
- কংকণা দাস
চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অসমৰ মুঠ ৮ খন ৰাষ্ট্রীয় উদ্যানে অসমৰ পৰিৱেশ আন্দোলনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে | যোৱা কিছু বছৰৰ ভিতৰতে অসম চৰকাৰৰ প্রচেষ্টাত ৩ খনকৈ ৰাষ্ট্ৰীয় উদ্যান গঢ় লৈ উঠিছে | দিহিং পাটকাই, ৰায়মনা আৰু বৰ্তমানৰ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান | অসমৰ প্রকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে ইয়াতকৈ গুৰুত্বপূর্ণ আৰু ফলপ্রসূ পদক্ষেপ আজিলৈ চৰকাৰৰ নিজা উদ্যোগত লোৱা উদাহৰণ তাকৰ | আমি প্রত্যক্ষ কৰা দিনৰেই পৰাই সমগ্ৰ অসমৰ অভয়াৰণ্য আৰু ৰাষ্টীয় উদ্যান গঠনৰ আন্দোলন নেচাৰ্চ বেকনে প্রায় অকলশৰে চলাই আহিছে | নেচাৰ্চ বেকন অসমৰ একমাত্র এটা সংগঠন যিয়ে বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্রকৃতিপ্রদত্ত অৰণ্য সংৰক্ষণ কৰাৰ গুৰুত্ব, সমগ্র অসমৰ ৰাইজক অৱগত কৰাৰ লগতে এই উদ্দেশ্য আগত ৰাখি এক গণ আন্দোলনৰ সৃষ্টি কৰিছে | সমগ্র ভাৰতবর্ষতেই এনে আন্দোলন একক আৰু অনন্য। চৰকাৰৰ সদ্দিচ্ছা থাকিলে এই সংৰক্ষণৰ কাম উজু হৈ পৰে, কিন্তু দুর্ভাগ্যজনক ভাবে কিছু বছৰ আগলৈ অসমত এনে পৰিৱেশ নাছিল৷ কেবল চক্ৰশীলা বচাবলৈ নেচাৰ্চ বেকনে ক্রমে প্রায় ১২ বছৰ আৰু দিহিং–পাটকাই বর্ষাৰণ্য বচাবলৈ প্ৰায় ২৫ বছৰ যুঁজ চলাব লগীয়া হৈছিল । বন আৰু বন্যপ্ৰাণীৰ বাসস্থান ধ্বংসকাৰী একাংশ শত্রুৰ সৈতে নেচাৰ্চ বেকনে অকলশৰেই আন্দোলন চলাই গৈছিল আৰু নেচাৰ্চ বেকনৰ আপোচবিহীন মানসিকতাত বাধ্য হৈ চৰকাৰে অভয়াৰণ্য ঘোষণা কৰিবলগীয়া হৈছিল ।
কোনো এক ভূখণ্ডৰ প্রকৃতি পৰিৱেশ সংৰক্ষণৰ দিশটোত বিভিন্ন স্তৰৰ মানুহ জড়িত হৈ থাকে | চৰকাৰ আৰু সমাজৰ চিন্তাশীল ব্যক্তি সকলৰ অৰিহণা ইয়াত সকলোতকৈ বেছি। কিন্তু যদি এই দুই স্তৰৰ মানুহে পৰিৱেশ সংৰক্ষণক নিজৰ উদ্দেশ্য পূৰণৰ ঢাল হিচাপে লয় তেতিয়া ইয়াৰ পৰিণাম ভয়ংকৰ হৈ উঠে। পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ প্ৰকৃত কথাবোৰ কোৱাতকৈ যদি সংৰক্ষণৰ আন্দোলন কেৱলমাত্ৰ চৰকাৰৰ বিৰোধিতা কৰাই হয়, তেতিয়া তাক সংৰক্ষণ নোবোলাই ভাল। ঠিক তেনেদৰে সংশ্লিষ্ট চৰকাৰেও যদি পৰিৱেশ সংৰক্ষণৰ দিশটোক সম্পূৰ্ণ ৰূপে আওকাণ কৰি সম্পদৰ লুণ্ঠন আৰম্ভ কৰে তেতিয়াও সংৰক্ষণ সম্ভৱ নহয়। পৰিৱেশ প্ৰকৃতি কোনো ধেমালিৰ কথা নহয়, সমগ্ৰ পৃথিৱীৰ আয়ুস ইয়াৰ উপৰত নিৰ্ভৰশীল। সামাজিক উন্নয়নৰ সৈতে পাৰিৱেশিক উন্নয়নৰ কথাও জড়িত হৈ থকাটো সুনিশ্চিত হ‘ব লাগে, অন্যথা সেয়া চীনৰ লেখিয়া ৰঙা সংৰক্ষণহে হ‘বগৈ। তিব্বত মালভূমি অধিকাৰ কৰি, ব্ৰহ্মপুত্ৰৰ আগলি ভাগত বৃহৎ বান্ধ দি চীনে যিদৰে প্ৰকৃতি সংৰক্ষণৰ কামত আত্মনিয়োজিত বুলি বিশ্ববাসীক পতিয়ন নিয়াবলৈ চেষ্টা কৰি থাকে, ঠিক তেনেদৰে সংৰক্ষণৰ নামত ভুল তথ্য দি, প্ৰকৃত সত্যক লুকুৱাই ৰাখি সমাজক বিপথে পৰিচালিত কৰা সকলোৱে, এই লাল সংৰক্ষণৰ দৰ্শন প্ৰসাৰিত কৰি থাকে।
নেচাৰ্চ বেকনে সেয়েহে সংৰক্ষণৰ কাৰ্যক সাহিত্য, সজাগতা ইত্যাদি বিভিন্ন পৰ্যায়ত চলাই আহিছে আৰু সকলো স্তৰৰ লোকৰ অংশগ্ৰহণক সুনিশ্চিত কৰিছে । প্ৰকৃত তথ্য আৰু সজাগতাইহে পৰিৱেশ সংৰক্ষণক সফল কৰি তুলিব পাৰে। তাৰ উদাহৰণ নেচাৰ্চ বেকন আৰু তাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সমূহ। নেচাৰ্চ বেকনে বিচাৰে, প্ৰকৃতি সংৰক্ষণ কেৱল কাগজ–পত্ৰ আৰু মেল–মিটিংত সীমাবদ্ধ নহৈ সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ জাতীয় কৰ্তব্য হোৱা উচিত।