- কংকণা দাস
আকৌ এটা বছৰৰ অন্ত পৰিল। সময় সূচীত এটা নতুন বৰ্ষ যোগ হ‘বলৈ সাজু । সময়বোৰ এনেকুৱাই গতিশীল, যাক নতুনকৈ সোঁৱৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই। এক নতুন সময়ৰ দুৱাৰডলিত থিয় হৈ আমি হয়তো সকলোৱে ভাবো, পাৰ হৈ যোৱা বৰ্ষটোত কি কি কৰিলো আৰু নতুন বছৰটোত নতুনকৈনো কি কৰিব পাৰো ? এইখিনিতেই ভাৰতবৰ্ষৰ আধ্যাত্মিক গুৰু সদগুৰুৰ এটা ভিডিঅ‘ ৰ উদ্বৃতি দিব বিচাৰিছো –
The year is coming to a close,
And what have you done this year?
One more year gone.
Are you still alive?
And what you are alive to?
Or what you are dead to?
When was the last time you saw a full moon or a sunrise?
When was the last time you gazed at a mountain or the ocean or looked at a butterfly fly?
When was the last time you saw a flower blossom?…
উপৰোক্ত প্ৰশ্নসমূহ আমাৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। প্ৰযুক্তিৰ পৃথিৱীত অন্তহীন ব্যস্ততাৰ মাজত আমিবোৰ মাথো দৌৰি আছো । কিন্তু এই দৌৰৰ অন্তত আমি বোৰ কিমান সুখী? আজিৰ পৃথিৱীত আমাৰ অসন্তুষ্টিৰ কাৰণেই হৈছে – আমি সুখবোৰ কোনো বস্তুত অথবা প্ৰাপ্তিত বিচাৰি ফুৰো। আমাৰ চৌপাশৰ পৃথিৱীৰ পৰা আমি যেন বহু নিলগত। প্ৰকৃতিৰ আশ্চৰ্যকৰ, বিস্ময়কৰ ঘটনা, পৰিঘটনাৰ পৰা মানুহে বহুযোজন দূৰত অৱস্থান কৰিছে। সদগুৰুৱে সোধাৰ দৰে আমি বিগত বৰ্ষটোত কিমান দিননো আকাশ চালোঁ, তৰা চালোঁ অথবা জোনবাই চালোঁ? আমি কিমানে আমাৰ চৌপাশৰ চৰাই, পখিলাৰ পৃথিৱীত এভুমুকি মাৰিলোঁ অথবা ফুল ফুলা চালোঁ? আমাৰ মাজৰ কিমানে নিজৰ সন্তানক হাতত ধৰি অৰণ্যলৈ লৈ গ‘লো অথবা ওচৰৰে জংঘলখনলৈ গ‘লো? প্ৰায় বেছি সংখ্যকৰে উত্তৰ হয়তো না হ‘ব, অজুহাত বেছিভাগৰে মাথোঁ এটাই – সময়ৰ অভাৱ। পঢ়াৰ বোজা, কামৰ বোজাত আমি এই সৰু সৰু সুখবোৰ বুটলিব পাহৰি গ‘লো।
ইয়াৰ আটাইতকৈ ভয়ংকৰ প্ৰভাৱ পৰিব আমাৰ পিছৰ প্ৰজন্মৰ ওপৰত। প্ৰকৃতিৰ পৰা নিলগত মোবাইলৰ স্ক্ৰীনত আৱেগ, অনুভূতি,সহৃদয়তা, সহমৰ্মিতা আদিৰ বিকাশ হোৱাৰ কোনো সুযোগ নাথাকে। আৱেগহীন , প্ৰকৃতিৰ সান্নিধ্যহীন এটা প্ৰজন্মৰ হতাশাগ্ৰস্ত হৈ উঠাৰ সম্ভাৱনাই হয়তো বেছি । তেনে এখন সমাজ কাৰো কাম্য নহয়। আহিবলগীয়া নতুন সময়বোৰ বাবে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক সমূহ পুনৰাই দৃঢ় কৰাৰ সংকল্প ল‘ব নোৱাৰোঁ নে? চৰাই, পখিলা, গছ–বননি, হাবিৰ সৈতে আমাৰ নতুন প্ৰজন্মক একাত্ম হ‘ব পৰাকৈ সুবিধা কৰি দিব নোৱাৰোঁ নে? সদগুৰুৱে সোধাৰ দৰে নিজকেই সোধোচোন আমি যদি জীয়াই আছো, কি উদ্দেশ্যত? কোনবোৰ কাৰক আমাৰ বাবে মৃত? বুদ্ধৰ এই অনিত্য দৰ্শন মানুহৰ জীৱনৰ অন্যতম সত্য। মানুহৰ জীৱন সৰু সৰু লানি নিচিগা কৰ্মৰ এক প্ৰতিফলন। প্ৰতিটো ক্ষণতেই মানুহৰ কোনো অভ্যাস অথবা কৰ্মৰ মৃত্যু হয় আৰু নতুন কৰ্মৰ সৃষ্টি হয়।এই প্ৰক্ৰিয়া আজীৱন অহৰহ চলমান। জীৱনৰ এই অনিত্যৰ ধাৰাক মানি লৈ আমি আমাৰ জীৱন নতুনকৈ উদযাপন কৰিব শিকিব নোৱাৰোঁ নে?
আহিবলগীয়া নতুন সময়বোৰৰ ব্যস্ততাৰ মাজত প্ৰকৃতিৰ এই সৰু সৰু সুখবোৰ বিচাৰি চোৱাৰ প্ৰতিশ্ৰুতি নিজকেই দিওঁচোন আহক!…
