- সৌম্যদ্বীপ দত্ত
আজিৰ পৰা প্ৰায় ১২৫ বছৰ আগতেই আমেৰিকা, ইউৰোপ বা পৃথিৱীৰ পশ্চিমৰ দেশবোৰৰ বৈজ্ঞানিক, বিশেষজ্ঞ, জ্ঞানী ব্যক্তি আনকি উদ্ভিদবিদ্যাৰ পণ্ডিত সকলেও এই কথা জনা নাছিল যে – উদ্ভিদৰো প্ৰাণ আছে, উদ্ভিদবোৰেও বাহ্যিক বস্তুৰ প্ৰভাৱত উদ্দীপিত হ’ব পাৰে, হ’ব পাৰে উত্তেজিত, উদ্ভিদৰো সুখ–আনন্দ আৰু খুশী হোৱাৰ দৰে এটা সম্পূৰ্ণ অনুভৱী সত্তা আছে যিটো আমাৰ দৰে প্ৰাণীবোৰতকৈ সম্পূৰ্ণ ভিন্ন ধৰণৰ৷ যি কথা সমগ্ৰ পৃথিৱীৰ অন্যান্য দেশৰ মানুহে নাজানিছিল, কেতিয়াও অনুভৱ কৰা নাছিল আমাৰ ভাৰতবৰ্ষৰ মানুহে কিন্তু সেই সত্যৰ সন্ধান হাজাৰ হাজাৰ বছৰ আগতেই উপলব্ধি কৰি নিজৰ জীৱন প্ৰবাহত তাক অনুশীলন কৰিছিল৷
ভাৰতবৰ্ষৰ ঋষি–মুনিসকলে ভাৰতৰ জ্ঞানী ব্যক্তিসকলে উদ্ভিদ তথা বৃক্ষক দেৱতা জ্ঞানেৰে ভক্তি শ্ৰদ্ধা কৰিছিল৷ প্ৰাচীন ভাৰতৰ পণ্ডিতসকলে হাজাৰ হাজাৰ বছৰ পূৰ্বেৰেপৰা জানিছিল যে গছৰ প্ৰাণ আছে, আছে সুখ–দুখৰ অনুভৱ৷ উদ্ভিদৰ সুখ–দুখ, আনন্দৰ কথাটোত গুৰুত্ব প্ৰদানৰ বাবেই প্ৰাচীন ভাৰতৰ তপোবন অৰণ্যবোৰত আনকি ৰজাসকলেও ৰথ আৰু অনুৰূপ বাহন লৈ প্ৰৱেশত বিৰত থাকিছিল৷ উদ্ভিদবোৰৰ আনন্দ আৰু অসুবিধাৰ ধাৰণাটো থকাৰ বাবেই তপোবন অৰণ্যবোৰত খোজকাঢ়িয়ে চলাচল কৰাৰ পৰম্পৰা বিৰাজ কৰিছিল৷ ভাৰতীয় প্ৰাচীন সাহিত্য অধ্যয়ন কৰাসকলেই এইবোৰ কথা উপলব্ধি কৰিব৷ উদ্ভিদৰ আনন্দৰ বিষয়টো প্ৰাচীন ভাৰতীয় সকলৰ উপলব্ধিত হাজাৰ হাজাৰ বছৰ পূৰ্বৰেপৰা বিৰাজ কৰিছিল৷ ভাৰতৰ প্ৰাচীনতম সভ্যতাৰ নিদৰ্শন, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ ধবংসাৱশেষত পোৱা প্ৰত্ন সামগ্ৰীক বিশ্লেষণ কৰিলেও আমি এই সত্যক উপলব্ধি কৰিবলৈ সক্ষম হ’ম৷ উদ্ভিদবোৰৰো এটা সন্মানজনক স্থান আমাৰ ভাৰতীয় সমাজত হাজাৰ হাজাৰ বছৰ আগৰেপৰা আছিল৷ সেই কথাৰ প্ৰমাণ ভাৰতৰ সনাতন পৰম্পৰাত বিভিন্ন বৃক্ষ পূজা আৰু বৃক্ষৰ অৱস্থানৰ পৰা সহজতেই উপলব্ধি কৰিব পাৰি৷
আধুনিক বিশ্বত তথা আধুনিক উদ্ভিদ বিজ্ঞানীৰ সমাজত তথা বৈজ্ঞানিক মহলত ১৯০১ চনৰ ১০ মে’ তাৰিখত ভাৰতীয় বিজ্ঞানী আচাৰ্য জগদীশ চন্দ্ৰ বোসে আধুনিক যন্ত্ৰপাতিৰে এই কথা বৈজ্ঞানিকভাৱে প্ৰমাণ কৰি দেখুৱাই যে, উদ্ভিদৰো প্ৰাণ আছে আৰু উদ্ভিদবোৰেও বাহিৰৰ কোনো হস্তক্ষেপ বা পৰিঘটনাত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ সক্ষম [Acharya Jagadish Chandra Bose famously demonstrated and proved that plants have life and feet responses to external stimuli on May 10, 1901]৷ আচাৰ্য জগদীশ চন্দ্ৰ বোসে কিন্তু অকপটে এই কথা কৈ গৈছে যে, তেওঁৰ এই আৱিষ্কাৰ মূলত ভাৰতীয় প্ৰাচীন জ্ঞান আৰু চিন্তাৰ বৈজ্ঞানিক প্ৰদৰ্শন মাত্ৰ৷ বৰ্তমানৰ আধুনিক গৱেষণাই উদ্ভিদ সম্পৰ্কে আৰু বহু কথা উপলব্ধি কৰিবলৈ সহজ কৰি দিছে আৰু ভাৰতীয় প্ৰাচীন উপলব্ধিবোৰ যিবোৰ উদ্ভিদক কেন্দ্ৰ কৰি ভাৰতৰ প্ৰাচীন সনাতনী, সমাজত বিৰাজ কৰিছিল তাৰ সত্যতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানৰ আধুনিক গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে গছে গছক সংবাদ প্ৰদান কৰিব পাৰে, গছবোৰে গছবোৰক গছৰ বিপদৰ কথা জনাবলৈ সক্ষম, গছবোৰে নিজৰ বংশৰ গছবোৰক চিনি পায় আৰু বিভিন্নভাৱে সহযোগিতা কৰে, গছবোৰে শিপাৰ মাধ্যমেৰে খাদ্য আৰু পানী নিজৰ প্ৰয়োজনত ভগাভগি কৰি লয়, গছ তথা উদ্ভিদবোৰে পৃথিৱীৰ অন্যান্য প্ৰাণীৰ লগত সুখ আনন্দত ভাগ ল’বলৈ সক্ষম, হিংসাত্মক কাম–কাজ হ’লে গছবোৰে ভিতৰে ভিতৰে প্ৰতিক্ৰিয়াশীল হয়, সুখ আৰু মৰমত গছৰ স্বাস্থ্যৰ উন্নতি সাধন হয়, গছ তথা উদ্ভিদবোৰে নিজৰ বিপৰ্যয়ক প্ৰতিহত কৰিবৰ বাবে ভৱিষ্যত আত্মৰক্ষাৰ ব্যৱস্থাও গ্ৰহণ কৰিবলৈ সক্ষম, উদ্ভিদবোৰে নিজৰ বংশ ৰক্ষাৰ বাবে সকলোধৰণৰ প্ৰাকৃতিক প্ৰতিকূলতাৰ লগত যুঁজিবলৈ সক্ষম থাকে৷ প্ৰাচীন ভাৰতৰ সনাতনী পৰম্পৰাত ‘উদ্ভিদৰ আনন্দৰ চেতনা’ সম্পৰ্কে ভাৰতৰ সমাজ অৱগত আছিল৷
দুৰ্ভাগ্যজনকভাৱে বৃটিছ উদ্ভিদবিদ্যাৰ প্ৰচলনৰ মাধ্যমে আমাৰ ভাৰতীয় মূল্যবান, ধনাত্মক তথা উদ্ভিদৰ বাবে মঙ্গলকাৰী চিন্তা–চেতনা তথা মঙ্গলময় আচৰণক অপসাৰণ কৰা হ’ল৷ বৰ্তমানে আমাৰ শিক্ষা ব্যৱস্থাত প্ৰচলিত হৈ থকা উদ্ভিদ বিজ্ঞানৰ পাঠ – সাম্ৰাজ্যবাদী, ঔপনিবেশিক, শোষণকাৰী আৰু ভোগবাদী বৃটিছসকলৰ দৰ্শন আৰু চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে৷ কোনো সন্দেহ নাই যে বৰ্তমানে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন দেশ আৰু আমাৰ উদ্ভিদবিদ্যাৰ পাঠবোৰো স্বাধীন ভাৰতীয়সকলৰ দ্বাৰা পৰিচালিত কিন্তু মানসিকভাৱে বা দৃষ্টিকোণৰ বিচাৰত আমাৰ উদ্ভিদবিদ্যাৰ পাঠ আৰু উদ্ভিদবিদ্যাৰ আয়ত্ত্ব কৰাৰ উদ্দেশ্য সেই বৃটিছ ঔপনিবেশিক চিন্তাতেই স্থবিৰ হৈ আছে৷
বৃটিছসকলৰ দ্বাৰা উদ্ভিদবিদ্যাৰ অধ্যয়নৰ বা উদ্ভিদবিদ্যা বিষয়ক গৱেষণা বা উদ্ভিদবিজ্ঞান সংক্ৰান্ত অধ্যয়নৰ [Botonical Study] মূল উদ্দেশ্য আছিল – ‘শোষণ৷’ মই যিটো বিষয় ভালপাওঁ, যাকলৈ পঢ়া–শুনা কৰোঁ, চিন্তা–ভাৱনা কৰোঁ, দিনে–ৰাতি যাৰ লগত থাকি ভালপাওঁ তাৰ প্ৰতি এটা দায়িত্ববোধ এটা সদ্ভাৱ, এটা মঙ্গল চিন্তা যদি মোৰ অন্তৰত গঢ়ি নুঠে, তেনেহ’লে মোৰ সামগ্ৰিক প্ৰচেষ্টাই যে বাস্তৱ ৰূপত বিফল সেই কথা উপলব্ধি কৰিবলৈ অসুবিধা নহয়৷ বৃটিছ উদ্ভিদ বিজ্ঞানী তথা বৃটিছ উদ্ভিদ অধ্যয়নকাৰীৰ অধ্যয়নৰ ফলত আমাৰ উদ্ভিদ তথা উদ্ভিদ প্ৰজাতিৰ কোনো উপকাৰ সাধন হোৱা নাই, বৰঞ্চ এই উদ্ভিদ অধ্যয়নকাৰী [Botanist] সকলৰ বাবে আমাৰ উদ্ভিদ প্ৰজাতিবোৰৰ প্ৰচণ্ড ক্ষতি সাধন হৈছে৷ কোনো এটা বিষয়ৰ অধ্যয়ন যদি শোষণৰ চিন্তাক বাস্তৱায়িত কৰাৰ উদ্দেশ্যেক আগত ৰাখি কৰা হয়, তেনেহ’লে তাৰ দ্বাৰা কেতিয়াও কোনো সুফল আশা কৰিব নোৱাৰি৷ অধিকাংশ স্বানামধন্য উদ্ভিদ গৱেষকৰ ক্ষেত্ৰতেই কথাটো প্ৰযোজ্য৷ উদ্ভিদ অধ্যয়নকাৰীসকলৰ দ্বাৰা যদি উদ্ভিদৰে কোনো মঙ্গল নহয় তেনেহ’লে উদ্ভিদ অধ্যয়নৰ সাৰ্থকতাই বা ক’ত?
কেইজনমান স্বনামধন্য উদ্ভিদবিদৰ [Botanist] কথাকে যদি আমি আজি উদাহৰণ হিচাপে আলোচনা কৰোঁ তেনেহ’লে এটা কথা আমাৰ ওচৰত স্পষ্ট হৈ যাব যে, এই উদ্ভিদবিদ [Botanist] সকলৰ দ্বাৰা ঔপনিবেশিক প্ৰভূসকলৰ সাময়িক লাভৰ বাহিৰে আমাৰ উদ্ভিদ প্ৰজাতিবোৰৰ কোনো লাভ হোৱা নাই বৰঞ্চ অপূৰণীয় ক্ষতিহে হৈছে৷ ১৮৭৮ চনৰ উদ্ভিদবিদ জোচেফ ডেলটন হুকাৰে [Joseph Dalton Hooker] দাৰ্জিলিং পাহাৰত উদ্ভিদ প্ৰজাতিৰ অধ্যয়ন আৰু উদ্ভিদৰ তালিকা প্ৰস্তুত কৰিছিল৷ হুকাৰৰ গৱেষণা পত্ৰ আজিৰ দিনতো বহুতেই ব্যৱহাৰ কৰে৷ হুকাৰৰ উদ্ভিদবিদ্যাৰ পাৰদৰ্শিতাৰ বিষয়ে কাৰো কোনো সন্দেহ নাই৷ কিন্তু হুকাৰৰ গৱেষণাৰ বাবে দাৰ্জিলিং পাহাৰৰ অৰণ্যৰ সকলো গছ, অৰণ্যৰ সকলো উদ্ভিদ লুণ্ঠন কৰি নিঃশেষ কৰি দিয়া হ’ল, তাৰ বিকল্প হিচাপে ৰোপণ কৰা হ’ল অৰ্থ উপাৰ্জনকাৰী চাহ, বিদেশী পাইন, চিনকোনা ইত্যাদি উদ্ভিদ, যিবোৰ দাৰ্জিলিং পাহাৰৰ উদ্ভিদেই নহয়৷ উদ্ভিদবিদ হুকাৰৰ উদ্ভিদ অধ্যয়ন আছিল, শোষণৰ এটা পৰ্যায়ৰ কাম–কাজ মাথোন, দাৰ্জিলিং পাহাৰৰ উদ্ভিদ বৈচিত্ৰ্যৰ সৰ্বনাশ কৰাৰ অধ্যয়ন৷ ১৮৭৮ চনত উদ্ভিদক জৰ্জ কিং [Sir George King] উত্তৰবঙ্গ, দাৰ্জিলিং অঞ্চলৰ কিছুমান গছক লৈ বাগান নিৰ্মাণ কৰিলে কিন্তু যি উদ্ভিদ বাসস্থানৰ পৰা তেওঁ উদ্ভিদবোৰ সংগ্ৰহ কৰিছিল সেই বাসস্থানকেই বাণিজ্যিক স্বাৰ্থত ধবংস হ’বলৈ এৰি দিলে৷ উদ্ভিদবিদ ড॰ থমাছ এনডাৰচন [Dr. Thomas Anderson] দাৰ্জিলিং হিমালয়ৰ উদ্ভিদ বৈচিত্ৰক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে সমগ্ৰ উদ্ভিদ বৈচিত্ৰ্যতা ধবংস কৰি চিনকোনা গছৰ খেতি আৰম্ভ কৰিলে৷ ১৯ শতিকাৰ উদ্ভিদবিদ জে.এচ.গেম্বলে [J.S. Gamble] ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা নিয়োজিত হৈছিল গছ–গছনিৰ অনুসন্ধানৰ বাবে তেওঁৰ অনুসন্ধান আৰু গৱেষণাই পৰৱৰ্তী সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীক দিক্ নিদেৰ্শনা প্ৰদান কৰিছিল আৰু যাৰ সহায়তাত কোম্পানীয়ে এই অঞ্চলৰ গছবোৰক লুণ্ঠন আৰু শোষণৰ পূৰ্ণ সুযোগ ঘোষণা কৰিছিল আৰু এটা সময়ত সমগ্ৰ বৃক্ষৰাজিক ধবংস কৰিছিল৷
অসমৰ ক্ষেত্ৰতো কথাবোৰ একেই৷ অসমত কাম কৰা এজন উদ্ভিদবিদ হ’ল উইলিয়াম গ্ৰীফথ্ [William Griffth]৷ এই উদ্ভিদবিদজনক বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ উদ্ভিদ অধ্যয়ন আৰু উদ্ভিদ সংগ্ৰহৰ বাবে নিয়োজিত কৰিছিল৷ তেওঁ অসমৰ উদ্ভিদবোৰ অধ্যয়ন কৰিলে আৰু তাৰ তালিকাও প্ৰস্তুত কৰিলে যাৰ ফলত অসমৰ অধিকাংশ অৰণ্য ধবংস হৈ গ’ল, বৃটিছবোৰে আমাৰ অৰণ্যৰ মূল্যবান গছবোৰ কাটি সমগ্ৰ বিশ্বৰ বজাৰত বিক্ৰি কৰিলে৷ এনেকুৱা অসংখ্য উদাহৰণ আমাৰ হাতত আছে৷ উদ্ভিদবিদবোৰে আমাৰ অসমৰ অৰণ্যবোৰত অধ্যয়ন চলালে, গৱেষণা পত্ৰ উলিয়ালে, ভাল ভাল কিতাপো লিখিলে কিন্তু তেওঁলোকৰ সামগ্ৰিক কাম কাজৰ ফলত আমাৰ অসমৰ অৰণ্যৰ প্ৰায় সত্তৰ শতাংশ বনভূমি ধবংস হৈ চাহৰ বাগানত পৰিণত হ’ল৷ এয়াই আছিল ঔপনিৱেশিক দৃষ্টিভঙ্গী৷ আজিৰ দিনতো আমাৰ উদ্ভিদবিদ্যাৰ অধ্যয়নৰ দৃষ্টিভঙ্গীৰ পৰিৱৰ্তন নহ’ল৷ আজিৰ দিনতো আমাৰ উদ্ভিদবিদ্যাৰ অধ্যয়নত, গৱেষণা পত্ৰ প্ৰকাশ, উদ্ভিদ প্ৰজাতিৰ তালিকা প্ৰস্তুত, কিবা ক’ৰবাত যদি এটা নথিভুক্ত নোহোৱা উদ্ভিদ প্ৰজাতিৰ সন্ধান পোৱা যায় তাৰ গৌৰৱৰ উচ্ছাসত আৰু সাংঘাতিক কিবা এটা হ’ল বুলি ধাৰণালৈ আত্মতুষ্টি লৈ বহি থাকে৷ আলোচনা চক্ৰ, সভা–সমিতিত উদ্ভিদৰ গৱেষণা পত্ৰ, উদ্ভিদ আৱিষ্কাৰ আৰু অধ্যয়ন সম্পৰ্কে তুমুল বক্তব্য প্ৰদানৰ মাধ্যমে উদ্ভিদৰ বিষয়ে সাংঘাতিক কিবা কাম হ’ল বুলি কথাটো প্ৰতিষ্ঠা কৰিবলৈ খুজে৷ কিন্তু উদ্ভিদৰ অধ্যয়ন আৰু উদ্ভিদ গৱেষণাৰ লগত যদি উদ্ভিদৰ সংৰক্ষণৰ কথাটো যুক্ত হৈ নাথাকে বা উদ্ভিদ অধ্যয়নৰ পৰৱৰ্তী সময়ত যদি উদ্ভিদ সংৰক্ষণৰ বাস্তৱতাক ৰূপ প্ৰদানৰ চেষ্টা কৰা নহয়, তেনেহ’লে যে উদ্ভিদৰ অধ্যয়ন বা গৱেষণাৰ কোনো সাৰ্থকতা নাথাকে সেই কথা আজিৰ স্বাধীন ভাৰতৰ উদ্ভিদবিদসকলে বহু সময়ত উপলব্ধি নকৰে৷ উদ্ভিদৰ লগত উদ্ভিদৰ বাসস্থানক সংৰক্ষণ কৰাৰ ধাৰণাটো বহুতেই উপলব্ধি নকৰে৷ বনৰীয়া উদ্ভিদ বা বনৰীয়া গছ–গছনিৰো যে বিশেষ বাসস্থান বা Habitats থাকে সেই কথাটোৰ চেতনা বহুতৰে নাই৷ অধিকাংশ উদ্ভিদবিদে বনৰীয়া উদ্ভিদৰ বাসস্থানৰ পৰা উদ্ভিদবোৰ সংগ্ৰহ কৰি, কোনো বিশেষ স্থানত বাগানত বা উদ্ভিদৰ বাবে প্ৰস্তুত কৰা কৃত্ৰিম উদ্যানত ৰোপণ কৰি আত্মতুষ্টি লাভ কৰে৷ নিজৰ বাসস্থানৰ পৰা তুলি আনি আমি যদি উদ্ভিদবোৰক বেলেগ স্থানত ৰোপণ কৰোঁ তথাপি উদ্ভিদবোৰে জীয়াই থাকে আৰু ফুল ফল গুটি প্ৰদান কৰে৷ আমাৰ বহুতেই উদ্ভিদৰ এই উৎপাদনশীলতা প্ৰত্যক্ষ কৰি ভাবি লয় যে উদ্ভিদৰ বাবে এয়াই আদৰ্শ পৰিৱেশ, কোনো এটা বনৰীয়া প্ৰজাতি যে তাৰ নিজৰ বাসস্থানতেই অধিক সুখ আৰু আনন্দত থাকে, এই উপলব্ধি যিসকলৰ নাই, তেওঁলোকক এই কথাটো অনুভৱ কৰোৱাটো যথেষ্ট কষ্টসাধ্য৷ নিজৰ বন্য প্ৰাকৃতিক আবাসভূমিত বন্যপ্ৰাণীবোৰে যিদৰে সুখ আৰু আনন্দ অনুভৱ কৰে ঠিক তেনেদৰে উদ্ভিদবোৰে বা বনৰীয়া গছ–গছনীবোৰেও নিজৰ প্ৰাকৃতিক বাসভূমিত সুখ আৰু আনন্দ অনুভৱ কৰে৷ উদ্ভিদবোৰৰ যে আনন্দৰ অনুভৱ থাকিব পাৰে, সেই কথা বহুতৰ মন মগজুত প্ৰতিষ্ঠিত হৈ থকা নাই৷ ‘শাল’ গছৰ প্ৰাকৃতিক আবাসৰ পৰা কেইটামান শাল গছ আনি ৰোপণ কৰা হ’ল, কিন্তু বৃহত্তৰ শালৰ আবাসক যদি সংৰক্ষণৰ চেষ্টা নকৰে, কেইটামান হোলোং আৰু মেকাই গছৰ পুলি তাৰ প্ৰাকৃতিক আবাসৰ পৰা আনি যদি কোনো স্থানত ৰোপণ কৰা হ’ল কিন্তু হোলোং–মেকাইৰ মূল আবাস বৰ্ষাৰণ্যক যদি সংৰক্ষণ কৰা নহয়, নদীৰ পাৰৰ পৰা শিশু গছ আৰু শিমলুৰ পুলি আনি যদি ক’ৰবাত ৰোপণ কৰা হয়, কিন্তু যদি নদী মাতৃক অৰণ্যক সংৰক্ষিত কৰা নহয় – তেনেহ’লে বিষয়টো কেনেকুৱা হ’ব? উদ্ভিদবিদসকলে উদ্ভিদৰ বাসস্থান, অৰ্থাৎ প্ৰাকৃতিক অৰণ্য সংৰক্ষণৰ বাবেও কাম কৰিব লাগিব৷ আজিলৈকে কোনো উদ্ভিদবিদে উদ্ভিদৰ মূল বাসস্থান অৰ্থাৎ প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষণৰ বাবে আমাৰ অসমত প্ৰচেষ্টা চলাইছে বুলি মোৰ জনা নাই৷
আমাৰ নতুন প্ৰজন্মৰ উদ্ভিদবিদ্যাৰ ছাত্ৰ–ছাত্ৰী, অধ্যাপক–অধ্যাপিকা তথা শিক্ষকসকলে ঔপনিৱেশিক চিন্তাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ নিজকে উদ্ভিদবিদৰ লগে লগে উদ্ভিদৰ বাসস্থান অৰ্থাৎ অৰণ্য সংৰক্ষক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ’ব বুলি মোৰ বিশ্বাস৷
কোনো বৃক্ষ যেতিয়া তাৰ নিজৰ প্ৰাকৃতিক আবাসভূমিত বিৰাজ কৰে তেতিয়া অন্যান্য অসংখ্য বেলেগ উদ্ভিদ প্ৰজাতিৰ লগত সেই বিশেষ বৃক্ষৰ মিথোজীৱী সম্পৰ্ক স্থাপিত হয়৷ মিথোজীৱী সম্পৰ্কৰ ইংৰাজী হ’ল A symbiotic relationship৷ অকল উদ্ভিদৰ লগতেই নহয়, অৰণ্যত নিজৰ প্ৰাকৃতিক আবাসত থকা বৃক্ষবোৰৰ লগত স্তন্যপায়ী, বন্যপ্ৰাণী, উভচৰ আৰু সৰীসৃপ, বনৰীয়া চৰাই আৰু পোক–পতঙ্গ আৰু অন্যান্য প্ৰাণৰ সহজীৱিতা প্ৰতিষ্ঠিত থাকে৷
আমি বহুত সময়ত আমাৰ সীমিত জ্ঞানেৰে বহু কথা উপলব্ধি কৰিবলৈ সক্ষম নহওঁ৷ গছবোৰত চৰাইৰ কিচিৰ–মিচিৰ বা চৰাইৰ মাতৰ প্ৰভাৱ নাই, সেই কথা আমি ডাঠি ক’ব নোৱাৰোঁ৷ অৰণ্যত কোনো এটা উদ্ভিদে আন কোনো উদ্ভিদক আশ্ৰয় প্ৰদানৰ ঘটনাটো আমি সাধাৰণ প্ৰাকৃতিক ঘটনা বুলিয়ে ধৰি লওঁ৷ কোনো গছৰ ডালত কোনো স্তন্যপায়ী প্ৰাণীৰ নিয়মিত সময় অতিবাহিত কৰাৰ ঘটনাত অকল স্তন্যপায়ী প্ৰাণীবোৰৰ সুখ অনুভৱৰ লগে লগে, সেই বিশেষ গছজোপাৰো যে সুখৰ অনুভৱ নহয় সেইকথা আমিবোৰ ডাঠি ক’ব নোৱাৰোঁ৷ প্ৰকৃতি সম্পৰ্কে আমি এতিয়ালৈকে যিমান জানো, তাৰ হাজাৰ গুণতকৈ অধিক আমি একোৱে নাজানো৷ আমাৰ উদ্ভিদবিদ্যাৰ ছাত্ৰ–ছাত্ৰীসকলৰ জ্ঞান আৰু শিক্ষাৰ বাস্তৱ প্ৰয়োগ আৰু প্ৰচেষ্টাৰ মাধ্যমে, আমাৰ উদ্ভিদবোৰৰ প্ৰাকৃতিক আবাস অৰ্থাৎ প্ৰাকৃতিক অৰণ্যক বচাই ৰখাৰ প্ৰচেষ্টাত সংকল্পবদ্ধ হোৱা উচিত৷ উদ্ভিদবিদ্যাৰ অধ্যয়নে যদি অকল নিজৰ ব্যক্তিগত সুখ, উপাৰ্জন বা সামাজিক অৱস্থানক সুৰক্ষিত কৰাৰ স্বাৰ্থত কৰা হয় তেনেহ’লে আমাৰ শিক্ষাৰ অন্যতম বৃহৎ উদ্দেশ্য কেতিয়াও সাৰ্থক হ’ব নোৱাৰে৷ আমাৰ ভৱিষ্যতৰ সন্তানসকলে আমাৰ কাম–কাজৰ মূল্যাঙ্কন নিশ্চয় কৰিব, মই অনুভৱ কৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ মেধাবী ছাত্ৰ–ছাত্ৰীয়ে নিজৰ চিন্তাশক্তিৰ বলত বলিয়ান হৈ, এটা সময়ত আমাৰ সমাজৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ নিশ্চয় সক্ষম হ’ব৷ শিক্ষা বা অধ্যয়নৰ মূল উদ্দেশ্য যে অকল জীৱিকা নহয়, জীৱনৰ লগত, জীৱন চেতনাৰ লগত আৰু জীৱন অতিবাহিত কৰাৰ দৰ্শনৰ লগতো যে তাৰ গভীৰ সম্পৰ্ক আছে এই কথা আমাৰ ভাৰতৰ ভৱিষ্যতৰ সন্তান–সন্ততিসকলে নিশ্চয় উপলব্ধি কৰিব৷ এই উপলব্ধি তেওঁলোকৰ জীৱনৰ সাৰ্থকতাক প্ৰতিষ্ঠিত কৰিব, নতুন উদ্যমেৰে জীৱনক নতুন ধাৰাত প্ৰবাহিত কৰাবলৈ অনুপ্ৰাণিত কৰিব৷
