

- কংকণা দাস
এই বৰ্ষৰ জুলাই মাহৰ ৯, ১০, আৰু ১১ তাৰিখে ছয়গাঁও অঞ্চলৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ছয়গাঁও চম্পকনগৰ
ছোৱালী হাইস্কুলত প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যেৰে এক গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰকৃতি সংৰক্ষণ সংগঠন নেচাৰ্চ বেকনে আয়োজিত কৰা এই শিবিৰৰ নাম আছিল ‘মেৰঘৰ–চণ্ডিকা গ্ৰীষ্মকালীন শিবিৰ’। প্ৰায় ৫০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শিবিৰে ছয়গাঁও অঞ্চলৰ ছাত্ৰ–ছাত্ৰীৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগ্ৰত কৰাৰ দিশত বাটকটীয়াৰ ভূমিকা ল’ব বুলি আমি আশাবাদী। ইয়াৰ আগতেও নেচাৰ্চ বেকনে ছয়গাঁও অঞ্চলত ‘অহম বসুধাম কৃতে মংগলজনক’ প্ৰকল্পৰ অধীনত এলানি কাৰ্যসূচী চলাইছিল। ছয়গাঁও অঞ্চলৰ ইতিহাস অসম প্ৰসিদ্ধ। মেৰঘৰৰ চান্দ সদাগৰ– বেউলাৰ কাহিনীকে ধৰি মা চণ্ডিকাৰ দেৱালয়ৰ মাহাত্ম্যৰে ছয়গাঁও বিখ্যাত। নেচাৰ্চ বেকনে ছয়গাঁওৰ এই গৌৰৱময় ইতিহাসক সুৱঁৰি এই শিবিৰৰ নাম মেৰঘৰ–চণ্ডিকা গ্ৰীষ্মকালীন শিবিৰ ৰাখে। প্ৰকৃতি সংৰক্ষণৰ আন্দোলনত নতুন প্ৰজন্মৰ অংশগ্ৰহণে ইয়াক এক বিশেষ গতিশীলতা প্ৰদান কৰে। নেচাৰ্চ বেকনে আৰম্ভণিৰে পৰাই বিভিন্ন মাধ্যমেৰে যুৱ প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছে। এই গ্ৰীষ্মকালীন শিবিৰ সমূহো তেনে এক মাধ্যম। ছাত্ৰীসকলৰ আধ্যাত্মিক বিকাশ, চেতনাৰ বিকাশ,দলীয় ক্ৰিয়াৰ গুৰুত্ব, প্ৰকৃতিৰ প্ৰতি সহমৰ্মিতা , সংৰক্ষণৰ দিশত আমাৰ কৰণীয়, বন্যপ্ৰাণৰ অধিকাৰ ইত্যাদি বিভিন্ন বিষয়ক মুখ্য উদ্দেশ্য হিচাপে লৈ এই শিবিৰৰ আয়োজন কৰা হয়। প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ সম অধিকাৰ সম্পৰ্কে আমি আমাৰ যুৱ প্ৰজন্মক সজাগ কৰিলেহে পৰিৱেশ সংৰক্ষণৰ ধাৰণাটো অধিক দৃঢ় হ’ব। এই মেৰঘৰ–চণ্ডিকা শিবিৰ পৰিচালনা কৰে নেচাৰ্চ বেকনৰ গুৱাহাটী সমন্বয়ক শ্ৰী নৱনীতা শৰ্মাই। ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলত প্ৰায় ১০ বছৰ ধৰি কাম কৰাৰ পাছত মোৰ এনে অনুভৱ হয় যে আমাৰ দৰে অঞ্চলৰ ল’ৰা ছোৱালীয়ে অসমৰ অৰণ্যক জনা বা বুজাৰ সুযোগ খুব তাকৰ। অভিভাৱক সকলে নিজৰ সন্তানক অৰণ্য ভ্ৰমণৰ সুযোগ হয়তো বিভিন্ন অসুবিধা বা আৰ্থিক অৱস্থাৰ বাবে দিব নোৱাৰে বা যিসকলে দিব পাৰে তেওঁলোকো এই ক্ষেত্ৰত উদাসীন। ফলত আমাৰ এক বৃহৎ সংখ্যক ছাত্ৰ–ছাত্ৰী অৰণ্যৰ গুৰুত্ব নজনাকৈয়ে আৰু ইয়াৰ আমেজ নোহোৱাকৈয়ে নিজৰ শৈশৱ পাৰ কৰে। আগৰ দৰে অসমৰ গাঁৱে–ভূঞে প্ৰকৃতি প্ৰদত্ত অৰণ্য পাবলৈ নাই, থাকিলেও তেনে অৰণ্যৰ সংখ্যা তাকৰ। এনে ক্ষেত্ৰত ছাত্ৰ–ছাত্ৰী সকলক প্ৰকৃত নিয়ম নীতিৰে অৰণ্য ভ্ৰমণ কৰোৱাতো চৰকাৰ বা সমাজৰ বিভিন্ন সংগঠন সমূহৰ দ্বায়িত্ব হোৱা উচিত। এনে ভ্ৰমণে ছাত্ৰ ছাত্ৰীৰ মনত অৰণ্যবোধ জাগ্ৰত কৰি তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনতো সহায়ক হ’ব। শিবিৰৰ এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা আৰম্ভ হয় ‘অসম তথা উত্তৰ–পূবৰ জৈৱ বৈচিত্ৰ্য’ শীৰ্ষক আলোচনাৰে। য’ত শ্ৰীমতী নৱনীতা শৰ্মাই ছাত্ৰীসকলক অসমৰ আপুৰুগীয়া অৰণ্য, বন্যজীৱ জন্তু, উদ্ভিদ ইত্যাদিৰ সৈতে পৰিচয় কৰোৱাই আৰু ইয়াৰ গুৰুত্ব সম্বন্ধে বিশদ আলোচনা কৰে। বিভিন্ন বান্দৰৰ প্ৰজাতি, হলৌ, বাঘ, গঁড়, শিঁহু ইত্যাদি সম্পৰ্কে হোৱা আলোচনাত শ্ৰীমতী শৰ্মাই ছাত্ৰীসকলক বুজাই যে এই বন্যপ্ৰাণ সমূহৰ বাসস্থান সংৰক্ষণ অবিহনে ইয়াক সংৰক্ষণ কৰাটো অসম্ভৱ আৰু অমূলক। প্ৰকৃতি প্ৰদত্ত অৰণ্য এদিনতে সৃষ্টি নহয়, ইয়াৰ সৃষ্টিৰ প্ৰক্ৰিয়া হাজাৰ–হাজাৰ বছৰ ধৰি চলি থাকে আৰু বন্যপ্ৰাণৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম। ইয়াৰ পিছৰ সত্ৰত শিবিৰৰ ছাত্ৰী সকলে ‘প্ৰকৃতি সাহিত্য ‘ শীৰ্ষক সত্ৰত ভাগ লয়। প্ৰকৃতি সংৰক্ষণৰ আন্দোলনক এক অনন্য ৰূপত শক্তিশালী কৰি তোলাত প্ৰকৃতি সাহিত্যৰ ভূমিকা অপৰিসীম। নেচাৰ্চ বেকন এই প্ৰকৃতি সাহিত্যৰ গ্ৰন্থ আন্দোলনৰ বাটকটীয়া। নেচাৰ্চ বেকনৰ সংৰক্ষণ আন্দোলনৰ এক শক্তিশালী স্তম্ভ হৈছে প্ৰকৃতি সাহিত্য। শিবিৰৰ ছাত্ৰী সকলক প্ৰকৃতি সাহিত্যৰ সৈতে বিভিন্ন কিতাপৰ লগত পৰিচয় কৰোৱাৰ লগতে নেচাৰ্চ বেকনৰ অনলাইন আলোচনী ‘The Seed’ ৰ বিষয়ে ছাত্ৰীসকলক অৱগত কৰা হয়। প্ৰতিগৰাকী ছাত্ৰীয়ে একোখনকৈ প্ৰকৃতি সাহিত্য বিষয়ক কিতাপ লৈ তাৰ সাৰাংশ ব্যক্ত কৰে। ছাত্ৰী সকলে প্ৰকৃতি সাহিত্যৰ কিতাপৰ মাজেৰে সংৰক্ষণৰ দিশৰ এক নতুন জগতৰ লগত পৰিচয় হয়। মই ব্যক্তিগত ভাৱে বিচাৰো যে আমাৰ বিদ্যালয় সমূহত প্ৰকৃতি সাহিত্যৰ কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তুলিব লাগে, কিয়নো ই ছাত্ৰী সকলৰ এক নতুন পৃথিৱীৰ দুৱাৰ মুকলি কৰিব। সংৰক্ষণ, আন্দোলন তথা বিকাশৰ বাবে কিতাপৰ বিকল্প নাই। শিবিৰৰ প্ৰথম দিনৰ সামৰণি পৰে ‘অহম বসুধাম কৃতে মংগলজনক‘ ৰ শপত বাক্যৰে। য’ত ছাত্ৰী সকলে পৃথিৱীৰ বাবে নিজকে মংগলময় কৰি তোলাৰ শপত লয়।


শিবিৰৰ দ্বিতীয় দিন আৰম্ভ হয় পুনৰ ‘অহম বসুধাম কৃতে মংগলজনক‘ ৰ শপত বাক্যৰে। ইয়াৰ পিছত শ্ৰী নৱনীতা শৰ্মাই ছাত্ৰীসকলৰ চেতনাৰ উত্তৰণৰ বাবে কিছু ক্ৰিয়াৰ অনুশীলন কৰে। ছাত্ৰী সকলৰ চেতনা বোধৰ বিকাশৰ বাবে কৰা এই সত্ৰত এটা কথা প্ৰতিফলিত হয় যে এখন সুস্থ সমাজৰ বাসিন্দা হ’বলৈ এনে মানসিক অনুশীলনৰ খুবেই প্ৰয়োজন আছে য’ত ছাত্ৰীসকল চেতনাগত ভাৱে সৱল হয়। শিবিৰৰ দ্বিতীয় দিনটোত ছাত্ৰীসকলক আমাৰ চৌপাশৰ জৈৱ–বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ অংশ উদ্ভিদ আৰু ইয়াৰ বিভিন্ন অংশসমূহৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হয়। ছাত্ৰী সকলক নিজৰ চৌপাশৰ বিষয়ে জ্ঞান আৰু পৰ্যবেক্ষণ শক্তিশালী কৰি তুলিবলৈ এই ধৰণৰ ক্ৰিয়া–কলাপে গুৰুত্বপূৰ্ণ ভূমিকা লয়। ছাত্ৰী সকলে চৌপাশৰ পৰি থকা গছৰ পাত–ফুল আৰু গুটি সংগ্ৰহ কৰে আৰু তাক প্ৰদৰ্শন কৰে য’ত শ্ৰীমতী শৰ্মাই প্ৰতিটো পাতৰ আকাৰ–আকৃতি, ফুল, গুটি ইত্যাদিৰ বিষয়ে ব্ৰেইন ষ্টৰ্মিং পদ্ধতিত চিন্তাৰ উদ্ৰেক কৰাই আৰু ছাত্ৰী সকলে এই উদ্ভিদৰ অংশসমূহৰ স্থানীয় ব্যৱহাৰ সম্বন্ধে অৱগত কৰে। ইয়াৰ পিছত ছাত্ৰী সকলক দলত ভাগ কৰি বিভিন্ন পৰিৱেশ সংৰক্ষণ সম্বন্ধিত বিষয় প্ৰদান কৰা হয় আৰু ছাত্ৰী সকলে তাক অতি সুন্দৰকৈ চিত্ৰ তুলিকাত দাঙি ধৰি তাৰ বাখ্যা আগবঢ়াই। সত্ৰৰ এই দুয়োটা দিনতেই ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলৰ সংগীত শিক্ষয়িত্ৰী শ্ৰীযুতা নাৰ্জী চৌধুৰীয়ে ছাত্ৰীসকলক সংগীতৰ এক অনুষ্ঠানত জড়িত কৰায়। শিবিৰৰ শেষৰ দিনটোত ছাত্ৰীসকলে নিজৰ মনৰ বক্তব্য ৰাখে আৰু পুনৰ ‘অহম বসুধাম কৃতে মংগলজনক‘ ৰ শপত বাক্য পাঠ কৰে। শেষত ছাত্ৰীসকলক মানপত্ৰ প্ৰদান অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা ৰেণু দাসকে ধৰি বিদ্যালয়ৰ অইন শিক্ষক–শিক্ষয়িত্ৰীয়ে ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰে আৰু শিবিৰৰ সমাপ্তি ঘোষণা কৰা হয়।

নেচাৰ্চ বেকনে অহৰহ এনে শিবিৰ অসমৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়, কলেজসমূহত অনুষ্ঠিত কৰি আহিছে। এই শিবিৰ সমূহৰ মাজেৰে নেচাৰ্চ বেকনে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত যুৱ প্ৰজন্মক জড়িত কৰোৱাৰ লগতে প্ৰকৃতিৰ প্ৰতি সহমৰ্মিতাৰ মনোভাৱ বিকাশত গুৰুত্ব আৰোপ কৰে। অসমৰ সমূহ বিদ্যালয় প্ৰধান আৰু মুষ্টিমেয় শিক্ষক–শিক্ষয়িত্ৰী যিয়ে এই আন্দোলনত স্বত:স্ফূৰ্ত ভাৱে যোগদান কৰিছে বা বিদ্যালয়ত পৰিৱেশ সংৰক্ষণৰ যোগাত্মক পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। নেচাৰ্চ বেকনে বিচাৰে প্ৰকৃতি সংৰক্ষণৰ এই আন্দোলনত সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক জড়িত হওঁক আৰু বিদ্যালয় সমূহ হওঁক পৰিৱেশ সংৰক্ষণ চেতনাৰ কেন্দ্ৰ।
