সম্পাদকীয় আগষ্ট ২০২৩

WhatsApp Image 2023-07-01 at 00.19.15

-কংকণা দাস

অহম বসুধাম কৃতে মংগলজনক… মইপৃথিৱীৰ বাবে মংগলজনক.. নেচাৰ্চ বেকনৰ এই প্ৰকল্পই ইতিমধ্যে অতি সফলতাৰে প্ৰথম বৰ্ষ পাৰ কৰিলে। সদ্যহতে অসমৰ বিভিন্ন বিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰীক লৈ এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। নেচাৰ্চ বেকনৰ এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে  ভৱিষ্যত প্ৰজন্মৰ মনত পৃথিৱীৰ মংগল ধাৰণাৰ বীজ অংকুৰিত কৰা আৰু প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ চেতনাক পৃথিৱীৰ মংগলৰ হকে উজ্জীৱিত কৰি তোলাৰ এক প্ৰচেষ্টা। অসমৰ বিভিন্ন বিদ্যালয়ত এই প্ৰকল্পৰ অধীনত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে প্ৰকৃতি সংৰক্ষণ সম্বন্ধীয় আলোচনা কৰা হৈছে। প্ৰকৃতি সংৰক্ষণৰ হকে ছাত্ৰ ছাত্ৰী সকল যথেষ্ট উৎসুক আৰু উৎসাহী। দৰাচলতে শিশু অৱস্থাৰ পৰাই শিশু সকলক প্ৰকৃতিৰ সৈতে চিনাকী কৰি দিয়াৰ প্ৰচেষ্টা সকলো অভিভাৱকে কৰিব লাগে। বৰ্তমান ভোগবাদী সমাজত প্ৰকৃতিৰ সানিধ্যই মানুহৰ চেতনাত সামাজিক মূল্যবোধ বিকশিত কৰিব পাৰে।  সেয়েহে নেচাৰ্চ বেকনে বিচাৰে ছাত্ৰ ছাত্ৰী সকল শিশু অৱস্থাৰপৰাই প্ৰকৃতিৰ সৈতে একাত্ম হওক। আমি বিচাৰো আমাৰ ভৱিষ্যত প্ৰজন্ম প্ৰকৃতিক বন্ধু হিচাপে গণ্য কৰক, প্ৰকৃতিৰ আমাৰ সহোদৰ জীৱসকলৰ অধিকাৰক লৈ সচেতন হওঁক , প্ৰকৃতিৰ অকৃত্ৰিম সৌন্দৰ্য উপভোগ আৰু সংৰক্ষণৰ প্ৰতি আকৃষ্ট হওক। প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ যুগ যুগান্তৰৰ। শিশু কালৰ পৰাই প্ৰকৃতিৰ প্ৰতি এই স্বাভাৱিক প্ৰেম জাগ্ৰত কৰোৱাৰ দায়িত্ব অভিভাৱকৰ। প্ৰতি গৰাকী মাক দেউতাকে শিশুক প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ দিব লাগে। প্ৰকৃতিৰ সৈতে গুণগত সময় কটোৱাৰ অভ্যাসে শিশু এগৰাকীৰ মন মগজুৰ পূৰ্ণাংগ বিকাশত সহায় কৰে। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ এই দৌৰত প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু দায়বদ্ধতাৰ বিকাশ কৰাটো অত্যন্ত জৰুৰী কথা। সেয়ে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ অনুভৱ কৰা, প্ৰকৃতিক সংৰক্ষণ কৰিব খোজা অথবা প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত থকা   প্ৰতিগৰাকী নাগৰিকে আমাৰ ভৱিষ্যৎ প্ৰজন্মক আমাৰ অৰণ্য সমূহ ভ্ৰমণ কৰোৱাৰ বিষয়টোত সজাগ আৰু সচেতন হ’ব লাগে। নেচাৰ্চ বেকনে জন্মলগ্নৰে পৰাই এই কামটো কৰি আহিছে। নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ সমূহৰ মাজেৰে অসমত হাজাৰ হাজাৰ সেউজ সৈনিকৰ বিকাশ হৈছে, যিয়ে নিজৰ চাৰিওফালৰ প্ৰকৃতি আৰু পৰিৱেশক লৈ সজাগ। এই প্ৰকৃতি শিবিৰ সমূহৰপৰা প্ৰকৃতি সংৰক্ষণৰ  শিক্ষা লোৱা বহুতেই, প্ৰজন্মৰ পিছত প্ৰজন্ম এই জ্ঞান আগবঢ়াই গৈ আছে। সেয়ে নেচাৰ্চ বেকনে অহম বসুধাম কৃতে মংগলজনক প্ৰকল্পৰ জৰিয়তে অধিকসংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰকৃতি সংৰক্ষণৰ চেতনা বিকশিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টা অসমৰ প্ৰকৃতি সংৰক্ষণৰ যাত্ৰাক এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আমি আশাবাদী।