
- কংকণা দাস
অসম চৰকাৰে চলিত বৰ্ষক গ্ৰন্থ বৰ্ষ হিচাপে অভিহিত কৰিছে। জাতি এটাৰ বৌদ্ধিক উত্তৰণত গ্ৰন্থৰ ভূমিকা অপৰিসীম। কিতাপ বিহীন জাতিৰ আয়ুস বৰ বেছি দিন নিটিকে। গ্ৰন্থ এনে এক মাধ্যম যাৰ দ্বাৰা সমাজ আৰু ইয়াৰ নাগৰিকৰ মানসিক উত্তৰণ সম্ভৱপৰ কৰি তুলিব পাৰি। ঠিক তেনেদৰে প্ৰকৃতি সংৰক্ষণৰ চেতনাও এই গ্ৰন্থৰ মাধ্যমেৰে প্ৰসাৰ কৰিব পাৰি।
নেচাৰ্চ বেকনে ৮০ ৰ দশকৰ পৰাই প্ৰকৃতি সংৰক্ষণৰ চেতনা গ্ৰন্থৰ মাধ্যমেৰে প্ৰসাৰ কৰি আহিছে। নেচাৰ্চ বেকনৰ প্ৰকৃতি সংৰক্ষণৰ এই সফল আন্দোলন কেৱল এটা দিশতেই সীমিত নহয়, বৰঞ্চ ই গ্ৰন্থৰ মাধ্যমেৰে অসমৰ প্ৰকৃতি সংৰক্ষণ সাহিত্যক সমৃদ্ধিশালী কৰি তোলাৰ এক জাগৰণ । এই ক্ষেত্ৰত নেচাৰ্চ বেকনৰ সঞ্চালক মহোদয় সৌম্যদ্বীপ দত্ত আৰু তেখেতৰ গ্ৰন্থ সম্ভাৰে অসমীয়া প্ৰকৃতি সংৰক্ষণ সাহিত্যক সমৃদ্ধ কৰি অসমীয়া সাহিত্যৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। অসম বন আৰু বন্যপ্ৰাণীৰ এক উৎকৃষ্ট আবাসস্থল। কিন্তু কিছু বছৰ আগলৈ অসমৰ বন আৰু বন্যপ্ৰাণী সম্বন্ধে অসমীয়া ভাষাৰ সমল আছিল প্ৰায় নোহোৱাৰ লেখীয়া । কিন্তু বৰ্তমান অসমৰ চৰাই পৰ্যবেক্ষণৰ হাত পুথি, অসমৰ চিকাৰী চৰাই, অসমৰ জলচৰ চৰাই, বনৰীয়া চৰাই, অসমৰ বনৰীয়া মেকুৰীজাতীয় প্ৰাণী , অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান, অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন বন্যপ্ৰাণ সম্বন্ধিত লেখা, প্ৰকৃতি শিবিৰ,বৌদ্ধ দৰ্শন আৰু বন্যপ্ৰাণ সংৰক্ষণ চেতনাকে আদি কৰি বিভিন্ন বিষয়বস্তু সম্পৰ্কে দত্তদেৱে ঐকান্তিক প্ৰচেষ্টাৰে ৫০ৰো অধিক গ্ৰন্থৰে ইতিমধ্যে অসমৰ প্ৰকৃতি সাহিত্যক সমৃদ্ধিশালী কৰিছে। ইয়াৰ ওপৰিও নেচাৰ্চ বেকনে নিজা উদ্যোগত বহুকেইখন প্ৰকৃতি সাহিত্য সম্বন্ধীয় কিতাপ প্ৰকাশ কৰি উলিয়াইছে। আনহাতে কবি পংকজ গোবিন্দ মেধীদেৱৰ দ্বাৰা সম্পূৰ্ণ প্ৰকৃতি সংৰক্ষণৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাস ‘চৰাই চুবুৰী ‘ আৰু প্ৰথম অসমীয়া কবিতা পুথি ‘ঔৰ্দ্বদৈহিক ‘ ৰ নামৰ উল্লেখ অৱধাৰিত। তেনে আৰু বহু নাম হয়তো প্ৰকৃতি সাহিত্যৰ আলোচনাত উল্লেখিত হ‘ব। কিন্তু এই সম্পাদকীয়ৰ উদ্দেশ্য অৱদানৰ আলোচনাতকৈ তাৰ ফলাফল সম্বন্ধীয়হে। অসমীয়া ভাষাত প্ৰকৃতি সংৰক্ষণ সাহিত্যৰ এনে জাগৰণে কেৱল সাহিত্যক সমৃদ্ধ কৰায়েই নহয়, প্ৰকৃতি সংৰক্ষণৰ দৰ্শনকো সমাজত শক্তিশালী ৰূপত উপস্থাপন কৰে। ইয়াৰ উদাহৰণ ল‘লে আমি দেখিবলৈ পায় অসমৰ প্ৰতিটো অঞ্চলত প্ৰকৃতি সংৰক্ষণ সম্পৰ্কে সজাগ ব্যক্তি বিদ্যমান । বন্যপ্ৰাণ সম্বন্ধিত আইন উলংঘাক আঙুলিয়াই দিবলৈ সজাগ মানুহ, সংখ্যাত তাকৰীয়া হ‘লেও নাই বুলি ক‘ব নোৱাৰি। নতুন প্ৰজন্ম প্ৰকৃতিৰ প্ৰতি আকৃষ্ট নহ‘লে অথবা ইয়াৰ গুৰুত্ব নুবুজিলে অসম তথা অসমীয়াৰ ভবিষ্যত যে বিপদাপন্ন সেইয়া নিশ্চিত। গ্ৰন্থৰ মাধ্যমেৰে সমাজত সংৰক্ষণৰ দৰ্শন প্ৰতিষ্ঠিত হোৱাটো সবাটোকৈ জৰুৰী, অন্যথা প্ৰকৃতি সংৰক্ষণৰ পথত উজুটি খোৱাৰ সম্ভাৱনা যথেষ্ট।
সেয়ে গ্ৰন্থ সমূহ হৈ উঠক ধনাত্মক দৰ্শন গঠনৰ আকৰ, দেশ তথা সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ বীজমন্ত্ৰ। অসম চৰকাৰৰ গ্ৰন্থ বৰ্ষৰ এই নতুন প্ৰয়াস সফল কৰিবলৈ আমি প্ৰত্যেকেই ইয়াৰ দ্বায়িত্ব গ্ৰহণ কৰিব লাগিব ।