখা এই পৃষ্ঠাসমূহে সামৰি লৈছে।

অসমীয়া কাকতৰ উপৰিও অসমীয়া আলোচনী গৰীয়সী, সাতসৰী, প্রান্তিক, অন্যযুগ, নক্সা, ৰহস্য আদিতো প্রকৃতি বিষয়ক বার্তা আৰু বিভিন্ন লেখা প্রকাশ হোৱা দেখা যায়।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত দৃশ্য-শ্রাব্য মাধ্যমৰ গুৰুত্বও অপৰিসীম। সম্প্রতি আকাশবাণী ডিব্রুগড় আৰু গুৱাহাটী আৰু অন্যান্য দূৰদর্শন কেন্দ্রসমূহেও ইক’জার্নেলিজিমৰ ক্ষেত্রত কম-বেছি পৰিমাণে গুৰুত্ব দিয়া দেখা গৈছে। আকাশবাণী ডিব্রুগড় কেন্দ্রত বিভিন্ন সময়ত পৰিৱেশ বিষয়ক কথিকা প্রচাৰিত হৈ আহিছে। ইয়াৰ উপৰিও কেন্দ্রটোৱে লোক-সংস্কৃতি আৰু প্রকৃতি সংৰক্ষণৰ উদ্দেশ্যে উত্তৰ পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ জনগোষ্ঠীসমূহৰ পৰম্পৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বসুধৈব কুটুম্বকম..এ জার্ণি অফ ফ্রেণ্ডশ্বিপ এণ্ড ব্রাডাৰহুদ, মিছন ৱাইল্ড লাইফ কনজাৰভেছন, গ্রীণ ব্রডকাষ্টিং আদি নামৰ অনুষ্ঠান প্রচাৰ কৰি আহিছে। আকাশবাণীৰ দুয়োটা কেন্দ্রৰ যোগেদি পৰিৱেশ বিষয়ক নাটক, ৰূপক আদি প্রচাৰ কৰা শুনা যায়। ইয়াকো পৰিৱেশ সাংবাদিকতাৰ এক অংশ বুলি অভিহিত কৰিব পাৰি। নর্থ ইষ্ট ইক’টুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেলত অনুষ্ঠিত হোৱা সংবাদকর্মী আৰু পৰিবেশ লেখকৰ সন্মিলনত দৃশ্য মাধ্যমৰ চেটেলাইট চেনেলসমূহে পৰিৱেশ বিষয়ক বাতৰি প্রচাৰৰ বেলিকা স্থানীয় ৰাইজ আৰু বনকর্মীৰ মাজত উদ্ভৱ হোৱা সমস্যাৰ কথা উল্লেখ কৰিছিল। বনকর্মী আৰু স্থানীয় ৰাইজৰ মাজত আন্তৰিকতা আৰু সহযোগিতামূলক মনোভাৱেই এই ক্ষেত্রত বহু সময়ত ক্রিয়া কৰে। এই ক্ষেত্রত বনবিভাগ আৰু সংবাদসেৱী তথা স্থানীয় ৰাইজৰ মাজত সুস্থ মনোভাৱ আৰু বুজাপৰা নাথাকিলে সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক। উদাহৰণস্বৰূপে কোনো স্থানত যদিহে এটা বাঘে স্থানীয় ৰাইজক আক্রমণ কৰে বা ৰাইজৰ ক্ষতিসাধন হোৱা কাম কৰে তেন্তে বাঘটোৰ প্রতি সর্বসাধাৰণ ৰাইজৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয়। বাঘটোক পিঞ্জৰাবদ্ধ কৰাতকৈ এচামে হত্যা কৰিবলৈ উদ্যত হোৱাৰ কথা শুনা যায়। বন-বিভাগৰ কর্মীয়ে বাধাৰ সন্মুখীন হোৱা দেখা যায়। এনে সময়ত সংবাদসেৱীৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সংবাদসেৱীয়ে সত্য বাতৰিটো প্রকাশৰ বেলিকা ৰাইজ আৰু পশুৰ সপক্ষে/বিপক্ষে বার্তা প্রস্তুত কৰাৰ ক্ষেত্রত দোধোৰ-মোধোৰত পৰা দেখা যায়।

সাহিত্যৰ অন্যান্য বিষয়সমূহৰ তুলনাত পৰিৱেশ সাহিত্যৰ আলোচনা নোহোৱাটো অত্যন্ত দুখ:জনক কথা। পৰিৱেশ সাহিত্যৰ প্রসাৰৰ বাবে ইয়াৰ আলোচনা হোৱাটো অতিকে গুৰুত্বপূর্ণ। কিন্তু এনে আলোচনাৰ বাবে আলোচকৰ বিষয়সম্পর্কীয় পর্যাপ্ত জ্ঞান থকা প্রয়োজন। পর্যাপ্ত জ্ঞানৰ অভাৱতে বহু গ্রন্থৰ আলোচনা নোহোৱাকৈয়ে থাকি যায় বুলি ভাবিব পাৰি।

অসমত পৰিৱেশ সচেতনতা বৃদ্ধিৰ বাবে আয়োজন কৰা বিভিন্ন সজাগতা সভা, প্রকৃতি শিবিৰ আদিয়ে বিশেষ ভূমিকা পালন কৰে। অসমৰ প্রকৃতি সুৰক্ষাতো প্রকৃতিপ্রেমী সংগঠনৰ ভূমিকা আৰু কার্যপ্রণালী অতিশয় গুৰুত্বপূর্ণ । অসমৰ পৰিৱেশ সংৰক্ষণ আন্দোলনক গণমুখী কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা সংগঠন সমূহৰ ভিতৰত আছাম ভেলী ৱাইল্ড লাইফ চচাইটিয়ে ডুমডুমা আৰু টিংৰাইত দেওহাঁহৰ অনুসন্ধান আৰু মিকিৰজান বাগিছাত টুপি পিন্ধা (টুপীমূৰীয়া ) বান্দৰ সংৰক্ষণৰ উদ্যোগ লৈছিল।এই সংগঠনৰ কেন্দ্র আছিল বিশ্বনাথ চাৰিআলি। ১৯৯৮ চনত ৰবীন বেনার্জীৰ উদ্যোগত প্রতিষ্ঠিত কাজিৰঙা ৱাইল্ড লাইফ চচাইটিয়ে এশিঙিয়া গঁড় সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিছিল আৰু বন্যপ্রাণী স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছিল। ১৯৮২ চনত গঠন হোৱা নেচার্চ বেকনে বন্যপ্রাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন সজাগতা আৰু গঠনমূলক কাম-কাজ হাতত লৈছে। ১৯৮৯ চনত প্রতিষ্ঠিত আৰণ্যক প্রাকৃতিক সংঘই বগা পাখিৰ দেওহাঁহ সংৰক্ষণৰ বাবে কাম কৰি আছে। ১৯১১ চনত স্থাপিত আর্লি বার্ডছে বিনামূলীয়াকৈ গৰু-ম’হৰ চিকিত্সা সেৱা আগবঢ়াইছে আৰু ২০০৪ চনত আমচাং বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াবলৈ সক্ষম হৈছে। ১৯৯৩ চনত ঢকুৱাখনাত প্রতিষ্ঠিত মেগামিক্স প্রকৃতি সংঘ‌ই প্রকৃতি,বন্যপ্রাণী আৰু জৈৱবৈচিত্র সংৰক্ষণৰ বাবে কাম কৰি আহিছে। ১৯৯৫ চনত প্রতিষ্ঠিত নেচার্চ ফষ্টাৰ নামৰ সংগঠনটোৱেও বনাঞ্চল আৰু আৰ্দ্ৰভূমি সুৰক্ষাৰ বাবে কাম কৰি আহিছে। ২০০৯ চনত প্রতিষ্ঠিত কর্বি নামৰ সংগঠনটোৱে বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ উদ্যোগ লৈ আহিছে। ইয়াৰ উপৰিও এনভাইৰণ, ইৰাব-কিৰাব, গ্রীণ গার্ড, বৃক্ষবন্ধু, পান্থতৰু, পৰিৱেশ শিক্ষণ কেন্দ্র, এভাৰগ্রীণ, গ্রীণ হার্টছ, বায়’মিক্স, প্রতিধ্বনি,লখিমপুৰ জিলাৰ গ্রীণ হেৰিটেজ,সোৱণশিৰি-ব্রহ্মপুত্র উপত্যকা গণ সংগ্রাম সমিতি   আদি প্রকৃতি সুৰক্ষাৰ বাবে কাম কৰি থকা অন্যতম সংগঠন।

 সাহিত্যৰ সৈতে সংপৃক্ত হৈ থকা তথা আধাৰস্বৰূপ পৰিৱেশৰ প্রতি অসমৰ জাতীয় অনুষ্ঠানসমূহে গুৰুত্ব দিলে ইয়াৰ সংৰক্ষণ চেতনাৰ প্রসাৰ হোৱাটো প্রায় নিশ্চিত। সম্প্রতি বিভিন্ন কাৰণত প্রায়ে বিতর্কৰ মাজত থকা অসম সাহিত্য সভাই কৰা কিছুমান ভাল কামৰ ভিতৰত অন্যতম কাম হ’ল সেউজ যাত্রা প্রকল্প।পলমকৈ হ’লেও যোৱা ২০১৮ বর্ষত সাহিত্য সভাৰ ইতিহাসত প্রথমবাৰৰ বাবে আৰম্ভ কৰা এই যাত্রাই পৰিৱেশ সংৰক্ষণ চেতনাক গণমুখী কৰিবলৈ যত্ন কৰি থকা দেখা গৈছে। সৌম্যদ্বীপ দত্তক আহ্বায়ক আৰু পংকজ কুমাৰ দত্তক সমন্বয়ক ৰূপে লৈ গঠন কৰা সেউজ যাত্রাৰ সমিতিখনে পৰিৱেশ সংৰক্ষণকামী, বন্যপ্রাণী সংৰক্ষণ, বন-সম্পদ সংৰক্ষণ আদি মনোভাৱ বিকাশৰ বাবে বহুতো জনমুখী কার্যসূচী আৰম্ভ কৰিলে।এই ক্ষেত্রত সভাৰ সভাপতি প্রমুখ্যে অন্যসকলেও ইতিবাচকভাৱে সহায় কৰি আহিছে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রখনত প্রকৃতার্থত কামকৰা অসমৰ বিভিন্ন প্রকৃতি প্রেমীক সন্মান প্রদান কৰা হয়। আমি পূর্বতেও কৈছো যে পৰিৱেশ সংৰক্ষণ চেতনাৰ প্রসাৰৰ বাবে শিক্ষার্থীসকলক আগ্রহী আৰু অভিৰোচিত কৰা দৰকাৰ । তেওঁলোকৰ মনোজগতত চিন্তাৰ বীজ ৰোপন কৰিলেহে সেই চিন্তাই এক ইতিবাচক দিশ লাভ কৰিব। সেই উদ্দেশ্যেৰে ২০১৯ চনৰ ৯ জুনত নেচার্চ বেকনৰ তত্বাৱধানত গুৱাহাটীৰ জ্যোতিচিত্রবনত আয়োজন কৰা হৈছিল প্রকৃতি কর্মশালা।

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত পোনপ্রথমবাৰৰ বাবে আয়োজন কৰা হয় জৈব-বৈচিত্র্য আৰু প্রকৃতি সাহিত্যৰ লেখক সন্মিলন । উক্ত সন্মিলনতে জৈৱবৈচিত্র্য আৰু প্রকৃতি সাহিত্য সম্পর্কে এক গুৰত্বপূর্ণ আলোচনাচক্র সম্পন্ন হয়। আলোচনাচক্রখনত উপস্থিত থাকে ড০ কন্দর্প কুমাৰ ডেকা, সৌম্যদ্বীপ দত্ত, পংকজ কুমাৰ দত্ত, পংকজ গোবিন্দ মেধি, মলয় বৰুৱা, মুবিনা আখতাৰ, নন্দনপ্রতিম শর্মা বৰদলৈ, প্রণতি বৰা, ইন্দ্রজিৎ দত্ত, শৈলেন বৰুৱা, মানস প্রতিম দত্ত (নিবিড়), ড০ অৱনী কুমাৰ ভাগৱতী, বলেন্দ্র কুমাৰ দাস, ড০ অৰবিন্দ ৰাজখোৱা, দিলীপ চন্দন, গিৰিমল্লিকা শইকীয়া, অপূর্ব বল্লভ গোস্বামী, অসীম চুতীয়া আদি।

অসম সাহিত্য সভাৰ উপৰিও সম্প্রতি প্রকৃতি আৰু ভ্রমণ লেখক মঞ্চই প্রকৃতি ভ্রমণ সাহিত্যৰ প্রসাৰৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে। মঞ্চই ইতিমধ্যে ‘ভ্রমণ কথা’ নামৰ এখন আলোচনী প্রকাশৰ প্রস্তুতি চলাইছে। এই মঞ্চৰ সৈতে জড়িত হৈ আছে- সৌম্যদ্বীপ দত্ত, পংকজ কুমাৰ দত্ত, মানস প্রতিম দত্ত, পংকজ গোবিন্দ মেধি, ড০ অৰবিন্দ ৰাজখোৱা, অনুৰাধা শর্মাপূজাৰী, তোষেশ্বৰ মিৰি আগৰৱালা, ড০ নৱ কুমাৰ চমুৱা, ভাস্কৰ ভূঞা, পংকজ বৰা, প্রণৱ বড়া, ড০ প্রবাল শইকীয়া, লোহিত ডেকা, প্রণয় বৰদলৈ, কিশোৰ চৌধুৰী, জগদীন্দ্র ৰায়চৌধুৰী, শৈলেন বৰুৱা, সত্যজিৎ ফুকন, দেৱব্রত গগৈ, বিপুল দেউৰী, ড০ ধ্রুৱজ্যোতি বৰা, গোলাপ গগৈ, কংকনা দাস, ড০ মৰমী তালুকদাৰ, জয়ন্ত ভূঞা আদি।

সেউজ যাত্রাৰ উপৰিও ২০২০ বর্ষৰ সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত হাস্য-ব্যংগ সাহিত্য সন্মিলন, অনুবাদক সন্মিলন, সমালোচক সন্মিলন আদি আয়োজন কৰি কেৱল মাত্র কেইটামান ধাৰাক সাহিত্য বুলি সাৱটি থকা মনোভাৱৰ পৰা ইয়াক পৃথক কৰিবলৈ চেষ্টা কৰিছে বুলিব পাৰি।

পাদটীকা:

চমুৱা, ড০ নৱ, অসমত পৰিৱেশ সংৰক্ষণ চেতনা আৰু সাহিত্য, নক্সা, এপ্রিল, ২০১৭

Share: