নেচাৰ্চ
বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম
সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
- লিনা গগৈ
প্রকৃতি কি? এই প্রশ্ন আমাৰ মনলৈ অহাৰ লগে লগে মানসপটত ভাঁহি উঠে উদ্ভিদ, চৰাই-চিৰিকটি আৰু জীৱ- জন্তুৰে আবৃত এডোখৰ ঠাইৰ ছবি। প্রকৃতি বিষয়ে অধ্যয়নৰ বাবে কোনো পুথিগত বা আক্ষৰিক জ্ঞান জৰুৰী নহয়৷ পৃথিৱীৰ প্ৰায় প্ৰত্যেকজন ব্যক্তিৰে প্ৰকৃতিৰ প্ৰতি আকর্ষণ থাকে। প্ৰকৃতিৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকিলে নহ’ব, তাক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগিব। প্রকৃতি সুৰক্ষা মানে কেৱল গছ-গছনি কটা বন্ধ কৰা আৰু গছপুলি ৰোপনেই যথেষ্ট নহয়। প্রকৃতি সুৰক্ষা হৈছে জীৱ-জন্তু, চৰাই-চিৰিকটিকে আদি কৰি প্ৰকৃতিৰ উপাদানসমূহক সুৰক্ষিত কৰি ৰখা। প্ৰকৃতিক সুৰক্ষা কৰাটো সকলো মানুহৰে দায়িত্ব। কিয়নো প্ৰকৃতি আৰু মানুহ ওতঃপ্ৰোতভাৱে জড়িত।
প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতা এই বিষয়টো সম্পর্কে মই স্নাতক তৃতীয় ষান্মাসিকৰ “অসমীয়া সাহিত্যত প্রকৃতি সচেতনতা” শীৰ্ষক পেপাৰখনৰ জৰিয়তে পঢ়িব পাইছিলো আৰু তেতিয়াৰে পৰা প্ৰকৃতি সচেতনতা তথা প্রকৃতি সাহিত্য সম্পর্কে কিছু কথা জানিব পাৰিলো৷ এই পেপাৰখনে আমাক শাৰীৰিক ভাৱে নহ’লেও মানসিকভাৱে প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতাৰ ধাৰণাটোৱে এক নতুন দিশ প্ৰদান কৰিলে৷ আমাৰ পাঠ্যক্ৰমত এনে এখন পেপাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে মই নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নৰ্থ লখিমপুৰ কলেজৰ সপ্তম সংখ্যক গ্ৰন্থমেলাৰ দ্বিতীয় দিনা অর্থাৎ ১৯-০৩-২০২৫ তাৰিখে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নেচাৰ্চ বেকনৰ উদ্যোগত “প্রকৃতি সংৰক্ষণ আৰু প্ৰকৃতি সাহিত্য” শীর্ষক বিষয়ত এখন আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ আৰু সদস্য যুগল সন্দিকৈ ছাৰ উপস্থিত থাকে। তেওঁলোকে এই অনুষ্ঠানটোত আমাক প্ৰকৃতি সচেতনতা, চৰাই সম্পৰ্কীয় বহু কথা কয়। যাৰ জৰিয়তে আমি প্রকৃতি সম্পৰ্কীয় বিভিন্ন কথা জানিব পাৰিলো।
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ নতুন শিক্ষা নীতি অনুসৰি দক্ষতা বিকাশৰ বাবে স্নাতক শাখাত ইন্টার্ণশ্বিপ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰে। সেই অনুসৰি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে নেচাৰ্চ বেকনৰ সহযোগত স্নাতক পঞ্চম ষান্মাসিকৰ সৈতে ২৫-০৬-২০২৫ তাৰিখে ইণ্টাৰ্ণশ্বিপৰ প্ৰথম কাৰ্য হিচাপে এখনি সভা অনুষ্ঠিত কৰিছিল। এই সভাখনত নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ আৰু নেচাৰ্চ বেকনৰ সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ উপস্থিত থাকে। উক্ত সভাখনত “চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ”এই বিষয়টো ইন্টাৰ্ণশ্বিপৰ বিষয় হিচাপে নিৰ্বাচন কৰি দিছিল। ইয়াৰ উপৰিও সৌম্যদ্বীপ দত্ত ছাৰে সভাখনতে ইণ্টাৰ্ণশ্বিপৰ বিষয়ৰ লগত জড়িত ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হতাপুথি’ নামৰ এখন গ্ৰন্থ আমাক প্ৰদান কৰিছিল। এই গ্ৰন্থখনৰ সহায়ত আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিত্ৰ দেখিবলৈ পোৱাৰ লগতে ঘৰৰ চৌপাশৰপৰা আৰম্ভ কৰি অসমৰ হাবি-বননি, জংঘল- জলাশয় আদি সকলো ঠাই বিয়পি যিমানবোৰ চৰাই-চিৰিকতি আছে, সেইবোৰ কোন প্ৰজাতিৰ, তাৰ বৰণ, আকৃতি, আচৰণ, ধৰণ, উৰাৰ পদ্ধতি ইত্যাদিৰ প্ৰায় সকলোবোৰৰে তথ্য ইয়াত সুন্দৰভাৱে পোৱা গৈছিল। এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে মই এটা কথা জানিলোযে চৰাই পর্যবেক্ষণৰ বাবে আমি কোনো গভীৰ অৰণ্য, বনাঞ্চাল, পক্ষী উদ্যান, অভয়াৰণ্যলৈ যোৱাৰ প্ৰয়োজন নাই, আমি আমাৰ ঘৰৰ চৌপাশকে ধৰি খাল-বিল, পথাৰ, নদী, জলাশয় আদিটো চৰাই পৰ্যবেক্ষণ কৰিব পাৰো। চৰাই পৰ্যবেক্ষণৰ বাবে মই স্থানীয় অঞ্চলৰ লগতে অন্য ঠাইলৈ গৈছিলো আৰু সেই ঠাইৰ মানুহবোৰৰ লগত চৰাইৰ সংৰক্ষণ সম্পৰ্কে আলোচনা কৰিছিলো। মই তেওঁলোকৰ পৰা জানিব পাৰিছিলোঁ যে সেই ঠাইসমূহত আগৰ তুলনাত বৰ্তমান সময়ত চৰাই সংখ্যা কমি গৈছে। সময়ৰ সোঁতত যিহেতু আমাৰ অঞ্চলবোৰৰ পৰা চৰাইবোৰ নোহোৱা হৈ গৈছে সেয়ে বৰ্তমান সময়ত এইবোৰ অঞ্চলত চৰাই সংৰক্ষণৰ সজাগতা সৃষ্টি কৰিবৰ হ’ল। নহ’লে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হ’ব। এই চৰাই পৰ্যবেক্ষণ কাৰ্যৰ জৰিয়তে আমি বিভিন্ন চৰাইৰ প্ৰজাতি, তেওঁলোকৰ আচৰণ, বাসস্থান আৰু জীৱনচক্ৰ সম্বন্ধে জ্ঞান লাভ কৰো। জীৱ জগতত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইৰ ভূমিকা যে অপৰিসীম সেই সম্পৰ্কে জানিব পাৰিলো। আমি মানৱজাতিয়ে প্রাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখিবলৈ হ’লে চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে।
চৰাই পৰ্যবেক্ষণৰ অন্তত আমি “চৰাই সংৰক্ষণ আৰু সজাগতা” সম্পৰ্কে অৱগত কৰোৱাৰ উদ্দেশ্যে কেইখনমান গাঁৱলৈ গৈছিলোঁ। তাত আমি সেই গাৱৰে স্থানীয় ল’ৰা-ছোৱালী আৰু বিদ্যালয়ৰ কিছু ছাত্ৰ-ছাত্ৰীক চৰাই সংৰক্ষণ, প্ৰকৃতি আৰু চৰাই সম্পৰ্ক, প্ৰকৃতিত চৰাই ভূমিকা সম্পৰ্কীয় কথাবোৰ জনাওঁ৷
আমাৰ ইণ্টাৰ্ণশ্বিপৰ শেষৰটো কাৰ্যসূচী হিচাপে ১১-১১-২০২৫ তাৰিখে নেচাৰ্চ বেকনৰ নেতৃত্বত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলৰ সহযোগত পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা ৪০ জনীয়া দলে লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিছিলো। এই দিনটো সচাঁকৈ মোৰ জীৱনৰ বাবে এটি পৃথক দিন আছিল। কিয়নো এই দিনটোত মই যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা অলপ আঁতৰি আহি প্ৰকৃতিৰ বুকুত এটা দিন অতিবাহিত কৰিবলৈ সুযোগ পাইছিলোঁ। মানুহে প্রকৃতিক ভাল পাবলৈ যে কোনো স্বার্থ থাকিব নালাগে সেই কথা মোৰ প্ৰথম বাৰৰ বাবে বাৰুকৈয়ে অনুভৱ হৈছিল।
আমি বনাঞ্চলখনৰ মাজেৰে গৈ থাকোঁতে বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পাইছিলোঁ। যিমানেই আমি বনাঞ্চলখনৰ ভিতৰলৈ সোমাই গৈছিলো, সিমানেই জোকৰ সন্মুখীন হৈছিলোঁ। জোক আমি কেৱল হাবি-বননিত ওলাই বুলি জানো কিন্তু তাত বালি আৰু শিলবোৰৰ মাজতো দেখিবলৈ পাইছিলোঁ, যাৰ বাবে খোজকাঢ়ি গৈ থাকোঁতে ভৰি ক’ত দিম ভাবিব লগা হৈছিল। আমি তাত বিভিন্ন প্ৰজাতিৰ জোক দেখিবলৈ পাইছিলোঁ। ইয়াৰ উপৰিও বনাঞ্চলখন আমি কেতিয়াও দেখি নোপোৱা বগা পাত বেং দেখিবলৈ পাইছিলোঁ। এই বনাঞ্চলখনত আমি অসংখ্য ৰঙৰ পখিলা দেখিবলৈ পাইছিলোঁ।
দুলুং সংৰক্ষিত বনাঞ্চল ভ্ৰমণ কৰি মই পোনপ্ৰথম বাৰৰ বাবে ছিয়া নাহৰ গছ দেখিবলৈ পাইছিলোঁ আৰু এই গছজোপা এছিয়াৰ ভিতৰতে কেৱল দুলুং সংৰক্ষিত বনাঞ্চল পোৱা যায় বুলি জানিব পাৰিলোঁ। এই বনাঞ্চলত ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ গছ দেখিবলৈ পাইছিলোঁ। আমি বনাঞ্চলখনৰ মাজেৰে যিমানেই আগবাঢ়ি গৈছিলো সিমানেই প্ৰকৃতিৰ প্ৰতি আকর্ষণ বৃদ্ধি পাইছিল। বনাঞ্চলৰ মাজত আমি গছ এজোপাক সাৱটি ধৰি নিজকে গছজোপাৰ লগত একাত্ম কৰি তাক অনুভৱ কৰিব পাৰিছিলোঁ। ইয়াৰ উপৰিও আমি তাত মাছৰোকা চৰাইৰ লগতে নানা ধৰণৰ চৰাই-চিৰিকতিৰ মাত শুনিবলৈ পাইছিলোঁ। বনাঞ্চলখন ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰা অহালৈ আমাক বনাঞ্চল সম্পৰ্কীয় বিভিন্ন কথাৰে নেচাৰ্চ বেকন সংস্থাৰ দুজন সক্ৰিয় সদস্যই সমৃদ্ধ কৰে। ইয়াৰোপৰি বনাঞ্চললৈ যাওঁতে আমাৰ লগত কেইজনমান বন সুৰক্ষা বিভাগৰ কৰ্মচাৰী গৈছিল।
আমি বনাঞ্চলখন ভ্ৰমণ কৰি বন বিভাগৰ কাৰ্য্যালয়লৈ ঘূৰি আহো আৰু আমাক তাত নেচাৰ্চ বেকনৰ সদস্য যুগল সন্দিকৈ ছাৰে দুটা খেলৰ যোগেদি জৈৱ বৈচিত্র্য সম্পৰ্কীয় কিছু কথা কয়। শেষত অৰ্থাৎ ঘৰলৈ অহাৰ আগমুহূৰ্তত আমি বন বিভাগৰ অফিচাৰ্জনৰ পৰা এটা কথা জানিব পাৰিছিলোঁ যে এই বনাঞ্চলখনত গেলা থেকেৰা নামৰ এবিধ বিশেষ থেকেৰা পোৱা যায় আৰু তেওঁ লগতে কৈছিল যে এই থেকেৰা বিধৰ পৰা কৰ্কট ৰোগৰ ভেকচিন উৎপন্ন কৰিব পৰা কিছুমান গুণ আছে। যান্ত্ৰিকতা আৰু ব্যস্ততাৰে ভৰপূৰ দৈনন্দিন জীৱনৰ পৰা অলপ সময় আঁতৰি আহি প্ৰকৃতিৰ মাজত কটোৱা এই দিনটোৱে মোৰ মনত এক বিশেষ শান্তি আনিলে। দুলুং সংৰক্ষিত বনাঞ্চলৰ এই ভ্ৰমণ কেৱল আনন্দময় অভিজ্ঞতা নহয়, ই প্ৰকৃতিৰ মূল্য বুজিবলৈ, পৰিৱেশৰ প্ৰতি সজাগ হ’বলৈ আৰু সংৰক্ষণৰ প্ৰতি দায়িত্বশীল হবলৈ প্ৰেৰণা দিয়া এক অমূল্য অভিজ্ঞতা হৈ পৰিল আৰু এই অভিজ্ঞতা মোৰ মানস পটত সদায় সজীৱ হৈ থাকিব।
এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমাক এনে এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰৰ ওচৰত আমি চিৰ কৃতজ্ঞ। আমাৰ এই প্ৰশিক্ষণৰ লগত আৰম্ভণিৰে পৰা জড়িত নেচাৰ্চ বেকনৰ সংগঠনৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰক ধন্যবাদ জনাইছো আৰু লগতে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° ধীৰাজ পাটৰ ছাৰ আৰু ড° ধনৰঞ্জন কলিতা ছাৰকো ধন্যবাদ জনাইছো। তেওঁলোকে ইন্টার্ণশিপ কাকতৰ লগত জড়িত সকলো বিষয় সুন্দকভাৰে বুজাই দিছিল। “দুলুং সংৰক্ষিতবনাঞ্চল”যাওঁতে আমাক সহায় কৰা বন সুৰক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ লগতে নেচাৰ্চ বেকন সংস্থাৰ সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ, তোষেশ্বৰ মিৰি আগৰৱালা ছাৰ আৰু গিৰিণ কছাৰী ছাৰক ধন্যবাদ জনাইছো। এনেদৰে আমাক ইমান সুন্দৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধা নিবেদন কৰিছো ৷
শেষত এই ১২০ ঘণ্টাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যত সহায়-সহযোগীতা আগবঢ়োৱা প্ৰতিজন ব্যক্তিলৈ কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধা জ্ঞাপন কৰিছো।
