সম্পাদকীয়, এপ্ৰিল ২০২৬

kankana

-       কংকণা দাস

প্ৰকৃতিৰ কাম কৰা মানুহৰ ৰাজনীতিৰ সৈতে কিহৰ সম্পৰ্ক! – সদ্যহতে চচিয়েল মিডিয়াত এই নেৰেটিভ চলি থকা দেখা গৈছে।দৰাচলতে এইয়া কিমান গ্ৰহণযোগ্য? সঁচাকৈয়ে প্ৰকৃতিৰ হকে কাম কৰা কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ কোনো ৰাজনৈতিক মতাদৰ্শ থাকিব নোৱাৰে নেকি নে থকাটো অনুচিত? উত্তৰটো বিচাৰি চাবলৈ লে দেখা যায় যে সমাজ ব্যৱস্থা পৰিচালিত হোৱাত ৰাজনীতিৰ ভূমিকা সৰ্বাধিক। ৰাজনীতিক নস্যাৎ কৰিবলৈ লে প্ৰচলিত সমাজ ব্যৱস্থা থৰকবৰক হোৱাটো আৱশ্যসম্ভাৱী। ঠিক সেইদৰে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰততো ৰাজনীতি আৰু ৰাজনৈতিক দলৰ অপৰিসীম ভূমিকা আছে। কোনো এখন চৰকাৰৰ সদ্দিচ্ছা নাথাকিলে প্ৰকৃতি সুৰক্ষা বিষয়টো জটিল হৈ যায়। প্ৰকৃতি সুৰক্ষাৰ বিভিন্ন কাৰ্যপন্থা আছে। সাহিত্য,গান আলোচনা এইবোৰ কাৰ্যত তেতিয়াহে প্ৰভাৱী যেতিয়া আমাৰ প্ৰকৃতি প্ৰদত্ত অৰণ্য বাচি থাকিব।

নেচাৰ্চ বেকনে ৮০ দশকতেই  প্ৰোথিত কৰা এই দৰ্শন বৰ্তমান কিছু সংখ্যকক বাদ দি সকলোলোকেই বুজি উঠা যেন বোধ হয়। সেই কিছু সংখ্যকে মাথোঁ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰকৃতি কথাৰ পৰা ফালৰি কাটি কিছুমান নাভুত নাশ্ৰুত কথা কৈ থকা পৰিলক্ষিত হয়। চৰকাৰৰ সদ্দিচ্ছা নাথাকিলে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠনৰ প্ৰক্ৰিয়া লেহেমীয়া হয়, বন্যপ্ৰাণীৰ লগত জড়িত অপৰাধ বৃদ্ধি হয়,যাৰ উদাহৰণ অসমত ক্ষেত্ৰত পূৰ্বতে দেখা পোৱা গৈছে। গতিকে ৰাজনীতি, চৰকাৰ আৰু প্ৰকৃতি সুৰক্ষাৰ বিষয় পৃথক কেতিয়াও নহয়। যি দলৰেই চৰকাৰ গঠিত নহওঁক কিয় প্ৰকৃতি সংৰক্ষণৰ বিষয়টোৱে প্ৰাধান্য পাব লাগিব। অসমৰ বনভূমি,অসমৰ অৰণ্য অনাধিকাৰ আগ্ৰাসন চলিছে সেইয়া মুক্ত কৰিবলৈ চৰকাৰৰ সহায় লাগিবই। গতিকে প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত ব্যক্তি অথবা প্ৰতিষ্ঠান ৰাজনৈতিক মতাদৰ্শ মুক্ত নহয়, সঠিক ৰাজনৈতিক মতাদৰ্শ নিৰ্বাচন কৰিব পৰা ক্ষমতা হে কাম্য।