সম্পাদকীয় অক্টোবৰ ২০২২

IMG_20210110_133024a

- কংকণা দাস

কেনে সুন্দৰ হ’ব যদিহে আমাৰ উৎসৱ সমূহৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ চেতনাৰ বীজ ৰোপণ কৰো। হয়! এইয়া উৎসৱৰ বতৰ। প্ৰকৃতিৰ শাৰদীয় সম্ভাষণৰ লগে লগে আমাৰ ইয়াত বিভিন্ন উৎসৱৰ আয়োজন কৰা হয়। দূৰ্গা পূজা, দেৱালী, কাতি বিহু ইত্যাদি ইত্যাদি বিভিন্ন উৎসৱৰ প্ৰস্তুতিৰে এই সময়খিনি ৰঙীণ হৈ থাকে। অতি উলহ মালহেৰে পালন কৰা এই উৎসৱ সমূহৰ মাজেৰে আমি প্ৰকৃতিৰ মংগলবাৰ্তা কামনা কৰিব পাৰো। ভাৰতীয় পৰম্পৰাত প্ৰকৃতিৰ বিশেষ মান্যতা আছে।  বিভিন্ন পূজ্য দেৱতা, কথকতাৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা বহন কৰা হৈ আহিছে। এই বাৰ্তাসমূহ সঠিক ৰূপত বুজি উঠিলেহে ২১ শতিকাৰ প্ৰযুক্তিগত জীৱনে সাৰ্থকতা লাভ কৰিব। নিজৰ জ্ঞান, বুদ্ধি, বিবেকেৰে আমি প্ৰকৃতিৰ মংগলৰ কথা চিন্তা কৰিব পাৰিব লাগিব। অন্যথা উৎসৱ পালন কৰিবলৈ আমি আৰু আমাৰ ঘৰ অৰ্থাৎ পৃথিৱী জীয়াই নাথাকিব। আমি মানি অহা বহু কথাৰে আমি নজনাকৈয়ে স্ববিৰোধ কৰি থাকো। যেনে : আমি যদি মানো ” কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম” তেনেহ’লে আমি কিয় আত্মঅহংকাৰেৰে অইন জীৱৰ পৰিপন্থী কাৰ্য কৰো ! খন্তেকীয়া সুখৰ বাবে গছ এডালত বাহ লোৱা চৰাইবোৰৰ সুখবোৰ বিসৰ্জন দিবলৈ কিয় কুণ্ঠাবোধ নকৰো! নদী যদি আমাৰ মাতৃ, নদী যদি আমাৰ পূজ্য তেনে নদীএখনক প্লাষ্টিকময় কৰাৰ আগতে কিয় আমাৰ এবাৰো ভাবি নাচাওঁ! প্ৰকৃতি সকলোৰেই বাবে। আধ্যাত্মিকতাত কেৱল মাথো মংগল আৰু মংগলময় কামনাই থাকে, সেয়া প্ৰকৃতিৰ সকলো উপাদানৰ বাবেই। মানুহে এই সত্যক উপলব্ধি কৰা উচিত। যিদৰে দ্ৰুতগতিত আমি জীৱনৰ মান উন্নত কৰি গৈ আছো ঠিক তেনেদৰে সময় সাপেক্ষে আমাৰ চিন্তা সমূহৰো বিকাশ হোৱা উচিত, উৎসৱ সমূহৰ লক্ষ্য আৰু বেছি উদাৰ হোৱা উচিত। বৰ্তমান সময়ত প্ৰকৃতি সংৰক্ষণ সকলো কাৰকৰে মূল উদ্দেশ্য নহ’লে আমাৰ এই  সুন্দৰ গ্ৰহটো বচাই ৰখা টান হ’ব। বৰ্তমান সময়ত অভিভাৱক হিচাপে আমাক এনে কিছু মানুহৰ প্ৰয়োজন যিয়ে হয়তো নতুন প্ৰজন্মক ফটকাৰ সলনি গছ এডাল হাতত তুলি দিয়ে, তাক জীয়াই ৰাখিবলৈ উৎসাহ দিয়ে। প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নিজৰ লগতে আন দহজনকো বিতৰণ কৰে। । এনে সৰু সৰু চিন্তাইআমাৰ জীৱন আলোকময় কৰাৰ লগতে পৃথিৱীৰ পৰিৱেশো সুস্থ হোৱাত সহায় কৰিব।