- কংকণা দাস
চৰাই পৃথিৱীৰ জৈৱ বৈচিত্র্যৰ এক আপুৰুগীয়া অংগ। পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ শৃংখল বর্তাই ৰখাত চৰাইৰ ভূমিকা যে অপৰিসীম তাক পুনৰাই দোহৰাবৰ প্রয়োজন নাই। নেচাৰ্চ বেকনে জন্ম লগ্নৰে পৰাই চৰাই সংৰক্ষণৰ হকে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে | শেহতীয়াকৈ নেচার্চ বেকনে অসমৰ সমূহ বিদ্যালয়ত চৰাই সংৰক্ষণৰ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে | ভাৰতৰ মহামুনি আদিকবি মহর্ষি বাল্মিকীৰ চৰাই সংৰক্ষণৰ চেতনাৰে এই নতুন সংৰক্ষণ যাত্রাৰ নাম হৈছে ‘মহর্ষি বাল্মিকী চৰাই সংৰক্ষণ পক্ষ ‘ | এই চৰাই সংৰক্ষণ পক্ষত নৱেম্বৰ মাহত ১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত চৰাই সংৰক্ষণৰ হকে বিভিন্ন কার্যসূচী গ্রহণ কৰা হ’ব | পৰিৱেশ সংৰক্ষণৰ এই প্রক্রিয়াত ছাত্র ছাত্রী তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী ৰ ভূমিকা অপৰীসীম | অসমৰ প্রতিখন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক ,শিক্ষয়িত্রী, আচার্য্য, অধ্যাপক , অধ্যাপিকাৰে সৈতে ছাত্র-ছাত্ৰীৰ আলাপ আলোচনাই পৰিৱেশ সংৰক্ষণৰ প্রতি এক ইতিবাচক পৰিৱেশৰ জন্ম দিব। বিদ্যালয়ৰ বিদ্যায়তনিক দিশত পৰিৱেশ সংৰক্ষণৰ চৰ্চাৰ বাবে সময় যথেষ্ট তাকৰ সেয়েহে বিভিন্ন সজাগতা মূলক কাৰ্যৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ প্রচেষ্টা অব্যাহত ৰখাটো নিত্যান্তই প্রয়োজনীয় | ছাত্র-ছাত্রীৰ মানসিক বিকাশ, মূল্যবোধৰ বিকাশ তথা একোজন দ্বায়িত্বশীল নাগৰিক হ’বৰ্ বাবে কেবল কিতাপৰ জ্ঞানেই যথেষ্ট নহয়, সামাজিক চেতনা বিকাশৰো প্রয়োজন | আমাৰ চৌপাশত দেখা মূল্যবোধৰ অৱক্ষয়ৰ অন্যতম কাৰক হৈছে পুথিগত জ্ঞানৰ অত্যধিক বোজা | একাংশ অভিভাৱকে নিজৰ ল’ৰা অথবা ছোৱালী গৰাকীক কেৱল ভাল নম্বৰ লৈ ভাল পদত প্রতিষ্ঠিত হৈ নিজৰ জীৱন উপভোগ কৰাতো বিচাৰে | সমাজ তথা পৰিৱেশক লৈ তেওঁলোকৰ কোনো সচেতনতা নাই | এনে এক পৰিৱেশত সামাজিক দ্বায়বদ্ধতা বিকাশৰ সুযোগ যথেষ্ট কম | সেয়েহে প্রাৰম্ভিক পর্যায়ত পৰিৱেশ সংৰক্ষণৰ মূল্যবোধ গঢ়ি তোলাতো যথেষ্ট প্রয়োজনীয় হৈ পৰিছে | এই ক্ষেত্রত শিক্ষক শিক্ষয়িত্রী তথা বিদ্যালয় সমূহৰ ভূমিকা হ’ব অতুলনীয় আৰু এই ধৰণৰ কাৰ্যসূচীয়ে অসমৰ পৰিৱেশ তথা বন্যপ্ৰাণ সংৰক্ষণৰ দিশত এক সুদূৰপ্রসাৰী ভূমিকা গ্রহণ কৰিব৷
প্ৰকৃতিত চৰাই এনে এক প্ৰাণ, যাৰ জৰিয়তে আমি আমাৰ সমগ্ৰ অৰণ্য অধ্যয়ন কৰিব পাৰোঁ। প্ৰকৃতিত এনে কিছুমান চৰাই আছে যাৰ উপস্থিতিয়ে সেই অৰণ্যৰ সমৃদ্ধতাক বুজাই। সেয়েহে চৰাই সংৰক্ষণৰ জৰিয়তে আমি সামগ্ৰিক ভাৱে অৰণ্য তথা অইন বন্যপ্ৰাণ সংৰক্ষণ কৰিব পাৰোঁ। যুগ যুগ ধৰি চৰাইক লৈ বিভিন্ন কবিতা, গীত মাত ৰচনা হৈছে । এনেবোৰ লেখাই মানুহৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে লগতে আমাক মানসিক তৃপ্তিও প্ৰদান কৰিছে। কিন্তু চৰাই সংৰক্ষণৰ যাত্ৰা যিদৰে আগুৱাই যাব লাগিছিল সেই ধৰণে হয়তো আগবঢ়া নাই। সেয়েহে বৰ্তমান সময়ৰ প্ৰয়োজন অনুসৰি চৰাই সংৰক্ষণৰ উদ্দেশ্যেৰে গীত মাত, কবিতা ৰচিত হ’ব লাগে যাৰ মূল উদ্দেশ্য কেৱল আৰু কেৱল চৰাই সংৰক্ষণ। এই ক্ষেত্ৰত কবি পংকজ গোবিন্দ মেধিৰ কবিতা আমাৰ আদৰ্শ হ’ব পাৰে। প্ৰকৃতি বন্যপ্ৰাণ লৈ তেখেতৰ লেখনী যিধৰণে সংবেদনাত্মক সেই সংবেদনশীলতা ৰোপণ কৰিবলৈ আমাক এনেধৰণৰ ‘সংৰক্ষণমূলক দৰ্শন’ৰ ওপৰত প্ৰতিষ্ঠিত কাৰ্যসূচীৰ প্ৰয়োজন হ’ব । নেচাৰ্চ বেকনৰ এই চৰাই সংৰক্ষণ যাত্রাই আমাৰ শিশু সকলক চৰাই তথা প্রকৃতিৰ প্রতি সংবেদনশীল কৰি তোলক এইয়াই আমাৰ কামনা |