- সৌম্যদ্বীপ দত্ত
আজি এই স্নিগ্ধ জোনাক ৰাতি,
নিৰ্জনতাৰ বাটে বাটে আহি
কোনে দিলে মোক সুবাসিত এই অৰ্ঘ্য;
হে বনভূমি তুমি কি পঠালা
তোমাৰ হৃদয় স্পৰ্শ।
ভাষাহীন মাতেৰে কত কথা কোৱা
অনুভূতিৰ এই পোৱা–নোপোৱা
বহু যুগ ধৰি আমাৰ আলোক স্পৰ্শ,
দিন গুচি যায়,
ৰাতি গুচি যায়,
গুচি গ‘ল কত নিযুত বৰ্ষ।
তোমাৰ আলোকেৰে তোমাৰ সুগন্ধেৰে
আলোকিত মোৰ যাত্ৰা নাজানো পালানে নাপালা তুমি
মোৰ হৃদয়ৰ বাৰ্তা।
তোমাৰ পৰশেৰে,
তোমাৰ সুগন্ধেৰে
পৰিপূৰ্ণ মোৰ এই মন— তোমাৰ চেতনা, তোমাৰ আৱেগে
পূৰ্ণ কৰে জীৱন।
ভাষাহীন মাতেৰে তুমি আৰু মই
যুগ যুগ ধৰি কথা কওঁ প্ৰতি জনমতে সব মায়া এৰি
তোমাতেই বিলীন হওঁ।
আজি এই স্নিগ্ধ জোনাক ৰাতি
নিৰ্জনতাৰ বাটে বাটে আহি
কোনে দিলে মোক সুবাসিত এই অৰ্ঘ্য।
হে বনভূমি তুমিয়েই পঠালা নেকি
তোমাৰ হৃদয় স্পৰ্শ।
নামচাঙৰ অন্তেষপুৰ নামৰ কিতাপখনৰ ৩৬৫ পৃষ্ঠাট সৌম্যদ্বীপ দত্তৰ এই কবিতাটো আছে। বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ গভীৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈ, অৰন্যৰ লগতেই প্ৰকৃতিবিদ লেখকৰ যেন কথোপকথন, ভাবৰ অভিব্যক্তি। কবিতা আকাৰে যেন লেখকৰ কলমেৰে লেখকে নিগৰাইছে এই কথাখিনি।
প্ৰকৃতিবিদ, লেখক,প্ৰকৃতি–সংৰক্ষক আৰু প্ৰকৃতিৰ লগত প্ৰচণ্ড ভাবে আৱেগেৰে জড়িত হোৱা বেত্তিৰ লগে লগে, সৌম্যদ্বীপ দত্ত এজন সছা “এক্টিভিষ্ট “। তেওঁৰ প্ৰতিটো কামতেই আমি তেওঁৰ এই “এক্টিভিজিম” দেখিবলৈ পাঁও।
নামচাঙৰ অন্তেষপুৰ নামৰ কিতাপখন ২০১০ চনৰ মাৰ্চ মাহত অভিজাত প্ৰকাশন গোষ্ঠী – বনফুল প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ কৰিছিল। তাৰ পিছৰে পৰা বনফুল প্ৰকাশনেই কিতাপখন প্ৰকাশ কৰি আহিছে। ২০২৫ চনৰ চেপ্টেম্বৰ মাহত, বনফুল প্ৰকাশনে কিতাপখনৰ চতুৰ্থ সংস্কৰণ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সৌম্যদ্বীপ দত্তৰ “নামচাঙৰ অন্তেষপুৰ” নামৰ গ্ৰন্থখনৰ বাংলা আৰু ইংৰাজী অনুবাদ, ইতিমধ্যেই প্ৰকাশ পাইছে। বাংলা ভাষাত অনুবাদ কৰিছে শ্ৰী নিবেদিতা চক্ৰবৰ্ত্তী আৰু ইংৰাজী ভাষাত অনুবাদ কৰিছে শ্ৰী বিপুল দেউৰী।
