

-কল্প তালুকদাৰ
‘মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত ওমলহি
অ’ ঘনচিৰিকা’
সমগ্ৰ বিশ্বতে ইংৰাজী ২০ মাৰ্চ দিনটো বিশ্ব ‘ঘনচিৰিকা দিৱস’ হিচাপে পালন কৰা হয়৷ ২০১০ বৰ্ষত বিশ্বৰ কেইখন মান দেশত প্ৰথম এই দিৱসটো পালন কৰা হৈছিল৷ এই মৰম লগা সৰু চৰাইবিধৰ সংৰক্ষণৰ বাবে ঘনচিৰিকা দিৱস পালন কৰা হয়৷ পৃথিৱীৰ সকলো ঠাইতে পোৱা ঘৰচিৰিকা [HOUSE SPARROW] বা ঘনচিৰিকা [SPARROW] বৰ্তমান লুপ্ত হৈ আহিছে৷ এই দিৱসটোত – দেখাত প্ৰায় একেই দুয়োবিধ প্ৰজাতিক সামৰি লোৱা হৈছে৷
আমি সৰু কালতে দেখিছোঁ ঘৰচিৰিকা যি আমাৰ ঘৰৰ চালত, টিনৰ ঘৰৰ চুক কোনত, চিলিঙৰ ফুটা, বাটামৰ মাজৰ অংশত, বেৰৰ খোৰংবোৰত বাহ সাজে৷ খেৰ, পাখি, জাবৰ আদিৰ সহায়ত বাহ সাজে৷ চিৰিক্ চিৰিক্কৈ মাতি চোতালত উমলি থাকে৷ ৰাতিপুৱা–গধূলি ঘৰচিৰিকাৰ মাত শুনিলেই আনন্দ লাগে৷ মানুহৰ সৈতে সহবাস কৰি থকা চৰাই৷ পৰিয়ালৰ সকলোৰে চিনাকি চৰাই৷ ঘনচিৰিকাই জাক পাতি থাকি ভাল পায়৷ কোলাহল প্ৰিয় চৰাই৷ প্ৰাপ্ত বয়স্ক ঘনচিৰিকা এটাৰ দৈৰ্ঘ – আগৰ পৰা ফিচালৈ ১৫ ছেণ্টিমিটাৰ৷ ওজন ৩২ গ্ৰামৰ বেছি নহয়৷ ঘৰচিৰিকাৰ মতা মাইকী দুটা দেখাত বেলেগ বেলেগ৷ মতা চৰাইৰ মুৰৰ ৰং ছাইবৰণীয়া; কিন্তু ঘনচিৰিকাৰ মতা আৰু মাইকীৰ শাৰীৰিক পাৰ্থক্য নাই৷ পাখিৰ ৰং মতা ঘনচিৰিকাৰ দৰে৷ দেহ লাহি, চকুৰ তলৰ অংশত ক’লা ৰং থাকে; ঠিক কেঁচুৱাৰ কুমত আঙুলিৰে দিয়া কাজলৰ ফুটটোৰ দৰে৷ মুৰৰ পাখিৰ ৰং ৰঙচুৱা ডাঠ বাদামী৷ ঘনচিৰিকাই বছৰত তিনিবাৰকৈ কণী দিয়ে৷ কণীৰ সংখ্যা তিনিৰ পৰা পাঁচটালৈ৷ উমনিত বহাৰ পৰা পোৱালি উৰুৱাবলৈ সময় লয় গড়ে ২৮–৩২ দিন৷ এই চৰাইবিধ দ্ৰুত গতিত বিলুপ্ত হ’বলৈ ধৰিছে৷ বিশেষজ্ঞ সকলৰ মতে মোবাইল টাৱাৰ বৃদ্ধি, কৃষি ক্ষেত্ৰত যথেষ্ট কীটনাশক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ, শব্দ প্ৰদূষণ আৰু বাসস্থানৰ অভাৱত চৰাইবিধ বিলুপ্ত হ’বলৈ ধৰিছে৷
ঘনচিৰিকাই আনন্দ প্ৰদান কৰাৰ লগতে মানৱ সমাজক পৰোক্ষভাৱে যথেষ্ট মঙ্গল কৰে ৷ ঘনচিৰিকা কৃষকৰ বন্ধু৷ কৃষি পথাৰত শস্যক্ষেত্ৰ নষ্ট কৰা বিভিন্ন কীট–পতঙ্গ ঘনচিৰিকাই নিয়ন্ত্ৰণ কৰে৷ এই খাদ্য শৃংখলৰ [Food Chain] জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হয়৷


ঘনচিৰিকা হত্যা কৰাৰ বাবে চীনদেশত ৫ কোটি মানুহৰ মৃত্যু হৈছিল৷ ১৯৫৮ চনত মাও জেদোঙৰ নেতৃত্বত চীনা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে দেশত যিমান ঘনচিৰিকা আছে হত্যা কৰিব লাগে৷ কিয়নো দেশৰ উন্নয়নৰ বাবে কৃষি উৎপাদন দেশৰ ৰাজহাড় স্বৰূপ৷ প্ৰতিটো ঘনচিৰিকাই বছৰি বহুত শস্য খাই পেলায়৷ এই ঘনচিৰিকা হত্যা কৰিলে বহুত শস্য ৰাহি হৈ যাব৷ প্ৰশাসনক ঘনচিৰিকা হত্যা কৰিবলৈ আদেশ প্ৰদান কৰিলে৷ দেশৰ জনসাধাৰণ ছাত্ৰ–ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰি ঘনচিৰিকা হত্যা কৰিবলৈ উৎসাহিত কৰিলে৷ এই হত্যাযজ্ঞ কৰি কম সময়ৰ ভিতৰত ঘনচিৰিকা, ইয়াৰ কণী, বাহ আদি নিধন কৰিলে৷ কৃষি উৎপাদন আগতে যিমান হৈছিল তাতকৈ উৎপাদন বহুত কম হ’ল৷ দেশখনত দুৰ্ভিক্ষই দেখা দিলে৷ কৃষি পথাৰত জাকে জাকে ফৰিং, কীট–পতংগই শস্য ক্ষেত্ৰ চানি ধৰিলে৷ বহুত ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলে৷ এই ৰাসায়নিক কীটনাশক দ্ৰব্যৰ পাৰ্শ্ব–ক্ৰিয়াৰ ফলত বিভিন্ন ৰোগত বহুত জনসাধাৰণৰ মৃত্যু হ’ল৷ ঘনচিৰিকাই কেৱল শস্যয়ে নাখায় – কৃষি–পথাৰত কৃষি–শস্য অনিষ্ট কৰা কীট–পতংগবোৰ খায় আৰু খাদ্য শৃংখল নিয়ন্ত্ৰণ কৰে৷ চীনৰ চৰকাৰে তেওঁলোকে লোৱা সিদ্ধান্ত ভুল বুলি বুজি পাইছিল; তেতিয়ালৈ সময় বহুত দেৰি হৈ গৈছিল৷ দুই বছৰত চীনত ৫ কৌটি মানুহৰ মৃত্যু হৈছিল৷ পাছত চৰকাৰে ৰাচিয়াৰ পৰা ২,৫০,০০০ ঘনচিৰিকা আমদানি কৰি চীনত এৰি দিছিল৷ ভাগ্যক্ৰমে ঘনচিৰিকাৰ সংখ্যা বৃদ্ধি হোৱাত এই সমস্যাৰ পৰা দেশখন ৰক্ষা পৰিছিল৷
কীট–পতংগসমূহ প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে ঘনচিৰিকা আদি থলুৱা সাধাৰণ চৰাইৰ প্ৰয়োজন সৰ্বাধিক৷ কৃষকসকলে এই চৰাইসমূহৰ সংৰক্ষণৰ দিহা কৰিব পাৰে৷ ইয়াৰ ফলত বিষাক্ত ৰাসায়নিক কীটনাশকৰ পৰা মানৱ কুল ৰক্ষা পৰিব৷ চীনৰ ইতিহাসৰ পৰা আমি এই শিক্ষা ল’ব পাৰোঁ৷ ঘনচিৰিকাৰ পোৱালীবোৰ উৰিব পৰা হোৱালৈ পোক–পৰুৱা, কোমল দেহী পলু, লেটা আৰু ফৰিং আদি খুউৱাই ডাঙৰ কৰে৷ উৰিব পৰা হোৱাৰ পাছতহে ইহঁতে শস্যৰ বীজ খাবলৈ শিকে৷ বিশেষজ্ঞসকলে জনোৱা মতে মোবাইল ফোনৰ টাৱাৰৰ বিদু্ৎ চুম্বকীয় তৰংগৰ বিৰূপ প্ৰভাৱে ঘনচিৰিকা প্ৰজাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশ, দিল্লী, বিহাৰ, কৰ্ণাটক আদি বিভিন্ন অঞ্চলত ঘনচিৰিকা দ্ৰুতগতিত হ্ৰাস পাইছে৷ এই বিদাপন্ন চৰাইবিধক সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্যে ২০১২ চনত দিল্লী আৰু ২০১৩ চনত বিহাৰ ৰাজ্যত ঘনচিৰিকাক ৰাষ্ট্ৰীয় চৰাইৰ সন্মান প্ৰদান কৰিছে৷ দিল্লী আৰু বিহাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় চৰাই – ঘনচিৰিকা৷

অসমৰ খেৰী আৰু কাঠ–টিনৰ অসম আৰ্হিৰ ঘৰবোৰ ঘৰচিৰিকাৰ বাহ সাজিবলৈ বৰ উপযোগী আছিল৷ ঘৰচিৰিকাৰ শীত সহ্য কৰিব পৰা গুণটো অন্য চৰাইৰ তুলনাত কম হোৱা হেতুকে খেৰী ঘৰৰ উমাল চালত ইহঁত বৰ সুৰক্ষিত আছিল৷ বৰ্তমান চহৰৰ বাহিৰেও আমাৰ অসমৰ গাঁওসমূহৰ গৃহ নিৰ্মাণ শৈলীৰ পৰিৱৰ্তন হ’ল৷ পকী অট্টালিকাসমূহৰ চুক–কোণ নোহোৱাৰ বাবে ইহঁতৰ বাহ সজাত অসুবিধা হৈছে৷ যাৰ ফলত বংশ বৃদ্ধিত ব্যাঘাত হৈছে৷ এই ঘনচিৰিকাই বংশ বৃদ্ধিৰ বাবে বাহৰ প্ৰয়োজন৷ অসমত পোন প্ৰথমে বাহৰ বাবে পৰিৱেশ মিত্ৰ ড: প্ৰবাল শইকীয়া দেৱৰ ঘনচিৰিকাৰ বাবে কাঠৰ বাকচ, পেলনীয়া জোতাৰ বাকচ আদিৰে কৃত্ৰিম বাহ সাজি দি ঘনচিৰিকাৰ বংশ বৃদ্ধিৰ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ ঘনচিৰিকাৰ সংৰক্ষণৰ বাবে তেখেতে ‘অসম নাগৰিক ঘনচিৰিকা’ কাৰ্যসূচী গ্ৰহণ কৰি বৰবালি চমুৱা আৰু দিখৌ মুখত দুখন ঘৰচিৰিকা সংৰক্ষণ গাঁও প্ৰতিষ্ঠা কৰিছে৷ তেখেত আমাৰ প্ৰকৃতি প্ৰেমীসকলৰ বাবে প্ৰেৰণাৰ উৎস৷
২০২৪ বৰ্ষত ‘চৰাই বান্ধৱ’ অনুষ্ঠানটোৰ জৰিয়তে গিৰিমল্লিকা শইকীয়াই মাটিৰ টেকেলিৰে মাটিৰ বাহ [মঞ্চ] সাজি সফল হৈছে৷ অসমত চৰাইৰ বাহ লগোৱা উপযুক্ত সময় ফেব্ৰুৱাৰী মাহ৷ এই সময়ত ঘনচিৰিকায়ো যোৰ পাতি বাহ লয়৷ মাৰ্চ মাহত কণী দিয়ে৷ কৃত্ৰিম বাহ চৰাইক প্ৰদান কৰা হয় যদিও প্ৰকৃততে চৰায়ে খেৰ–কুটা গোটাই বাহটো নিজে তৈয়াৰ কৰি লয়৷ বাহ সাজিবলৈ তেওঁলোকক মঞ্চ এখনহে দিয়া হয়৷


ভাল কাম এটা কৰিবলৈ ভাল মন এটাৰ প্ৰয়োজন৷ আমিও এনেকুৱা ঘনচিৰিকা আৰু পৰিৱেশ সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰিব পাৰো৷ ঘনচিৰিকাবোৰে মানুহৰ পৰা মৰম বিচাৰে; আমি ঘৰৰ চোতাল, চাদ, বেলকনীত এমুঠি খুদ–চাউল, ডাইল, অকনমান পানী, এটি বাহ সাজি দিলে হ’ল৷ ইয়াৰ পৰা মনসিক আনন্দ লাভ কৰা যাব৷ নিজে বাচি থাকি আনকো ৰক্ষা কৰাৰ নাম সভ্যতা৷ চৰাইক আহাৰ–পানী প্ৰদান কৰা মহাপূণ্য কৰ্ম৷ চৰাইৰ বাবে জোপোহা গছ, ফলৰ গছ ৰোপণ কৰিব পাৰো৷
‘বিশ্ব ঘনচিৰিকা দিৱস’ৰ দিনা এই দুষ্প্ৰাপ্য চৰাই বিধৰ বিষয়ে সজাগতা সৃষ্টি কৰো আহক৷