সৌম্যদ্বীপ দত্ত,
আজিৰ পৰা প্ৰায় ২৬ বছৰ আগতে আমি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে সংকল্প লৈছিলো আৰু তেতিয়াৰ পৰা আজিলৈকে আমি এই অমূল্য বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে কাম কৰি আছো। ১৯৯৪ চনৰ পৰা অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে যি আন্দোলন হৈছিল তাৰ ফল হিচাবে আমাৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক সামৰি যি অভয়াৰণ্যৰ দাবী কৰা হৈছিল তাৰে এটা সামান্য অঞ্চলক লৈ গঠন কৰা হৈছিল দিহিং-পাটকাই অভয়াৰণ্য। প্ৰথমতে আমি জয়দিহিং অভয়াৰণ্য নামে আমাৰ প্ৰস্তাৱিত অঞ্চলটোক অভয়াৰণ্য কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিলো যাৰ মাটিকালিৰ পৰিমাণ আছিল ৫০০ বৰ্গ কিলোমিটাৰ। এই ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অৰণ্যক দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হ’ল বাকীখিনি অধিকাংশ অঞ্চলক অসুৰক্ষিত ৰূপে এৰি দিয়া হ’ল। সেই সময়ত কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অসমৰ বনমন্ত্ৰী আছিল। আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ বৃহত্তৰ অংশটোক কিয় বাদ দিয়া হৈছিল তাৰ উত্তৰ আমি পোৱা নাই। মনত ৰাখিব লাগিব যে ১৯৯৪ চনৰ পৰা ২০০৪ এই দহবছৰ প্ৰৱল আন্দোলন কৰাৰ পাছতহে ১৯ জুন ২০০৪ চনত দিহিং-পাটকাই অভয়াৰণ্যৰ জন্ম হয়।
অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনক প্ৰথমৰ পৰা অৰ্থাৎ আজিৰ পৰা ২৬ বছৰ পূৰ্বৰ পৰা আজিলৈকে যি কেইজন মুষ্টিমেয় ব্যক্তিয়ে আন্তৰিকতাৰে সমৰ্থন কৰি আহিছে তাৰ ভিতৰত স্বনামধন্য সাহিত্যিক, সম্পাদক, বুদ্ধিজীৱি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ নাম বিশেষভাৱে ঊল্লেখযোগ্য। যোৱা ০৫-০৭-২০২০ তাৰিখে তেখেতে তেখেতৰ কথা বাৰ্তা অনুষ্ঠানৰ মাজত প্ৰশ্ন উত্থাপন কৰিছিল – ‘চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যক সম্পূৰ্ণ কৰাৰ বাবে কিবা কথা কৈছে নেকি? তেখেতে তেখেতৰ অনুষ্ঠানটোত মন্তব্য কৰিছিল – ‘ চৰকাৰে ইচ্ছা কৰিলেই এই কাম কৰিব পাৰে।’ দিহিং-পাটকাই অভয়াৰণ্যৰ বাকী থকা প্ৰস্তাৱিত বৰ্ষাৰণ্যক অভয়াৰণ্যৰ পৰিধিৰ মাজত অনাৰ ক্ষেত্ৰত চৰকাৰে কিবা কৈছে নে নাই এই কথা তেওঁ অনুষ্ঠানটোত সুধিছিল। তেতিয়ালৈকে দিহিং পাটকাই অভয়াৰণ্যৰ সম্পৰ্কে চৰকাৰে একো মন্তব্য দিয়া নাছিল। কিন্তু তাৰ পিছদিনাই (০৬-০৭-২০২০ তাৰিখে ) অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱালদেৱে দিহিং-পাটকাই অভয়াৰণ্য সম্পৰ্কে চৰকাৰৰ আগ্ৰহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। হোমেন বৰগোহাঞিৰ ব্যক্তিত্ব আৰু অসমৰ প্ৰতি থকা আন্তৰিকতাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ অকৃত্ৰিম চেতনাই চৰকাৰখনকো পথ প্ৰদৰ্শন কৰিলে। পঢ়ুৱৈসকলে যদি ভাৱে হোমেন বৰগোহাঞি ডাঙৰীয়াই আজি বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে মন্তব্য কৰিছে তেনেহ’লে বৰ ভুল ভবা হ’ব। সমগ্ৰ জীৱন ধৰি তেখেতে প্ৰকৃতি সংৰক্ষণৰ কাম কৰি আহিছে। ২০০০ চনৰ কথা – তেতিয়া তেওঁ আমাৰ অসম কাকতৰ সম্পাদক। সেই সময়ত আমাৰ অসম কাকতখন অসমৰ সৰ্বাধিক জনপ্ৰিয় কাকত তথা চিন্তা – চেতনা পূৰ্ণ কাকত বুলি বিবেচিত হৈছিল। ২০০০ চনৰ ২৩ ছেপ্টেম্বৰ, শনিবাৰে হোমেন বৰগোহাঞি অৰ্থাৎ সেই সময়ৰ আমাৰ অসম কাকতৰ সম্পাদকে যি সম্পাদকীয় লিখিছিল সেয়া আজিৰ পটভূমিতো অত্যন্ত প্ৰাসংগিক। ২০ বছৰ আগতে অসমৰ বৰ্ষাৰণ্য তথা আমাৰ প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্যৰ বিষয়ে হোমেন বৰগোহাঞিয়ে কি লিখিছিল পঢ়ুৱৈৰ জ্ঞাতাৰ্থে সেই সম্পাদকীয়টো ইয়াত তুলি ধৰিলো, পৰৱৰ্তী সময়ত প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্যৰ সামান্য অংশক দিহিং-পাটকাই অভয়াৰণ্য কৰা হয়। তেখেতে লিখিছিল – “সমগ্ৰ সভ্যজগতে এতিয়া এইকথা স্বীকাৰ কৰি লৈছে যে এই পৃথিৱীত মানুহক বচাই ৰাখিবলৈ হ’লে সমস্ত প্ৰাণীৰ ধাত্ৰী – স্বৰূপিনী অৰণ্যক বচাই ৰাখিব লাগিব। অৰণ্যৰ অবিহনে ইতৰ প্ৰাণীকুলৰ কথা বাদেই, মানুহৰ ভৱিষ্যতো অন্ধকাৰ। অৰণ্যৰ ভিতৰতো আকৌ বৰ্ষাৰণ্যৰ গুৰুত্ব তুলনামূলকভাৱে বেছি। এজন জাৰ্মান উদ্ভিদ বিজ্ঞানীয়ে সৃষ্টি কৰা ৰেইন ফৰেষ্ট তথা বৰ্ষাৰণ্য শব্দটোৰ অৰ্থ হ’ল বছৰি গড়ে প্ৰায় ৮০ ইঞ্চি বৃষ্টিপাত হোৱা অঞ্চলত বিকশিত হোৱা অৰণ্য। পৃথিৱীৰ যিবোৰ অঞ্চলত ইমান পৰিমাণৰ বৃষ্টিপাত হয় সেইবোৰ অঞ্চল বছৰটোৰ সকলো সময়তে আৰ্দ্ৰ থাকে। এই চিৰস্থায়ী আৰ্দ্ৰতাই বিভিন্ন প্ৰজাতিৰ বৃক্ষ, লতা, গুল্ম, তৃণ আৰু প্ৰাণীকুলৰ জন্ম আৰু বৃদ্ধিৰ অনুকূল পৰিৱেশ সৃষ্টি কৰে। বৰ্ষ্যাৰণ্যই যিমান বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদক আশ্ৰয় দিয়ে আন কোনোধৰণৰ অৰণ্যৰ পক্ষে সিমান উদ্ভিদ আৰু প্ৰাণীক আশ্ৰয় দিয়াটো সম্ভৱ নহয়। পৃথিৱীৰ ৫০ শতাংশ উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ আশ্ৰয়স্থল হ’ল এই বৰ্ষাৰণ্যবোৰ। বৰ্ষ্যাৰণ্য বোৰ ধ্বংস হ’বলৈ হ’লে পৃথিৱীৰ ৫০ শতাংশ উদ্ভিদ আৰু প্ৰাণী চিৰকাললৈ লোপ পাব। তদুপৰি ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য এনেভাৱে নষ্ট হ’ব যে পৃথিৱীখন মানুহৰ বাসোপযোগী হৈ নাথাকিব। পৃথিৱীৰ বিভিন্ন দেশত যিমানবোৰ বৰ্ষাৰণ্য আছে সেইবোৰৰ এটা বিস্তীৰ্ণ অঞ্চল ইতিমধ্যেই চিৰকাললৈ হেৰাই গৈছে। তাৰ লগে লগে চিৰকাললৈ বিলুপ্ত হৈছে প্ৰকৃতিয়ে কোটি কোটি বছৰ ধৰি গঢ়ি তোলা এটা পৰম বিস্ময়কৰ গৱেষণাগাৰ – যিটো গৱেষণাগাৰত সৃষ্টি কৰা হৈছিল অসংখ্য প্ৰজাতিৰ উদ্ভিদ, তৃণ – লতা, কীট-পতংগ, সৰীসৃপ আৰু বিচিত্ৰ পশু-পক্ষী – যিবোৰৰ অবিহনে পৃথিৱীখন হ’ব ৰিক্ত, নি:স্ব আৰু অসুন্দৰ। যিকোনো মূল্য দি হ’লেও অৱশিষ্ট বৰ্ষাৰণ্যবোৰক ৰক্ষা কৰাটো হৈ পৰিছে মানৱ জাতিৰ অন্যতম জৰুৰী কৰ্তব্য। স্বাধীনতাৰ পিছৰ পৰা অসমত গঠিত হোৱা প্ৰতিখন চৰকাৰেই ৰাজ্যখনৰ অমূল্য অৰণ্য সম্পদক এফালৰ পৰা ধ্বংসহে কৰিছে, অৰণ্য ৰক্ষা আৰু বৃদ্ধিৰ কাৰণে কোনো এখন চৰকাৰেই একো কাম কৰা নাই। চৰকাৰৰ এই অদূৰদৰ্শী আৰু ধ্বংসকাৰী বন নীতিৰ ভয়ংকৰ পৰিণাম ৰাজ্যখনৰ মানুহে ইতিমধ্যেই ভোগ কৰিবলৈ আৰম্ভ কৰিছে। অবিৰাম বানপানী আৰু গৰাখহনীয়াই ৰাজ্যখনক উচ্ছন্ন কৰিছে। পৰিৱেশ বিপজ্জনকভাৱে প্ৰদূষিত হৈছে। অৰণ্যৰ আশ্ৰয় হেৰুওৱা বন্য পশু বিশেষকৈ হাতীয়ে মানুহৰ বাসভূমিত তাণ্ডৱ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। পৃথিৱীখন বিনন্দীয়া আৰু মানুহৰ কাৰণে বাসযোগ্য কৰি ৰখা অলেখ পশু-পক্ষী, কীট-পতংগ আৰু সৰীসৃপ চিৰকাললৈ বিলুপ্ত হৈছে। ধ্বংস হৈ হৈয়ো অসমৰ যিকেইখন বনাঞ্চল এতিয়াও টিকি আছে সেইকেইখনক ৰক্ষা কৰিবলৈ চেষ্টা নকৰাটো হ’ব এটা অক্ষমণীয় অপৰাধ।
অসমৰ সংৰক্ষণ যোগ্য বনাঞ্চল বোৰৰ ভিতৰত বৰ্ষাৰণ্যই বিশেষ গুৰুত্ব পোৱা উচিত। সৌ সিদিনালৈকে বেছিভাগ মানুহৰ মনত এনে এটা ধাৰণা আছিল যে ভাৰতত বৰ্ষাৰণ্য আছে কেৱল দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনতহে। কিন্তু অসমতো যে বৰ্ষাৰণ্য আছে সেইকথা মাত্ৰ কেইবছৰমান আগৰ পৰাহে আমি জানিবলৈ পাইছোঁ। তেনেকুৱা এখন বৰ্ষাৰণ্য হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক সংৰক্ষিত বনাঞ্চল। এই তিনিওখন বনাঞ্চলেই ইখনৰ লগত সিখন সংলগ্ন। মানুহৰ অন্তহীন লোভ আৰু লালসাই এই বনাঞ্চলকেইখনক এফালৰ পৰা গ্ৰাস কৰি অনা সত্বেও এতিয়াও যিখিনি বাকী আছে- সেইখিনিকে আশ্ৰয় কৰি এতিয়াও বাচি আছে বিৰল প্ৰজাতিৰ বহুতো উদ্ভিদ আৰু পশু-পক্ষী। কিন্তু এই তিনিওখন বনাঞ্চলক সামৰি তাক যদি এখন বৰ্ষাৰণ্যৰূপে ঘোষণা কৰা নহয় আৰু আইনসংগতভাৱে তাৰ স্থায়ী সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়, তেন্তে ৰাজ্যখনৰ পৰিৱেশৰ ওপৰত মাৰাত্মক কু – প্ৰভাৱ পৰাৰ উপৰি বহু বিৰল প্ৰকৃতিৰ গছ- লতা আৰু প্ৰাণী চিৰকাললৈ বিলুপ্ত হ’ব। বনৰীয়া হাতীৰ আশ্ৰয়স্থল অৰণ্যবোৰ নিশ্চিত হোৱাৰ ফলত হাতীয়ে কেনেকৈ মানুহৰ বসতিস্থলত উপদ্ৰৱ আৰম্ভ কৰিছে, আনকি প্ৰতিবছৰে বহুতে মানুহক হত্যাও কৰিছে, সেইকথা ওপৰত এবাৰ উল্লেখ কৰা হৈছে। জয়দিহিংৰ এই বনাঞ্চলখন অৰুণাচল প্ৰদেশৰ সংলগ্ন হোৱা হেতুকে শ শ বনৰীয়া হাতীৰ কাৰণে ই অহা-যোৱা কৰা প্ৰধান পথ। এই বনাঞ্চল ধ্বংস হ’বলৈ হ’লে মানুহৰ বসতিস্থল বনৰীয়া হাতীয়ে কেনেকুৱা উপদ্ৰৱ আৰম্ভ কৰিব সেইকথা অনুমান কৰাটো একো কঠিন কাম নহয়। অতীতৰ বহুতো ভুলৰ কাৰণে আজিৰ মানুহ নানা জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। আজিৰ মানুহে যদি একেবোৰ ভুলকে কৰে, তেন্তে ভৱিষ্যত বংশধৰসকলৰ কাৰণে উত্তৰাধিকাৰ হিচাপে তেওঁলোকে এৰি থৈ যাব লাগিব এখন জটিল সমস্যাপূৰ্ণ আৰু বিপদসংকুল পৃথিৱী। ইয়াতকৈ ডাঙৰ পাপ আন কিবা হ’ব পাৰেনে?
জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক বনাঞ্চল লগ লগাই জয়দিহিং নাম দি তাক জয়দিহিং অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ নেচাৰ্চ বেকন নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ নেতৃত্বত স্থানীয় ৰাইজ আৰু ভাৰতৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে যোৱা বহুদিন ধৰি ৰাজ্য চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাই আহিছে। এইটো অত্যন্ত পৰিতাপৰ কথা যে যিটো কাম ৰাজ্য চৰকাৰে স্বত:প্ৰণোদিতভাৱে কৰাটো উচিত আছিল সেই কাম কৰিবলৈ প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে আৰু ৰাইজে চৰকাৰক সকীয়াই থাকিব লগীয়া হৈছে। চৰকাৰে অধিক কালক্ষয় নকৰি অসমৰ ৰাইজৰ লগতে সমগ্ৰ পৃথিৱীৰ প্ৰকৃতিপ্ৰেমী সকলক এখন সংৰক্ষিত বৰ্ষাৰণ্য উপহাৰ হিচাপে দিব বুলি আমি আশা কৰিলোঁ। আমাৰ ভৱিষ্যৎৰ বংশধৰসকলৰ কাৰণেও ই হ’ব এটা অমূল্য উত্তৰাধিকাৰ। বিলুপ্তিৰ পথত দ্ৰুতগতিৰে আগবঢ়া অৰণ্য আৰু অৰণ্যৰ সন্তান স্বৰূপ বিপন্ন প্ৰাণীকুলক ৰক্ষা কৰাতকৈ অধিক পুণ্যৰ কাম আজিৰ জগতত দ্বিতীয় এটা নাই। “
২০ বছৰ আগতে লেখা হোমেন বৰগোহাঞিৰ এই সম্পাদকীয় আজিও সমানে গুৰুত্বপূৰ্ণ। দিহিং পাটকাই অভয়াৰণ্যৰ মাটিকালি যদি ৫০০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা নহয় তেনেহ’লে অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ আকাংক্ষিত লক্ষ্যত আমি অৱতীৰ্ণ হ’ব নোৱাৰিম। এই বিষয়ত পৰৱৰ্তী সময়ত বিস্তাৰিতভাৱে লিখিম বুলি আশা ৰাখিছোঁ।
আমাৰ আপুৰুগীয়া বৰ্ষাৰণ্যখন যাতে অভয়াৰণ্য নহয় তাৰবাবে এটা কু চক্ৰই ১৭ এপ্ৰিল ২০০৩ চনত এই অঞ্চলক হস্তী সংৰক্ষিত অঞ্চল (Dihing-Patkai Elephant Reserve ) বুলি ঘোষণা কৰে। বহু মানুহে ভাৱে যে হস্তী সংৰক্ষিত বনাঞ্চল মানে ‘সেই বনাঞ্চলখন বনৰীয়া হাতীৰ বাবে সংৰক্ষিত।’ কিন্তু সেই কথা মুঠেও শুদ্ধ নহয়। হস্তী সংৰক্ষিত বনাঞ্চল হাতীৰ বাবে বা হাতীৰ বাসস্থানৰ বাবে মুঠেও সংৰক্ষিত নহয়। হস্তী সংৰক্ষিত বনাঞ্চলৰ কোনো আইনী সুৰক্ষা নাই।
আমাৰ বনাঞ্চলবোৰক যদি অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয় তেনেহ’লেহে সেই অৰণ্য আৰু তাৰ বন্যপ্ৰাণীবোৰে সঁচা অৰ্থত সুৰক্ষা পায়। সেয়েহে আমি অভয়াৰণ্য ঘোষণা কৰাৰ কথা কওঁ। অভয়াৰণ্যত কোনেও একো কৰিব নোৱাৰে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত কোনেও বেদখল কৰিব নোৱাৰে, তাত মাটি কাটিব নোৱাৰে, গছ কাটিব নোৱাৰে, বালিৰ মহল, শিলৰ মহল হ’ব নোৱাৰে, অভয়াৰণ্যত কয়লালখনন কৰিব নোৱাৰে, অভয়াৰণ্যত তেল খান্দিব নোৱাৰে ;অভয়াৰণ্য সঁচা অৰ্থত আইনগতভাৱে সংৰক্ষিত। আনফালে হস্তী সংৰক্ষিত অঞ্চলত আইনগতভাৱে বন বিভাগে বা চৰকাৰে গছ কাটিব পাৰে, গছ কটাৰ অনুমতি দিব পাৰে, শিলৰ মহল দিব পাৰে, বালিৰ মহল দিব পাৰে, খাৰুৱা তেল খননৰ অনুমতি দিব পাৰে, কয়লা খননৰ অনুমতি দিব পাৰে ইত্যাদি। সেইবাবে ৰাইজৰ চকুত ধূলি দি কিছুমানে বনভূমিক বা অৰণ্য অঞ্চলক অভয়াৰণ্য ঘোষণা নকৰি হস্তী – সংৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰে। আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ সামান্য অঞ্চলক অভয়াৰণ্য ঘোষণা কৰি বাকী অঞ্চলক কয়লা মাফিয়াৰ স্বাৰ্থত হস্তী সংৰক্ষিত অঞ্চল ঘোষণা কৰা হৈছিল।
২০০৪ চনত অভয়াৰণ্য ৰূপে ঘোষিত হলেও আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং-পাটকাই অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছে। প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ অধিকাংশ অঞ্চলক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল মহোদয়ৰ প্ৰতি আমাৰ আবেদন তেওঁ যাতে বাকী অঞ্চলখিনিক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰি আমাৰ অমূল্য বৰ্ষাৰণ্যক চিৰস্থায়ী ৰূপে সংৰক্ষিত কৰে। কয়লাৰ অবৈধ খননকাৰীৰ কবলৰ পৰা যাতে অসমৰ বৰ্ষাৰণ্যক চিৰস্থায়ী ৰূপে সুৰক্ষিত কৰে।
এই বৰ্ষাৰণ্য পৃথিৱীৰ সমৃদ্ধিশালী জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলৰ অন্যতম। বহুত লুপ্তপ্ৰায় আৰু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী এই অৰণ্যত বসবাস কৰে। এই অৰণ্য ভাৰতৰ একমাত্ৰ বনমানুহ হলৌ বান্দৰৰ নিৰ্ভৰযোগ্য বাসস্থান। এই অৰণ্য ভাৰতীয় হাতীৰ অন্যতম প্ৰধান আশ্ৰয়স্থল। বনৰীয়া চৰাইৰ বৈচিত্ৰত এইখন অৰণ্য অতুলনীয়।
আমি গভীৰ ভাৱে বিশ্বাস কৰো এই সমৃদ্ধিশালী বৰ্ষাৰণ্যখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক সহযোগিতা কৰিব। বৰ্ষ্যাৰণ্যখনক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰি শ্ৰী সৰ্বানন্দ সোনোৱাল মহোদয়ে মহানতাৰ আদৰ্শেৰে আমাক অনুপ্ৰাণিত কৰিব।
Share: