বনজুই

Banani Das

- বনানি দাস

পাহাৰৰ বনজুই দেখিছানে??

কেনেদৰে ঠাহি মুহি নিয়ে পাহাৰখনৰ অৰণ্যক।

ৰঙাকৈ জ্বলি উঠা দেখো যে বহুদূৰৰ পৰা,

অশান্ত কৰি বহুদিনলৈ

উদং কৰি নিয়ে যি পাহাৰৰ বুকুখন!

 

পাহাৰৰ বনজুই দেখিছানে?

ধোৱা হৈ চানি ধৰে যি আকাশক! 

কুণ্ডলী পকাই উৰি গৈ, 

আকাশকো যি নমনা কৰে, 

নেদেখা কৰি বহুদিনলৈ,

পাহাৰতকৈও ওখ আকাশখন। 

 

বনজুই নে মনজুই?? 

সেই একেই, 

আৱেগে ধোৱাই থকা!

পাহাৰৰ, 

গছৰ, 

মনৰ আৱেগ! 

 

আৱেগৰ পোৰণি ভিতৰত

বাহিৰত ধোৱা ওলাইছে, 

নেদেখা কৰি আকাশখন, 

পাহাৰতকৈও ওখ যি। 

নেদেখা কৰি চেতনাক, 

জীৱনতকৈও ডাঙৰ যি।