প্ৰকৃতি সাহিত্য ( কবিতা)

আমাৰ‌ মাতৃ প্ৰকৃতি

Photo Credit : Jyotimoy Kalita, Place : Dihing Patkai National Park
WhatsApp Image 2024-02-11 at 11.45.39_dda2aebf

- কুকি দেৱী, মিনাৰ্ভা জুনিয়ৰ কলেজ

হেৰা প্ৰকৃতি, তুমি আমাৰ মা!

আমিযে তোমাৰ সন্তান, তুমি জানো নাজানা?

মাতৃ প্ৰকৃতিৰ ৰক্ষাৰ্থে আমি সদায় সাজু

সকলোৰে সহযোগত হৈ পৰিব উজু।

মোৰ জীৱনৰ তুমিয়েই সাধনা 

মৃত্যুৰ পিছতো তুমিয়েই প্ৰেৰণা।

জীয়াই আছো তোমাৰ ত্যাগত

শিৰনত মই তোমাৰ আগত।

গছ-বিৰিখ, পশু-পক্ষী আৰু নদ-নদী

তোমাৰ কোলাই সকলোকে আদৰি লয়।

মাতৃ বসুন্ধৰাৰ সন্তান ৰূপে জীৱন লভো

উদাৰ বক্ষত মনুষ্য ৰূপে তোমাক ৰক্ষা কৰো আমি।

চৰাই নহয় বন্দীত্বৰ বাবে, ফুল নহয় চিগিবৰ বাবে,

আহা আমি সকলোৱে এই কথা শুনো

সকলোৱে মিলিজুলি প্ৰকৃতি ৰক্ষা কৰো।