সাধাৰণ আছিল সিহঁত। 
মোহ আছিল সেউজীয়াৰ প্ৰতি, 
প্ৰাচীনতম সেই পৃথিৱীৰ ভালপোৱা। 
পুৰাতন সেই টোপোলাৰ গাঠি মেলি
উজাই আহিছিল প্ৰেম, 
দয়া, 
মৰম! 
 
হঠাৎ এদিন সিহঁতৰ অসাধাৰণ হবলৈ মন গৈছিল।
সেউজীয়াৰ বৃত্ত ফালি ভূমিষ্ঠ হৈছিল, 
অসাধাৰণ হোৱাৰ হেপাঁহ ।
কমতেই কেনেদৰে সন্তুষ্ট হ’ব পাৰি?? 
থাকিব পাৰিনে, এককেন্দ্ৰিক বৃত্তৰ অংশ হৈ?? 
নিচাহ আছে ভঙাত, 
নিচাহ আছে গঢ়াত, 
সমাজ, নিয়মক।
সাধাৰণ হোৱাত গৰ্ব নাই। 
গৰ্ব আছে জানো সমাজনীতি নজনাত, 
গৰ্ব আছে জানো ৰাজনীতি নকৰাত, 
গৰ্ব আছেনে অৰ্থনীতি নুবুজাত? 
গৰ্ব নাই হাতী নোপোহাত, 
গৰ্ব নাই বাঘ নমৰাত, 
গৰ্ব নাই গছ নকটাত। 
গৰ্ব থাকে জানো ওচৰ চুবুৰীয়াক হিংসা নকৰাত? 
গৰ্ব নাথাকে সীমাৰ বেৰখন নেঠেলাত। 
গৰ্ব নাইয়েই সাধাৰণ হোৱাত! 
অসাধাৰণ হোৱাৰ বাটত, 
সাধাৰণতে কৰিব পৰা ভুলবোৰ শুদ্ধ কৰি গৈছিল! 
নতুন এখন অসাধাৰণ পৃথিৱীৰ জন্ম হৈছিল। 
 
তাৰপিছত বহুদূৰ বাট… 
ঘূৰি চাবলৈ আহৰি হোৱা নাই। 
সময়ৰ অভাৱত কৰা হোৱা নাই মূল্যায়ন। 
জন্ম হৈয়েই আছে, 
অসাধাৰণ প্ৰজন্মৰ! 
পৃথিৱীও দৌৰিছে, 
সাধাৰণৰ পৰা অসাধাৰণৰ পথত। 
গৰ্ব যে নাইয়েই সাধাৰণ হোৱাত!