পক্ষীমানৱ’ৰ বিদায়

Dr. Salim Moizuddin Abdul Ali (12 November 1896 - 20 June 1987), was a legendary Indian ornithologist and naturalist, he is popularly known as the "Birdman of India". PC: Internet
RupamDa2

-       ৰূপম বৰুৱা

পক্ষী মানৱ চেলিম আলীৰ ১৩০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে শ্ৰী ৰূপম বৰুৱা দেৱৰ ‘পক্ষীমানৱৰ বিদায়‘ শীৰ্ষক লেখাটো দ্য চীডৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়ালোঁ। বিশিষ্ট লেখক, সম্পাদক, পৰিৱেশবিদ, পৰ্বতাৰোহী,  ৰূপম বৰুৱা দেৱে ভাৰতৰ বিখ্যাত পক্ষীবিদ চেলিম আলীৰ মৃত্যু (১৯৮৭) ত শ্ৰদ্ধা জনাই এই লেখাটো লিখিছিল যিটো ১৯৮৭ চনৰ ২ জুলাইত সাদিনীয়া প্ৰহৰীত প্ৰকাশ পাইছিল। ১২ নৱেম্বৰত পক্ষী বিদ গৰাকীৰ জন্মজয়ন্তীত তেখেতৰ কৰ্মৰাজীক নতুন প্ৰজন্মলৈ নিয়াৰ মানসেৰে এই লেখাটো পুনৰাই আগবঢ়ালোঁ। শ্ৰী ৰূপম ৰৰুৱাৰ এই প্ৰবন্ধটো, চেলিম আলীৰ উপৰত অসমীয়া ভাষাত লেখা প্ৰথমখন প্ৰবন্ধ আছিল । এই মূল্যৱান প্ৰবন্ধটো আমাক পুনৰাই প্ৰকাশৰ সুযোগ দিয়া বাবে ৰূপম বৰুৱা দেৱলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদিলো।

স্কুলৰ ক্লাছবোৰত বৰ এটা মন নবহিছিল তাৰ ৷

বিশেষকৈ অঙ্কৰ ক্লাছত – কাৰণ অঙ্ক সি মুঠেই ভাল নাপাইছিল ৷ সেয়ে ক্লাছৰ পৰা পলাই চৰাই চাই ফুৰিছিল ৷ চৰাই চায়েই তাৰ আটাইতকৈ ভাল লাগে ৷ বিশেষকৈ সিহঁতৰ গতিবিধি , কাৰ্যকলাপ ইত্যাদি চাই ৷ এয়াৰগানো এটা আছে তাৰ ৷ সেইটোৰে দুই এটা চৰায়ো গুলীয়ায় ৷ অপাৰ কৌতুহলেৰে চৰাইৰ বিভিন্ন অঙ্গ–প্ৰত্যঙ্গ পৰ্যবেক্ষণ কৰাত বৰ আগ্ৰহ তাৰ ৷ এদিনৰ কথা ৷ ঘনচিৰিকা এটা গুলীয়াই সি আচৰিত হৈ দেখে তাৰ ডিঙিটো হালধীয়া ৰঙৰ ৷ আগতে হালধীয়া ডিঙিৰ ঘনচিৰিকা কাহানিও দেখা নাছিল সি ৷ হালধীয়া ডিঙিৰ ঘনচিৰিকা থাকে নেকি বাৰু ? নে এইটো অইন কিবা চৰাই ? এইবোৰ ৰহস্য ভেদ কৰাৰ নিচা মূৰত সোমাল তাৰ ৷ এনে কৌতুহল দেখি মোমায়েকে ক’লে , ‘যা নেচাৰেল হিষ্ট্ৰী ছোচাইটিলৈ ৷ তাতহে আচল কথাটো গম পাবি ৷’ চৰাই হাতত লৈ ‘বোম্বে নেচাৰেল হিষ্ট্ৰী ছোচাইটি’(বি এন এইচ এছ)ৰ দুৱাৰমুখত গৈ হাজিৰ হ’ল সি ৷ কিন্তু অতবোৰ গণ্যমান্য লোকৰ সমাৱেশ ! বৰ বৰ চাহাব ! তেওঁলোকে তাৰ এই কৌতুহলক হাঁহি উৰাই দিয়ে বা ! ভয় , সঙ্কোচত ইতস্ততঃ কৰিও শেহত বুকুত সাহ বান্ধি সি আগবাঢ়িল ৷ কাৰণ এই হালধীয়া ৰঙৰ ৰহস্যভেদ কৰাৰ অদম্য বাসনাই তাক যেন অদৃশ্য হাতেৰে  লৈ গ’ল ৷ কিন্তু সাথঁৰৰ উত্তৰ সি পালে ৷ ইও এবিধ ঘনচিৰিকাই , ডিঙিৰ ৰংটোহে হালধীয়া ৷ সেইদিনা ৱাল্টাৰ মিলাৰ্ডহঁতৰ নিচিনা প্ৰকৃতিবিদসকলৰ লগত চিনাকী হৈ আৰু উৎসাহ–উদ্গনি পাই মন ভৰি উঠিল তাৰ ৷ চৰাই–বিনন্দীয়া জগতখনৰ নতুন দিগন্ত মুকলি হ’ল তাৰ চকুৰ আগত ৷ ভৱিষ্যত জীৱনৰ লক্ষ্যও সি বাছি ল’লে সেই দিনটোতেই ৷ সিদিনাৰ সেই সৰু ল’ৰাটোৱে পিছত বিশ্বৰ এজন বিখ্যাত পক্ষীতত্ববিদ হ’ল ৷ ড° ছেলিম আলী বুলি ক’লেই বিশ্বৰ সমূহ প্ৰকৃতিপ্ৰেমিকে চিনি পোৱা হ’ল ৷ ১৯০৮ চনত ‘বিএনএইচএছ‘ত এটি ঘনচিৰিকা লৈ গৈ চৰাইৰ জগতখনৰ যি মোহত পৰিছিল তেওঁ , যোৱা ২০ জুন তাৰিখে ৯১ বছৰ বয়সত চিৰবিদায় লোৱাৰ আগলৈকেও ছেলিম আলী আছিল সেইখন জগতৰে মানুহ । মৃত্যুৰ কেইমাহমান আগত অসুস্থ অৱস্থাত হস্পিটেলত শুই থাকোতেও তেওঁ বাইনোকুলাৰটো কাষতে থৈছিল । জানোচা খিৰিকীমুখত কোনোবা অজান পখীয়ে ভূমুকি মাৰি যায়েই !

'The Fall of a Sparrow' is a autobiographical book by Salim Ali that was published in 1985. PC: Internet.

ডঃ ছেলিম আলী – সম্পূৰ্ণ নাম ছেলিম মইজুদ্দিন আব্দুল আলীৰ জন্ম হৈছিল ১৮৯৬ চনৰ ১২ নবেম্বৰৰ দিনা বোম্বাইৰ খেতৱাড়ি এলেকাত । নিচেই সৰুতে মাক–দেউতাকক হেৰুওৱা ল‘ৰাটোক মোমায়েকে বুকুত তুলি লৈছিল ডাঙৰ–দীঘল কৰিবলৈ । অসংখ্য সমনীয়াৰে ভৰা আহল–বহল এক পৰিবেশত মনৰ খুচীত ঘূৰি ফুৰি দিনবোৰ কাটিছিল ছেলিমৰ । এয়াৰগান এটা পোৱাৰ পিছত চৰাই চিকাৰত মন বহিল । এই চিকাৰত কিন্তু চৰাই মৰাৰ আনন্দ নাছিল । মৰা চৰাইবোৰ পুঙ্খানুপুঙ্খৰূপে অধ্যয়ন কৰিছিল তেওঁ । এই কৌতূহল , অনুসন্ধিৎসাই তেওঁক লৈ যায় ‘বি এন এইচ এছ‘লৈ আৰু তাতেই পক্ষীতত্ব আৰু প্ৰকৃতি পাঠৰ উদ্গনি পাই জীৱনৰ নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি লয় তেওঁ । আৰম্ভণি হয় বিশ্বৰ সমস্ত পক্ষীকুল  ৰক্ষাৰ নিৰলস সংগ্ৰামত ব্ৰতী এজন সাধকৰ জীৱনৰ ।  

আজি ছেলিম আলী এক অতি ডাঙৰ নাম । দেশ–বিদেশৰ পৰা পোৱা অসংখ্য মান–সন্মানেৰে বিভূষিত ছেলিম আলীৰ বিশ্ববিখ্যাত ‘পক্ষীমানৱ‘ হোৱাৰ বাট কিন্তু মুঠেই উজু নাছিল । জীৱনৰ লক্ষ্যক জীৱিকাৰে সৈতে একেলগ কৰি আগবাঢ়ি যোৱাৰ বাটত আছিল বহু আলৈ–আহুকাল ৷ ছেলিম আলীৰ নিজৰ ভাষাত ক’বলৈ গ’লে , ‘মই যেতিয়া চৰাইৰ বিষয়ে গৱেষণা আৰম্ভ কৰিবলৈ লওঁ , তেতিয়া লোকে এইবুলি কৈছিল যে মই হেনো সময়ৰ অপচয় কৰি আছোঁ আৰু এইদৰে হাবিয়ে–পথাৰে চৰাই  চাই ঘূৰি ফুৰাতকৈ ভাল দৰমহাৰ চাকৰি এটাহে মই যোগাৰ কৰা উচিত ৷’ আজি Bird Watching , Nature Study এই কথাবোৰ সবেই জানে ৷ কিছু পৰিমানে এইবোৰ ফেছনতো পৰিণত হৈছে ৷ কিন্তু সেইসময়ত বিশেষকৈ ভাৰতত এনে চখক মানুহে বলিয়ালি বুলিহে বিচাৰ কৰিছিল , আৰু কোনে জানে ভাগ্য সহায় নোহোৱা  হ’লে জীৱনৰ লক্ষ্যলৈ আগবাঢ়ি যাওতে  জীৱিকাৰ তাড়নাত বাৰে–বাৰে বিভ্ৰান্ত হোৱা ছেলিম আলীয়ে হয়তো কোনোবা হতাশ ব্যৱসায়ী নতুবা অফিচ মেনেজাৰ হিচাপেই জীৱনৰ সামৰণি পেলালেহেতেন ৷ এই দিনবোৰত অৱশ্যে প্ৰেৰণাৰ অবিশ্ৰান্ত উৎস আছিল সহধৰ্মিনী তেহমীনা ৷ তেহমীনা ঢুকোৱাৰ পিছত সুদীৰ্ঘ ৪৮ বছৰ জীয়াই আছিল ড° আলী ৷ কিন্তু কেতিয়াবা পত্নীৰ স্মৃতিচাৰণ কৰিলেই  তেহমীনাৰ সাহচৰ্য্য আৰু অক্লান্ত উৎসাহৰ পৰা বঞ্চিত হৈ তেওঁৰ যে কি অপৰিসীম ক্ষতি হৈছে – এই দুখ তেওঁৰ কথাত ফুটি উঠিছিল ৷

Dr. Salim Ali played a pivotal role in protecting important wild birds habitats like the Bharatpur Bird Sanctuary, now known as Keoladeo National Park in Rajasthan. PC: Internet.

তেতিয়া ১৯১৯ চন ৷ প্ৰকৃতিবিদ্যা সম্পৰ্কিত কোনো এটা কামতে সোমাব নোৱাৰি তেহমীনাৰ সৈতে ছেলিম আলীয়ে অগত্যা ব্ৰহ্মদেশত তেওঁৰ পৰিয়ালৰে খনি আৰু কাঠৰ ব্যৱসায়ত কাম কৰিবলৈ ল’লে ৷ কিন্তু তিনি বছৰ পিছতেই বিৰক্ত হৈ আকৌ গুচি আহিল ভাৰতলৈ ৷ অৱশ্যে কাঠৰ ব্যৱসায়ত মনোযোগ দিব নোৱাৰিলেও সেই যাত্ৰা আলীৰ বাবে অসফল হোৱা নাছিল ৷ ব্ৰহ্মদেশৰ অটব্য হাবিত বাৰেৰহণীয়া চৰাইৰ অনুসন্ধান আৰু পৰ্যবেক্ষণ চলোৱাৰ অপৰ্যাপ্ত সুযোগ লাভ কৰিছিল তেওঁ আৰু ইয়াৰ সদ্ব্যৱহাৰো কৰিছিল ৷ ঘূৰি আহি তেওঁ ‘জুলজিকেল ছাৰ্ভে অব ইণ্ডিয়া’ত পক্ষীতত্ববিদৰ চাকৰি এটাৰ বাবে চেষ্টা চলালে ৷ কিন্তু সফল নহ’ল ৷ তেওঁৰ ‘এম এছচি’ বা ‘পি এইচ ডি’ ডিগ্ৰী নাই জুলজিত ৷ গতিকে চাকৰিও নাই ৷ পুনৰ আত্মীয় এজনৰ পাম এখনতে অসন্তুষ্টিৰে কেইটামান মাহ কটালে ৷ ইয়াৰ পিছত ভাগ্যদেৱী কিছু প্ৰসন্ন হোৱা যেন লাগিল ৷ বোম্বাইৰ ‘প্ৰিন্স অব ৱেলছ মিউজিয়াম’ত নতুনকৈ মুকলি কৰা প্ৰকৃতি–ইতিহাস বিভাগত ‘গাইড লেক্‌চাৰাৰ’ৰ কাম পালে তেওঁ ৷ এই সময়তে তেওঁ ঠিক কৰিলে যে পক্ষীতত্ব বিদ্যাক জীৱিকাৰ সম্বল হিচাপে বাছি ল’বলৈ হ’লে প্ৰণালীবদ্ধভাৱে আৰু অধিক পঢ়াশুনাৰ প্ৰয়োজন ৷ বিদেশত এই বিদ্যাৰ কোনো পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ প্ৰথমে ইংলেণ্ডত চেষ্টা কৰি বিফল হ’ল ৷ কিন্তু বাৰ্লিন ইউনিভাৰ্চিটিৰ জুলজিকেল মিউজিয়ামে তেওঁক লোৱাৰ আগ্ৰহ প্ৰকাশ কৰাত তেওঁ জাৰ্মানীলৈ গুচি যায় আৰু তাতে এজন প্ৰসিদ্ধ পক্ষীতত্ববিদ প্ৰোফেছৰ আৰুইন ষ্ট্ৰেছমেনৰ ওচৰত প্ৰশিক্ষণ ল’বলৈ ধৰে ৷ এই ষ্ট্ৰেছমেনকেই আলীয়ে পৰৱৰ্তীকালত সদায় ‘গুৰু’ বুলি অভিহিত কৰি গৈছে ৷

কিন্তু এই ডাঙৰ ইউনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰি অহাৰ পিছতো ছেলিম আলীয়ে চাকৰি নাপালে ৷ ইটো–সিটোকৈ বহুতো চাকৰিৰ সন্ধান চলোৱাৰ পিছত বিফল হৈ দিন কটাওতে হঠাতে আলীৰ মূৰত এটা ‘আইডিয়া’ আহে যিটোক তেওঁৰ জীৱনৰ চকৰি ঘূৰি যোৱাৰ বাট বুলি ক’ব পাৰি ৷ ভাৰতৰ বিভিন্ন ‘প্ৰিন্সলি ষ্টেট’ৰ বিস্তৃত অঞ্চলবোৰ প্ৰচুৰ চৰাইৰ বাসক্ষেত্ৰ আছিল ৷ কিন্তু এইবোৰৰ সঠিক চিনাক্তকৰণ তেতিয়ালৈকে হোৱা নাছিল ৷ ‘বি এন এইচ এছ’ক তেওঁ এইবুলি প্ৰস্তাৱ দিলে যে ছোচাইটিৰ হৈ আঞ্চলিক পক্ষীতত্বৰ জৰীপ চলোৱা অনুষ্ঠানসমূহক তেওঁ এই ক্ষেত্ৰত পৰিচালনা কৰিব পাৰে ৷ যদি ছোচাইটি আৰু ষ্টেটসমূহে কেম্পিং আৰু যাতায়তৰ খৰচ বহন কৰে , তেতিয়াহ’লে এই কাম তেওঁ কোনো পাৰিশ্ৰমিক নোলোৱাকৈয়ে কৰিব ৷ ছোচাইটি আৰু ষ্টেটসমূহ মান্তি হ’ল ৷ ইয়াৰ পিছত ছেলিম আলীৰ জীৱন প্ৰায় অঘৰীৰ দৰেই হ’ল ৷ হায়দৰাবাদ , ত্ৰিবাঙ্কুৰ , কোচিন , ইন্দোৰ , গোৱালিয়ৰ আদি ৰাজ্যসমূহৰ বিস্তৃত বনাঞ্চলত চৰাইৰ গৱেষণাত মগ্ন হৈ ঘূৰি ফুৰিব ধৰিলে তেওঁ ৷ শ্ৰীমতী তেহমীনা আছিল এই যাত্ৰাসমূহত তেওঁৰ সদাসঙ্গী ৷ বাৰ্লিন বিশ্ববিদ্যালয়ত অৰ্জা সকলো জ্ঞান তেওঁ উজাৰি দিলে এই কামত ৷ সাধাৰণ কোনো ডেকাৰ পক্ষে হয়তো এনে কঠোৰ যাযাবৰী জীৱন বিৰক্তিকৰ , কিন্তু ছেলিম আলীৰ মতে এই কালছোৱাই হেনো তেওঁৰ জীৱনৰ ‘শ্ৰেষ্ঠ সময়’ ৷ গৱেষণাগাৰৰ ভিতৰত মাইক্ৰ’স্কোপ লৈ চৰাইৰ অধ্যয়ন চলোৱা কামক কোনোদিনেই বৰদাস্ত কৰিব নোৱাৰা আলীয়ে প্ৰাকৃতিক পৰিবেশত চৰাইৰ জীৱনযাত্ৰা অধ্যয়ন কৰাৰ অফুৰন্ত সুযোগ পালে ৷ সুদীৰ্ঘকাল ইমূৰৰ পৰা সিমূৰলৈ হাবিয়ে–বনে চৰাই পৰ্যবেক্ষণ কৰি ফুৰাৰ ফলতে আজিও ভাৰতত ছেলিম আলীয়েই হয়তো একমাত্ৰ মানুহ যিয়ে তেওঁৰ অৰণ্যময় দেশৰ প্ৰতিটো চুক–কোণ চিনি পাইছিল – লাগে সেয়া যিমানেই গভীৰ আৰু অগম্য হওক ৷

'The Book of Indian Birds' was Salim Ali's first major and most famous book, which was first published in 1941 by the Bombay Natural History Society (BNHS). PC: Internet.

১৯৩০ৰ পৰা ১৯৫০লৈকে চলোৱা জৰীপ অভিযানসমূহেই পিছত ছেলিম আলীয়ে লিখা বহু কিতাপৰ সমল আছিল ৷ ১৯৪১ চনত প্ৰথম প্ৰকাশ পায় তেওঁৰ ‘বুক অব ইণ্ডিয়ান বাৰ্ডছ’ ৷ ভাৰতৰ পক্ষী পৰ্যবেক্ষকসকলৰ বাবে এই গ্ৰন্থ বাইবেলৰ নিচিনা ৷ বৰ্তমান ইয়াৰ ১১শ সংস্কৰণ চলি আছে ৷ তেওঁৰ আনখন বিখ্যাত কিতাপ(১০টা খণ্ডৰে সম্পূৰ্ণ) ‘হেণ্ডবুক অব দা বাৰ্ডছ অব ইণ্ডিয়া এণ্ড পাকিস্তান’ তেওঁ স্মিথছনিয়ান ইনষ্টিটিউটৰ এছ ডিলোন ৰিপ্লিৰ সহযোগিতাত লিখি উলিয়ায় ৷ তেওঁৰ আত্মজীৱনী আৰু শেষ কিতাপ ‘ফল অব এ স্পেৰো’ প্ৰকাশ পায় যোৱাবছৰত ৷

পক্ষীজগত , প্ৰকৃতি তথা পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে অক্লান্ত সংগ্ৰাম কৰি যোৱা ছেলিম আলীৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উপলব্ধি কৰাৰ লগে–লগে দেশ–বিদেশৰ পৰা তেওঁলৈ বৰ্ষিত হৈছিল অজস্ৰ সন্মান আৰু শলাগৰ শৰাই ৷ পদ্মশ্ৰী , পদ্মবিভূষণ , পল গেট্টি ৱাইল্ডলাইফ কনজাৰভেছন পুৰস্কাৰ , আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সন্থাৰ জন ফিলিপ মেমোৰিয়েল মেডেল , ছোভিয়েট দেশৰ পাভলভ্‌স্কি ছেন্টেনেৰী মেমোৰিয়েল মেডেল , নেদাৰলেণ্ডৰ প্ৰিন্স বাৰ্নাৰ্ডে যচাঁ অৰ্ডাৰ অব গোল্ডেন আৰ্ক ইত্যাদি উল্লেখযোগ্য ৷ পল গেট্টি বঁটাৰ ৫০,০০০ ডলাৰেই তেওঁ বৰঙনি হিচাপে আগবঢ়ায় ‘বিএনএইচএছ’ৰ উন্নয়নকল্পে ৷ যোৱাবছৰ জুলাই মাহত  তেওঁলৈ আগবঢ়োৱা হৈছিল ৰাজ্যসভাৰ সদস্য পদৰ সন্মান ৷ 

ড° ছেলিম আলীৰ অন্যতম অৱদান হ’ল ‘বিএনএইচএছ’ক এচিয়াৰ ভিতৰত এক শীৰ্ষস্থানীয় পক্ষীতত্ত্বৰ প্ৰতিষ্ঠানত পৰিণত কৰাটো ৷ স্বাধীনতাৰ পিছত আৰ্থিক অনাটনত যেতিয়া এই দুশ বছৰৰ ঐতিহ্যৰে ভৰা প্ৰতিষ্ঠানটোৰ অৱস্থা মৰো মৰো , তেতিয়া ইয়াক পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব তেওঁ কান্ধপাতি লয় আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ চিঠি লিখি ইয়াৰ গুৰুত্ব সম্পৰ্কে পতিয়ন নিয়াই প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰিছিল ৷ যোৱা দহ বছৰে ‘বিএনএইচএছ’ৰ সভাপতি হৈ থাকোতে সেই বয়সতো যি নিষ্ঠা আৰু উৎসাহেৰে তেওঁ কাম কৰি গৈছিল সি অতুলনীয় ৷

Dr. Salim Ali remains an unforgettable figure in India's conservation history, his pioneering contributions to ornithology transformed bird study in the subcontinent into a rigorous scientific discipline. PC: Internet.

চৰাই আৰু পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণ আৰু ছেলিম আলী আজি যেন এক অভিন্ন নাম ৷ ক্ষীণ শুকান চেহেৰাৰ কিন্তু প্ৰাণ প্ৰাচুৰ্য্যৰে ভৰা মানুহজনে ব্যৱসায়ৰ নামত জধে–মধে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ উঠিছিল ৷ মানুহ আৰু বন্যপ্ৰাণী উভয়েই বাচি থকাৰ বাবে গছ–গছনিৰ প্ৰয়োজন যে কি অপৰিসীম সেই কথা হৃদয়ঙ্গম কৰিয়েই তেওঁ বাৰে বাৰে এইবুলি সঁকিয়াই গৈছে যে অন্ততঃ অহা কুৰিটা বছৰৰ বাবে যেন ব্যৱসায়ৰ নামত গছ কটাটো আইন জাৰি কৰি বন্ধ কৰি দিয়া হয় ৷ ভাৰত তথা বিশ্বৰ নতুন পুৰুষৰ মাজত চৰাই অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ এক নৱজাগৰণ সূচনা কৰি থৈ গ’ল তেওঁ ৷ 

‘পক্ষীমানৱ’গৰাকীৰ বিদায়ে পক্ষীপ্ৰেমিকৰ জগতখনত এক পূৰাব নোৱাৰা ক্ষতিৰ সৃষ্টি কৰিলে !

Sri. Rupam Barua has played a crucial role in the growth and progress of Prakriti Sahitya in Assamese language with his pioneering work of 'green journalism' in Assamese pirnt media since the 1980s. This article commemorating the demise of Salim Ali in June 1987 was earlier published in the 'Sadiniya Prahari', Dated. 2nd July 1987. PC: NB Archives.