- কংকণা দাস
সম্প্ৰতি প্রকৃতি সংৰক্ষণ এনে এক বিষয়বস্তু যিটো প্রতিগৰাকী নাগৰিকে নিজৰ জাতীয় কর্তব্য বুলি গ্রহণ কৰিব লাগে৷ মানুহৰ জ্ঞানৰ পৰিসৰত সৌৰজগতৰ পৃথিৱীয়েই একমাত্র গ্রহ য’ত জীৱ অর্থাৎ প্রাণ আছে | আজি ২১ শতিকাত পৃথিৱী এনে এক স্থানত উপনীত হৈছে য’ত পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰ প্রায় ধ্বংসৰ কবলত পৰিছে। পৃথিৱীৰ এই অৱস্থাৰ একমাত্র কাৰক মানুহৰ বিচাৰ বিবেকহীন কাৰ্যকলাপ। মানুহে নিজৰ কৰ্মৰে অইন জীৱসমূহৰো বিনাশ মাতি আনিছে। এনেদৰেই চলি থাকিলে পৃথিৱীৰ আয়ুস হয়তো আৰু বেছি দিন নিটিকিব। সেয়ে প্ৰকৃতি পৰিৱেশৰ প্ৰতি সচেতনতা আমাৰ নৈতিক কৰ্তব্য হোৱা উচিত।
মানৱ সমাজত আনুষ্ঠানিক শিক্ষাৰ ভূমিকা যথেষ্ট। বিদ্যালয় সমূহ আনুষ্ঠানিক শিক্ষাৰ এনে এক মাধ্যম য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সৰ্বাঙ্গীন বিকাশৰ সুযোগ পায়। ছাত্ৰ-ছাত্ৰৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা বিকাশৰ দ্বায়িত্ব সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক সকলোৰে হ’ব লাগে। বিশেষকৈ আমাৰ ছাত্ৰী সকলক যদি সকলো ক্ষেত্ৰতে সজাগ কৰা হয় তেতিয়া সমাজখনৰ সামগ্ৰিক বিকাশ সাধন হয়। কিয়নো ভৱিষ্যত প্ৰজন্মৰ চিন্তা চেতনাৰ আকাৰ দিয়াৰ ক্ষেত্ৰতো মহিলা সকলৰেই ভূমিকা অধিক। সেয়েহে প্ৰকৃতি সংৰক্ষণৰ চেতনা বিকাশৰ ক্ষেত্ৰতো মহিলা সকলে অধিক সক্ৰিয়তাৰে আগভাগ ল’ব লাগিব। প্ৰকৃতি সংৰক্ষণৰ চেতনা প্ৰতিগৰাকী স্ত্ৰীৰ মনত প্ৰোথিত হ’লে স্বয়ংক্ৰিয় ভাৱে ই ভৱিষ্যত প্ৰজন্মলৈ প্ৰসাৰিত হ’ব। এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা অভিভাৱকো সম্পূৰ্ণৰূপে দায়বদ্ধ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰকৃতি সংৰক্ষণৰ বীজ ৰোপিত হ’লেহে এই সংৰক্ষণ যাত্ৰা অব্যাহত থাকিব।
নেচাৰ্চ বেকনে জন্মলগ্নৰে পৰাই ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা প্ৰসাৰৰ কাম কৰি আহিছে। নেচাৰ্চ বেকনৰ অসম বসুধাম কৃতে মংগলজনক, মহৰ্ষি বাল্মীকি চৰাই সংৰক্ষণ পক্ষ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই সংৰক্ষণৰ যাত্ৰা অহৰহ চলি আছে। তাৰ সমান্তৰালকৈ প্ৰকৃতি প্ৰদত্ত অৰণ্য সংৰক্ষণৰ কামো দুৰন্ত গতিত চলি আছে। এক নতুন বছৰৰ দুৱাৰদলিত থিয় হৈ আমি নেচাৰ্চ বেকনৰ পৰিয়ালে পুনৰাই দৃঢ়তাৰে প্ৰকৃতি মাতৃৰ সেৱাত উৎসৰ্গিত হোৱাৰ শপত লৈছো। লগতে অসমৰ প্ৰতিখন অৰণ্যৰ সুৰক্ষাৰ কামনা কৰিছো। নতুন বছৰটো প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক আদৰ্শ বছৰ হওঁক আৰু অসমৰ প্ৰতিটো অঞ্চলৰ ছাত্ৰ-ছাত্ৰী প্ৰকৃতি সংৰক্ষণৰ এই যাত্ৰাৰ সহযোগী হওঁক।