হাবিখন হেটুলুকাৰ উৰুঙা মাত এটাৰ বাহিৰে
নিজম হৈ আছিল।
অভিমানী হাতী এজনী দুখ পোৱাৰ দৰে মাত দি
কাণ-মুৰ জোকাৰি জোকাৰি নিৰৱে গুচি গৈছিল…..
হয়তো মানুহে কেতিয়াও শেষ কৰিব নোৱাৰা
আৰু এখন সেউজীয়া অৰণ্যৰ ঠিকনা বিচাৰি।
বুকুখন বৰ উদং যেন লাগিছিল..
কাৰণ সেউজবৰণীয়া ৰঙত যে সংপৃক্ত
ঘামে ধোৱা জীৱনৰ অযুত কথকতা
হাতীজনীক আকৌ লগ পামেইবা বুলি….
সেইদিনা কাণ উনাই
বৰষুণসিক্ত বাট এটাৰে ঢপলিয়াই ফুৰিছিলো।
লাহে লাহে বাঢ়ি আহিছিল দুৰ্গন্ধ (ডাম্পিং গ্রাউণ্ডৰ)
সেউজীয়াবোৰ বিবৰ্ণ হৈ আহিছিল।
বিবর্ণ গছত বগাবলৈ কঠিন কিজানি
সেয়ে অর্ধমৃত লতাবোৰ শূন্যলৈ মুখ কৰি আছিল।
এনেতে মই দেখিছিলো
হাতীজনী ভাব-লেশহীনভাবে তাত থিয় হৈ আছিল।
শুৰটো ধীৰে ধীৰে দাঙি কিবাকিবি শুঙিছিল
হয়তো বতাহত বিচাৰিছিল চিনাকি মাটিৰ চিনাকি গোন্ধ
তাৰ অৱশপ্রায় দুচকুত যেন বিৰিঙি উঠিছিল
ক্ষোভ-বেদনাৰে ভৰা অযুত প্ৰশ্ন
তাৰ পাছত মোক সুধিছিল….
তুমি বেলি চাই সময় ক’ব পাৰিবা !
মই ক’লো ওঁহো! নোৱাৰোঁ
তেতিয়া তেওঁ কৈছিল-তোমালোক মানুহ যদিও মানুহ হ’বলৈ এতিয়াও বহু বাকী আছে।