প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা

rijumoni

- ৰিজুমণি ডেকা, শ্ৰেণী: নৱম মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়


পবিতৰা তুমি সেউজী ধুনীয়া, 

গছ-বন , পশু-পক্ষী বাৰেবৰণীয়া। 

সূৰুয উঠাৰ পৰা অস্ত যোৱালৈ 

প্ৰতিটো ক্ষণতে দেখো প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। 

এফাল সেউজ পাহাৰৰ পৰা আহে 

মায়ংৰ বেজে জব্দ কৰা

মন্ত্ৰৰ ধ্বনি

আনফালে পবিতৰা আছে গড় এশিঙীয়া, 

সেয়েহে পবিতৰা সেউজী ধুনীয়া। 

পবিতৰা, অ’ পবিতৰা 

তোমাৰ কথা ভাৱিলে জানা 

মনটো উৰি গুচি যায়, বতাহৰ লগত

দূৰণিৰ আকাশলৈ…