- সৌম্যদ্বীপ দত্ত
প্ৰাচীন ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ পৰম্পৰা আছিল অত্যন্ত শক্তিশালী৷ প্ৰাচীন ভাৰতৰ চিন্তাশীল তথা জ্ঞানী মানুহসকলে বন্যপ্ৰাণীৰ সংৰক্ষণৰ কথাটো সমাজত কাৰ্যকৰী ৰূপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ভাৰতীয় দেৱ–দেৱীবোৰৰ লগত বন্যপ্ৰাণীবোৰৰ অৱস্থান সুনিশ্চিত কৰিছিল৷ ফলত ভাৰতৰ সনাতন ধৰ্মৰ দেৱ–দেৱীবোৰৰ লগত বহুত বন্যপ্ৰাণী একেলগে পূজিত হ’বলৈ ধৰিলে৷ বন্যপ্ৰাণী কিছুমানৰ প্ৰতি সমাজখনক সহনশীল কৰি তোলাৰ এই ব্যৱস্থাটো আছিল অত্যন্ত মেধাবী পদক্ষেপ৷ ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ ধৰি এই বন্যপ্ৰাণীবোৰৰ প্ৰতি সমাজক সহনশীল কৰাৰ প্ৰক্ৰিয়াটো চলি থাকিছিল৷ ভাৰতত প্ৰাক্-বৈদিক যুগৰ পৰা চলি অহা এই প্ৰক্ৰিয়া পৰৱতীৰ্ সময়ত বৈদিক যুগতো আমি প্ৰত্যক্ষ কৰোঁ৷ গৌতম বুদ্ধই ভাৰতত ভাৰতীয় এই প্ৰাচীন ব্যৱস্থাটো পুনৰ প্ৰতিষ্ঠা কৰাত সচেষ্ট আছিল৷ গৌতম বুদ্ধৰ মুখ নিশ্ৰত তেওঁৰ পূৰ্ব জন্মৰ কথাবোৰৰ মাধ্যমে তেওঁ ভাৰতীয় সমাজত বন্যপ্ৰাণীবোৰৰ প্ৰতি প্ৰেম আৰু সহিষ্ণুতা গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ যি কথাৰ প্ৰমাণ আমি জাতক মালাৰ কথা–কাহিনীবোৰৰ মাধ্যমে উপলব্ধি কৰিবলৈ সক্ষম হওঁ৷
ভাৰতবৰ্ষত বন্যপ্ৰাণী নিধনৰ পৰম্পৰাৰ সূচনা আৰম্ভ হয় তেতিয়াৰ পৰা যেতিয়া বিদেশী বহিঃশত্ৰু তথা অভাৰতীয় দৰ্শন তথা চিন্তা–ভাৱনাৰ লোকবোৰে ভাৰতত প্ৰৱেশ কৰে৷ এই ঘটনাৰ শেষ উদাহৰণ হ’ল বৃটিছবোৰ৷ এই বহিৰাগত জাতি ধৰ্মৰ লোকসকলে ভাৰতীয় সমাজত প্ৰৱেশ কৰি ভাৰতীয় সমাজৰ সাধাৰণ মানুহৰ সমাজত প্ৰতিষ্ঠিত হৈ থকা বন্যপ্ৰাণী সংৰক্ষণৰ পৰম্পৰাটোক তছ–নছ কৰি দিয়ে৷ বন্যপ্ৰাণী হত্যাৰ এই বহিৰাগত পৰম্পৰা ভাৰতবৰ্ষত প্ৰায় এক হাজাৰ বছৰ ধৰি চলিছিল, যাৰ ফলত আমাৰ দেশত বন্যপ্ৰাণীৰ সংখ্যা অস্বাভাৱিক ৰূপত কমি আহে৷ বৃটিছবোৰৰ প্ৰভাৱত ভাৰতৰ অভিজাত ধনী আৰু সামন্ত ব্যৱস্থাৰ লগত জড়িত লোকসকলে বন্যপ্ৰাণী চিকাৰৰ পৰম্পৰাটো সহজতেই গ্ৰহণ কৰে, ফলত ভাৰতীয় প্ৰজা তথা সাধাৰণ মানুহবোৰেও তাৰ দ্বাৰা প্ৰভাৱিত হয়৷ বৃটিছবোৰে প্ৰায় তিনিশ বছৰ ধৰি ভাৰতীয় সমাজত বন্যপ্ৰাণী হত্যাৰ বাবে ভাৰতীয় লোকসকলক উৎসাহিত কৰি থাকে৷ বৃটিছবোৰে ভাৰতত চিকাৰ কাৰ্যক চিকাৰ খেল লৈ ৰূপান্তৰিত কৰে৷ চিকাৰ খেলৰ বাবে চিকাৰ অৰ্থাৎ বন্যপ্ৰাণীৰ প্ৰয়োজন৷ কোনো এটা বন্যপ্ৰাণীৰ প্ৰজাতিক অত্যধিক চিকাৰৰ ফলত যেতিয়া সেই বন্যপ্ৰাণীৰ সংখ্যা অত্যাধিক ৰূপত কমি আহিছিল, তেতিয়া বৃটিছবোৰে সেই বন্যপ্ৰাণীটোৰ সংখ্যা বৃদ্ধিৰ বাবে তাক চিকাৰ কৰাটো বন্ধ কৰিছিল৷ আমাৰ কিছুমান তৰলমতি লেখকে বৃটিছৰ এই কাৰ্যক বন্যপ্ৰাণী সংৰক্ষণৰ লগত তুলনা কৰি বিভিন্ন স্থানত বৃটিছবোৰৰ জয়গান কৰিছে৷ তেওঁলোকে এই সামান্য কথাটো বুজিবলৈ সক্ষম নহ’ল যে – বৃটিছবোৰে সেই বিশেষ বন্যপ্ৰাণীটোৰ চিকাৰ সাময়িক ভাৱে বন্ধ কৰাৰ মূল উদ্দেশ্যেটো আছিল তেওঁলোকৰ আনন্দৰ চিকাৰ খেলক চালু ৰখাৰ স্বাৰ্থত কৰা এটা কাম৷ তাৰ লগত বৰ্তমানৰ বন্যপ্ৰাণী সংৰক্ষণৰ চিন্তা চেতনা বা উদ্দেশ্যেৰ কোনো মিল নাই৷ বাংলা অঞ্চলত বৃটিছৰ চিকাৰ খেলৰ বাবে যেতিয়া এশিঙিয়া গঁড়ৰ সংখ্যা কমি আহিল, তেতিয়া বৃটিছে বাংলাত গঁড় হত্যা নিষিদ্ধ কৰিছিল কিন্তু অসমত গঁড়ৰ সংখ্যা অধিক থকাৰ বাবে অসমত গঁড় হত্যাৰ পূৰ্ণ অনুমতি আছিল৷ অসমত নহয়, বাংলাত বৃটিছে প্ৰথম গঁড় হত্যাৰ ওপৰত নিষেধাজ্ঞা প্ৰদান কৰিছিল চিকাৰ খেলৰ স্বাৰ্থত৷ বৃটিছবোৰৰ চিকাৰ খেলৰ মূল লক্ষ্য আছিল অৰণ্যৰ বৃহৎ স্তন্যপায়ী বন্যপ্ৰাণীবোৰ৷ যেনে – হাতী, গঁড়, ঢেকীয়াপতীয়া বাঘ, সিংহ, সুগৰী পহু, হেঙ্গুল হৰিণা, গৌৰ, বনৰীয়া ম’হ, হিমালয়ৰ কলা ভালুক, নাহৰফুটুকী ইত্যাদি৷ সৰীসৃপৰ ভিতৰত কুম্ভীৰ আৰু ঘৰিয়াল চিকাৰ কৰিছিল বৃটিছবোৰে৷ বৃটিছবোৰৰ এই স্বেচ্ছাচাৰিতা, ভোগবাদী ঔপনিৱেশিক আচৰণৰ বাবে আমাৰ দেশৰ বহুত বন্যপ্ৰাণী বৰ্তমানে লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভূক্ত৷ আমাৰ দেশৰ প্ৰকৃতি প্ৰদত্ত অৰণ্য ধবংসৰ মূলতেও এই বৃটিছবোৰ৷
স্বাধীন আধুনিক ভাৰতত সঁচা অৰ্থত বন্যপ্ৰাণী সংৰক্ষণৰ সূচনা হয় সত্তৰৰ দশকৰ পৰা৷ প্ৰথমৰ ফালে আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাটো অকল ডাঙৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ মাজতেই মূলত কেন্দ্ৰীভূত আছিল৷ যদিও ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ চনত ভাৰতৰ সকলো ধৰণৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটো সামৰি লৈছিল তথাপি আমাৰ দেশৰ সৰু সৰু বন্যপ্ৰাণীবোৰ বাস্তৱভাৱে সংৰক্ষণৰ দৃষ্টিত অৱহেলীত আছিল৷ তাৰ কাৰণ বোধকৰোঁ বৃটিছৰ দৃষ্টিভঙ্গীৰ প্ৰভাৱ৷ আমাৰ অসমত মূলত গঁড়, হাতী, বাঘ, হৰিণা, বনৰীয়া ম’হ ইত্যাদিক লৈ অধিকাংশ ক্ষেত্ৰত বন্যপ্ৰাণী সংৰক্ষণৰ কামবোৰ কেন্দ্ৰীভূত আছিল৷ সৰু স্তন্যপায়ী বন্যপ্ৰাণীবোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ ফলত আৰু বিনাদ্বিধাত এই সৰু বন্যপ্ৰাণীবোৰক হত্যা কৰাৰ ফলত আমাৰ অসমত এই সৰু বন্যপ্ৰাণীবোৰৰ সংখ্যা বহুত কমি আছে৷
আমাৰ প্ৰকৃতিত বসবাস কৰা অন্যতম এটা বন্যপ্ৰাণী হ’ল ‘শিয়াল’৷ এটা সময়ত আজিৰ পৰা ৪০/৪৫ বছৰ আগতে আমি নিৰ্বিচাৰে আমাৰ প্ৰকৃতিত থকা শিয়ালবোৰক হত্যা কৰিলো৷ ৰাতিত ভালদৰে চিকাৰৰ অভ্যাস গঢ়ি তোলাৰ বাবে আমাৰ বহুতেই শিয়ালবোৰক গুলিয়াই গুলিয়াই হত্যা কৰিছিল৷ আজিৰ প্ৰজন্মই এইবোৰ কথা গম নাপায়৷ আমাৰ যিবোৰ ঘৰত বন্দুক, ৰাইফেল ইত্যাদি আছিল তেতিয়া ঘৰৰ পুৰুষ সদস্যসকলে ৰাতি ৰাতি শিয়াল চিকাৰ কৰিছিল৷ অসমৰ বহুতেই শিয়ালৰ মাংস খাইছিল৷ বহুতে ভ্ৰম বসত এই কথা ভাবিছিল যে – শিয়ালৰ মাংসত কিবা ঔষধি গুণ আছে৷ আমাৰ ৰাজ্যৰ বাহিৰৰ পৰা পূৰ্বতে অসমত কিছুমান অঘৰি মানুহৰ দলৰ প্ৰতি বছৰতেই আহিছিল৷ এই মানুহবোৰে আমাৰ গাঁও–নগৰ, সৰু সুৰা অৰণ্যত – শিয়াল, নেউল, হাপা, কেৰ্কেটুৱা, বনৰৌ, জহামাল, বাদুলী ইত্যাদি মাৰি ফুৰিছিল আৰু সেইবোৰৰ মাংস, ছাল, অঙ্গ–প্ৰতঙ্গ ইত্যাদি সংগ্ৰহ কৰি লৈ গৈছিল৷ আমাৰ অসমৰ স্থানীয় লোকসকলে আমাৰ প্ৰকৃতিত থকা সৰু স্তন্যপায়ী বন্যপ্ৰাণীৰ ক্ষেত্ৰত ইমানেই উদাসীন আছিল যে – এই অবৈধ কাৰ্যক বাধাও প্ৰদান কৰা নাছিল৷
এইবোৰ কাৰণত আমাৰ প্ৰকৃতিৰ পৰা শিয়ালবোৰ প্ৰায় অদৃশ্য হৈ গৈছিল৷ আমাৰ প্ৰকৃতিত দুটা প্ৰজাতিৰ শিয়াল আছিল৷ ডাঙৰ প্ৰজাতিৰ শিয়াল যাৰ ইংৰাজী নাম Asiatic Jackal আৰু সৰু প্ৰজাতিৰ শিয়াল যাৰ ইংৰাজী নাম Indian Fox যাক আমি খেক্ শিয়াল বুলি চিনি পাওঁ৷ খেক্ শিয়াল অতি ক্ষুদ্ৰ আকাৰৰ শিয়াল৷ খেঁক শিয়ালৰ দৈৰ্ঘ মাত্ৰ সত্তৰ ছেণ্টিমিটাৰ৷ ওজন প্ৰায় দুই–তিনি কেজি৷ শৰীৰৰ বৰণ ৰঙা ধৰণৰ বাদামী, নেজৰ আগফালে ক’লাবৰণৰ নোম আছে৷ খেক্ শিয়ালৰ নেজ শৰীৰতকৈ দীঘল, সেয়েহে থিয় হ’লেও মাটিত চুঁচুৰি যায়৷ দৌৰিবৰ সময়ত ইহঁতে নেজ তুলি দৌৰে৷
শিয়াল আৰু খেক্ শিয়াল দুটা প্ৰজাতিয়ে ফল, ফুল–মূল গছৰ গুটি যিদৰে ভক্ষণ কৰে তেনেকে সৰু স্তন্যপায়ী প্ৰাণী, চৰাই, সৰীসৃপ, পোক–পতঙ্গ ইত্যাদি ভক্ষণ কৰে৷ যেনে – নিগনি, হৰিণাৰ পোৱালী, পোক–পতঙ্গ, সাপ, ভেকুলী, চৰাইৰ কণী–পোৱালী ইত্যাদি৷ কিছু বছৰৰ পৰা শিয়াল মাৰা বন্ধ হোৱাৰ ফলত আমাৰ অসমৰ বিভিন্ন স্থানত শিয়ালৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বৰ্তমানে আমাৰ নতুন প্ৰজন্মৰ অধিকাংশ ল’ৰা–ছোৱালীয়ে শিয়ালৰ মাতেই শুনা নাই৷ এই শিয়াল নামৰ বন্যপ্ৰাণীবিধ আমাৰ ইমানে ওচৰত আছিল, শিয়ালৰ লগত আমাৰ সম্পৰ্ক এনেকুৱা আছিল যে আমাৰ কথা–কাহিনী, গল্প, লোক–কথা আৰু সাধু কথাবোৰত শিয়াল অৱস্থান আমি অত্যন্ত শক্তিশালী ৰূপত তথা জনপ্ৰিয়তাৰ আধাৰত প্ৰত্যক্ষ কৰোঁ৷
আমাৰ ওচৰ–পাজৰত থকা আন এবিধ সৰু স্তন্যপায়ী বন্যপ্ৰাণী হ’ল ‘হাপা’ বা ‘বনবোন্দা’৷ আমাৰ গাঁৱলীয়া সমাজত হাপাৰ দৰে বদনামী বন্যপ্ৰাণী বোধকৰো দ্বিতীয়টো নাই৷ গৃহস্থৰ কুকুৰা নোহোৱা হ’ল, পাৰ নোহোৱা হ’ল, হাঁহ হেৰালে — চিধা আঙুলী হাপাৰ ফালে৷ ‘হাপাই খালে’– এই বদনামৰ বাবে হাপা আমাৰ মনত সহানুভূতিৰ দৃষ্টিত কেতিয়াও স্থান পোৱা নাই৷ হাপা মাৰিবৰ বাবে আমাৰ গাঁওবোৰত আগতে উৎসাহ কম নাছিল৷ বিভিন্ন ধৰণৰ ছিটিকা পাতি আগতে মানুহে হাপা মাৰিছিল৷ কিছুমান বিশেষ জনগোষ্ঠীৰ মানুহক মই হাপাৰ মাংস ভক্ষণ কৰাও প্ৰত্যক্ষ কৰিছো৷ বৰ্তমানে অৱশ্যে সভ্যতাৰ পোহৰ পাই এই মানুহবোৰে হাপাৰ মাংস ভক্ষণৰ পৰা বিৰত হৈছে৷ আমাৰ সমাজত ৯৯ শতাংশ লোকেই প্ৰকৃতিত মুক্তভাৱে কেতিয়াও হাপা দেখি পোৱা নাই৷ অৰণ্যত হাপা দেখাৰ আনন্দ তেওঁয়ে অনুভৱ কৰিবলৈ সক্ষম হ’ব, যিয়ে অৰণ্যত হাপাক বিচৰণ কৰি ফুৰা দেখিছে৷ সাধাৰণতে হাপা গভীৰ অৰণ্যত বিচৰণ নকৰে, তুলনামূলক ভাৱে কম গছ–গছনিৰ ঘনত্ব থকা অৰণ্যত সাধাৰণতে হাপাৰ দেখা পোৱা যায়৷ হাপাৰ প্ৰধান খাদ্য হ’ল পথাৰবোৰৰ ডাঙৰ নিগনিবোৰ৷ পানী এন্দুৰ [Large Bandicoot Rat], পথৰুৱা বোন্দা এন্দুৰ [Indian Mole Rat] ইত্যাদি এন্দুৰ হাপাৰ প্ৰধান খাদ্য৷ এই এন্দুৰবোৰক খাদ্য হিচাপে গ্ৰহণ কৰি হাপাবোৰে নিগনিৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰে ফলত কৃষক সকলৰ অত্যন্ত উপকাৰ হয়৷ এটা হাপা দৈনিক কমেও তিনিটাকৈ নিগনি চিকাৰ কৰি ভক্ষণ কৰে৷ অৰ্থাৎ বছৰত এটা হাপা বা বনবোন্দাই কমেও ১০৯৫ টা নিগনি ধবংস কৰে৷ কোনো অঞ্চলত যদি দহ টা হাপা থাকে, তেনেহ’লে বছৰত ১০৯৫০ টা নিগনি বা এন্দুৰ ধবংস হ’ব৷ প্ৰাকৃতিক ব্যৱস্থাৰ মাধ্যমে নিগনি নিয়ন্ত্ৰণৰ এইটো এটা স্বাভাৱিক ব্যৱস্থা৷ হাপা আমাৰ বনৰীয়া মেকুৰীবোৰৰ ভিতৰত অন্যতম৷ আমাৰ অসমৰ বহুত গৃহপালিত মেকুৰীবোৰৰ পূৰ্বৰ বংশধৰ এই হাপা৷ প্ৰায় দুই ফুট দীঘল এই বনৰীয়া মেকুৰী প্ৰজাতিটোৰ ঠেং দীঘল আৰু নেজ তুলনামূলকভাৱে চুটি৷ ওজনত এই মেকুৰীবিধ প্ৰায় দহ–বাৰ কিলোগ্ৰামলৈকে হয়৷ এই প্ৰজাতিটোৰ শৰীৰৰ বৰণ পলসুৱা মাটিৰ বৰণ নাইবা হালধীয়া ছাইবৰণীয়া হয়৷ ইয়াৰ চুটি নেজডালৰ মূৰটো ক’লা আৰু নেজৰ শেষত ক’লা ক’লা আঙুঠিৰ নিচিনা দাগ থাকে৷ এই মেকুৰীবিধৰ কাণ অলপ মামৰে ধৰা ৰঙাবিধৰ আৰু কাণৰ মূৰত অলপমান ক’লা নোম থিয় হৈ থকা দেখা যায়৷ হাপাৰ বুকুৰফালে নোম অলপ কম ঘন আৰু শৰীৰৰ বৰণৰ তুলনাত ই অলপ বেচি পাতল৷ কেতিয়াবা কেতিয়াবা এই মেকুৰীবিধৰ পেটৰ ফালে ক’লা ক’লা পাতল আঁচ দেখিবলৈ পোৱা যায়৷ এই ধুনীয়া মেকুৰীবোৰৰ কোমল ছালৰ বাবে ইহঁতক হত্যা কৰা হয় আৰু চোৰাং কাৰবাৰ কৰা হয়৷ কিছু বছৰ ধৰি বনবোন্দা তথা হাপা সংৰক্ষণৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মানুহৰ মাজত হাপা সংৰক্ষণৰ সজাগতা বৃদ্ধি পাইছে আৰু আমাৰ অৰণ্যত থকা হাপাৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে৷ অসমীয়া ভাষাত হাপা সংৰক্ষণৰ বিষয়ে বিভিন্ন কিতাপ–পত্ৰত লেখা–মেলা হৈছে৷ ষ্টিকাৰ, পোষ্টাৰ প্ৰস্তুত কৰি হাপা সংৰক্ষণৰ কথাবোৰ সাধাৰণ মানুহৰ মাজত লৈ যোৱা হৈছে৷ ক্ৰমাগত প্ৰচেষ্টাৰ ফলত আমাৰ সমাজত হাপা হত্যা কৰাটো প্ৰায় বন্ধ হৈ গৈছে৷ বৰ্তমানে অসমত হাপাৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাবলৈ ধৰিছে৷ অসমৰ মানুহে এই আপুৰুগীয়া বনৰীয়া মেকুৰীটোক সংৰক্ষণৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷
আমাৰ ওচৰে–পাজৰে থকা আৰু এবিধ সৰু স্তন্যপায়ী প্ৰাণী হ’ল জহামালবোৰ৷ ইংৰাজীত জহামালক কোৱা হয় চিভেট [Civet]৷ আমাৰ অৰণ্যত আৰু গাঁও–নগৰ, মহানগৰত সাধাৰণতে তিনিটা প্ৰজাতিৰ জহামাল দেখিবলৈ পোৱা যায়৷ ইংৰাজীত এই তিনিটা প্ৰজাতিৰ জহামালৰ নাম – Large Indian Civet, Small Indian Civet and Common Palm Civet৷ এই জহামালবোৰৰ স্থানীয় নাম যথাক্ৰমে গেন্দেৰা, জহামাল আৰু ভোগ জিনাৰ৷ ইহঁত নিশাচৰ প্ৰাণী৷ জহামালবোৰ সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰে৷ চৰাইৰ পোৱালী, কণী, পোক–পতঙ্গ, ফল, ফুল, গছৰ গুটি আনকি শাক–পাচলি ইত্যাদিও ভক্ষণ কৰে৷ আমাৰ অসমৰ সকলো গাঁও আৰু নগৰ–মহানগৰ অৰণ্য, ফলৰ বাগান, চাহৰ বাগান সৰ্বত্ৰ এই প্ৰাণীবোৰ পোৱা যায়৷ ইহঁত মানুহৰ কোনো ক্ষতি নকৰে, পুৰণি ঘৰৰ চিলিঙৰ ওপৰত বা ডাঙৰ গছৰ খুৰিঙৰ অভ্যন্তৰত দিনৰ ভাগত ইহঁত লুকাই থাকে৷ অসমত থকা কিছুমান বিশেষ জনগোষ্ঠীয়ে কিছু বছৰ আগতেও জহামাল চিকাৰ কৰিছিল আৰু জহামালৰ মাংস ভক্ষণ কৰিছিল৷ বন্যপ্ৰাণীৰ মাংস ভক্ষণ কৰা কেতিয়াবা কেতিয়াবা মানৱ সমাজৰ বাবে অভিশাপ ৰূপে গণ্য হ’ব পাৰে৷ মানুহৰ মাজত বিয়পি পৰা কিছুমান মাৰাত্মক বেমাৰ মূলত আহিছে বা মানুহৰ শৰীৰত সংক্ৰমিত হৈছে এই বন্যপ্ৰাণীৰ মাংস ভক্ষণৰ বাবে৷ যদিও বৰ্তমানে আমাৰ দেশত বন্যপ্ৰাণীৰ মাংস ভক্ষণ কৰাটো আইনতঃ দণ্ডনীয় অপৰাধ তথাপি কিছুমান সমাজত বন্যপ্ৰাণীৰ মাংস ভক্ষণ কৰাটো অপৰাধ বুলি বিবেচিত নহয়, এই আচৰণ সমগ্ৰ মানৱ জাতিৰ বাবে ভয়ংকৰ ৰোগৰ কাৰণ ৰূপে প্ৰতীয়মান হ’ব পাৰে৷ জহামালবোৰে অৰণ্যত বনৰীয়া গছ–গছনি তথা উদ্ভিদৰ বীজ বিচ্ছুৰণৰ [Seed despersion] কাম কৰি, অৰণ্যৰ সমৃদ্ধিক বিকশিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই ধুনীয়া কৌতুহলোদ্দীপক, সৰু স্তন্যপায়ী বন্যপ্ৰাণীবোৰ আমাৰ চাৰিফালৰ পৰিৱেশতেই বসবাস কৰে৷ আমাৰ সামান্য সজাগতাৰ প্ৰচেষ্টা সামান্য আগ্ৰহ আৰু এই প্ৰাণীবোৰৰ বিষয়ে সাধাৰণ মানুহবোৰক অৱগত কৰাৰ প্ৰচেষ্টাই অসমৰ ক্ষুদ্ৰ বন্যপ্ৰাণী সংৰক্ষণৰ কামত সাৰ্থকতা প্ৰদান কৰিব৷
আমাৰ চাৰিওফালৰ প্ৰকৃতিত বসবাস কৰা এটা অত্যন্ত পৰিচিত ক্ষুদ্ৰ স্তন্যপায়ী বন্যপ্ৰাণী হ’ল আমাৰ নেউল৷ নেউলৰ ইংৰাজী নাম Common Grey Mongoose৷ নেউল দলবদ্ধ ভাৱে বসবাস কৰে৷ আমাৰ অসমত আমি তিনি প্ৰজাতিৰ নেউজ দেখিবলৈ পাওঁ৷ এটা সৰু নেউলৰ প্ৰজাতি অসমত আছে৷ যাৰ ইংৰাজী নাম Small Indian Mongoose৷ আমাৰ অৰণ্যবোৰত বিশেষকৈ পশ্চিম অসমৰ অৰণ্য আৰু প্ৰাকৃতিক নিজৰাবোৰৰ ওচৰ–পাজৰত একধৰণৰ বিশেষ প্ৰজাতিৰ নেউল বসবাস কৰে, অসমীয়াত আমি এই প্ৰজাতিৰ নেউলক ‘কেকৰা খোৱা নেউল’ বুলি কওঁ৷ কেকৰা খোৱা নেউলৰ ইংৰাজী নাম Crab Eating Mongoose৷ এটা সময়ত আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা কিছুমান লোকে নেউল মাৰি মাৰি নেউলৰ ছাল আৰু নোম সংগ্ৰহ কৰিছিল৷ নেউলৰ নোমৰ চাহিদা অন্তৰাষ্ট্ৰীয় বজাৰত আছিল যথেষ্ট অধিক৷ ছবি আঁকিবলৈ যে ‘ব্ৰাশ’ বা তুলি প্ৰস্তুত কৰা হয় তাতেই নেউলৰ নোমৰ ব্যৱহাৰ হৈছিল৷ বিদেশত নেউলৰ নোমেৰে প্ৰস্তুত কৰা, ছবি আঁকিবলৈ ব্যৱহাৰ হোৱা তুলিৰ মূল আৰু চাহিদা আছিল প্ৰচুৰ৷ আমাৰ স্থানীয় লোক সকলে নেউল সংৰক্ষণৰ ক্ষেত্ৰত ইমানে উদাস আছিল বা নেউলৰ বিষয়ে ইমানে আগ্ৰহ কম ৰাখিছিল যে মানুহে বাহিৰৰ পৰা আহি আমাৰ অসমৰ পৰা নেউলবোৰ মাৰি মাৰি লৈ গ’লেও তাৰ কোনো প্ৰতিৰোধ গঢ়িব পৰা নাছিল৷ সমাজৰ দৃষ্টি নপৰাকে বা আমাৰ অবহেলাৰ বাবে বছৰ বছৰ ধৰি নেউল হত্যা আৰু নেউলৰ ছাল নোমৰ চোৰাং কাৰবাৰ চলি থকাৰ বাবে আমাৰ অসমত নেউলৰ সংখ্যা কমি আহিছিল৷ নেউল তথা অন্যান্য সৰু স্তন্যপায়ী বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে আমি জোৰদাৰ অভিযান চলোৱাৰ পিছত এই কাৰ্য বন্ধ হ’ল৷ অসমত নেউল হত্যা বন্ধ হোৱাৰ পিছত তথা নেউলৰ চোৰাং কাৰবাৰ বন্ধ হোৱাৰ পিছত লাহে লাহে বৰ্তমানে অসমত নেউল সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ নেউলবোৰে আমাৰ ক্ষতিকাৰক পোক–পতঙ্গ ভক্ষণ কৰি প্ৰকৃতিত তাৰ সংখ্যা বা বৃদ্ধি নিয়ন্ত্ৰণত ৰাখে৷ নেউলবোৰে বিভিন্ন বিষাক্ত কীট–পোক–পতঙ্গ ভক্ষণ কৰে৷ যেনে চেলা [Centipeds], বৃশ্চিক [Scorpion], বিষাক্ত চামচেলুকা [Poisonous Ceterpiller] ইত্যাদি ভক্ষণ কৰে৷ আমাৰ ঘৰৰ আশে–পাশে নেউল থাকিলে এই বিষাক্ত পোকবোৰৰ সংখ্যা বৃদ্ধি হ’ব নোৱাৰে৷ ফলত আমাৰ উপকাৰ হয়৷ নেউলবোৰে সকলো ধৰণৰ সাপ চিকাৰ কৰে ফলত আমাৰ ঘৰবোৰত বিষাক্ত সাপৰ সংখ্যা নিয়ন্ত্ৰণত থাকে৷ নেউল অন্তত কৰ্মচঞ্চল, ধেমেলীয়া আৰু সুদৰ্শন বন্যপ্ৰাণী৷ এই ধুনীয়া বন্যপ্ৰাণীটোৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবে আমি প্ৰত্যেকেই সজাগ হৈ থকা উচিত৷
আমাৰ পাহাৰীয়া অঞ্চলবোৰত ৰঙামাটিৰ প্ৰাধান্য থকা যিবোৰ অঞ্চল আছে, বিশেষকৈ অবিভক্ত গোৱালপাৰা আৰু কামৰূপ জিলাৰ বিভিন্ন গাঁৱৰ ওচৰ পাজৰত অদ্ভূদ ধৰণৰ এটা সৰু স্তন্যপায়ী বন্যপ্ৰাণীৰ দেখা পোৱা যায়৷ এই প্ৰাণীটোৰ সমগ্ৰ দেহত হালধীয়া ধৰণৰ বাকলিৰে পৰিপূৰ্ণ৷ পেট আৰু মুখৰ তলত বাকলি নাই কিন্তু খহটা নোমেৰে আবৃত৷ ওপৰৰ পিনে বাকলিবোৰৰ মাজে মাজে সামান্য নোম দেখিবলৈ পোৱা যায়৷ মুখখন জোঙা, নেজ দীঘল৷ নেজৰ তলৰ ফালটো চেপেটা৷ মুখৰ পৰা নেজৰ আগলৈকে প্ৰায় দুই ফুটলৈকে হ’ব পাৰে৷ আঙুলীৰ নখবোৰ দীঘল দীঘল, মাটি খান্দিবৰ বাবে উপযুক্ত৷ ইহঁতে ভয় খালে মূৰ আৰু নেজ কোঁচাই বলৰ নিচিনা আকৃতি ধাৰণ কৰে৷ শৰীৰত বাকলি থকাৰ বাবে ইহঁতৰ স্থানীয় নাম বা অসমীয়া নাম – বনৰৌ৷ বনৰৌৰ ইংৰাজী নাম Indian Pangolin৷ বনৰৌ মাটিৰ তলত গাঁত খান্দি লুকাই থাকে৷ গাঁত খান্দি মাটিৰ জ্ঝ–১০ ফুট তলতো সোমাই যাব পাৰে৷ এটা সময়ত এই প্ৰজাতিটোক মানুহে মাৰি মাৰি তাৰ মাংস ভক্ষণ কৰিছিল আৰু বাকলীবোৰ বিভিন্ন টোটকা বেজালী কামত ব্যৱহাৰ কৰিছিল৷ অত্যাধিক চিকাৰৰ ফলত বৰ্তমানে বনৰৌৰ সংখ্যা অত্যন্ত কম৷ এই ক্ষুদ্ৰ বন্যপ্ৰাণীটো বৰ্তমানে বিলুপ্ত প্ৰায় বন্যপ্ৰাণীৰ তালিকাভূক্ত হৈছে৷ বনৰৌৰ প্ৰধান আহাৰ হ’ল পৰুৱা জাতীয় পোক পতঙ্গ৷ এই ক্ষুদ্ৰ স্তন্যপায়ী বন্যপ্ৰাণীটোৱে উঁই পোকৰ হাফলু ভাঙি উঁই পোক, উঁইপোকৰ কণী আৰু লাৰ্ভা ভক্ষণ কৰাৰ ফলত উঁইপোকৰ সংখ্যা বৃদ্ধি হ’ব নোৱাৰে৷ যিবোৰ অঞ্চলত বনৰৌ আছে সেইবোৰ অঞ্চলত উঁইপোকৰ আক্ৰমণত মানুহৰ ঘৰ–দুৱাৰৰ ক্ষতি নহয়৷ বনৰৌ নিশাচৰ প্ৰাণী, ৰাতিৰ অন্ধকাৰত ইহঁতে বিচৰণ কৰাৰ ফলত বৰ এটা মানুহৰ দৃষ্টিগোচৰ নহয়৷ বনৰৌবোৰে ৰাতি ৰাতি আমাৰ গাঁওবোৰত উঁইপোক খাই আৰু উঁইৰ হাফলু ভাঙি উঁইপোকৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে৷ বৰ্তমানে এই প্ৰজাতিটোৰ সম্পৰ্কে সাধাৰণ মানুহৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত আছে৷ সজাগতা বৃদ্ধি পোৱাৰ বাবে বিভিন্ন গাঁৱত এই প্ৰাণীটোক উদ্ধাৰ কৰি পুনৰাই অৰণ্যত মুকলি কৰি দিয়াৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে৷
যোৱা
চাৰিটা দশকৰ অধিক কাল
ধৰি আমি অসমৰ বিভিন্ন
ক্ষুদ্ৰ ক্ষুদ্ৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে আমাৰ প্ৰচেষ্টা
অব্যাহত ৰাখিছো৷ এই কামটোত অসমৰ
সাধাৰণ মানুহে গাঁৱৰ জনসাধাৰণ আৰু আমাৰ ছাত্ৰ–ছাত্ৰী সকলে অভূতপূৰ্ব সহযোগিতা
আগবঢ়াইছে৷
আমাৰ
সৰু সৰু বন্যপ্ৰাণীবোৰ আমাৰ
গাঁও আৰু নগৰৰ অভ্যন্তৰত
থকা সৰু গছ–গছনিপূৰ্ণ
অঞ্চল, বাগিচা, চাহ বাগান, পিটনী,
পুখুৰীৰ পাৰত থকা ঘাঁহনী,
পাৰ্কৰ গছবোৰত আৰু আমাৰ ঘৰৰ
চাৰিওপিনেও বসবাস কৰে৷ আমাৰ সজাগতা,
আমাৰ বন্যপ্ৰাণী সংৰক্ষণ আচৰণ আৰু ধনাত্মক
প্ৰচেষ্টাৰ প্ৰতিফলন ঘটাই সহজতেই আমি
বন্যপ্ৰাণী সংৰক্ষণৰ কামত অংশগ্ৰহণ কৰিবলৈ
নিজকে যুক্ত কৰিব পাৰো৷ ‘আমাৰ
ঘৰৰ চাৰিওফালে বহুত বন্যপ্ৰাণী বসবাস
কৰে’–
এই চেতনাটো আহিলেই আমি নিজকে বন্যপ্ৰাণী
সংৰক্ষণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ সক্ষম হ’ম৷
