প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰা

Photo Credit : Debajit Nath
WhatsApp Image 2024-03-14 at 10.33.50_02a7f02c

- নবনীতা ডেকা, শ্ৰেণী : নৱম, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়


কেনে নো ধুনীয়া আমাৰ পবিতৰা 

গছ-বন, পশু-পক্ষী নানা বৰণীয়া। 

গঁড় আছে , বন গাহৰি আৰু বালিমাহী

ম’হৰ পিঠিত বগলী বোৰে থাকে নাচি-বাগী

খৰালি মাহত ৰাজ হংস উৰে  আকাশ চানি। 

ক’ত যে বিল দঙা আছে মাছ-কাছৰে ভৰি, 

সৰীসৃপ, অৰ্কিডৰ মায়াময় শোভাৰে থাকে 

সকলোৰে মন জুৰি।

দেশ-বিদেশ পক্ষীৰাজ আহি মোহি যায় 

সকলোৰে মন। 

আমাৰ পবিতৰা অতিকৈ অনন্যা, 

সকলোৰে প্ৰাণৰ ধন।