চৌদিশে ডাঠ ঘন সেউজীয়া
আহল–বহল এখন ডাঙৰ হাবি
গছ, লতা, ঘাঁহ – বন
ইমান ওখ – ওখ গছ
আকাশ চুবলে যেন গৈ আছে গছবোৰ
মূৰ তুলি চালে আকাশ নেদেখি
সৰু – গছ, জোপোহাৰ শাৰীও আছে
ওখ গছৰ ছাঁত নিশ্চিন্তে, নিৰাপদে
এখন দুতৰপীয়া হাবি!
মাথো গছ – বিৰিখেই নে?
আছে ক‘ত‘ কীট – পোক
ৰঙ – বিৰঙী পখিলা, চৰাই – চিৰিকতি
সৰু – ডাঙৰ জীৱ –জন্তুৰ নিৰ্ভয় বিচৰণ
বৰ্ষাৰণ্য নামেৰে সুবিদিত
দিহিং – পাটকাই
ঐশ্বৰ্য্যৰ পাৰ নাই
দশোদিশে বৈ গ‘ল গৰিমা অপাৰ
প্ৰাচ্যৰ ” আমাজন ‘ ৰত্নৰ আঁকৰ!!
সম্ভেদ ওলাল মাটিৰ তলতে কলা ৰতন
লালায়িত হল এচাম
চলিল খনন
বৰ্ষাৰণ্য ভুমিত হল কম্পন
অৰণ্য পৰিয়াল হ‘ল সচেতন
নুশুনা হ‘ল চৰাইৰ কুঞ্জন
দেওদিয়া পখিলাৰ উৰণ – ঘুৰণ,
আতৰিল পৰিচিত হল‘ক – গিবন
সম্বন্ধ বিচাৰি গ‘লে
আমাৰেই কুটুম
সাতাম পুৰুষীয়া বান্ধোন!
এজাক প্ৰকৃতিপ্ৰেমী আহিল ওলাই
জীৱকুলক নিৰ্ভয় দি ডংকা বজাই
ৰক্ষা কৰিলে বৰ্ষাৰণ্যৰ প্ৰাণ
ৰাখিলে দেশৰ মান
উজলাই অসম – সম্পদ
সচাঁকৈয়ে আমাৰ সকলো আছিল
সকলো আছে আৰু থাকিবও
দেখিছো লৰাহঁতৰ সজাগ মন
হ‘বলৈ নিদিয়ে একো
ক্ষতি – ক্ষয়
সদা বিৰাজিব দিহিং পাটকাই
বিশ্বখ্যাত প্ৰাচ্যৰ ” আমাজন ” ।।