- সৌম্যদ্বীপ দত্ত
সমগ্ৰ পৃথিৱীতে ভাৰতীয়সকলেই একমাত্ৰ জাতি যিসকলে প্ৰাচীন কালৰে পৰা অৰণ্য আৰু বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰি ৰখাৰ পৰম্পৰা, নিজৰ সংস্কৃতিত বহন কৰি চলিছে৷ বিজ্ঞানভিত্তিক প্ৰকৃতি ইতিহাসৰ জ্ঞান, সমগ্ৰ বিশ্বৰ দেশবোৰে ভাৰতীয়সকলৰ পৰাই গ্ৰহণ কৰিছিল৷ আমেৰিকা, ইউৰোপ ইত্যাদি দেশবোৰৰ পণ্ডিত, বৈজ্ঞানিক আৰু দাৰ্শনিকসকলৰ উপলব্ধিত এই জ্ঞান নাছিল যে– উদ্ভিদবোৰৰো প্ৰাণ আছে৷ আচাৰ্য জগদীশচন্দ্ৰ বোসে যেতিয়া বিশ্বৰ বৈজ্ঞানিকসকলৰ সন্মুখত পৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে – গছৰ প্ৰাণ আছে, তেতিয়া তেওঁ কোৱা নাছিল যে এই সত্য তেওঁহে আৱিষ্কাৰ কৰিছে৷ তেওঁ বিনম্ৰভাৱে, অকপটে ব্যক্ত কৰিছিল যে ভাৰতীয়সকলে অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলে প্ৰাচীন কালৰে পৰা জানিছিল যে গছৰো প্ৰাণ আছে৷ গছৰ প্ৰাণ আছে, এই কথা প্ৰাচীন কালৰ পৰা ভাৰতীয়সকলে জানিছিল বাবে গছবোৰক কেন্দ্ৰ কৰি বিভিন্ন পূজা-অৰ্চনা তথা আনুষ্ঠানিকতা সম্পন্ন কৰিছিল৷ আচাৰ্য জগদীশচন্দ্ৰ বোসে আধুনিক যন্ত্ৰপাতিৰে আৰু বৈজ্ঞানিকভাবে গছৰ প্ৰাণ থকাৰ সত্যতা বিশ্বৰ বৈজ্ঞানিকসকলৰ আগত তুলি ধৰিছিল৷ বৰ্তমান সময়ত, সমগ্ৰ বিশ্বতেই বৃক্ষৰোপণৰ কথা প্ৰাধান্য পাবলৈ ধৰিছে, সামাজিক বনানীকৰণৰ কথা আলোচনা হৈ আছে৷ আজিৰ পৰা প্ৰায় দুই হাজাৰ বছৰ পূৰ্বে ভাৰতীয় ৰজা চন্দ্ৰগুপ্ত মৌৰ্যয়ে বাটৰ দুয়োকাষত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰাষ্ট্ৰধৰ্ম ৰূপে গ্ৰহণ কৰিছিল৷ ৰজা দুষ্মন্তই ৰথত আৰোহণ কৰি, বৰ্ম পৰিহিত হৈ অস্ত্ৰ-শস্ত্ৰ লৈ যেতিয়া অৰণ্যত প্ৰৱেশ কৰিবলৈ বিচাৰিলে, তেতিয়া ভাৰতীয় ঋষিসকলে ৰজা দুষ্মন্তক সেই বিশেষ অৰণ্যত প্ৰৱেশ কৰাত বাধা আৰোপণ কৰিলে, আৰু ক’লে যে – এই অৰণ্য ‘তপোবন’; এই অৰণ্যত কোনেও অস্ত্ৰ লৈ, ৰথ লৈ প্ৰৱেশ কৰিব নোৱাৰে৷ আনকি কোনো ৰজাও এই অৰণ্যত অস্ত্ৰ লৈ প্ৰৱেশৰ অধিকাৰ নাপায়, কোনো ৰজাৰো এনেধৰণৰ বিশেষ অৰণ্যত চিকাৰৰ অধিকাৰ নাই৷ প্ৰাচীন ভাৰতত ‘তপোবন’ নামেৰে এনেদৰে অৰণ্য আৰু বন্যপ্ৰাণীবোৰক সংৰক্ষিত ৰখাৰ পৰম্পৰা প্ৰচলিত আছিল৷ এই ‘তপোবন’ পৰম্পৰাকে বৰ্তমান সমগ্ৰ বিশ্বৰ দেশবোৰে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ বৰ্তমান যাক আমি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে চিনি পাওঁ৷
ভাৰতীয় সনাতন পৰম্পৰাৰ প্ৰতিটো ক্ষেত্ৰতেই বন্যপ্ৰাণী সংৰক্ষণৰ পৰম্পৰাক মান্যতা তথা গুৰুত্ব প্ৰদান কৰা হৈছে৷ ভাৰতীয় সনাতন পৰম্পৰা বুলি ক’লে আমি – প্ৰাক্বৈদিক, বৈদিক, অবৈদিক তথা ভাৰতীয় জনগোষ্ঠীয় সমাজৰ দৰ্শন, পৰম্পৰা আৰু চেতনাৰ পৰা উদ্ভৱ হোৱা সকলোবোৰ সংস্কৃতিকেই সামৰি যি সংস্কৃতি, তাতেই সনাতন ভাৰতীয় সংস্কৃতি বুলি বুজিব লাগিব৷ ভাৰতীয় জনগোষ্ঠীয় সমাজত এনেকোৱা অসংখ্য উদাহৰণ আছে, যিবোৰ বন্যপ্ৰাণী সংৰক্ষণৰ কথা আধুনিক বিশ্বই বৰ্তমান কৈ আছে, ভাৰতীয় সনাতন পৰম্পৰাৰ জনগোষ্ঠীসকলে প্ৰাচীন কালৰে পৰা সেইবোৰ বন্যপ্ৰাণী সংৰক্ষণৰ পৰম্পৰাগত অনুশীলনত অভ্যস্ত আছিল৷ যেনে – বাঘ সংৰক্ষণৰ কথা, অৰ্থাৎ ব্যাঘ্ৰ প্ৰকল্পৰ [Tiger Project] কথা আধুনিক সময়ে আমি কৈ আছো৷ সমগ্ৰ পৃথিৱীৰ আধুনিক প্ৰাণীবিজ্ঞানীসকলে ব্যাঘ্ৰ প্ৰকল্পৰ মাধ্যমে, বাঘ [ঢেকীয়াপতীয়া বাঘ – Tiger] সংৰক্ষণৰ কথা কৈ আছে৷ কিন্তু আমাৰ বড়ো জনগোষ্ঠীয়ে প্ৰাচীন কালৰে পৰা বাঘ সংৰক্ষণৰ কথাক গুৰুত্ব প্ৰদান কৰি আহিছে৷ প্ৰাচীন কালৰে পৰা এদল বড়ো মানুহে পৰম্পৰাগতভাবে বাঘ সংৰক্ষণৰ কামত নিজকে আত্মনিয়োগ কৰিছিল৷ কোনো স্থানত বাঘ হত্যাৰ কথা গম পালে তেওঁলোকে তাতে গৈ মানুহক বাঘ হত্যা নকৰিবলৈ প্ৰবচন প্ৰদান কৰিছিল৷ বাঘ হত্যাৰ বাবে নিজে প্ৰায়শ্চিত্ত কৰিছিল আৰু আনুষ্ঠানিক পূজা ইত্যাদিও কৰিছিল৷ পৰম্পৰাগতভাবে তেওঁলোক আছিল বাঘ সংৰক্ষক৷ বৰ্তমানেও এই প্ৰাচীন বড়ো বাঘ সংৰক্ষকসকলে নিজৰ নামৰ পিছত লিখে – ‘মুছাহাৰী’ [মৌছা হাৰী ৃ বাঘ উপাশক]৷ বড়ো ভাষাত ‘মৌছা’ কথাৰ অৰ্থ হ’ল বাঘ [Tiger] আৰু ‘হাৰী’ কথাৰ অৰ্থ হ’ল উপাসক৷ বৰ্তমানে যিসকল বড়ো মানুহে, নিজৰ উপাধি লিখে – মুছাহাৰী তেওঁলোক মূলত প্ৰাচীন কালৰ বাঘ সংৰক্ষক৷
মই চক্ৰশীলা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া ৰাভা গাঁও – যোৰনাগৰা, অভয়পুৰী, দামোদৰপুৰ ইত্যাদিৰ ৰাভা মানুহৰ লগত ১৯৮০ চনৰ পৰাই কাম কৰি আছো৷ এই ৰাভা মানুহবোৰে বিশ্বাস কৰে যে, তেওঁলোক প্ৰতিটো পৰিয়াল কোনো নহয় কোনো বন্যপ্ৰাণীৰ বংশধৰ৷ তেওঁলোকে সেই বন্যপ্ৰাণীবিধ কেতিয়াও হত্যা নকৰে, তাৰ মাংস ভক্ষণ নকৰে আৰু মূলতঃ তেওঁলোক সেইবোৰ বন্যপ্ৰাণীৰ সংৰক্ষক৷ আমাৰ অৰুণাচল প্ৰদেশৰ মিছিমী জনগোষ্ঠী হলৌ বান্দৰৰ সংৰক্ষক৷ তেওঁলোকে কেতিয়াও হলৌ বান্দৰ হত্যা নকৰে, তাৰ মাংস ভক্ষণ নকৰে৷ এনেকোৱা অসংখ্য উদাহৰণ আমাৰ ভাৰতীয় জনগোষ্ঠীয় সমাজত আজিও প্ৰচলিত হৈ আছে৷
আমি সনাতন ভাৰতীয়সকলে বিভিন্নভাবে বন্যপ্ৰাণীবোৰক শ্ৰদ্ধা প্ৰদান কৰি আৰু সংৰক্ষণ প্ৰদান কৰি আহিছো৷ বন্যপ্ৰাণীৰ প্ৰতিটো বিশেষ ধাৰাৰ প্ৰতিনিধিক ভাৰতীয় সনাতন পৰম্পৰাৰ অন্তৰ্ভুক্ত কৰি বন্যপ্ৰাণী সংৰক্ষণৰ পৰম্পৰাক গুৰুত্ব প্ৰদান কৰা হৈছে৷ আমি আমাৰ বন্যপ্ৰাণীবোৰক ঈশ্বৰৰ লগত যুক্ত কৰি পূজা-অৰ্চনা কৰি আহিছো৷ স্তন্যপায়ী বন্যপ্ৰাণীৰ প্ৰতিনিধিৰ ৰূপত বাঘ, সিংহ, হাতী ইত্যাদিক আমি আমাৰ পূজাত স্থান দিছো৷ বিভিন্ন বনৰীয়া চৰাইকো আমি আমাৰ ধৰ্মীয় পৰম্পৰাত স্থান দিছো৷ জলচৰ চৰাইৰ প্ৰতিনিধি ৰূপত হাঁহ ক, গ্ৰাউণ্ড বাৰ্ড বা ভূমিত বিচৰণ কৰা চৰাইৰ প্ৰতিনিধি ৰূপত বনৰীয়া কুকুৰা আৰু মৌৰা চৰাইক, নিশাচৰ চৰাইৰ প্ৰতিনিধি ৰূপত ফেঁচা ক, চিকাৰী চৰাইৰ প্ৰতিনিধি ৰূপত জটাইয়ু চৰাইক আমি মান্যতা তথা শ্ৰদ্ধা প্ৰদান কৰিছো৷ উভচৰ আৰু সৰিসৃপ প্ৰজাতিৰ প্ৰতিনিধি ৰূপত – সাপ, কাছ, কুম্ভীৰ ইত্যাদিক আমি আমাৰ শ্ৰদ্ধাৰ পৰম্পৰাত স্থান দিছো৷ পতঙ্গৰ প্ৰতিনিধি ৰূপত, শুভ বাৰ্তা বহনকাৰীৰ প্ৰতীকত আমি পখিলাক স্থান দিছো৷ মাছবোৰৰ কথা ভাবি আমি মৎস্য অৱতাৰৰ কথা কৈ আহিছো৷ ভাৰতৰ সনাতনী পৰম্পৰাৰ প্ৰতিটো সংস্কৃতিৰ মাজতেই বন্যপ্ৰাণী সংৰক্ষণৰ বাৰ্তা প্ৰবাহিত হৈ আছে৷
আমাৰ বন্যপ্ৰাণী আৰু অৰণ্য ধ্বংসৰ মূলতেই আছে বিদেশী অপশক্তি৷ বিশেষকৈ বৃটিছসকলেই আমাৰ বন্যপ্ৰাণী আৰু অৰণ্য ধ্বংসৰ মূল কাৰক৷ এই বৃটিছসকলে অবাধ বন্যপ্ৰাণীৰ চিকাৰ কৰি, আমাৰ বহুত বন্যপ্ৰাণীক প্ৰায় লুপ্ত কৰি দিছে৷ অসমত এই বৃটিছসকলে ‘গেম ৰিজাৰ্ভ’ পাতি, বন্যপ্ৰাণী হত্যাক তেওঁলোকৰ আমোদ-প্ৰমোদৰ বিষয় কৰি তুলিছিল৷ এই বৃটিছসকলে বাঘ মাৰি মাৰি আমাৰ দেশৰ পৰা বাঘ প্ৰায় নিঃশেষ কৰি দিছিল৷ শুনিলে বহুতেই হয়তো আচৰিত হ’ব যে, মাত্ৰ প্ৰায় এশ বছৰ আগতে অৰ্থাৎ ১৯০০ শতাব্দিৰ শেষৰ ফালে আমাৰ দেশৰ বাঘৰ সংখ্যা আছিল প্ৰায় ৮০ / ৯০ হাজাৰ, বৃটিছ অহাৰ পিছত মাৰি মাৰি সেই বাঘৰ সংখ্যা প্ৰায় নোহোৱাৰ দৰে হৈ গৈছিল৷ ১৯৭৩ চনত যিবছৰ প্ৰথম প্ৰজেক্ট টাইগাৰৰ কাম আৰম্ভ হৈছিল সেই বছৰ সমগ্ৰ ভাৰতবৰ্ষত বাঘৰ সংখ্যা আছিল মাত্ৰ ২৮৬ টা৷ বৃটিছসকলৰ দৰে শোষণকাৰী, বন্যপ্ৰাণী ধ্বংসকাৰী আৰু অসমৰ অৰণ্য ধ্বংসকাৰী অপশক্তি ভাৰতত দ্বিতীয়টো নাছিল৷ বাঘ, হাতী, গঁড়, কুম্ভীৰ, ঘঁৰিয়াল বিভিন্ন বনৰীয়া চৰাই এই বৃটিছসকলেই মাৰি মাৰি আমাৰ দেশৰ পৰা ধ্বংস কৰিছিল৷ অসমৰ মূল অৰণ্যক ধ্বংস কৰিছিল এই বৃটিছবোৰেই৷ আমাৰ অসমৰ অৰণ্যসম্পদ লুণ্ঠন কৰি, অৰণ্য আৰু তাৰ বন্যপ্ৰাণীবোৰক নিৰ্বিচাৰত হত্যা কৰি নিজৰ মুনাফাৰ বাবে বৃটিছে চাহ বাগানবোৰৰ প্ৰতিষ্ঠা কৰিছিল৷ অসমৰ অৰণ্যৰ স্থানীয় গছবোৰ কাটি তাৰ ঠাইত ব্ৰহ্মদেশৰ চেগুন গছবোৰ ৰোপন কৰিছিল যাৰবাবে অসমৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰৰ লগতে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ অপূৰণীয় ক্ষতি সাধন হৈছে৷ ভাৰতীয় পৰম্পৰাগত সংৰক্ষণ ব্যৱস্থাটোক ভাঙি নিঃশেষ কৰি তাৰপৰা মুনাফা অৰ্জন কৰাটোৱে আছিল বৃটিছৰ মূল লক্ষ্য৷ আমাৰ পৰম্পৰাগত বন্যপ্ৰাণী সংৰক্ষণৰ চেতনা ভাঙি পেলোৱাৰ বাবে বৃটিছে বিভিন্ন পন্থা গ্ৰহণ কৰিছিল৷ ধনী আৰু দুখীয়া প্ৰত্যেককে বন্দুক প্ৰদান কৰা, চিকাৰত উৎসাহ দিয়া, অৰণ্য অপসাৰণ কৰাৰ বাবে জনমত গঠন কৰা ইত্যাদি সকলো ধ্বংসাত্মক কামৰ উৎসাহ দাতা আৰু সহায়ক আছিল বৃটিছসকল৷ আমাৰ সম্পদ লুণ্ঠন কৰি বৃটিছবোৰে নিজৰ দেশত শিল্প বিপ্লবৰ সূচনা কৰে৷ বৃটিছবোৰে আমাৰ মানুহবোৰক পশুৰ দৰে কিনা-বেচা কৰে, বল প্ৰয়োগেৰে স্থানান্তৰ কৰে, প্ৰায় কৃতদাসত ৰূপান্তৰিত কৰে৷
বৃটিছবোৰ অত্যন্ত ধূৰ্ত আৰু সুবিধাবাদী জাতি৷ নিজৰ দেশ আৰু জাতিৰ প্ৰাধান্য বজায় ৰখাৰ উদ্দেশ্যে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰে৷ বিভিন্ন দেশত অৰ্থ খৰচ কৰি তেওঁলোকে নিজৰ প্ৰচাৰ চলাই থাকে আৰু এই প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে সেই দেশৰে কিছুমান মানুহক ব্যৱহাৰ কৰে৷ আমাৰ দেশৰ কিছুমান অৰ্থলোভী, যশ লোভী মানুহে সদায় ধূৰ্ত বৃটিছসকলৰ প্ৰৰোচনাৰ চিকাৰ হৈ আহিছে৷ বৰ্তমান সমগ্ৰ পৃথিৱীতেই প্ৰকৃতি সংৰক্ষণৰ প্ৰৱল চেতনাৰ জাগৰণ হোৱা পৰিলক্ষিত হৈ আছে৷ ধূৰ্ত বৃটিছবোৰে এতিয়া বন্যপ্ৰাণী তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ মিছা কথা প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে৷ এইক্ষেত্ৰত প্ৰত্যেকজন আত্মসচেতন দেশবাসী সজাগ হৈ থকাটো অত্যন্ত জৰুৰী৷ আমাৰ নিজৰ সংৰক্ষণ পৰম্পৰাক অৱহেলা কৰি বা বিদেশী শক্তিৰ প্ৰৰোচনাত ভাৰতীয় সংৰক্ষণ পৰম্পৰাক কৌশলেৰে অৱহেলা কৰি, বিদেশীসকলৰ জয়গান কৰা ব্যক্তি বা দলৰ প্ৰতি আমি সজাগ দৃষ্টি ৰাখিব লাগিব৷ বিদেশী শক্তিৰ পৰিকল্পিত প্ৰচাৰৰ জালত যাতে আমাৰ নিজৰ মহান ভাৰতীয় সংৰক্ষণ পৰম্পৰাক আমি অৱহেলা নকৰো সেইফালেও আমি সজাগ হৈ থাকিব লাগিব৷
বৰ্তমান সময়ত, সমগ্ৰ ভাৰতবৰ্ষত আৰু সমগ্ৰ বিশ্বতেই বনৰীয়া চৰাই সংৰক্ষণৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈ আছে৷ আমি আমাৰ সংগঠন নেচাৰ্চ বেকনৰ হৈ ১৯৮২ চনৰ পৰায় বনৰীয়া চৰাই সংৰক্ষণৰ বাবে নিৰবিচ্চিন্নভাবে কাম কৰি আছো৷ চৰাই সংৰক্ষণ কৰাটো যে পৰিস্থিতিতন্ত্ৰ অটুট ৰখাৰ বাবে অপৰিহাৰ্য সেই কথা আজি পৃথিৱীৰ সকলো শিক্ষিত আৰু সচেতন জাতিয়ে অনুভৱ কৰিছে৷ বৰ্তমান প্ৰকৃতি সাহিত্যৰ গুৰুত্ব পৃথিৱীৰ প্ৰায় সকলো দেশৰ সাহিত্যিক, লেখক আৰু পাঠকসকলে অনুভৱ কৰে আৰু অনুশীলনো কৰে৷ প্ৰকৃতি সাহিত্য বুলি ক’লে আমি অকল সেইবোৰ সাহিত্য কৰ্মকেই বুজো যি সাহিত্যৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ চেতনা প্ৰকাশ পায়৷ অৰ্থাৎ প্ৰকৃতি সাহিত্য বুলি ক’লে আমি বুজিব লাগিব যে সেই সাহিত্য সৃষ্টিৰ মাজেৰে, প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা যাতে প্ৰকাশিত হয়, তথা এই সাহিত্য প্ৰকৃতিৰ হিতৰ বাবে৷ সাহিত্যত প্ৰকৃতিৰ উল্লেখ থকা আৰু প্ৰকৃতিৰ হিতৰ বাবে ৰচিত হোৱা সাহিত্য দুটা কিন্তু পৃথক বাৰ্তা বহন কৰে৷ প্ৰকৃতিৰ হিতৰ বাবে ৰচিত সাহিত্য কৰ্মকেই পণ্ডিতসকলে প্ৰকৃতি সাহিত্য বুলি অভিহিত কৰিছে৷ ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতিত আৰু ভাৰতীয় প্ৰাচীন সাহিত্যত মহৰ্ষি বাল্মীকিৰ নাম স্বৰ্ণাক্ষৰত লিপিবদ্ধ হৈ আছে৷ আমি প্ৰত্যেকজন ভাৰতীয়ই এই কথা অৱগত যে মহৰ্ষি বাল্মীকিয়ে ৰচনা কৰিছিল ২৪ হাজাৰ শ্লোক আৰু পাঁচশ সৰ্গত সপ্তকাণ্ড ৰামায়ণ৷ কাণ্ডকেইটা হ’ল – বালকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধ্যাকাণ্ড, সুন্দৰকাণ্ড, যুদ্ধ কাণ্ড আৰু উত্তৰকাণ্ড৷ কিন্তু আমি বহুতেই হয়তো অনুভৱ নকৰোঁ যে মহৰ্ষি বাল্মীকি আছিল ভাৰত তথা সমগ্ৰ পৃথিৱীৰ প্ৰথম চৰাই সংৰক্ষক আৰু পৃথিৱীৰ প্ৰথম প্ৰকৃতি সাহিত্যিক৷
এদিন মহৰ্ষি বাল্মীকিয়ে শিষ্য ভৰদ্বাজক লৈ তমসা নদীত স্নানাৰ্থে যাত্ৰা কৰিলে৷ তমসা নদীত উপস্থিত হৈ চাৰিওফালে নিবিড় বননি লক্ষ্য কৰোঁতে দেখিলে, এহাল ক্ৰৌঞ্চ দম্পতি গছৰ ডালত খেলা কৰি আছে৷ সিহঁত মিলনৰত অৱস্থাত৷ হঠাৎ এজন ব্যাধ আহি পুৰুষ ক্ৰৌঞ্চক শৰেৰে আঘাত কৰি হত্যা কৰিলে৷ শোকত বিলাপ কৰিব ধৰিলে ক্ৰৌঞ্চী৷ বেদনাত নিমজ্জিত হ’ল মহৰ্ষি৷ মুখৰ পৰা নিঃসৃত হ’ল প্ৰথম কবিতা, প্ৰথম শ্লোক –
‘‘মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ৷
যৎ ক্ৰৌঞ্চ মিথুনাদেকমবধীঃ কামমোহিতম্৷৷’’
[অৰ্থ – হে ব্যাধ, তুমি বহুবছৰ ধৰি প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিবা কিয়নো তুমি কামমোহিত ক্ৰোঞ্চ চৰাইহালিৰ এটাক বধ কৰিছা৷]
পৃথিৱীত বনৰীয়া চৰাইৰ প্ৰতিৰক্ষা বা সংৰক্ষণৰ ক্ষেত্ৰত এইটোৱেই প্ৰাচীনতম সংৰক্ষণ সজাগতা বাৰ্তা৷ লগতে এই প্ৰাচীন ভাৰতীয় শ্লোক বা কবিতাটোৱেই হ’ল পৃথিৱীৰ প্ৰথম প্ৰকৃতি সাহিত্য৷ অৰ্থাৎ মহৰ্ষি বাল্মীকি আছিল পৃথিৱীৰ প্ৰথম বনৰীয়া চৰাই সংৰক্ষক লগতে প্ৰথম প্ৰকৃতি সাহিত্যিক৷
এই মহান কবিতাটোৰ মাজেৰে বনৰীয়া চৰাইৰ সংৰক্ষণৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতীয় সংৰক্ষণ চেতনা প্ৰতিফলিত হৈছে৷ ব্যাধে সেই সময়ত বনৰীয়া চৰাই চিকাৰ কৰাটো স্বাভাৱিক কথা আছিল৷ ব্যাধৰ বৃত্তিয়ে আছিল চৰাই চিকাৰ বা অন্যান্য বন্যপ্ৰাণীৰ চিকাৰ৷ কিন্তু প্ৰজননৰ সময়ত যে বন্য চৰাই বা বন্যপ্ৰাণী হত্যা কৰাটো অন্যায় আৰু নীতিবৰ্হিভূত কাম, তাৰ প্ৰতিফলন এই কবিতাটোত প্ৰকাশ পাইছে৷ মহৰ্ষি বাল্মীকিয়ে তেওঁৰ শ্লোকৰ মাজেৰে সমগ্ৰ ব্যাধ সমাজক তথা সমগ্ৰ মনুষ্য সমাজক যেন এই বাণী শুনাইছিল যে – প্ৰজননৰ সময়ত বা প্ৰজনন ঋতুত বন্যপ্ৰাণী হত্যা কৰাটো মঙ্গলজনক নহয়৷ ভাৰতীয় সমাজত তথা ভাৰতীয় পৰম্পৰাত হত্যাক কেতিয়াও উৎসাহ প্ৰদান কৰা হোৱা নাই৷ সকলো প্ৰাণী সুখত থাকক এই দৰ্শন, ভাৰতীয় সনাতন ধাৰাৰ মূল স্ৰোতত প্ৰবাহিত আছিল৷