![](https://i2.wp.com/naturesbeckon.org/wp-content/uploads/2023/08/seed-1.jpg?fit=1024%2C640&ssl=1)
![WhatsApp Image 2023-08-23 at 21.40.45 WhatsApp Image 2023-08-23 at 21.40.45](https://i2.wp.com/naturesbeckon.org/wp-content/uploads/2023/08/WhatsApp-Image-2023-08-23-at-21.40.45.jpg?fit=200%2C250&ssl=1)
-প্ৰণামী গোস্বামী
বায়ুনাং শোধকা: বৃক্ষা:ৰোগাণামপহাৰকা:তস্মাদ্ ৰোপণমেতেষাং ৰক্ষণংচ হিতাবহম্।।
“বৃক্ষই বায়ু শুদ্ধ কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে। সেয়েহে বৃক্ষ ৰোপন আৰু প্ৰতিপালন কৰা প্ৰাণীৰ বাবে হিতজনক” – আমাৰ ভাৰতীয় সংস্কৃতিয়ে কেৱল বৃক্ষ ৰোপনৰ কথাই নহয় প্ৰতিপালনৰ কথাও আমাক এইদৰেই সোঁৱৰাই দিয়ে। গছ থাকিলেহে যে আমি থাকিম সেই কথা মনত ৰাখি আমি প্ৰতিজনে গছ ৰোৱা আৰু প্ৰতিপালন কৰা কথাটো এটা মহৎ কৰ্তব্য বুলি ধৰি লৈ হাতেকামে আগবঢ়াটো অত্যন্ত জৰুৰী কথা হৈ পৰিছে। একোজোপা গছৰ জন্মকাহিনী বা প্ৰতিপালনৰ কাহিনী আমাৰ বাবে একোটা সাঁথৰ। প্ৰকৃতি মাতৃয়ে প্ৰতিজোপা গছক জন্মৰ পূৰ্বৰ পৰা অতি যত্নসহকাৰে তেওঁৰ বক্ষত স্থান দিছে। সাৰুৱা মাটিতে হওঁক বা কঠিন শিলৰ ফাঁকতে হওঁক প্ৰকৃতিয়ে এই গছৰ বীজবোৰক মৰমেৰে আকোঁৱালি লৈ অঙ্কুৰিত হ’বলৈ সাহস যোগাইছে। একোটা বীজ গজালি মেলি তাৰ পৰা গছ হৈছে। বীজৰ পৰা গজালি ওলোৱা দেখি মানুহৰ মনতো সপোনে গজালি মেলি উৰিব শিকিছে।
মাটিত গুজি দিয়া বীজ বা গুটিৰ (Seed) পৰা গছ হোৱা দেখি শৈশৱৰ পৰাই অতিশয় আনন্দিত হৈছিলো। বিশেষকৈ গুটি সিঁচাৰ পিছত গজালি ওলোৱা দেখি আনন্দই হিয়া নধৰা
হৈছিল। তাৰপিছত গজালিৰ পৰা হোৱা গছবোৰে মন-প্ৰাণ হৰি নিছিল। দেউতাই সৰুৰে পৰা বীজ সিঁচা আৰু গছৰ যত্ন লোৱা কথাটো শিকাইছিল। কেনেকৈ জীৱ-জন্তু, নদ-নদী ইত্যাদিয়ে গছৰ বীজবোৰ এঠাইৰ পৰা আন এঠাইলৈ লৈ গৈ বেলেগ বেলেগ ঠাইত গছবোৰ গজাত সহায় কৰে এইবোৰ কথা দেউতাৰ মুখত সাধুকথাৰ দৰে শুনিছিলো। আমি মানু্হ হৈ তেনে কাম কিয় কৰিব নোৱাৰিম বুলি কোৱা কথাষাৰ হয়তো অৱচেতন মনত সোমাই আছিল। এদিন হঠাতে মনলৈ ভাব এটা আহিল। মনৰ ভিতৰত থকা বীজটোৱে গজালি মেলিলে। গজালিটোক প্ৰতিপালন কৰাৰ সংকল্প লৈ মই কিছুমান গুটি সংগ্ৰহ কৰিলো।
![aparajita aparajita](https://i0.wp.com/naturesbeckon.org/wp-content/uploads/2023/08/aparajita.jpg?fit=350%2C400&ssl=1)
কৰিলো। মই কিছুমান গছৰ পূৰঠ শুকান গুটি যেনে অপৰাজিতা, ঘণ্টাকৰ্ণ, জয়ন্তী, তৰুৱা কদম, বকুল ইত্যাদি সংগ্ৰহ কৰি ৰ’দত দি ৰাখোঁ। তাৰপিছত ইয়াৰে কিছুমান ঘৰতে টাবত পুলি তৈয়াৰ কৰি গছ-ফুল ভালপোৱা, প্ৰতিপালন কৰা লোকক উপহাৰ দিওঁ আৰু উপহাৰ দিয়াৰ পিছত মাজে-সময়ে গছজোপাৰ খবৰ-খাতি লৈ থাকো। তাৰ মাজৰে দুই এজনে ফুল ফুলিলে বা ফল লাগিলে খবৰ দিলে কিমান যে আনন্দ পাওঁ! ফটো এখন পালে আৰু কথাই নাই। মই পিছে আন এটা কামও কৰো। শুকান গুটিবোৰ মোৰ যিমানবোৰ Handbag আছে তাত অলপ অলপ কৈ ভৰাই থওঁ। গতিকে মই যলৈকে যাওঁ মোৰ স’তে এই গুটিবোৰ থাকে। আচলতে গুটি মানে এক প্ৰচণ্ড সম্ভাৱনা মোৰ বেগত সোমাই থাকে আৰু সুবিধাজনক ঠাই চাই কোনেও গম নোপোৱাকৈ মই গুটি কেইটামান সিঁচি থৈ আহো। আনকি কেতিয়াবা টাবতো গুটি দিওঁ। এনেকৈ গুটি দিওঁতে মই দুটামান কথালৈ লক্ষ কৰো। এটা হ’ল ঠাইডোখৰ মানে সেই নিৰ্দিষ্ট ঠাইডোখৰত কি আকাৰৰ গছৰ গুটি দিব পৰা হ’ব; পোহৰ আৰু পানী পাব নে নাই ইত্যাদি ইত্যাদি। টাবত সাধাৰণতে অপৰাজিতাৰ গুটি দিওঁ; বগা,নীলা, বেঙুনীয়া এই তিনি ৰঙৰ অপৰাজিতাৰ গুটি লৈ ফুৰো। কৰ’বাত ফুৰিবলৈ গৈ হোটেল ইত্যাদিত থাকিলেও চেগ চাই এই কাম কৰি আহো। কিবা এটা ভাল লাগে।
![](https://i0.wp.com/naturesbeckon.org/wp-content/uploads/2023/08/kadam.jpg?fit=800%2C800&ssl=1)
![](https://i2.wp.com/naturesbeckon.org/wp-content/uploads/2023/08/Bokul.jpg?fit=852%2C852&ssl=1)
কেইবাবছৰো ধৰি কৰি অহা এই কামটো এতিয়ালৈ নিচালৈ পৰিণত হৈছে। ভাল লগা ব্যক্তি এজনক গছপুলি এটা দিয়াটোও এতিয়া এটা অভ্যাসলৈ পৰিণত হৈছে। আনকি মোক ভালপায় যদি সেই ভালপোৱাৰ দোহাই দি এজোপা বকুল ৰোৱক বুলি ক’বলৈও ভালপোৱা হ’লো। আমি বাৰু সকলোৱে এনেধৰণেৰে ভাবিব পাৰো নেকি। ইয়াৰ বাবে অতিৰিক্ত সময়, টকা-পইছা একোৰে প্ৰয়োজন নহয়, মাথো অকণমান ইচ্ছা আৰু আগ্ৰহৰ প্ৰয়োজন। এটা বীজৰ প্ৰচণ্ড শক্তিয়ে আপোনাক বাৰু হাতবাউলি মাতে নেকি ভাবি চাওঁকচোন।