নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
- ৰুবী তামুলী
প্ৰকৃতি আৰু মানুহৰ মাজত এক নিবিড় সম্পৰ্ক আছে৷ প্ৰকৃতি আছে মানে আমিবোৰ আছো৷ কিন্তু আজিৰ দিনত মানুহে সেয়া পাহৰি যাব লৈছে যে প্ৰকৃতি আমাৰ বাবে কিমান বেছি দৰকাৰী৷ আজিৰ দিনত মানুহে নিজকে আধুনিক সজাবলৈ গৈ প্ৰকৃতি জগতখন ধ্বংস কৰি পেলাইছে৷ বিভিন্ন ধৰণৰ অট্টালিকাসমূহ সাজিবলৈ গৈ গছ–গছনি কাটি, খাল–বিলসমূহ পুতি পেলাইছোঁ৷ বিভিন্নজনে খাদ্যৰ বাবে বিভিন্ন ধৰণৰ চৰাইসমূহ চিকাৰ কৰে৷ কিন্তু আমিবোৰে এবাৰলেও নাভাবোঁ যে এইবোৰ ধবংস কৰি আমি আমাৰ নিজৰহে বিপদ চপাই লোৱা হৈছে৷ এনেদৰে আমি প্ৰকৃতি জগতখন এফালৰ পৰা ধবংস কৰি আহি আছো৷
কিন্তু এইবোৰৰ মাজতো প্ৰকৃতিক ভালপোৱা, প্ৰকৃতি জগতখনক জীয়াই ৰাখিব খোজা মানুহো আছে৷ যিয়ে প্ৰকৃতি জগতখনৰ বাবে সকলো কৰিব পাৰে৷ তেনে এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হৈছে সৌম্যদ্বীপ দত্ত৷ যিয়ে প্ৰকৃতিৰ বাবে বহু কাম কৰি আহিছে৷ প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতাৰ স্বাৰ্থত ১৯৮২ চনত সামাজিক উদ্যোগীৰ সংস্থা অশোকৰ সদস্য সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকন প্ৰতিষ্ঠা কৰে আৰু ১৯৯১ চনত সংগঠনটোৱে ভাৰতৰ ৰেজিষ্ট্ৰাৰ অফ ছ’চাইটিজ এক্ট বা সমিতি পঞ্জীকৰণ আইনৰ অধীনত পঞ্জীয়ন লাভ কৰে৷ জানিব পৰা মতে সংগঠনটোৰ মুখ্য কাৰ্যালয় ধুবুৰীত আছে৷ আৰম্ভণিৰেপৰাই নেচাৰ্চ বেকনে বন্যপ্ৰাণী সংৰক্ষণ, এই বিষয়ে সজাগতা সৃষ্টি, পৰিৱেশ শিক্ষা, বৈজ্ঞানিক গৱেষণা আৰু তথ্যসজ্জা, আৰু উত্তৰ–পূব ভাৰতৰ আৰ্থ–সামাজিক উন্নয়নৰ হকে প্ৰচেষ্টা চলাই আহিছে৷ নেচাৰ্চ বেকনে অসমত অভায়ৰণ্য গঠন ধাৰাক জনপ্ৰিয় কৰি তুলিছে৷
নতুন প্ৰজন্মক প্ৰকৃতি জগতখনৰ বিষয়ে গুৰুত্ব দিয়াৰ বা দায়বদ্ধ হোৱাৰ উদ্দেশ্যে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ড॰ অৰবিন্দ ৰাজখোৱা ছাৰৰ নেতৃত্বত অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ২০১৮ চনত স্নাতকোত্তৰ শাখাত প্ৰকৃতি সাহিত্য বিষয়টো পাঠ্যক্ৰমৰ লগত সন্নিবিষ্ট কৰা হয়৷ পৰৱৰ্তী পৰ্যায়ত স্নাতক শাখাটো এই বিষয়টো সন্নিৱিষ্ট কৰা হয়৷
প্ৰকৃতি সাহিত্য বিষয়টোৰ লগত প্ৰথম পৰিচিত হৈছিলোঁ স্নাতক তৃতীয় ষান্মাসিকত৷ স্নাতক তৃতীয় ষান্মাসিকত ‘প্ৰকৃতি সাহিত্য’ নামেৰে এখন কাকত পঢ়িবলৈ পাইছিলোঁ৷ তেতিয়াৰেপৰাই প্ৰকৃতি জগতখনৰ বিষয়ে বহু কথা জানিব পাৰিছিলোঁ৷
তাৰ পিছত সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা ১৯–০৩–২০২৫ তাৰিখে দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠিত হয় নেচাৰ্চ বেকন আৰু অসমীয়া বিভাগৰ উদ্যোগত বনৰীয়া চৰাই সংৰক্ষণ আৰু সজাগতাৰ ওপৰত এখন আলোচনা চক্ৰ আৰু কৰ্মশালা৷ য’ত বনৰীয়া চৰাই সংৰক্ষণ আৰু সজাগতাৰ ওপৰত কিছু কথা কয়৷ যাৰ পৰা আমি এই বিষয়টোৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ৷
২৫–০৬–২০২৬ তাৰিখৰ দিনা নেচাৰ্চ বেকন আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ সহযোগত অসমীয়া বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ–ছাত্ৰীৰ সৈতে চৰাই পৰ্যবেক্ষণৰ কৌশল, সংৰক্ষণ আৰু সজাগতাৰ বিষয়ে এখন আলোচনা সভা অনুষ্ঠিত কৰা হয় আৰু এই আলোচনা সভাত এই বিষয়টোক ইণ্টাৰ্ণশ্বিপৰ বিষয় হিচাপে লোৱা হয়৷ এই আলোচনা সভাত উপস্থিত থাকে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকল, বিভাগৰ ছাত্ৰ–ছাত্ৰীসকলৰ লগতে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ আৰু নেচাৰ্চ বেকনৰ সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ৷ আমাৰ সৌভাগ্য যে নেচাৰ্চ বেকন সংগঠনটোৰ হৈ কাম কৰাৰ সুযোগ লাভ কৰিলোঁ৷ এই ইণ্টাৰ্ণশ্বিপটো আমি তিনিটা পৰ্যায়ত শেষ কৰিছিলোঁ৷ প্ৰথমে আমি চৰাই পৰ্যবেক্ষণ আৰু এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিছিলোঁ৷ দ্বিতীয়তে কেইখনমান বিদ্যালয়ত গৈ এই বিষয়টোৰ ওপৰত ছাত্ৰ–ছাত্ৰীসকলক অৱগত কৰাওঁ৷ শেষৰটো কাৰ্যসূচী হিচাপে আমি লখিমপুৰ জিলাত অৱস্থিত দুলুং সংৰক্ষিত বনাঞ্চললৈ যাওঁ৷
ইণ্টাৰ্ণশ্বিপৰ এই বিষয়ৰ লগত জড়িত হোৱাৰ পাছৰেপৰাই চৰাই সম্পৰ্কে বহুতো নজনা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ৷ আগতে আমি বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাওঁ যদিও চৰাইবোৰ বৰ ভালকৈ মন নিদিওঁ বা চৰাইসমূহৰ সংৰক্ষণ সজাগতাৰ ওপৰত যে আমি গুৰুত্ব দিব লাগে সেইয়া আগতে বুজি পাইছিলোঁ যদিও ইমান গভীৰভাৱে কোনোদিনে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ৷ কিন্তু এই ইণ্টাৰ্ণশ্বিপ বিষয়টো পোৱা পাছৰেপৰাই এই বিষয়টোৰ ওপৰত ভালদৰে অধ্যয়ন কৰোঁ তাৰ পাছতহে ভালকৈ উপলব্ধি কৰিব পাৰিলোঁ যে চৰাইসমূহ আমাৰ বাবে মূল্যৱান৷ এতিয়া চৰাই সংৰক্ষণ আৰু সজাগতাৰ ওপৰত নিজে দায়বদ্ধ হোৱাৰ উপৰিও আনকো এই বিষয়টোৰ ওপৰত সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ৷
ইণ্টাৰ্ণশ্বিপৰ শেষৰটো কাৰ্যসূচী হিচাপে আমি লখিমপুৰ জিলাত অৱস্থিত দুলুং সংৰক্ষিত বনাঞ্চললৈ যাওঁ৷ বিভাগৰ শিক্ষাগুৰুসকলৰ সৈতে আমি তালৈ গৈছিলোঁ৷ লগতে তাত উপস্থিত আছিল নেচাৰ্চ বেকনৰ সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ আৰু দুজন সক্ৰিয় সদস্য৷ তালৈ গৈ বনাঞ্চলখনৰ বিষয়ে বহু কথাই জানিব পাৰিলোঁ৷ বনাঞ্চলখনৰ বিশেষত্ব হৈছে এছিয়াৰ ভিতৰতে চিয়াঁ নাহৰ কেৱল দুলুং বনাঞ্চলতহে পোৱা যায়৷ বনাঞ্চলখনলৈ সোমাই যোৱাৰ পাছতে পোৱা যি অনুভৱ সেইয়া সঁচাকৈয়ে এক পৃথক আৰু বুজাব নোৱৰা অনুভৱ৷ বনাঞ্চলখনত আমি এজোপা গছক সাৱটি গছজোপাৰ সৈতে একাত্ম হোৱাৰ চেষ্টা কৰিছিলোঁ আৰু তেতিয়াই গছকো ভালদৰে অনুভৱ কৰিব পাৰিছিলোঁ৷
এই ইণ্টাৰ্ণশ্বিপটোৰ দ্বাৰা আমি প্ৰকৃতি জগতখনক এটা নতুন ৰূপত চোৱাৰ সুযোগ পালোঁ যাৰ বাবে আমি প্ৰকৃতি জগতখনৰ প্ৰতি দায়বদ্ধ হোৱাৰ প্ৰয়াস কৰিছোঁ৷ যাৰ বাবে আমি নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ আৰু অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলৰ ওচৰত চিৰকৃতজ্ঞ৷
