-সৌম্যদ্বীপ দত্ত
ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত, প্ৰাচীন কালৰে পৰা অৰণ্য সংৰক্ষণৰ কথা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টো যিমান ব্যাপকভাবে আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চৰ্চিত হৈছে তেনেকুৱা দৃষ্টান্ত পৃথিৱীৰ অন্যান্য সভ্যতাত বিৰল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোৱালপাৰা অঞ্চল প্ৰাচীন ভাৰতৰ অন্যতম সমৃদ্ধশালী অঞ্চল৷ ঐতিহাসিকভাৱে বৰ্তমানৰ গোৱালপাৰা অঞ্চলৰ ভৌগোলিক অৱস্থান নন্দ বংশৰ ৰাজত্বৰ অধীনত আছিল৷ পৰৱৰ্তী সময়ত চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বৰ অন্তৰ্ভুক্ত হয় এই অঞ্চল আৰু সম্ৰাট অশোকৰ সময়ত, অশোকৰ পৃষ্ঠপোষকতাত এই অঞ্চলত বৌদ্ধধৰ্মৰ প্ৰসাৰ হ’বলৈ ধৰে৷ সমগ্ৰ গোৱালপাৰা অঞ্চলৰ বিভিন্ন স্থানত সনাতন বৌদ্ধ সংস্কৃতিৰ অসংখ্য প্ৰত্ন সামগ্ৰী সিঁচৰতি হৈ আছে৷ ভাৰতীয় সনাতন বৌদ্ধ সংস্কৃতি হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা এই অঞ্চলত প্ৰাধান্য বিস্তাৰ কৰি আছিল৷
যিহেতু সনাতন ভাৰতীয় বৌদ্ধ সংস্কৃতি হত্যা বিৰোধী সংস্কৃতিৰ পৰিধিত আছিল, যাৰ মূল দৰ্শন আছিল — ‘অহিংসা পৰম ধৰ্ম৷’ তেনেকুৱা ধৰ্ম সংস্কৃতিৰ বাতাবৰণত গোৱালপাৰা অঞ্চলৰ বন্যপ্ৰাণীবোৰ যুগ যুগ ধৰি সুৰক্ষিত তথা সংৰক্ষিত আছিল৷ খ্ৰীষ্টপূৰ্ব ৩২১–ৰ পৰা গোৱালপাৰা অঞ্চলত প্ৰবল ৰূপত ভাৰতীয় বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱত, এই অঞ্চলৰ শাল গছৰ অৰণ্য সাধাৰণ ধৰ্মপ্ৰাণ মানুহৰ দ্বাৰা সুৰক্ষিত আছিল৷ অৰ্থাৎ গোৱালপাৰা অঞ্চলৰ শাল অৰণ্যসমূহ সংৰক্ষিত আছিল ভাৰতীয় সনাতন বৌদ্ধ চেতনাৰ পৰিধিত৷ বহুতৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে — শাল অৰণ্যৰ সংৰক্ষণৰ লগত বৌদ্ধ সংস্কৃতিৰ সম্পৰ্ক ক’ত? প্ৰাচীন কালৰে পৰা ভাৰতীয় সনাতন বৌদ্ধ পৰম্পৰাৰ লোকসকলে শাল অৰণ্যক পবিত্ৰ অৰণ্য বুলি গণ্য কৰিছিল, শাল গছ কটাৰ পৰা বিৰত আছিল৷ তাৰ মূল কাৰণ মহাপুৰুষ গৌতম বুদ্ধৰ [সিদ্ধাৰ্থৰ] জন্ম হৈছিল শাল গছৰ তলত আৰু তেওঁৰ পৰিনিৰ্বাণো হৈছিল শাল গছৰ তলত৷ সেয়েহে শাল গছৰ অৰণ্য সংৰক্ষিত আছিল ধৰ্মভাৱাপন্ন মানুহৰ সামাজিক নিয়মৰ বন্ধনত৷ অবিভক্ত গোৱালপাৰা অঞ্চলৰ সকলো শাল অৰণ্যৰ মাজত আজিও ধৰ্মৰ স্থানবোৰ, বিভিন্ন ৰূপত বিৰাজ কৰি আছে৷ বহু স্থানত আধুনিক সময়ে শাল অৰণ্য অপসাৰিত হ’লেও মন্দিৰ, থান আৰু স্তুপবোৰ আজিও আমি প্ৰত্যক্ষ কৰোঁ৷ মূলত প্ৰাচীন ভাৰতৰ সনাতনী পৰম্পৰাৰ মাজেৰে আমাৰ গোৱালপাৰাৰ অৰণ্য, বন্যপ্ৰাণী আৰু প্ৰাকৃতিক পানীৰ উৎসবোৰ সংৰক্ষিত আছিল৷ আমাৰ ভাৰতীয় সংস্কৃতিত হাতী অত্যন্ত পবিত্ৰ এটা বন্যপ্ৰাণী৷ ভাৰতৰ সকলো প্ৰাচীন মন্দিৰত আমি শিলৰ হাতীৰ মূৰ্তি দেখিবলৈ পাওঁ৷ ভাৰতীয়সকলে হাতীক গণেশ ৰূপত দেৱতা জ্ঞানেৰে পূজা কৰে, বিশ্বকৰ্মা দেৱতাৰ লগত ভাৰতীয়সকলে হাতীক পূজা কৰে৷ হাতীৰ লগত ভাৰতৰ বৌদ্ধসকলৰ শ্ৰদ্ধা আৰু পবিত্ৰতা একাকাৰ হৈ আছে৷ হাতী সনাতন পৰম্পৰাৰ লোকসকলৰ দ্বাৰা সদায় সংৰক্ষিত আছিল৷ সিদ্ধাৰ্থৰ [গৌতমৰ] জন্মৰ পূৰ্বে, মাতা মায়াদেৱীয়ে সপোন দেখিছিল যে এটা বগা হাতী তেওঁৰ গৰ্ভত আহি প্ৰৱেশ কৰিলে; তাৰ পিছতেই গৌতমৰ জন্ম আৰু পৰৱৰ্তী সময়ত গৌতমে বুদ্ধ হৈছিল৷ সেইবাবে হাতী বৌদ্ধসকলৰ বাবে অত্যন্ত পবিত্ৰ, প্ৰাচীন কালত বৌদ্ধসকলে হাতীকেই বুদ্ধৰ প্ৰতীক ৰূপত পূজা কৰিছিল৷ সেয়েহে গোৱালপাৰাৰ শাল অৰণ্যত বনৰীয়া হাতীবোৰ যুগ যুগ ধৰি সংৰক্ষিত আছিল৷ বনৰীয়া হাতীবোৰৰ সামাজিক পৰম্পৰাৰ এনেধৰণৰ যে — বনৰীয়া হাতীবোৰে য’তে ত’তে সন্তান প্ৰসৱ নকৰে৷ বনৰীয়া হাতীবোৰৰ সন্তান প্ৰসৱৰ নিৰ্দিষ্ট কিছুমান অৰণ্য অঞ্চল পৰম্পৰাগতভাবে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিৰ্দিষ্ট কৰা আছে৷ আমাৰ গোৱালপাৰাৰ পঞ্চৰত্ন অৰণ্য তেনেকুৱা এটা পৰম্পৰাগত হাতীৰ প্ৰসূতিগাৰ৷ সেইবাবেই এই অৰণ্য প্ৰাচীন কালৰে পৰা ভাৰতীয় সকলৰ পবিত্ৰ অৰণ্য বুলি বিবেচিত হৈছিল৷ সেইবাবেই আমাৰ পূৰ্বপুৰুষসকলে এই অৰণ্যক পঞ্চৰত্ন নামেৰে সংৰক্ষিত কৰিছিল, এই পঞ্চৰত্ন অৰণ্যক পবিত্ৰ অৰণ্য ৰূপে গণ্য কৰিছিল৷ যুগ যুগ ধৰি ভাৰতীয় স্থানীয় লোকসকলে এই অৰণ্যত মানুহৰ বসতি বা গাঁও গঢ়ি তোলা নাই, কাৰণ এই পঞ্চৰত্ন অৰণ্য হ’ল বনৰীয়া হাতীবোৰৰ সন্তান প্ৰসৱৰ স্থান৷ এক পবিত্ৰ অৰণ্য৷
হাতী তথা বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত এই পঞ্চৰত্ন অৰণ্যক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিলে বন্যপ্ৰাণী তথা বনৰীয়া হাতী সংৰক্ষণৰ বাবে যেনেদৰে এটা সংৰক্ষণমূলক কাম হ’ব, ঠিক তেনেকৈ আমাৰ পূৰ্বপুৰুষসকলৰ তথা প্ৰাচীন ভাৰতৰ সংৰক্ষণ পৰম্পৰাকো সুৰক্ষিত কৰা হ’ব৷ পঞ্চৰত্ন অৰণ্যৰ প্ৰৱেশ পথত এটা প্ৰাচীন শিলৰ গণেশৰ মূৰ্তি প্ৰতিষ্ঠিত আছে যিটোৱে এই অৰণ্যৰ পবিত্ৰতাৰ পৰম্পৰাগত কথাটো পুনৰাই স্মৰণ কৰাই দিয়ে৷ পঞ্চৰত্ন অৰণ্যৰ তলেৰে য’ত ব্ৰহ্মপুত্ৰ প্ৰৱাহিত হৈ আছে সেই নদীৰ পাৰত শিলত বৰ্তমানেও জীৱন্ত হৈ আছে ধৰ্মচক্ৰ আৰু প্ৰাচীন শিলালিপি৷ পঞ্চৰত্ন অৰণ্যৰ চাৰিওপিনে সিঁচৰতি হৈ আছে অসংখ্য স্তুপ, প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু বিভিন্ন প্ৰত্ন সম্পদ৷ যিকোনো মূল্যৰ বিনিময়ত গোৱালপাৰাৰ এই অমূল্য সম্পদৰাজি সংৰক্ষিত হ’ব লাগিব৷ হাজাৰ হাজাৰ বছৰ ধৰি যিখন অৰণ্য ভাৰতীয় সামাজিক পৰম্পৰাত সুৰক্ষিত হৈ আছিল, বৰ্তমানে পূৰ্ব পাকিস্তানৰ কিছুমান লোকে সেই অৰণ্যক অবৈধভাৱে দখল কৰি অৰণ্যৰ মাটিত অট্টালিকা সাজিছিল৷ অৱশ্যে কেইদিনমান আগত বনবিভাগৰ পৰা এই সমগ্ৰ অট্টালিকা, পকী গৃহ, অবৈধ ঘৰ–বাৰী, পঞ্চৰত্ন অঞ্চলৰ পৰা সম্পূৰ্ণ ভাঙি দি উচ্চেদ কৰা হৈছে, তাৰবাবে গোৱালপাৰাৰ বনবিভাগ আৰু স্থানীয় প্ৰশাসন, প্ৰত্যেকৰে প্ৰশংসাৰ পাত্ৰ৷ বৰ্তমানে অভয়াৰণ্যৰ পৰিধিৰ মাজত আনিয়েই গোৱালপাৰাৰ অৰণ্যবোৰক সুৰক্ষিত কৰিব লাগিব৷
কেইবছৰমান আগতেই অসমৰ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গোৱালপাৰা জিলাৰ পঞ্চৰত্ন, উৰপদ বিল আৰু অজগড় পাহাৰক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰাৰ আবেদন প্ৰদান কৰা হয়৷ এই অঞ্চলবোৰক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰাৰ চৰকাৰী প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত আছে৷
পঞ্চৰত্ন অৰণ্য আৰু তাৰ লগত সংযুক্ত হৈ থকা অৰণ্য আৰু বিল তথা আদ্ৰৰ্ভূমি, জৈৱবৈচিত্ৰ্যত অত্যন্ত চহকী৷ পঞ্চৰত্ন প্ৰস্তাৱিত অভয়াৰণ্যত ৩৪ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী বিৰাজ কৰে৷ তাৰে ভিতৰত হাতী, লাজুকী বান্দৰ, নাহৰফুটুকী, মাছুৱা মেকুৰী, হাপা, লতামাকৰি, সোণালী মেকুৰী, সুগৰী পহু, খুটীয়া পহু, কেটেলা পহু, বনৰৌ, নেউল, গেন্দেৰা, জহামাল, কেঁকুৰা খোৱা নেউল, বাংকেক, বৰ বাদুলী, শিয়াল, বনৰীয়া গাহৰি, টাপৰী ইত্যাদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যত ১৮২ প্ৰজাতিৰ বনৰীয়া চৰাই ইতিমধ্যেই নথিভুক্ত কৰা হৈছে৷ তাৰে ভিতৰত সাপকটা, পৰ্বতীয়া শেন, ঈগল, পৰঘুমা, সৰু হাইঠা, মইনা, বৰ কুকুহা, নীলকণ্ঠ হেটুলুকা, নাচনী চৰাই, পাকৈঢোৰা, গলমণিকা ভাটৌ, নিউ ফেঁচা ইত্যাদি বিশেষভাবে উল্লেখযোগ্য৷ উভচৰ আৰু সৰীসৃপৰ ৩২ প্ৰজাতিক এতিয়ালৈকে প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ অৰণ্যত নথিভুক্ত কৰা হৈছে৷ গছ–গছনি, অৰণ্যকেৰু [Orchid] আৰু অসংখ্য পোক–পতঙ্গৰ স্বাভাৱিক আশ্ৰয়স্থল পঞ্চৰত্ন অৰণ্য৷
গোৱালপাৰা অঞ্চল ভাৰতৰ অন্যতম প্ৰাচীন অঞ্চল, অৰণ্য আৰু বন্যপ্ৰাণীৰ সমৃদ্ধতাত গোৱালপাৰা অতুলনীয়, প্ৰত্নতাত্তিক সম্পদত গোৱালপাৰাৰ দৰে সমৃদ্ধ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাত বিচাৰি পোৱা নাযাব, গোৱালপাৰাৰ দৰে প্ৰাকৃতিক সৌন্দৰ্যতা, অসমৰ বৰ কম ঠাইতেই আমি দেখিবলৈ পাওঁ৷ কিন্তু গোৱালপাৰা অঞ্চল অসমৰ সকলোতকৈ অৱহেলিত অঞ্চল, স্বাধীনতাৰ আগৰে পৰা আৰু স্বাধীনতাৰ পিছতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ বাবে একোৱে কৰা নাই৷ ইমান সমৃদ্ধশালী অৰণ্য, বন্যপ্ৰাণীৰ প্ৰাচুৰ্য আৰু মনোমোহা ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক ঐশ্বৰ্য থকাৰ পিছতো গোৱালপাৰা জিলাত আজিলৈকে কোনো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঢ়ি নুঠিল৷ পঞ্চৰত্ন আৰু অজগড়–উৰ্পদ অভয়াৰণ্যৰ প্ৰতিষ্ঠাই বিশ্বৰ মানচিত্ৰত গোৱালপাৰাক জিলিকাই তুলিব৷ পৰ্যটন শিল্পৰ বিকাশৰ মাধ্যমে উত্তৰণ ঘটিব গোৱালপাৰাৰ অৰ্থনৈতিক অৱস্থাৰ৷
গোৱালপাৰাৰ অভয়াৰণ্যৰ সমৃদ্ধিক লৈ সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিব৷