মই পৃথিৱীৰ বাবে মঙ্গলজনক

Nature's Beckon's Ahum Basudhame Krite Mangaljanak mind movement opens a new paradigm for conservation-education and biodiversity conservation in Eastern India.
WhatsApp Image 2024-05-07 at 20.14.57_344710d2

-কিশোৰ কুমাৰ চৌধুৰী

        উত্তৰপূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে ২০২২ চনলৈকে চাৰিটা দশক সম্পূৰ্ণ কৰিলে৷ ১৯৮২ চনৰ, অৰ্থাৎ জন্মলগ্নৰ পৰা আজিলৈকে আমাৰ সংগঠন নেচাৰ্চ বেকনে অসমৰ সুহৃদসচেতন ৰাইজৰ সহযোগত অসমৰ বনবন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে নিৰন্তৰভাবে কাম কৰি আছে৷ নেচাৰ্চ বেকনৰ প্ৰচেষ্টাত সুৰক্ষিত বলৈ সক্ষম হৈছে বহুতো বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ বাসস্থান৷ নেচাৰ্চ বেকনৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত চৰকাৰী ৰাজপত্ৰত ঘোষিত হৈছে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান৷ ধুবুৰীৰ পৰা শদিয়ালৈকে অসমৰ বিভিন্ন অঞ্চলত নেচাৰ্চ বেকনৰ সদস্যসদস্যাসকলে প্ৰকৃতি, পৰিৱেশ, বনবন্যপ্ৰাণী, আদ্ৰৰ্ভূমি ইত্যাদি সংৰক্ষণৰ হকে নিজকে আত্মনিয়োগ কৰিছে৷

Ahum Basudhame Krite Mangaljanak mind movement, a new awakening of collective responsibility for the benefit of all.

যোৱা চাৰিটা দশকত পৰিৱেশ সংৰক্ষণ বিষয়টো নেচাৰ্চ বেকনৰ উদ্যোগত এক গণ আন্দোলনৰ ৰূপ লৈছে৷ নেচাৰ্চ বেকনৰ প্ৰচেষ্টাত এক ব্যাপক জনজাগৰণৰ সূচনা হৈছে৷ পৰিৱেশ সংৰক্ষণ আন্দোলনটো ভাষাধৰ্মবৰ্ণগোষ্ঠী নিৰ্বিশেষে এক গণ আন্দোলনৰ ৰূপ লৈছে৷ পৃথিৱীৰ সুৰক্ষাৰ বাবে কাম কৰা এক আন্দোলন৷ মানুহৰ সুৰক্ষা অৰ্থাৎ নতুন প্ৰজন্মক সুৰক্ষিত কৰাৰ আন্দোলন৷ এক কথাত মানৱীয় আন্দোলন৷ সকলো স্তৰৰ ৰাইজে এই আন্দোলনৰ অংশীদাৰ হৈ পৰিছে৷ অসমৰ বিভিন্ন প্ৰান্তত বহুতো ব্যক্তি আগবাঢ়ি আহি নিজে নিজে পৰিৱেশ সংৰক্ষণ আন্দোলনত চামিল হৈছে৷ যোৱা চল্লিশ বছৰত নেচাৰ্চ বেকনৰ প্ৰচেষ্টাত বনবন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত এক সামাজিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ এই সুদীৰ্ঘ সময়ছোৱাত নেচাৰ্চ বেকনে পৰিৱেশ সজাগতা সভা, প্ৰশিক্ষণ, কৰ্মশালা, প্ৰকৃতি শিবিৰ, আলোচনাচক্ৰ, কেডাৰ মিট, পৰিৱেশ শিক্ষা, চৰাই পৰ্যবেক্ষণ, অৰণ্য ভ্ৰমণ, জঙ্গল ট্ৰেকিং, প্ৰকৃতি সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ, পোষ্টাৰ, লিফ্লেট, শিক্ষণ সামগ্ৰী তৈয়াৰ কৰা, তথ্যচিত্ৰ নিৰ্মাণ ইত্যাদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰি আহিছে৷ এই সকলোবোৰ প্ৰচেষ্টাই নেচাৰ্চ বেকনৰ পৰিৱেশ সংৰক্ষণ আন্দোলনক অধিক শক্তিশালী আৰু জনপ্ৰিয় কৰি তুলিছে৷

     যোৱা চল্লিশ বছৰত নেচাৰ্চ বেকনে সময়ে সময়ে বিভিন্ন প্ৰকল্প হাতত লৈছিল আৰু সেইবোৰৰ সফল ৰূপায়ণ হৈছে৷ তাৰ ভিতৰত কিছুমান প্ৰকল্প বৰ্তমানেও চলি আছে৷ এইবাৰ নেচাৰ্চ বেকনে সংগঠনটোৰ গৌৰৱময় সোণালী জয়ন্তী দশক পালনৰ যোজা কৰিছে৷ ২০২২ চনৰ পৰা ২০৩২ চনলৈ নেচাৰ্চ বেকনে সোণালী জয়ন্তী দশক পালনৰ উদ্দেশ্যে বিশেষ বিশেষ প্ৰকল্প হাতত লৈছে৷ তাৰ ভিতৰত এটা অতি উল্লেখযোগ্য প্ৰকল্প – ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ ২০২২ চনৰ আগষ্ট তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ আৰম্ভণি কৰা হয়৷ প্ৰথম পৰ্যায়ত ২০২২ চনৰ আগষ্ট তাৰিখে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ১০০ খন বিদ্যালয়ৰ এক লক্ষাধিক ছাত্ৰছাত্ৰীক সামৰি শপত বাক্য পাঠ কৰোৱা হয়৷ ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’– এই শপত বাক্য আমাৰ ছাত্ৰছাত্ৰীসকলে ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনাৰ সময়ত সমস্বৰে পাঠ কৰে৷ সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকশিক্ষয়িত্ৰীসকলৰ আন্তৰিক সহযোগিতা থকা বাবে এই কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হৈছে৷ ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ [অহম বসুধাম্কৃতে মঙ্গলজনক] – এই চেতনা যাৰ মনত প্ৰৱেশ কৰিব তেওঁৰ জীৱন দৰ্শন সুন্দৰস্বচ্চ৷ এই চেতনাই শিশুসকলৰ আচৰণ, স্বভাৱচৰিত্ৰ নিয়ন্ত্ৰণ কৰিব৷ শিশুসকলৰ মানসিক বিকাশত এই চেতনাই বিশেষভাৱে প্ৰভাৱিত কৰিব৷ এজন ছাত্ৰছাত্ৰীয়ে যেতিয়া পৃথিৱীৰ বাবে মঙ্গলজনক হিচাপে নিজকে গঢ়ি তুলিব তেতিয়া তেওঁ নিশ্চিতভাৱে নিজৰ বাবেও মঙ্গলজনক ব৷ নিজৰ বৌদ্ধিক মানসিক তথা শাৰীৰিক উত্তৰণৰ বাবে সেই শিশুসকল অগ্ৰসৰ হব৷

Nature's Beckon revilatised its conservation education program with this new wave of mind movement amongst the students and teachers of Assam from 2022.

সমগ্ৰ অসমৰ বিভিন্ন ঠাইত কেইবাটাও মণ্ডলত এই কাৰ্যসূচী সম্পন্ন কৰা হৈছে৷ একোটা মণ্ডলত একোখন নিৰ্দিষ্ট ঠাইত কমেও ১০ [দহ] খন বিদ্যালয় সামৰি লোৱা হৈছে৷ আমি দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈ চহৰৰ অন্তৰ্গত ১০ খন বিদ্যালয়ৰ লগত জড়িত হৈ এক মণ্ডল সংগঠিত কৰিছিলোঁ৷ সকলোবোৰ বিদ্যালয়ৰ আগ্ৰহ তথা সহায়সহযোগিতাই আমাক এই কামৰ বাবে উৎসাহপ্ৰেৰণা যোগাইছিল৷ আগষ্টৰ দিনা সকলো বিদ্যালয়তে সংকল্প গ্ৰহণ অনুষ্ঠান – ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ সফলভাৱে ৰূপায়ণ কৰা হয়৷

Nature's Beckon spread this mind movement across the length & breadth of Assam. 1st picture - The launch of Ahum Basudhame Krite Mangaljanak movement in Goalpara. 2nd picture - Its vibrant launch in Dhemaji district.

‘‘ভাৰতবৰ্ষৰ বনবন্যপ্ৰাণী আৰু পৰিবেশক সংৰক্ষিত কৰি ৰখাৰ বাবে মই মোৰ সমগ্ৰ জীৱন ধৰি সচেষ্ট থাকিম৷’’

‘‘প্ৰকৃতি আমাৰ মা, ভাৰতবৰ্ষ আমাৰ জন্মভূমি, অসম আমাৰ কৰ্মভূমি৷ জন্মভূমিৰ সুৰক্ষা, অখণ্ডতা, সমৃদ্ধি আৰু শান্তিপূৰ্ণ পৰিৱেশ আমাৰ লক্ষ্য৷ মই সেই লক্ষ্যৰ পিনে আগবাঢ়ি আছো৷’’

মই সদায় নিজকে উত্তৰণৰ পিনে আগুৱাই লৈ যাবলৈ সচেষ্ট থাকিম৷ মই মিথ্যাচাৰৰ আশ্ৰয় নলওঁ আৰু কোনোধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন নকৰোঁ৷

মই মোৰ ওচৰপাঁজৰত থকা গছবন আৰু বন্যপ্ৰাণীবোৰক সুৰক্ষা প্ৰদান কৰিম৷ মোৰ দ্বাৰা মোৰ নিজৰ আৰু আন কাৰোবাৰ যাতে কোনো অমঙ্গল নহয় তাৰবাবে মই সচেতন থাকিম৷

মোৰ বিদ্যালয়, মোৰ আচাৰ্য, মোৰ শিক্ষক, শিক্ষয়িত্ৰী তথা শিক্ষাগুৰু, মোক জীৱনৰ বাটত আগুৱাই যাবলৈ সহায়সহযোগিতা কৰা প্ৰত্যেকৰ প্ৰতি মই থাকিম শ্ৰদ্ধাশীল৷

এই পাঁচটা সংকল্প গ্ৰহণ কৰা হয়৷

Students, teachers, and civil society representatives participates in the statewide mind movement at Mangaldoi.

মঙ্গলদৈ মণ্ডলৰ ১০খন বিদ্যালয়ৰ মুঠ ৬১০৮ জন ছাত্ৰছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ লয়৷ বিদ্যালয়সমূহ গুৰুকুল গ্ৰুপ অব এডুকেশ্বনেল উইঙ [Gurukul Group of Educational Wing] ৬০০ ছাত্ৰছাত্ৰী, মঙ্গলদৈ কলেজিয়েট হাইস্কুলৰ ১৭০, ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ ২৮৭, কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ৫০০, মঙ্গলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ৮৫৮, মঙ্গলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ ৬৪১, মঙ্গলদৈ চৰকাৰী বালক উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫০মঙ্গলদৈ বিদ্যাপীঠ হাইস্কুলৰ ৩৮৮, মঙ্গলদৈ মহাঋষি বিদ্যা মন্দিৰৰ ৯০০, মঙ্গলদৈ নগৰ বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ১০০৪ জন৷

    আমাৰ এই কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষাগুৰুসকলে প্ৰত্যেকে সহায়সহযোগিতা আগবঢ়াইছে৷ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকশিক্ষয়িত্ৰী, অধ্যক্ষৰ লগতে দুগৰাকীকৈ সহকাৰী শিক্ষকশিক্ষয়িত্ৰীয়ে বিশেষভাবে এই কাৰ্যসূচীত জড়িত হৈ পৰে৷ তেওঁলোক ক্ৰমেগুৰুকুল গ্ৰুপ অব এডুকেশ্বনেল উইঙৰ সঙ্গীতা অধিকাৰী চৰকাৰ [অধ্যক্ষা], কোয়েল ভট্টাচাৰ্য, সুভদ্ৰা সাহা৷ মঙ্গলদৈ কলেজিয়েট হাইস্কুলৰ ৰাজীৱ হুছেইন [প্ৰধান শিক্ষক], সুনন্দ কুমাৰ নাথ, জুৰি শৰ্মা৷ ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ কাঞ্চন শইকীয়া [প্ৰধান শিক্ষয়িত্ৰী], শান্তনা বড়া, প্ৰণতি বৰুৱা৷ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ মহেন্দ্ৰ শৰ্মা [প্ৰধান শিক্ষক], কুসুম শৰ্মা, পৰমানন্দ নাথ৷ মঙ্গলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ৰবীন্দ্ৰ কাকতি [প্ৰধান শিক্ষক], শৰত দাস, সঙ্গীতা ডেকা৷ মঙ্গলৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ দীপিকা কলিতা [প্ৰধান শিক্ষয়িত্ৰী], জুৰিটি শইকীয়া, ফাৰহানা ইয়াছমিন৷ মঙ্গলদৈ চৰকাৰী বালক উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ললিত ডেকা [অধ্যক্ষা], ইফতিকাৰ হুছেইন, মুখতাৰুল ক৷ মঙ্গলদৈ বিদ্যাপীঠ হাইস্কুলৰ মুনমুনী দত্ত [প্ৰধান শিক্ষয়িত্ৰী], অৰুণাভ বৰা, অঞ্জুমণি দাস, মঙ্গলদৈ মহাঋষি বিদ্যামন্দিৰৰ হেমন্ত পায়েঙ [প্ৰধান শিক্ষক], দিপালী দেৱী, চন্দনা দেৱী৷ মঙ্গলদৈ নগৰ বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ্তি শৰ্মা [অধ্যক্ষা], কল্পনা শমৰ্মা, সপোন জ্যোতি ডেকা৷

Ahum Basudhame Krite Mangaljanak mind movement is connecting the new generations with the drive for social change and biodiversity conservation.

ছাত্ৰীছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতাএই সংকল্প গ্ৰহণ কাৰ্যসূচীৰ পিছতেই আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আটাইকেইটা মণ্ডলতেই – ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ প্ৰকল্পৰ অধীনত সকলোবোৰ বিদ্যালয়তেই পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰছাত্ৰীসকলৰ মাজত শ্ৰেণীভিত্তিক এলানি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ৷ মঙ্গলদৈ মণ্ডলতো এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়৷ যোৱা ২৬ আগষ্ট ২০২২ৰ পৰা ১৫ ছেপ্টেম্বৰ ২০২২লৈ ছাত্ৰছাত্ৰীসকলে ৰচনা প্ৰতিযোগিতাত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰে৷ মঙ্গলদৈ মণ্ডলৰ প্ৰত্যেকখন বিদ্যালয়ৰ সন্মানীয় শিক্ষকসকলৰ পৰা আমি ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ সংগ্ৰহ কৰোঁ৷

উল্লেখযোগ্য যে ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তুসমূহ কেৱল মাত্ৰ প্ৰকৃতি ভিত্তিক৷ সেইবোৰ পঞ্চম শ্ৰেণীৰ ‘‘আমাৰ ওচৰপাঁজৰত ফুলি থকা ফুলবোৰৰ কথা’’, ষষ্ঠ শ্ৰেণীৰ ‘‘আমাৰ ওচৰপাঁজৰত থকা গছবোৰৰ কথা’’, সপ্তম শ্ৰেণী ‘‘মই দেখা অৰণ্যখন’’, অষ্টম শ্ৰেণী ‘‘আমাৰ ওচৰৰ নদীখনৰ কথা’’, নৱম শ্ৰেণীৰ ‘‘আমাৰ ওচৰত থকা আদ্ৰৰ্ভূমি তথা বিল আৰু তাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা’’, দশম শ্ৰেণী ‘‘অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা, একাদশ শ্ৰেণী ‘‘অৰণ্য সংৰক্ষণৰ বাবে ছাত্ৰছাত্ৰীসকলৰ কৰ্তব্য’’, দ্বাদশ শ্ৰেণী ‘‘অসমৰ অৰণ্য সংৰক্ষণ আন্দোলন আৰু তাৰ সফলতা’’ মঙ্গলদৈ মণ্ডলৰ দুখনমান বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে পৰীক্ষা থকা হেতুকে ৰচনা লিখিব নোৱাৰিলে৷ আমাৰ হাতত মুঠ ৬৩ গৰাকী ছাত্ৰছাত্ৰীৰ নাম আহিছে যিসকলে উৎকৃষ্ট ৰচনা লিখি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল৷

'Ahum Basudhame Krite Mangaljanak' is connecting the students from rural and urban Assam with the essence of Indian ancient knowledge and wisdom.

বঁটা বিতৰণী সভা তথা জনপ্ৰিয় বক্তৃতানুষ্ঠান

মই পৃথিৱীৰ বাবে মঙ্গলজনকপ্ৰকল্পৰ বিশেষ বক্তৃতানুষ্ঠান তথা বঁটা বিতৰণী সভা আয়োজন কৰা হয়৷ মঙ্গলদৈ মণ্ডলৰ অধীনৰ সকলো বিদ্যালয়ৰ শিক্ষকশিক্ষয়িত্ৰী, ছাত্ৰছাত্ৰী, স্থানীয় ৰাইজ আৰু অভিভাৱকসকলক সামৰি এই অনুষ্ঠান যোৱা নৱেম্বৰ ২০২২ তাৰিখে সম্পন্ন কৰা হয়৷ মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কমলাকান্ত বৰা ডাঙৰীয়াদেৱে মহাবিদ্যালয়ৰ বিজ্ঞান গেলাৰীত আমাৰ সভাখন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে৷ তেখেতৰ আন্তৰিক সহযোগিতা আমাৰ প্ৰেৰণা৷ বঁটা বিতৰণী তথা বক্তৃতা অনুষ্ঠান সভাখনিত সভাপতিত্ব কৰে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ড॰ বুদ্ধিন চন্দ্ৰ হাজৰিকাদেৱে৷ তেখেতে অতি সুন্দৰভাৱে সভাখন পৰিচালনা কৰে৷ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নেচাৰ্চ বেকনৰ সঞ্চালক, প্ৰকৃতিবিদ, লেখক সৌম্যদ্বীপ দত্তদেৱে৷ দুয়োগৰাকী ব্যক্তিকে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় গুৰুকুল গ্ৰুপ অব এডুকেশ্বনেল উইঙৰ ছাত্ৰী ক্ৰমেহুবাৰ্টা কে, পি, কাশ্যপ আৰু গাৰ্গী ভৰদ্বাজে৷ সভাপতি মহাশয়ে সভা পৰিচালনাৰ লগে লগে প্ৰকৃতি সংৰক্ষণৰ আৰু নেচাৰ্চ বেকনৰ কৰ্মৰাজিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰি যায়৷ তেখেতে মঙ্গলদৈত এনে এখন সভা অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলক শলাগ জনায়৷ ভৱিষ্যতে মঙ্গলদৈ অঞ্চলত প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় সকলো কামকাজতে তেখেতে সহায়সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে৷ সভাখন গাম্ভীৰ্যপূৰ্ণভাৱে তেখেতে পৰিচালনা কৰে৷ সভাপতিৰ বক্তব্য আৰু মন্তব্যত তেখেতে অধিক সাৰুৱা আলোচনা আগবঢ়ায়৷ বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰছাত্ৰীসকলক উদ্দেশ্য কৰি বহুতো মূল্যৱান ভাষণ দিয়ে৷ সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে নেচাৰ্চ বেকনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা মঙ্গলদৈ মণ্ডল প্ৰধান কিশোৰ কুমাৰ চৌধুৰীয়ে৷

Ahum Basudhame Krite Mangaljanak mind movement in the historic Sivasagar district of Assam.

        এই অনুষ্ঠানৰ মুখ্য বক্তা সৌম্যদ্বীপ দত্তদেৱে প্ৰায় এঘণ্টা ধৰি বক্তৃতাৰ মাজেৰে ছাত্ৰছাত্ৰী তথা দৰ্শকসকলক মোহিত কৰি ৰাখে৷ তেখেতে সাৰুৱা কথাৰে সকলোকে আকৰ্ষিত কৰে৷ ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’– এই প্ৰকল্পৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে দত্তদেৱে আলোকপাত কৰে৷ লগতে প্ৰকৃতি সংৰক্ষণ, জৈৱবৈচিত্ৰ্যতা সংৰক্ষণ ইত্যাদিৰ ওপৰত গভীৰ তাত্বিক বিশ্লেষণ দাঙি ধৰে৷ তেখেতে ভাষণত কয় যেভাৰতীয় দৰ্শনত পৰিৱেশ তথা জৈৱবৈচিত্ৰ্যতা সংৰক্ষণৰ চেতনা অতি প্ৰাচীন কালৰে পৰা আছে৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্যতাৰ একো ক্ষতি নোহোৱাকৈ আমি প্ৰত্যেকে যাতে নিজে নিজে একো একোজন মঙ্গলকামী ব্যক্তি হিচাবে থিয় পাৰোঁ তাৰেই সংকল্প বলৈ আহ্বান কৰে৷ তেখেতে আৰু কয় যেএজন ব্যক্তিয়ে যেতিয়া ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ বুলি ভাবিব পাৰে তেতিয়া তেওঁৰ নিজৰ বাবেও সম্পূৰ্ণভাৱে মঙ্গলজনক বই৷ নিজৰ উত্তৰণৰ বাবে সকলোকে কাম কৰিবলৈ কয়৷ ছাত্ৰছাত্ৰীসকলক বহুতো সুপৰামৰ্শৰে উৎসাহিত কৰে৷ সভাত নেচাৰ্চ বেকনৰ কেইবাগৰাকীয়ো সদস্য উপস্থিত থাকে৷ তেওঁলোক ক্ৰমেগোলাপ শৰ্মা, কৃপালোচন দাস, সত্যজিৎ ফুকন, সম্ভুনাথ দেৱ, বিপ্লব ডেকা, হুবাৰ্টা কে, পি, কাশ্যপ, ঋতুপৰ্ণ শৰ্মা আদি৷ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ছাত্ৰছাত্ৰীসকলক বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে৷ সভাত উপস্থিত ৰাইজৰ মাজৰ পৰা বক্তব্য ৰাখে পশুপালন বিষয়া ডাঃ ভূপেন চহৰীয়া আৰু শিক্ষক বিপ্লৱ ডেকাই৷ তেখেতসকলে নেচাৰ্চ বেকনৰ সকলো কামকাজৰ প্ৰশংসা কৰে আৰু মঙ্গল যাত্ৰা প্ৰকল্পৰ শলাগ লয়৷ সভাত মঙ্গলদৈ মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকঅধ্যাপিকা উপস্থিত থাকে৷ মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃগাংক কুমাৰ আৰু বিষয়ববীয়াসকলৰ লগতে বহুতো ছাত্ৰছাত্ৰী সভাত উপস্থিত থাকে৷ মঙ্গলদৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা [এন এচ এচ] গোটৰ সদস্যসদস্যাসকলো উপস্থিত থাকে৷ ওপৰোক্ত দুয়োটা ছাত্ৰ গোটৰ ফালৰ পৰাও আমাৰ সভাৰ বিশিষ্ট অতিথিক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷ দিগন্ত কুমাৰ দলৈয়ে সৌম্যদ্বীপ দত্তদেৱক আৰু চুয়েটা মজুমদাৰে ড॰ বুদ্ধিন চন্দ্ৰ হাজৰিকাদেৱক সম্বৰ্ধনা জনায়৷ সভাৰ সভাপতি মহোদয়ক নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত আৰু সৌম্যদ্বীপ দত্তদেৱৰ দ্বাৰা ৰচিত ‘‘অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান’’ নামৰ কিতাপখন উপহাৰ হিচাপে প্ৰদান কৰে কিশোৰ কুমাৰ চৌধুৰীয়ে৷

Schools and colleges in the fringe areas of many Wildlife Sanctuaries & National Parks of Assam are actively participating in this mind movement. (Pictures : students participating at Mayong near Pobitora Wildlife Sanctaury & Joypur near Dihing Patkai National Park.)

        ৰচনা প্ৰতিযোগিতাৰ বঁটা লাভ কৰা ছাত্ৰছাত্ৰীসকল মহৰ্ষি বিদ্যা মন্দিৰৰ পঞ্চম শ্ৰেণীৰ ঈশা কবিৰাজ [প্ৰথম], ৰাজশ্ৰী ডেকা [দ্বিতীয়], অৰুণাভ নাথ [তৃতীয়], ষষ্ঠ শ্ৰেণীৰ মোহন গগৈ [প্ৰথম], ধীমান জ্যোতি নাথ [দ্বিতীয়], তন্ময় নাথ [তৃতীয়], অষ্টম শ্ৰেণীৰ ঋতুপৰ্ণ শৰ্মা [প্ৰথম], কৌস্তুভমণি ডেকা [দ্বিতীয়], দশম শ্ৰেণীৰ ভাৰ্বা দেৱী [প্ৰথম] গুৰুকুল গ্ৰুপ অব এডুকেশ্বনেল উইঙৰ পঞ্চম শ্ৰেণীৰ হেমান তৃষ্ণা চহৰীয়া [প্ৰথম], ৰাখিস্মিতা মেধি [দ্বিতীয়], দৰ্ষিতা প্ৰিয়ম শইকীয়া [তৃতীয়], ষষ্ঠ শ্ৰেণীৰ প্ৰিন্স ঘোষ [প্ৰথম], উচ্ছজিত কৃষ্ণাত্ৰেয়া [দ্বিতীয়], ৰাগিনী চহৰীয়া [তৃতীয়], সপ্তম শ্ৰেণীৰ অদিতি হাজৰিকা [প্ৰথম], আৰিজ হক [দ্বিতীয়], অদৃতা প্ৰিয়ম শইকীয়া [তৃতীয়], অষ্টম শ্ৰেণীৰ সুভাশিষ শ্ৰাবণ্য [প্ৰথম], ধৰ্মীস্থা চান্দ [দ্বিতীয়], উদিপ্ত বৰা [তৃতীয়], নৱম শ্ৰেণীৰ প্ৰকৃতিলিজ শইকীয়া [প্ৰথম], জিনিয়া কলিতা [দ্বিতীয়], দেবাশিষ চহৰীয়া [তৃতীয়], দশম শ্ৰণীৰ অংকিতা মণ্ডল [প্ৰথম], গাৰ্গী ভৰদ্বাজ [দ্বিতীয়], ইৰফান হাছান [তৃতীয়], একাদশ শ্ৰেণীৰ শ্ৰাবানা কাশ্যপ [প্ৰথম], ডৰিণ শইকীয়া [দ্বিতীয়], অনুষ্কা সাহা [তৃতীয়], দ্বাদশ শ্ৰেণীৰ হিয়ামণি শৰ্মা [প্ৰথম], নৱাজ মেহমুদ আফ্ৰিদি [দ্বিতীয়], নীতিশ কুমাৰ নাথ [তৃতীয়] কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আৰিব বখতিয়াৰ মজনুন [প্ৰথম], ভাস্বতী ডেকা [দ্বিতীয়], জানমণি বৰুৱা [তৃতীয়], ষষ্ঠ শ্ৰেণীৰ ৰিচা প্ৰিয়ম হাজৰিকা [প্ৰথম], হৃষিতা ভাৰতী [দ্বিতীয়], ভায়োলিনা বৰুৱা তৃতীয়], সপ্তম শ্ৰেণীৰ প্ৰীতি শিৱম বৰুৱা [প্ৰথম], নয়নিকা হাজৰিকা [দ্বিতীয়] পাৰমিতা ডেকা [তৃতীয়], অষ্টম শ্ৰেণীৰ অৰ্ণব কলিতা [প্ৰথম], নম্ৰতা শৰ্মা [দ্বিতীয়], দীক্ষিতা বৰা [তৃতীয়], নৱম শ্ৰেণীৰ বৃষ্টিৰাণী শইকীয়া [প্ৰথম], অসীম হাজৰিকা [দ্বিতীয়], কস্তুৰি ডেকা [তৃতীয়], দশম শ্ৰেণীৰ ডনিপল ৰাজবংশী [প্ৰথম], হীমাশ্ৰী শৰ্মা [দ্বিতীয়], শিৱৰাজ শৰ্মা [তৃতীয়], মঙ্গলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আফতাব আলি [প্ৰথম], অংশুমান ঘোষ [দ্বিতীয়], অৰিন্দম বিশ্বাস [তৃতীয়] মঙ্গলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আফচানা আনচাৰী [প্ৰথম], অঞ্চনা কলিতা [দ্বিতীয়], চাইমা বেগম [তৃতীয়] মঙ্গলদৈ কলেজিয়েট হাইস্কুলৰ দশম শ্ৰেণীৰ পুতুলী ওৰাং [প্ৰথম], ৰূপা বিশ্বাস [দ্বিতীয়], গৌৰ মণ্ডল [তৃতীয়], আৰু নৱম শ্ৰেণীৰ ৰেখা চৌহান [প্ৰথম], কুচ বৰ্মন [দ্বিতীয়], চুলতানা পাৰবিন [তৃতীয়] আটাইকেইজন বঁটা বিজেতা আৰু ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন ছাত্ৰছাত্ৰীলৈ আমাৰ অভিনন্দন ব্যক্ত কৰিলোঁ৷

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় এই অনুষ্ঠানৰ উদ্যোক্তা কিশোৰ কুমাৰ চৌধুৰীয়ে৷ নেচাৰ্চ বেকনৰ ‘‘মই পৃথিৱীৰ বাবে মঙ্গলজনক’’ প্ৰকল্পৰ লগত জড়িত সকলো ব্যক্তিকে আমাৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনোৱা ল৷

Certificates and Books were presented to the prize winners of the 'Ahum Basudhame Krite Mangaljanak' essay writing competion all over Assam. Pictures - Prize distribution ceremony at Sapekhati gaon, Charaideo District, Assam

এই প্ৰকল্পৰ মুখ্য উদ্দেশ্যসমূহ –   ছাত্ৰছাত্ৰীসকলৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা অধিক জাগ্ৰত কৰা৷ দেশ আৰু জাতিৰ প্ৰতি অধিক কৰ্তব্য সচেতন কৰি তোলা৷ তেওঁলোকক মানৱ সম্পদৰূপে গঢ়ি তোলা৷ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি কৰা আৰু বাস্তৱ ভিত্তিক পৰিৱেশ শিক্ষা দিয়া৷ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যাতে তেওঁলোকে নিজকে সমল ব্যক্তি ৰূপে গঢ়ি তুলিব পাৰে৷ ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত স্থানীয় ভাষাত প্ৰকৃতি সংৰক্ষণৰ সজাগতা সৃষ্টি কৰা৷ পৃথিৱীৰ নিজৰ আৰু দেশৰ প্ৰতিটো প্ৰাণীৰ প্ৰাণৰ মঙ্গল চিন্তা যাতে ছাত্ৰছাত্ৰীসকলৰ হৃদয়ত স্থাপিত হয়৷ তেওঁলোকে যাতে পৰৱৰ্তী সময়ত মঙ্গলকামী সুনাগৰিক ৰূপে বিকশিত পাৰে তাৰ বাবে প্ৰচেষ্টা হাতত লোৱাইত্যাদি৷

Nature's Beckon launched the 'Ahum Basudhame Krite Mangaljanak' mind movement in 2022 on the occasion of its 40th foundation day, to lead a purposeful ten years in strengthening the growing collective drive for biodiversity conservation and social change in Assam, to mark the Golden Jubilee celebration of Nature's Beckon in 2032.