বনানী দাস
গছৰ গুটিটোৰ তলফালে চুলি সদৃশ অসংখ্য শিপা। পাহাৰত পানীৰ ঢাল বৈ আহিলেও গছজোপাই যাতে অৰণ্যখনত তাৰ অস্তিত্ব বজাই ৰাখিব পাৰে তাৰ বাবেই এই ব্যৱস্থা। গুটিতেই শিপা, কেৱল প্ৰয়োজন পানী, মাটি আৰু উপযুক্ত পৰিৱেশৰ। যতেই নাথাকক, অৰণ্যৰাণীৰ অলপ যত্নতেই প্ৰাণৰ সমাহাৰ ঘটাব পাৰে সি। আচৰিত নহয়নে? এনে বহু অদ্ভুত আৰু আশ্চৰ্য্যজনক ৰহস্যৰে ভৰপূৰ অৰণ্য। কাৰোৱে সৃষ্টি এনেই হোৱা নাই। প্ৰতিটো পাত, বেংছটা, পোক পৰুৱাই যেন বহন কৰি আছে অযুত সম্ভাৱনীয়তা, প্ৰকৃতিদেৱীক পূৰ্ণ কৰাৰ মন্ত্ৰ। প্ৰথম দৃষ্টিতেই সাধাৰণ যেন লগা কথা এটা দকৈ ভাৱি চালে তাৰ লগত জড়িত অলেখ কথা আপোনাৰ চকুত পৰিব। অৰণ্য ভ্ৰমণে এই চকুজুৰি আপোনাক প্ৰদান কৰে, যি হয়তো কংক্ৰিটৰ অৰণ্যত আমি হেৰুৱাইছো। শিল, বালি, ইটাৰ গম্বুজ আকৃতিৰ স্থাপত্যত অভ্যস্ত হোৱা চকুজুৰিক অৰণ্যৰ সেউজীয়াই যি শীতলতা প্ৰদান কৰে, তাক হয়তো অৰণ্য নেদেখাজনে অনুভৱ কৰিব নোৱাৰিব। সেই প্ৰাচীন অনুভূতিৰ সৈতে আমি সকলো চিৰ পৰিচিত। কিন্তু প্ৰচলিত সমাজ ব্যৱস্থাই আনি দিয়া প্ৰকৃতিৰ লগত বিচ্ছেদে আমাক সেই সুখানুভূতিৰ পৰা বঞ্চিত কৰিছে। সেইবাবে হয়তো মানুহে মূল্যবোধ পাহৰি গৈছে, প্ৰকৃতিৰ অংগ হৈও প্ৰকৃতিক অস্বীকাৰ কৰিছে। প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হোৱাৰ এই প্ৰক্ৰিয়াতেই পৃথিৱী আৰু পৰিৱেশৰ অৱক্ষয়ৰ আৰম্ভণি ঘটিছিল আৰু বৰ্তমানেও এই ধাৰা চলি আহিছে। বৰ্তমানে পৰিৱেশৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক ইত্যাদি বিষয়বোৰ সাঙোৰ খায় জটিল ব্যৱস্থা এটা গঠন হৈছে। সম্পদ আহৰণৰ বাবে অৰণ্যবোৰক ব্যৱহৃত কৰা হৈছে। সম্পদ প্ৰয়োজনীয় কিন্তু ইয়াৰ সংৰক্ষণৰ অৰ্থ এইটোও নহয় যে আমি তাক ভোগ নকৰিম। কিন্তু সকলো সম্পদ পৰিমিতভাৱে, নায্যতাৰে ভোগ কৰা উচিত। গ্ৰহটোৰ প্ৰাণ বৰ্তি থাকিবৰ বাবে আমি প্ৰকৃতি প্ৰদত্ত অৰণ্যসমূহ সংৰক্ষিত কৰিব লাগিব।
অৰণ্য ভ্ৰমণ কিয়?
২০২০ চনৰ জানুৱাৰী ২৬ আৰু ২৭ তাৰিখে কোকৰাঝাৰ জিলাৰ চক্ৰশীলা অভয়াৰণ্যলৈ গৈছিলো। পাহাৰৰ ঢালে ঢালে গজি উঠা এখন অপূৰ্ব পৰ্ণপাতী উদ্ভিদৰ অৰণ্য। পাহাৰৰ ওপৰত ক্ৰমশ উঠি গৈ থাকোতে দেখিবলৈ পাইছিলো বিচিত্ৰ সেউজীয়াৰ সমাহাৰ। শীতকাল বাবে মাজে মাজে হালধীয়া আৰু মটীয়াৰঙৰ মিশ্ৰণে অৰণ্য খনক যেন আৰু অলপ মোহনীয় কৰি তুলিছিল। পাহাৰৰ ওপৰৰ পৰা শুনা গৈছিল মাওৰীয়া ঝৰাৰ ঝৰ ঝৰ শব্দ। বিভিন্ন চৰাইৰ মাতে মুখৰিত কৰা চৌপাশত এঢলীয়া পাহাৰৰ শিলবোৰৰ মাজেৰে গৈ থাকোতে ভাবিছিলো, কি বিচিত্ৰ আৰু ধুনীয়া এই অৰণ্য আৰু পাহাৰ! এই যে অনুভৱখিনি, এইখিনি অৰণ্যৰ লগত একাত্ম হোৱাৰ বাবে বৰ প্ৰয়োজনীয়।
সংৰক্ষণৰ ধাৰণাটোৰ সৈতে অৰণ্য ভ্ৰমণ ওতঃপ্ৰোতভাৱে জড়িত। আপুনি এটা বস্তুক অনুভৱ নকৰাকৈ ভাল পাব নোৱাৰে। অৰণ্য আপোনাৰ ভালপোৱালৈ তেতিয়াহে পৰ্যবসিত হব, যেতিয়া আপুনি অৰণ্যৰ প্ৰাণৰ লগত একাত্মতা অনুভৱ কৰিব। অনুভৱবিহীন ভালপোৱাত স্বাৰ্থ জড়িত হৈ থাকে। আমাৰ প্ৰাচীন চেতনা তথা আমাৰ শিপাক বিচাৰিবলৈ হ’লে অৰণ্য ভ্ৰমণ কৰিবই লাগিব। সেই বিচিত্ৰ প্ৰাণৰ অনুভৱ আৰু ভালপোৱাই আপোনাক সংৰক্ষণৰ প্ৰতি দায়বদ্ধ কৰি তুলিব । সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে এই অৰণ্য ভ্ৰমণ বাৰুকৈয়ে জৰুৰী। এই জীৱসমূহৰ মাজৰ পৰস্পৰৰ নিৰ্ভৰশীলতা, অৰণ্যৰাণীৰ বিচিত্ৰ কাহিনীবোৰে তেওঁলোকৰ মনত প্ৰকৃতিৰ এই নিৰ্বাক অংগবোৰৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে, প্ৰকৃতিৰ প্ৰতি ভালপোৱাক জাগৃত কৰিব। এই ভালপোৱাই প্ৰকৃতি সংৰক্ষণৰ বাবে তেওঁলোকক উদ্বুদ্ধ কৰিব। অৰণ্যৰ ভিতৰচৰাত থকা জীৱ জন্তু সমূহ মানুহৰ সমাজখনৰ পৰা বহু দূৰত। তেওঁলোকৰ বাবে আমি বহু ক্ষেত্ৰত অনাকাংক্ষিত।মানুহৰ অযথা বিচৰণে সেয়েহে কেতিয়াবা তেওঁলোকে অসহজ আৰু অসুৰক্ষিত অনুভৱ কৰাই আমাক অাক্ৰমণ কৰিব পাৰে। যাৰ বাবে অৰণ্যৰ ভিতৰত সদায়ে মনোযোগী আৰু সজাগ হোৱা উচিত, যাতে আমি বন্যপ্ৰাণৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব পাৰো। এই কাৰ্যই শিশুসকলৰ মনোযোগ আৰু একাগ্ৰতা বৃদ্ধিতো সহায় কৰিব। অৰণ্যৰ ভিতৰৰ সৰু সৰু গছ লতিকাৰ পৰা বৃহৎ বৃক্ষলৈ সকলোৰে অৰিহণা অলেখ। এই নিৰ্বাক আৰু সবাক অংগসমূহৰ মাজৰ যি সম্পৰ্ক তাক বুজিবলৈ সূক্ষ্ম দৃষ্টিৰ প্ৰয়োজন। অপ্ৰয়োজনীয় যেন লগা গছ-লতিকা এডালো পৰ্যবেক্ষণৰ মাজেৰে আপোনাক বহু নতুন, আমোদজনক তথ্য দিব পাৰে। পৰ্যবেক্ষণৰ জড়িয়তে শিকা অৰণ্যৰ সৰু সৰু অথচ অতি মূল্যবান কথাবোৰৰ পৰা তেওঁলোকৰ মৌলিক চিন্তাৰো বিকাশ ঘটিব। অৰণ্য ভ্ৰমণৰ জড়িয়তে তেওঁলোকে পৃথিৱীখনৰ অংগৰূপে নিজকে জড়িত অনুভৱ কৰিব। তেওঁলোকৰ বুজিবলৈ সহজ হ’ব যে, সকলো জীৱৰে ক্ৰিয়া- আন্ত:ক্ৰিয়াৰ মাজেৰেই এই সুন্দৰ পৃথিৱীখনৰ সৃষ্টি সম্ভৱ হৈছে । এই নিৰ্বাক আৰু সবাক অংগৰ প্ৰতি থকা ভালপোৱাই তেওঁলোকৰ মনত কৰুণা, মৈত্ৰী আদি গুণসমূহ প্ৰস্ফুটিত কৰাব। প্ৰতিটো শিশুৰ মাজতেই এই সৎ গুণবোৰ সুপ্ত অৱস্থাত থাকে আৰু অৰণ্য ভ্ৰমণৰ জৰিয়তে, প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰ মাধ্যমৰে এই গুণবোৰৰ বিকাশ ঘটাব পাৰি।
অৰণ্য ভ্ৰমণ কেনেদৰে –
সাধাৰণতে কৰা ভ্ৰমণ আৰু অৰণ্য ভ্ৰমণৰ মাজত কিছু তফাৎ আছে। এগৰাকী দায়িত্বশীল ভ্ৰমণকাৰী হবলৈ আমি কিছুমান কথাৰ প্ৰতি যেনে-অনাহকত হৈ হাল্লাৰ সৃষ্টি কৰা, অ’ত ত’ ত প্লাষ্টিক, আৱৰ্জনা পেলোৱা ইত্যাদি কামবোৰ, যিবোৰে সমাজ ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি কৰে, তেনে কাৰ্যৰ পৰা বিৰত থকা উচিত। ঠিক একেদৰে অৰণ্যৰো এখন নিজা সমাজ ব্যৱস্থা আছে, যত জীৱ-জন্তুবোৰে নিয়ম মানি নিজৰ নিজৰ এলেকাত ঘুৰি ফুৰে। এগৰাকী ভাল ভ্ৰমণকাৰী হিচাপে আমি সেই সমাজ ব্যৱস্থাৰ নিয়মসমূহক সন্মান জনাই নিজৰ ভ্ৰমণসূচী আৰু কাৰ্য নিৰ্ধাৰণ কৰা উচিত যাতে তেওঁলোকৰ দৈনন্দিন জীৱনশৈলীত আমি ব্যাঘাত নকৰো।। অৰণ্য ভ্ৰমণ কৰোতে আমি অত্যন্ত সংযমী হোৱাটো দৰকাৰী। অৰণ্যৰ ভিতৰত চিঞৰ- বাখৰ, ডাঙৰকৈ কথা কোৱা, গান বজোৱা অনুচিত। অৰণ্যৰ ভিতৰলৈ সোমাওঁতে পৰাপক্ষত প্লাষ্টিকৰ সামগ্ৰী নিব নালাগে। কাৰণবশতঃ লৈ গ’লেও তাক মুকলিতে পেলাব নালাগে। ইয়াৰ উপৰিও অৰণ্যত মাদক দ্ৰব্য সেৱন কৰাটো অনুচিত। অৰণ্য ভ্ৰমণৰ সময়ত ঢিলা তথা আৰামদায়ক পোছাক পিন্ধা উচিত। পোছাকৰ ৰঙ নিৰ্বাচনৰ ক্ষেত্ৰতো আমি সাৱধান হোৱা উচিত। সেউজীয়া, ধোৱা বৰণীয়া, পাতল ৰঙৰ পোছাক নিৰ্বাচন কৰিব লাগে যাতে আমি অৰণ্যৰ পৰিৱেশৰ লগত অতি সহজেই মিলি যাব পাৰো। অৰণ্যৰ ভিতৰত খোজ কাঢ়োতে যিমান পাৰি কম শব্দ কৰাটো জৰুৰী, কাৰণ বেছি শব্দই আপোনাৰ ওচৰে পাজৰে থকা বন্যপ্ৰাণীক ভীতিগ্ৰস্ত কৰি তুলিব পাৰে যাৰ বাবে হয়তো আপুনি তেওঁলোকক দেখাৰ সোণালী সুযোগ হেৰুৱাব পাৰে। ভীতিগ্ৰস্ত হ’লে অসুৰক্ষিত অনুভব কৰি তেওঁলোকে কেতিয়াবা আপোনাক প্ৰতিআক্ৰমণো কৰিব পাৰে। পৰাপক্ষত অৰণ্যৰ ভিতৰত কথা নপতাই শ্ৰেয়। অৰণ্যৰ ভিতৰলৈ সোমাওঁতে কোনো অভিজ্ঞ মানুহ আৰু লগতে বনবিভাগৰ গাৰ্ডৰ সহায় লোৱা উচিত।
আহকচোন, অৰণ্যলৈ ঘূৰি যাওঁ।যাত্ৰা কৰো আমাৰ পূৰ্বজে এৰি অহা প্ৰাচীন বাটেৰে, যি বাটেৰে আমি এদিন এতিয়াৰ পৃথিৱীলৈ যাত্ৰা কৰিছিলো। ঘূৰি যাওঁ আমাৰ উৎসমুখলৈ। একাত্ম হওঁ নিজৰ আত্মাৰ সৈতে, বুজিবলৈ চেষ্টা কৰো যে প্ৰকৃতিৰ উৰ্ধত আমাৰ অস্তিত্ব নাই। সাবটি ধৰো আহক অৰণ্যৰ গছ এজোপা আৰু চকু মুদি অনুভব কৰো যুগ যুগান্তৰৰ পৰা চলি অহা আমাৰ এই নিবিড় সম্পৰ্কক। ব্যস্ততাৰ মাজতো অলপ সময় অতিবাহিত কৰো প্ৰকৃতিৰ মাজত, প্ৰকৃতিক বুজিবলৈ লগতে ইয়াক আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ স্বাৰ্থত। এবাৰলৈ প্ৰশ্ন কৰো নিজকে, আমি বাৰু আমাৰ জীয়াই থকাৰ কাৰণটোক অলপ সময় দিব নোৱাৰোনে??
শ্বেয়াৰ কৰক: