উৎস

Bar Headed Goose (ধৃতৰাজ পক্ষী) uses the Tiebatn plateau as its summer breeding ground, nesting in the high altitute lakes of the Yarlung valley before undertaking its legendary migration to South Asia, and many places in the Brahmaputra valley of Assam. Photo Source : Internet.
GauhatiUniversity

- অঙ্কিত ভৰালী

ধৃতৰাজ পক্ষীবোৰ উৰি আহিছে

তিব্বতৰ বিশাল মালভূমিৰ

পূৰ্বপুৰুষৰ সাধুবোৰ

ঠোঁটত লৈ উৰি আহিছে 

 

হিমালয়ৰ ওখ ওখ শৃংগৰ

উপৰেদি উৰা মাৰোতে

ধৃতৰাজবোৰে

পূৰ্বপুৰুষৰ সাধুবোৰ

তো এৰি অহা নাই ,

তো পাহৰা নাই ,

তো হেৰোৱা নাই 

 

পাদদেশত বহুযুগৰ আগতে

প্ৰব্ৰজন কৰা

মোৰ জ্ঞাতি কুটুমলৈ

আনকালৰ দৰে এবেলিও

সযতনে ঠোঁটত লৈ আনিছে

প্ৰাচীন  হুমুনিয়াহ 

ভাৰতৰ চুবুৰীয়া দেশ তিব্বত। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি এই দেশ কিন্তু বৰ্তমান পৰাধীন। তিব্বতৰ পৰিৱেশৰ গুৰুত্ব সমগ্ৰ পৃথিৱীৰ বাবে অপৰিসীম। চীনৰ লালসাই এই দেশৰ পৰিবেশ আৰু প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ব্ৰহ্মপুত্ৰ, যি অসমৰ জীৱনৰেখা, এই তিব্বততেই তাৰসৃষ্টি। যেতিয়ালৈ শান্তিপ্ৰিয় , বুদ্ধৰ অহিংস দৰ্শনত বিশ্বাসী তিব্বতী সকল ইয়াত বসবাস কৰিছিল তেতিয়ালৈ ইয়াৰ নদী, পানী, বতাহ, মাটি বিশুদ্ধ আছিল। চীনে জোৰ জুলুম কৰি  এই তিব্বত অধিকাৰ কৰে আৰু ইয়াৰ শান্তিপ্ৰিয় মানুহবোৰক স্বদেশৰ পৰা বিতাৰিত কৰে। এই লোকসকল এতিয়াও আশাবাদী নিজৰ দেশলৈ ঘূৰি যোৱাত। তেওঁলোকৰ বিতাৰণৰ বিষাদ ব্যথা আজিও এক জীয়া কাহিনী। তিব্বতৰ প্ৰকৃতি আজি লালসাত পদপিষ্ট। তিব্বতৰ পৰিবেশৰ ক্ষতি আৰু ইয়াৰ ভয়াবহ পৰিণামৰ গুৰুত্ব বুজি  নেচাৰ্চ বেকন আৰু Free Tibbet-A voice from Assam আৰম্ভ কৰাছেভ চাংপোচিয়াংব্ৰহ্মপুত্ৰআন্দোলনক প্ৰতিনিধিত্ব কৰাউৎসকবিতাটো দা চীডৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়ালোঁ।

Large congregations of Bar Headed Goose is a common sight in many protected areas of Assam like the Kaziranga National Park during the winter months every year. Photo Source: Internet.